১০ বছৰত অসমৰ ঋণ ৪.৫ গুণ বৃদ্ধি পাই ১.৬২ লাখ কোটি টকা হৈছেঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

Story by  PTI | Posted by   Imtiaz Ahmed • 5 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
গুৱাহাটী

বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছৰ বিগত ১০ বছৰত অসমৰ মুঠ ঋণ ৪.৫ গুণতকৈ অধিক বৃদ্ধি পাই ১.৬২ লাখ কোটি টকালৈ উপনীত হৈছে। মঙলবাৰে অসম বিধানসভাত এই তথ্য সদৰি কৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

বিৰোধী দলৰ কেইবাজনো বিধায়কে উত্থাপন কৰা একাধিক প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী বৰুৱাই জনায় যে, ২০১৬ চনৰ ৩১ মাৰ্চলৈকে অসমৰ মুঠ বকেয়া ঋণৰ পৰিমাণ আছিল ৩৫,৬৯০ কোটি টকা।

তেওঁ কয়, "মহালেখা পৰিদৰ্শক (Accountant General)-ৰ শেহতীয়া তথ্য অনুসৰি, ২০২৫ চনৰ ৩১ মাৰ্চলৈকে অসমৰ মুঠ ঋণৰ পৰিমাণ ১,৬১,৭৬১ কোটি টকালৈ বৃদ্ধি পাইছে।"

মন্ত্ৰীগৰাকীয়ে বিধানসভাক জনোৱা মতে, ৰাজ্যখনৰ মুঠ ঋণৰ ভিতৰত ১৮,৫৮২ কোটি টকা হৈছে ৫০ বছৰৰ বাবে প্ৰদান কৰা সুতমুক্ত ঋণ।

"সেই অনুসৰি, সুত প্ৰযোজ্য অসমৰ মুঠ ঋণৰ পৰিমাণ হৈছে ১,৪৩,১৭৯ কোটি টকা," বুলিও তেওঁ উল্লেখ কৰে।

ইয়াৰ উপৰিও, ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে বিভিন্ন ঋণদাতাক কেৱল সুত বাবদ ৯,৪৬৭.৭৫ কোটি টকা পৰিশোধ কৰিছে বুলি মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।