মাতাদীনৰ পৰা আব্দুল্লাহলৈ: ভাৰতীয় মুছলমানৰ নামৰ আঁৰত লুকাই থকা ইতিহাস

Story by  atv | Posted by  Munni Begum • 15 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ছাকিব ছেলিম
 
১৮৫৭ চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ নথিপত্ৰসমূহত এনে কিছুমান মুছলমান আৰু হিন্দুৰ নাম পোৱা যায় যিবোৰ বৰ্তমান আৰু ব্যৱহাৰ কৰা দেখা নায়ায়। উদাহৰণস্বৰূপে, ১৮৫৭ চনৰ ৯ মে'ত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৮৫ জন ভাৰতীয় চিপাহীক কাৰাদণ্ড বিহাৰ পিছত মীৰাটত যেতিয়া বিপ্লৱ আৰম্ভ হৈছিল, তেতিয়া ইয়াৰ নেতা আছিল হাৱিলদাৰ মাতাদীন।
 
ঊনবিংশ শতিকাত দুয়োটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজতেই শিশুক এই নাম দিয়া হৈছিল। সেই যুগৰ মাতাদীন মীৰ আৰু মাতাদীন পাণ্ডে দুয়োৰে নাম আমি পাওঁ; আৰু দুয়ো ইংৰাজ সেনাবাহিনীত কাম কৰিছিল। এয়া কোনো ব্যতিক্ৰম নাছিল; এই ৮৫ জন চিপাহীৰ ভিতৰত আছিল- 'শ্বেখ নান্দু', 'নাজু খান', 'কাল্লা খান', 'জবৰদস্ত খান' আৰু এনে কিছুমান নাম যিবোৰৰ আগত বা পিছত থকা উপাধিৰ বাহিৰে, তেওঁলোকৰ ধৰ্মীয় বিশ্বাস চিনাক্ত কৰাত নামটোৱে কোনো সহায় কৰা নাছিল। আনহাতে, বিহাৰত শ্বেখ ঘাচিটা আৰু শ্বেখ বিখাৰীয়ে ১৮৫৭ চনৰ বিপ্লৱৰ নেতৃত্ব দিছিল আৰু ১৯০৭ চনত শ্বেইখ গুলাবে ইণ্ডিগ' কৃষকৰ আন্দোলনৰ নেতৃত্ব দিছিল। এই সকলোবোৰ নাম হিন্দু আৰু মুছলমানৰ মাজত সাধাৰণভাৱে প্ৰচলিত আছিল।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইয়াৰ অৰ্থ এয়া নহয় যে ভাৰতীয় মুছলমানসকলে তেওঁলোকৰ সন্তানক আৰবী বা কোৰানৰ নাম দিয়া নাছিল, কিন্তু সংখ্যাগৰিষ্ঠ লোকে এনে নাম ব্যৱহাৰ কৰিছিল যিবোৰৰ আৰৱী ভাষাৰ সৈতে কোনো সম্পৰ্ক নাছিল আৰু সেইবোৰক ইছলামিক বুলি চিনাক্ত কৰিব পৰা নগৈছিল। ঘাচিটা, নান্দু, মাতাদীন আদি কিছুমান নাম কেৱল নিম্ন শ্ৰেণীৰ লোকসকলেই ব্যৱহাৰ কৰা নাছিল; তেওঁলোকে সন্মানীয় চাকৰি কৰিছিল আৰু তেওঁলোকৰ এক সামাজিক মৰ্যাদা আছিল। গতিকে, আমি নিঃসন্দেহে ক’ব পাৰোঁ যে এনে নামবোৰে জাতি আৰু শ্ৰেণীৰ সীমা অতিক্ৰম কৰিছিল।
 
এই পৰিঘটনাটো আচলতে কি আছিল? ইয়াৰ অন্ত কেনেকৈ পৰিল? এই প্ৰশ্নবোৰে মোক যোৱা কেইবাবছৰ ধৰি কৌতূহলী কৰি তুলিছে।
 
