নতুন দিল্লী
ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচৰা আবেদনকাৰীসকলৰ বাবেও অভিভাৱকৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ বিৱৰণ দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে বুলি নিৰ্বাচন আয়োগৰ বিষয়াসকলে জানিবলৈ দিয়ে।
বিষয়াসকলৰ মতে, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে ফৰ্ম–৬ (Form 6) পূৰণ কৰা নতুন আবেদনকাৰীসকলে এতিয়াৰে পৰা আবেদনৰ সৈতে অভিভাৱকৰ বিশেষ নিবিড় পুনৰীক্ষণ সংক্রান্ত ঘোষণা সংলগ্ন কৰিব লাগিব।
এই ঘোষণা প্ৰথমে বিহাৰত ২০২৫ চনৰ জুন মাহত আৰম্ভ কৰা বিশেষ নিবিড় পুনৰীক্ষণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল। সেই সময়ত নতুন ভোটাৰসকলক ফৰ্ম–৬ৰ সৈতে এই ঘোষণাপত্ৰ জমা দিবলৈ কোৱা হৈছিল।
নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই কয়, বিহাৰৰ বিশেষ নিবিড় পুনৰীক্ষণৰ দৈনিক প্ৰতিবেদনসমূহত এই ঘোষণাপত্ৰসহ ফৰ্ম জমা দিয়া তথ্য স্পষ্টভাৱে উল্লেখ কৰা হৈছিল।
তেওঁ লগতে স্পষ্ট কৰে যে, এই ব্যৱস্থা নিৰ্দেশনাৰ জৰিয়তে প্ৰৱৰ্তন কৰা হৈছে, যদিও ফৰ্ম–৬ৰ মূল কাঠামোত কোনো সংশোধন কৰা হোৱা নাই।
বিষয়াসকলৰ মতে, এই ব্যৱস্থাই ভোটাৰসকলৰ তথ্য সহজে মিলাই চাবলৈ সহায় কৰাৰ লগতে নতুন আবেদনকাৰীয়ে দাখিল কৰিবলগীয়া নথি-পত্ৰৰ সংখ্যাও হ্ৰাস কৰিব।
আনহাতে, অনলাইনযোগে ফৰ্ম–৬ পূৰণ কৰা আবেদনকাৰীয়ে ঘোষণাপত্ৰ পূৰণ নকৰিলে আবেদন প্ৰক্ৰিয়া আগবঢ়াব নোৱাৰিব বুলিও নিৰ্বাচন আয়োগে স্পষ্ট কৰিছে।
ইয়াৰ মাজতে, নিৰ্বাচন আয়োগে বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ক লৈ ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদকসকলে উত্থাপন কৰা উদ্বেগসমূহ খাৰিজ কৰি এই প্ৰক্ৰিয়াক স্বচ্ছ, সাংবিধানিক আৰু উচ্চতম ন্যায়ালয়ৰ সমৰ্থনপ্ৰাপ্ত বুলি দাবী কৰিছে।
আয়োগৰ মতে, বিশেষ নিবিড় পুনৰীক্ষণৰ মূল উদ্দেশ্য হৈছে সকলো যোগ্য ভাৰতীয় নাগৰিকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ লগতে ভুৱা, মৃত, অন্য স্থানলৈ স্থানান্তৰিত, অনুপস্থিত আৰু বিদেশী ভোটাৰৰ নাম তালিকাৰ পৰা বাদ দিয়া।
সংখ্যালঘু ভোটাৰৰ নাম বৃহৎ পৰিসৰত বাদ দিয়াৰ অভিযোগ, বিশেষকৈ পশ্চিমবংগৰ নন্দীগ্ৰামক কেন্দ্ৰ কৰি উত্থাপিত অভিযোগৰো খণ্ডন কৰিছে আয়োগে। বিষয়াসকলৰ মতে, যিসকলৰ নাম বাদ পৰিছে, তেওঁলোকৰ বাবে আপত্তি জনোৱা আৰু পুনৰীক্ষণৰ যথেষ্ট সুযোগ উপলব্ধ আছিল আৰু কোনো ধৰণৰ পক্ষপাতিত্ব কৰা হোৱা নাই।
উল্লেখ্য যে, শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদকসকলে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়াৰ স্বচ্ছতা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল।