আগন্তুক ৬ দিনলৈ ৰাজ্যত ধাৰাষাৰ বৰষুণ সম্ভাৱনা; ইয়েল্ল' এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

Story by  atv | Posted by  Munni Begum • 16 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
আগন্তুক ছয় দিনলৈ ৰাজ্যত ধাৰাষাৰ বৰষুণ অব্যাহত থাকিব বুলি সদৰী কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷  কেন্দ্ৰই জাৰি কৰা আগজাননী অনুসৰি মঙলবাৰৰ পৰা অহা ১৯ জুলাইলৈকে ৰাজ্যৰ প্ৰতিখন জিলাতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। লগতে জিলাবোৰৰ ঠায়ে ঠায়ে বিজুলী-ঢেৰেকণিৰ সৈতে বৰষুণ হোৱাৰ আশংকা কৰা হৈছে।
 
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা আগজাননীক মতে,  কামৰূপ, কামৰূপ মেট্ৰ', ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, পূব কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমাহাচাও, কাছাৰ , হাইলাকান্দি, শ্ৰীভূমিত আগন্তুক ৬ দিনলৈ প্ৰচণ্ড ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ 
 
তদুপৰি কেইবাখনো জিলাত ইতিমধ্যে সতৰ্কতা জাৰি কৰা হৈছে। ধুবুৰী, দক্ষিণ শালমাৰা গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাঁও, কামৰূপ, কামৰূপ মেট্ৰ', নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলাকেইখনৰ বেছিভাগ ঠাইতে মঙলবাৰৰ দিনটোত বিজুলী-ঢেৰেকণিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এই জিলাকেইখনত বতৰ বিজ্ঞান কেন্দ্ৰই ইয়েল্ল' এলাৰ্ট (Yellow Alert) জাৰি কৰিছে।
 
আনহাতে আগন্তুক ৫ দিনত উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। অসম, মেঘালয়, নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাৰ অধিকাংশ ঠাইত মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ বহু ঠাইতো মধ্যমীয়া বৰষুণ হ'ব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৰা আগজাননী জাৰি কৰিছে।