শেহতীয়াকৈ, যেতিয়া মই পাকিস্তানৰ প্ৰাক্তন মন্ত্ৰী এহজাজ এহছানৰ The Indus Saga নামৰ গ্ৰন্থখন পঢ়ি আছিলো, তেতিয়া এই প্ৰশ্নটো মোৰ মনত পুনৰ জাগ্ৰত হৈছিল। তেওঁ আঙুলিয়াই দিছিল যে পাকিস্তানত "প্ৰাক-ইছলামিক নাম থকা মুছলমান বাসিন্দা প্ৰায় নাই বুলিয়েই ক'ব পাৰি। এয়া বৰ আচৰিত কথা। এই ক্ষেত্ৰত সিন্ধু উপত্যকা এক অনন্য অঞ্চল। আনকি ইছলামৰ জন্মস্থান ছৌদি আৰৱৰ সৈতেও সিন্ধুৰ এই বৈশিষ্ট্যৰ মিল নাই। আমি জানো যে ওমৰ, উছমান আৰু আলী প্ৰাক-ইছলামিক নাম আছিল। ওমৰ মুছলমান হোৱাৰ আগতেও ওমৰেই আছিল। ধৰ্মান্তৰিত হোৱাৰ সময়ত তেওঁ নিজৰ নাম সলনি কৰাৰ কোনো প্ৰয়োজনবোধ কৰা নাছিল। উছমান আৰু আলী, ছুফিয়ান আৰু খালিদৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য আছিল।
 
যেতিয়া পাৰস্যলৈ ইছলামৰ সম্প্ৰসাৰণ ঘটিছিল, তেতিয়া ই পাৰ্চী নামৰ সন্মুখীন হৈছিল। এইবোৰো আৰৱী নাছিল বা সেই যুগৰ গোড়াপন্থীসকলে অভিযোগ কৰাৰ দৰে 'ইছলামিকো' নাছিল। এইবোৰ আছিল কোনো অনা-ইহুদী শ্ৰেণীৰ বাবে বৈশিষ্ট্যপূৰ্ণ নাম। ৰুস্তম, সোহৰাব, জামছেদ, পাৰভেজ আদি প্ৰাক-ইছলামিক পাৰ্চী নাম। এজন ৰুস্তম, সোহৰাব, জামছেদ বা পাৰভেজে ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত নিজৰ নাম সলনি কৰিবলগীয়া হোৱা নাছিল।
 
তেন্তে সিন্ধুৰ সুভাষ আৰু মোহনলালক ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ লগে লগে নিজৰ নাম ত্যাগ কৰিবলৈ কিহে বাধ্য কৰাইছিল? ভাৰতৰ মুছলমানসকলে শতিকাৰ পিছত শতিকা ধৰি ক্ৰমান্বয়ে আৰৱী নাম গ্ৰহণ কৰি আহিছে।
 
তাৰিক ৰহমানে তেওঁৰ গ্ৰন্থ Names-অত লিখিছে, “ইছলামিক সম্প্ৰদায়ৰ সীমৰেখা নিৰ্ধাৰণকাৰী হিচাপে ইছলামিক নাম দিয়াটো ইমানেই গুৰুত্বপূৰ্ণ যে ১৯২০-ৰ দশকত তবলিগী জামাতৰ (ইছলাম ধৰ্ম প্ৰচাৰৰ এক আন্দোলন) প্ৰতিষ্ঠাপক মৌলানা ইলিয়াছে (১৮৮৫-১৯৪৪) মেৱাটৰ (ভাৰতৰ হাৰিয়ানাৰ আলোৱাৰ, ভৰতপুৰ আৰু গুৰগাঁও) মেওসকলৰ হিন্দু আৱয়ব আৰু নামক তেওঁৰ মুছলমান অনুভূতিত এক অপমান বুলি গণ্য কৰিছিল, যদিও তেওঁলোকৰ বহুতেই ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁলোকৰ নামৰ বিষয়ে ১৮৭৮ চনৰ গেজেটে ঘোষণা কৰে: 'তেওঁলোকে নিজকে হিন্দু নামেৰে মাতে, কেৱল "ৰাম"ৰ বাহিৰে; আৰু "সিং" এটা সঘনাই ব্যৱহাৰ হোৱা উপাধি, যদিও ই "খান"ৰ দৰে ইমান সাধাৰণ নহয়' (কেপ্টেইন পাওলেট, ১৮৭৮: ৩৮। ইবেটচন ১৮৮৩: ১৩৫-ৰ পৰা উদ্ধৃত)। মেওসকলৰ ইছলামীকৰণ আগবঢ়াৰ লগে লগে হিন্দুসকলৰ সৈতে মিল থকা নামৰ অংশবোৰ হ্ৰাস পালে আৰু তাৰ পিছত একেবাৰেই নোহোৱা হৈ গ'ল।”
 
