যুৱপ্ৰজন্মক কিতাপৰ প্ৰতি আকৰ্ষিত কৰাটো এক প্ৰত্যাহ্বান: ৰেণু শ্বাহনাৱাজ হুছেইন

Story by  atv | Posted by  Munni Begum • 8 h ago
ৰেণু শ্বাহনাৱাজ হুছেইন
ৰেণু শ্বাহনাৱাজ হুছেইন
 
নতুন দিল্লী
 
এগৰাকী লেখিকা, শিক্ষয়িত্ৰী, কবি তাৰোপৰি সকলোতকৈ ওপৰত দল আৰু চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত এগৰাকী নেতাৰ পত্নী ৰেণু শ্বাহনাৱাজ হুছেইন। তেওঁ এগৰাকী আধুনিক ভাৰতীয় নাৰীৰ প্ৰকৃত নিদৰ্শন: শক্তিৰ ভঁৰাল, এক গাম্ভীৰ্যপূৰ্ণ স্বভাৱ আৰু তীক্ষ্ণ বুদ্ধিৰ অধিকাৰী।
 
'গুন্তি', 'মেঁই হুঁ মুন্তাজিৰ', 'তেৰে ৱাস্তে', 'পানী প্যাৰ', 'জৈছে', 'ঘৰ কী ঔৰতে' আৰু 'চান্দ' আদি কিতাপৰ লেখিকা ৰেণু শ্বাহনাৱাজ হুছেইন বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্বাহনাৱাজ হুছেইনৰ পত্নী। আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত এগৰাকী লেখিকা আৰু কবি হিচাপে তেওঁৰ যাত্ৰাৰ বিষয়ে মুকলিকৈ কথা পাতে।
 
 
নিজৰ শৈশৱৰ কথা সুঁৱৰি তেওঁ কয় যে কবি হিচাপে তেওঁৰ যাত্ৰা স্কুলীয়া দিনৰ পৰাই আৰম্ভ হৈছিল। নৱম শ্ৰেণীৰ ছাত্ৰী অৱস্থাতে তেওঁৰ হিন্দী পাঠ্যপুথিৰ কাহিনী আৰু কবিতাসমূহে তেওঁক গভীৰভাৱে অনুপ্ৰাণিত কৰিছিল। প্ৰেমচন্দ, অজ্ঞেয়, মহাদেৱী বাৰ্মা আৰু নিৰালাৰ দৰে সাহিত্যিকসকলৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ চুটিগল্প আৰু কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। এই লেখাসমূহ তেওঁ নিজৰ শিক্ষকসকলক দেখুৱাইছিল আৰু শিক্ষকসকলেও তেওঁক এই চখ আগুৱাই নিবলৈ উৎসাহ যোগাইছিল।
 
লিখা-মেলাৰ প্ৰথম প্ৰচেষ্টাৰ কথা সোঁৱৰণ কৰি তেওঁ কয় যে সেইবোৰ আছিল অতি সৰল ছন্দ, যিবোৰ লাহে লাহে অধিক পৰিপক্ক হৈ উঠিল। তেওঁৰ প্ৰথম প্ৰকাশিত কবিতা পুথি 'পানী প্যাৰ' আছিল তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। সময়ৰ লগে লগে তেওঁ কবিতা আবৃত্তি, সাংস্কৃতিক অনুষ্ঠান আৰু সাহিত্যিক মেল-মিটিঙত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয়, "মই মহাদেৱী বাৰ্মা, প্ৰেমচন্দ আৰু নিৰালাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিলোঁ।" ইয়াৰ লগতে তেওঁ সাম্প্ৰতিক সময়ৰ লেখক আৰু গজলৰ চহকী পৰম্পৰাৰ পৰাও অনুপ্ৰেৰণা লাভ কৰে বুলি উল্লেখ কৰে।
 
এগৰাকী লেখিকা হিচাপে নিজৰ উত্তৰণৰ বিষয়ে ক'বলৈ গৈ ৰেণু শ্বাহনাৱাজ হুছেইনে লক্ষ্য কৰে যে লেখকসকলে প্ৰায়ে ব্যক্তিগত আৱেগ আৰু অভিজ্ঞতা প্ৰকাশ কৰি লিখিবলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া তেওঁলোকৰ দৃষ্টিভংগী বহল হয়, তেতিয়া তেওঁলোকে ডাঙৰ সামাজিক সমস্যা, ঘটনা আৰু সংঘাতবোৰৰ সৈতে জড়িত হ'বলৈ ধৰে। তেওঁ কয়, "সাহিত্য হৈছে সমাজৰ দাপোণ, যিয়ে সময়ৰ লগে লগে ঘটা পৰিৱৰ্তনসমূহ প্ৰতিফলিত কৰে।"
 
এগৰাকী শিক্ষয়িত্ৰী হিচাপে নিজৰ অভিজ্ঞতাৰ পৰা তেওঁ কয় যে তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অতি জনপ্ৰিয় আছিল আৰু তেওঁলোকৰ মনত সাহিত্যৰ প্ৰতি প্ৰেম জগাই তুলিবলৈ যত্ন কৰিছিল। একে সময়তে তেওঁ যুৱপ্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ প্ৰতি কমি অহা আগ্ৰহক লৈ উদ্বেগ প্ৰকাশ কৰে। ইয়াৰ কাৰণ হিচাপে তেওঁ ছচিয়েল মিডিয়াৰ বৰ্ধিত প্ৰভাৱক দোষাৰোপ কৰে।
 
স্বামী শ্বাহনৱাজ হুছেইনৰ সৈতে ৰেণু শ্বাহনাৱাজ হুছেইন
 
তেওঁ কয়, "এসময়ত কিতাপেই আছিল মনোৰঞ্জনৰ প্ৰধান উৎস, কিন্তু এতিয়া ম'বাইল ফোন আৰু ইণ্টাৰনেটে সেই ঠাই দখল কৰিছে। আজিৰ শিক্ষক আৰু অভিভাৱকৰ বাবে ডাঙৰ প্ৰত্যাহ্বানটো হ’ল ল’ৰা-ছোৱালীৰ পঢ়া আৰু শিকাৰ প্ৰতি আগ্ৰহ পুনৰ গঢ়ি তোলা।" তেওঁ জোৰ দি কয় যে কাহিনী কোৱা আৰু কবিতা এতিয়াও ল’ৰা-ছোৱালীক আকৰ্ষিত কৰাৰ এক শক্তিশালী মাধ্যম হৈ আছে।
 
মন কৰিবলগীয়া যে, তেওঁ কবিতা লিখা আৰু চুটিগল্প লিখাৰ মাজত বিশেষ পাৰ্থক্য দেখা নাপায়। তেওঁ বুজাই দিয়ে যে, "এটা কবিতাই কম শব্দৰ ভিতৰতে গভীৰ ধাৰণা প্ৰকাশ কৰে, আনহাতে এটা কাহিনীয়ে সেই ধাৰণাটোক বহলাই লিখাৰ সুযোগ দিয়ে।" তেওঁ এইটোও আঙুলিয়াই দিয়ে যে তেওঁৰ কাহিনীবোৰ প্ৰায়ে বাস্তৱৰ ওপৰত আধাৰিত। দৈনন্দিন জীৱনৰ চৰিত্ৰসমূহৰ পৰাই তেওঁ অনুপ্ৰেৰণা পায় আৰু ইয়াৰ জৰিয়তে সাধাৰণ মানুহৰ সংগ্ৰাম, যন্ত্ৰণা আৰু সত্যক প্ৰতিফলিত কৰে।
 
যুৱপ্ৰজন্মক নিজৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ আৰু মানসিক চাপৰ সৈতে মোকাবিলা কৰিবলৈ পঢ়া তথা লিখা-মেলাত মনোনিবেশ কৰিবলৈ তেওঁ উৎসাহিত কৰে। তেওঁ নিয়মিতভাৱে লিখাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সমাজত বাঢ়ি অহা নিসংগতা আৰু মানসিক চাপৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি তেওঁ কয়, "যেতিয়া কাৰোবাৰ সৈতে কথা পাতিবলৈ কোনো নাথাকে, তেতিয়া কলম আৰু কাগজেই এজনৰ শ্ৰেষ্ঠ সংগী হৈ পৰিব পাৰে।"
 
তেওঁ লগতে কয় যে আজিৰ দিনত এজন শিক্ষকৰ ভূমিকা কেৱল পাঠদান কৰাতেই সীমাবদ্ধ নহয়, বৰঞ্চ তেওঁ এজন পথ-প্ৰদৰ্শক আৰু পৰামৰ্শদাতা (counsellor) হিচাপেও কাম কৰিব লাগে। তেওঁ নিজৰ ছাত্ৰ-ছাত্ৰীসকলক বিপদৰ সময়ত সহায়ৰ বাবে তেওঁৰ ওচৰলৈ আহিবলৈ সদায় উৎসাহিত কৰে।
 
লিখা-মেলাৰ বাহিৰেও ৰেণু শ্বাহনাৱাজ হুছেইনৰ ছবি অঁকা আৰু গান গোৱাৰ প্ৰতিও চখ আছে। বিশেষকৈ প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকি তেওঁ ভাল পায়।