পৰিয়ালটোৱে "চুৱান থাৰ ৰাণ" বা "নিউ জেনেৰেচন হাউচ" নামেৰে পৰিচিত ১০০টা কোঠা থকা চাৰিমহলীয়া এটি অট্টালিকাত একেলগে বাস কৰি আহিছে। এই বিশাল ঘৰটো মিজোৰামৰ অন্যতম পৰ্যটন আকৰ্ষণ হিচাপেও পৰিচিত, য'ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে এই ব্যতিক্ৰমী পৰিয়ালটোৰ জীৱনশৈলী নিচেই ওচৰৰ পৰা চাবলৈ আহে।
জিওনা চানাই ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ৩৯ গৰাকী মহিলাক বিবাহ কৰোৱাইছিল। জানিব পৰা মতে, এবছৰৰ ভিতৰতে তেওঁ ১০ গৰাকী পত্নীক বিয়া কৰাইছিল। তেওঁৰ অন্তিম বিবাহ হৈছিল ২০০৫ চনত।
জিওনা চানাৰ পৰিয়ালৰ ১০০টা কোঠা থকা চাৰিমহলীয়া অট্টালিকাটি
পৰিয়ালটোৰ দৈনন্দিন জীৱন কঠোৰ শৃংখলা আৰু সমন্বয়ৰ ওপৰত নিৰ্ভৰশীল আছিল। পত্নীসকলে পাল পাতি ৰন্ধা-বঢ়াৰ দায়িত্ব পালন কৰিছিল, আনহাতে জীয়েকসকলে ঘৰ-দুৱাৰ চাফা কৰাৰ কাম কৰিছিল। পুত্ৰ, বোৱাৰী আৰু তেওঁলোকৰ সন্তানসকল পৃথক কোঠাত বাস কৰিলেও সকলোৰে বাবে সাধাৰণ পাকঘৰৰ ব্যৱস্থা আছিল।
এই বিশাল পৰিয়ালটোৰ দৈনিক খাদ্যৰ প্ৰয়োজনো আছিল বিপুল। তথ্য অনুসৰি, তেওঁলোকে প্ৰতিদিনে প্ৰায় ২০০ পাউণ্ড অৰ্থাৎ ৯০ কিলোগ্ৰামৰো অধিক চাউল আৰু ১৩০ পাউণ্ড অৰ্থাৎ ৫৯ কিলোগ্ৰামতকৈ অধিক আলু ব্যৱহাৰ কৰিছিল। পৰিয়ালটোৱে নিজাকৈ খেতি-বাতি কৰাৰ লগতে মাংস আৰু গাখীৰৰ বাবে গৰু-ছাগলী আদি পশুও পালন কৰিছিল, যাৰ ফলত তেওঁলোক যথেষ্ট পৰিমাণে আত্মনিৰ্ভৰশীল আছিল।
চানা পাউল সম্প্ৰদায়ৰ প্ৰায় ২ হাজাৰ অনুগামী আছে। এই সম্প্ৰদায়টো ১৯৪২ চনত জিওনা চানাৰ ককাকে প্ৰতিষ্ঠা কৰিছিল। জিওনা চানাই ১৯৯৭ চনত তেওঁৰ পিতৃৰ মৃত্যুৰ পিছত সম্প্ৰদায়টোৰ নেতৃত্ব গ্ৰহণ কৰিছিল।
নিজৰ বৃহৎ পৰিয়াল আৰু অনন্য জীৱনশৈলীৰ বাবে জিওনা চানা বিশ্বজুৰি পৰিচিত হৈ পৰিছিল, যদিও তেওঁৰ পৰিয়ালটোৱে সমালোচনাৰ সন্মুখীনো হৈছিল। বহুবিবাহ প্ৰথা, মহিলা অধিকাৰ আৰু প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰক লৈ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছিল। কিন্তু পৰিয়ালটোৰ সদস্যসকলে সদায় দাবী কৰি আহিছে যে, তেওঁলোকে নিজৰ জীৱনধাৰণ পদ্ধতিত সুখী আৰু সন্তুষ্ট।
জিওনা চানাৰ পৰিয়াল
জিওনা চানাৰ পৰিয়াল আজিও বিশ্বৰ অন্যতম বিস্ময়কৰ সামাজিক গাঁথনি হিচাপে পৰিচিত। প্ৰেম, বিশ্বাস, শৃংখলা আৰু সমন্বয়ৰ এক ব্যতিক্ৰমী উদাহৰণ হিচাপে এই পৰিয়ালটোৱে বিশ্বজুৰি লাখ লাখ মানুহৰ কৌতূহল আকৰ্ষণ কৰি আহিছে।