উল্লেখ্য যে মুছলমানৰ লগতে হিন্দু, শিখ আৰু খ্ৰীষ্টানসকলৰ বাবে এক সুকীয়া ধৰ্মীয় পৰিচয় সাব্যস্ত কৰাৰ এই তীব্ৰ প্ৰয়াস বিংশ শতিকাৰ আৰম্ভণিতে আৰম্ভ হৈছিল। ১৯১৯ চনৰ ভাৰত চৰকাৰ আইনে এনে এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল য'ত প্ৰতিটো ধৰ্মীয় গোটে বিধানমণ্ডল আৰু সেৱাসমূহত অধিক প্ৰতিনিধিত্ব দাবী কৰিবলৈ নিজৰ শাৰীত অধিক সংখ্যক লোক দেখুৱাব বিচাৰিছিল। এই কাৰণেই ১৯২০-ৰ দশকত মুছলমান আৰু হিন্দুসকলে ইটোৱে সিটোৰ বিৰুদ্ধে অধিক সংখ্যক লোকক নিজৰ ধৰ্মলৈ আনিবলৈ ক্ৰমে তবলিগ, তনজিম আৰু শুদ্ধি আন্দোলনৰ উত্থান ঘটাইছিল। ইয়াৰ লক্ষ্য আছিল সেইসকল লোক যিসকলে মেও আৰু গুৰ্জৰসকলৰ দৰে ইছলামৰ লগতে হিন্দু ধৰ্মৰ ৰীতি-নীতিও শিথিলভাৱে পালন কৰি আছিল।
 
মেটিছন মাইনছে তেওঁৰ অধ্যয়নত তামিলনাডুৰ মুছলমানসকলৰ মাজতো মেওসকলৰ দৰেই একে প্ৰক্ৰিয়া প্ৰতিষ্ঠা কৰিছিল। তেওঁ Islamisation and Muslim Ethnicity in South India গ্ৰন্থত লিখিছিল, “তামিলনাডুতো ইছলামীকৰণৰ অনুৰূপ প্ৰক্ৰিয়া দেখা গৈছে। এডাইকোট্টাইৰ মুছলমানসকল তেওঁলোকৰ হিন্দু পৰিৱেশৰ পৰা ওলাই আহিছে, গাঁও এৰি চহৰলৈ গৈছে আৰু ইছলামীকৰণ হৈছে... ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ ফলত উদ্ভৱ হোৱা আমূল ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ ফলত মেওসকলে বিভাজনৰ পূৰ্বৰ সামাজিক অৱস্থান হেৰুৱাই পেলাইছে। কিন্তু তামিল মুছলমানসকলে একে ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হোৱা নাই আৰু তেওঁলোকে বিভিন্ন সামাজিক পৰিৱেশৰ প্ৰতি অধিক নমনীয়ভাৱে সঁহাৰি জনাবলৈ সক্ষম হৈছে। তামিলনাডুৰ মুছলমানসকলক ইছলামীকৰণ কৰিবলৈ আধিপত্যশীল হিন্দুসকলৰ ফালৰ পৰা কোনো হেঁচা থকা যেন নালাগে। ইয়াৰ বিপৰীতে, চহৰীয়া মুছলমানসকলে সজ্ঞানে তেওঁলোকৰ ৰীতি-নীতি ইছলামীকৰণ কৰিবলৈ বিচাৰিছে... অৱশ্যে গাঁৱত মুছলমানৰ পৰিচয় সামূহিক, সেয়েহে ধৰ্মীয় পৰিচয় আৰোপিত কৰা হয়, কিন্তু সামাজিক মৰ্যাদা আৰু সন্মান অৰ্জন কৰা হয়।”
 
উত্তৰ-ঔপনিৱেশিক বিশ্বত সম্প্ৰদায় গঠনৰ বাবে নাম অন্যতম গুৰুত্বপূৰ্ণ নিদৰ্শক হৈ পৰিছে। ই ৰাষ্ট্ৰই নিজৰ প্ৰজাসকলক চোৱাৰ দৃষ্টিভংগী আৰু ইয়াৰ প্ৰতিদানস্বৰূপে এজন নাগৰিকে নিজকে চোৱাৰ দৃষ্টিভংগীৰ ওপৰত প্ৰভাৱ পেলায়। ভাৰতৰ মুছলমানসকল ইয়াৰ পৰা প্ৰভাৱমুক্ত হৈ থকা নাছিল।
 
