শিক্ষাজীৱনত ধাৰাবাহিক সফলতাৰ পিছত ফজলুৰ ৰহমানে অসম বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি (Ph.D.) ডিগ্ৰী অৰ্জন কৰে। ইয়াৰ পিছৰ সময়খিনিকে তেওঁৰ গৱেষণা জীৱনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়। পিএইচডি পৰ্যায়ৰ পৰাই তেওঁ কৰ্কট ৰোগৰ কাৰণ, বিস্তাৰ, আশংকা আৰু প্ৰতিৰোধৰ বিষয়ে গভীৰভাৱে কাম কৰিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে এই ক্ষেত্ৰখনতে নিজৰ বিশেষ পাৰদৰ্শিতা গঢ়ি তোলে।
ড০ ফজলুৰ ৰহমান তালুকদাৰ
পৰৱৰ্তী সময়ত তেওঁৰ মেধা আৰু গৱেষণাৰ পাৰদৰ্শিতাৰ স্বীকৃতি স্বৰূপে তেওঁ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ অধীনস্থ 'আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ গৱেষণা সংস্থা'ত কাম কৰাৰ সুযোগ লাভ কৰে। তাত বিশ্বৰ বিভিন্ন দেশৰ খ্যাতনামা বিজ্ঞানীসকলৰ সৈতে যুটীয়াভাৱে গৱেষণাত অংশগ্ৰহণ কৰি তেওঁ কৰ্কট ৰোগ সম্পৰ্কীয় বহু গুৰুত্বপূৰ্ণ তথ্য উদঘাটন কৰিবলৈ সক্ষম হয়। আধুনিক প্ৰযুক্তি আৰু বৈজ্ঞানিক পদ্ধতিৰ জৰিয়তে তথ্য সংগ্ৰহ, বিশ্লেষণ আৰু গৱেষণাৰ ফলাফল উপস্থাপনত তেওঁৰ দক্ষতাই আন্তঃৰাষ্ট্ৰীয় মহলত বিশেষভাৱে প্ৰশংসা লাভ কৰিছে।
ড০ ৰহমানৰ গৱেষণাৰ অন্যতম গুৰুত্বপূৰ্ণ দিশটো হ'ল পৰিৱেশগত প্ৰভাৱ, জীৱনধাৰণৰ পদ্ধতি আৰু বিভিন্ন আশংকাপূৰ্ণ উপাদানৰ সৈতে কৰ্কট ৰোগৰ সম্পৰ্ক নিৰ্ণয় কৰা। তেওঁৰ গৱেষণাত পোহৰলৈ আহিছে যে কেনেদৰে দৈনন্দিন জীৱনযাত্ৰাৰ পৰিৱৰ্তন, খাদ্যাভ্যাস, প্ৰদূষণ আৰু অন্যান্য বাহ্যিক উপাদানে কৰ্কট ৰোগৰ আশংকা বৃদ্ধিত ভূমিকা পালন কৰে। এই বিষয়ে তেওঁৰ গৱেষণাই ভৱিষ্যতে কৰ্কট ৰোগৰ প্ৰতিৰোধমূলক নীতি নিৰ্ধাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি বিশেষজ্ঞসকলে বিশ্বাস কৰে।
বিশ্বৰ বিভিন্ন দেশত গৱেষণা কাৰ্যসূচী পৰিচালনাৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় গৱেষণাৰ ক্ষেত্ৰখনত নিজৰ এক সুদৃঢ় অৱস্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে। তেওঁৰ গৱেষণাৰ ফলাফল ইতিমধ্যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আলোচনী (জাৰ্নেল)ত প্ৰকাশ পাইছে আৰু ই সমগ্ৰ বিশ্বৰ গৱেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে।
ড০ ফজলুৰ ৰহমানৰ এই সফলতা কেৱল তেওঁৰ ব্যক্তিগত সাফল্য নহয়, ই সমগ্ৰ অসম তথা বৰাক উপত্যকাৰ ৰাইজৰ বাবে এক গৌৰৱৰ বিষয়।
পিতৃ ৰহমানে কয়, “সৰুৰে পৰাই তাৰ মাজত গৱেষণাৰ প্ৰবল আগ্ৰহ আছিল। সি সদায় কিতাপ লৈয়েই ব্যস্ত আছিল আৰু নতুন কিবা জনাৰ চেষ্টা কৰিছিল। একাদশ শ্ৰেণীত পঢ়ি থকা সময়তেই সি বাৰে বাৰে গৱেষণাৰ কথা কৈছিল, বিজ্ঞানী হোৱাৰ কথা কৈছিল আৰু তেতিয়া কথাটো খুব আচৰিত যেন লাগিলেও আজি সি যিটো স্থানত উপনীত হৈছে, সেয়া আমাৰ পৰিয়ালৰ বাবে অত্যন্ত গৌৰৱৰ বিষয়।”