এনেমেৰী ছিমেল-এ তেওঁৰ প্ৰভাৱশালী গ্ৰন্থ Islamic Names-অত যুক্তি দিছে যে “ইছলামিক আৰু ভাৰতীয় নামৰ মিশ্ৰণৰ বিৰুদ্ধে কেইবাখনো ফতোৱা জাৰি কৰা হৈছে, আৰু বিশেষকৈ ইছলামীকৰণ কৰা তামিল আৰু তেলেগু নামসমূহক সমালোচনা কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰিছে যে, "শেহতীয়া এক ফতোৱাই ভাৰতীয় মুছলমানসকলক তেওঁলোকৰ কন্যাসকলৰ নাম 'বিশ্বাসীসকলৰ মাতৃ' অৰ্থাৎ হজৰত মহম্মদৰ পত্নীসকলৰ নামেৰে ৰাখিবলৈ আহ্বান জনাইছে।"
 
ছিমেলে যিটো পৰিঘটনাৰ কথা কৈছে সেয়া বিংশ শতিকাতহে কাৰ্যকৰী হৈছিল আৰু তাৰ আগতে এজন মাতাদীন বা ঘাচিটাও এজন আব্দুল্লাৰ দৰেই মুছলমান হ'ব পাৰিছিল।
 
সেই একেখন গ্ৰন্থতে ছিমেলে আঙুলিয়াই দিছে যে বিলাল নামটো “ভাৰতীয় মুছলমান আৰু পাকিস্তানত জনপ্ৰিয় হৈ পৰিছিল কাৰণ ইছলামৰ নবীগৰাকীৰ এই বিশ্বাসী সংগীগৰাকীক লৈ ইকবালে দুটা উৰ্দু কবিতা ৰচনা কৰিছিল। এনে লাগে যেন তাৰিক নামটোও বিশ্বৰ একেটা অংশতে বহুলভাৱে ব্যৱহৃত হ'বলৈ ধৰিলে, যেতিয়া ইকবালৰ এটা কবিতাত তাৰিকৰ স্মৃতি সোঁৱৰণ কৰা হৈছিল, যিয়ে জিব্ৰাল্টাৰ প্ৰণালী পাৰ হোৱা বীৰজনক সন্মান জনাইছিল আৰু যাৰ নাম আজিও জীয়াই আছে।”
 
প্ৰতিনিধিত্বমূলক ছবি
 
মুছলমান সম্প্ৰদায়ৰ পৰিচয় চিহ্নিত কৰিবলৈ নামৰ ব্যৱহাৰ এক বিংশ শতিকাৰ পৰিঘটনা যিটো আকৌ কেৱল দক্ষিণ এছিয়া (উপমহাদেশ)ৰ মাজতেই সীমাবদ্ধ।
 
ইয়াৰ ফলতেই এনে কিছুমান উপাধি ব্যৱহাৰ কৰাৰ প্ৰৱণতা বৃদ্ধি পালে যিয়ে ভাৰতীয় মুছলমানসকলক “বিশ্বাসীসকলৰ সম্প্ৰদায়ৰ মূল অংশৰ সদস্য বা আনকি তেওঁলোকৰ বংশধৰ হিচাপে নিজকে পৰিচয় দিয়াত” সহায় কৰিব পাৰে। যেনে, আনছাৰী উপাধিয়ে গুৰুত্ব দিয়ে যে ব্যক্তিজন মদিনাৰ আনছাৰসকলৰ বংশধৰ বা চিদ্দিকীয়ে আবু বকৰলৈ নিজৰ বংশলতা বিচাৰি যায় আৰু একেদৰে এজন মনছুৰী, ছলমানি বা ফাৰুকীয়ে তেওঁৰ শিপা হজৰত মহম্মদৰ কোনো আদি সংগীৰ সৈতে বিচাৰি পায়।
 
ভাৰতত, উপাধিৰ ইছলামীকৰণৰ এই প্ৰক্ৰিয়াটো কিছুমান গোটৰ দ্বাৰা বাধাগ্ৰস্ত হৈছে যিসকলে তেওঁলোকৰ ভাৰতীয় পূৰ্বপুৰুষসকলৰ জাতিগত উপাধিসমূহ যেনে- ত্যাগী, গৌৰ, তোমাৰ, পুণ্ডিৰ, চৌহান, নায়ক, ৰাও আদি বৰ্তাই ৰাখিছে।
 
যদি আপুনি ইণ্ডোনেছিয়া, ইৰান, তুৰস্ক আদি অন্য সমাজবোৰলৈ চায়, তেন্তে ভাৰতীয়সকলৰ দৰে কোৰানৰ পৰা শিশুৰ নাম ৰখাটো তাত বাধ্যতামূলক যেন নালাগে।
 
প্ৰকৃততে, অজ্ঞতাৰ সৈতে মিহলি হোৱা এই গোড়ামী কেতিয়াবা হাস্যকৰ হৈ পৰে। ছিমেলে আমাক কয় যে অসংখ্য মুছলমানে “তেওঁলোকৰ শিশুৰ নাম বাছনি কৰিবলৈ যধে-মধে কোৰানখন মেলে; আৰু তেওঁলোকৰ চকু গৈ ছূৰা ৬১/১৩-ৰ ওপৰত পৰে। এই প্ৰথাটো ভাৰতীয় উপমহাদেশ আৰু অন্যান্য প্ৰধানকৈ অনা-আৰব দেশসমূহত ব্যাপকভাৱে প্ৰচলিত; আৰু বহুত ক্ষেত্ৰতে ইয়াৰ ফলত অদ্ভুত নামৰ সৃষ্টি হয়, কাৰণ পিতৃ-মাতৃয়ে সাধাৰণতে নিৰ্দিষ্ট শব্দাৱলীৰ অৰ্থ বুজিব পৰাকৈ পৰ্যাপ্ত আৰৱী ভাষা নাজানে। অষ্টাদশ শতিকাৰ ভাৰতীয় কবি আৰু পণ্ডিত আজিদ বিলগ্ৰামীৰ জীৱনীকাৰে আমাক জনাইছে যে এদিন কোনোবাই ঔৰংগাবাদত আজাদৰ দুৱাৰত টোকৰ মাৰিছিল আৰু নাম সোধাত উত্তৰ দিছিল: 'বাদু বিদ-দিন', তাৰ পিছত শব্দবোৰৰ বেয়া অৰ্থৰ বাবে (ছূৰা ৯৫/৭: 'আৰু তাৰ পিছত বিচাৰৰ দিনটোক অস্বীকাৰ কৰিবলৈ তোমাক কিহে বাধ্য কৰে?') পণ্ডিতগৰাকীয়ে তেওঁৰ লগত কথা পাতিবলৈ অস্বীকাৰ কৰিছিল।”
 
অধ্যাপক নাদিম হাছনাইনে নামকলৈ চলি থকা এই প্ৰতিযোগিতাক এক ধাৰাবাহিক প্ৰক্ৰিয়া হিচাপে দেখে। তেওঁ লিখিছে, “সম্ভৱতঃ সুদূৰপ্ৰসাৰী গুৰুত্বৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তনটো হ’ল আৰৱসকলৰ শৈলীত অস্বাভাৱিক নামৰ গ্ৰহণ। মহম্মদ মাছুদে (২০০৯) সঠিকভাৱেই আঙুলিয়াই দিয়াৰ দৰে, “যিকোনো সংস্কৃতিত নামৰ সৈতে সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ধৰ্মীয় প্ৰতিষ্ঠানৰ সংযোগ থাকিব পাৰে...” দক্ষিণ এছিয়াৰ মুছলমানসকলৰ মাজত নামকৰণ অনুষ্ঠান বিভিন্ন ধৰণেৰে পালন কৰা হয়। এই উদ্দেশ্যৰ বাবে আকিকা (Aqiqa) অনুষ্ঠান আটাইতকৈ সাধাৰণ। শিশুটিৰ নাম বাছনি কৰাৰ সাধাৰণ প্ৰথাটো হৈছে আল্লাৰ কোনো গুণবাচক নাম, মহম্মদ, খলিফাসকল, ছাহাবা (মহম্মদৰ সংগীসকল) আৰু চিয়াসকলৰ বাবে তেওঁলোকৰ বাৰজন ইমামৰ নাম বাছনি কৰা; অৱশ্যে আলীৰ প্ৰতি শত্ৰুতা আচৰণ কৰা খলিফা আৰু ছাহাবাসকলৰ নাম বা উপাধি ইয়াৰ ব্যতিক্ৰম। ছিয়া ছৈয়দসকলে তেওঁলোকৰ বংশলতা এই ইমামসকলৰ কোনো এজনৰ সৈতে বিচাৰি পায়, আৰু জনপ্ৰিয় উপাধিসমূহ হৈছে হুছেইনী, আবিদী, তাকবী, ৰিজভী, নাকভী আদি। এতিয়া, একাংশ লোকৰ মাজত নামকৰণ একেবাৰে আৰৱীয় শৈলীত কৰা হৈছে - ইয়াছিন বিন জুবেইৰ, আনাব বিন্ত চিৰাজ আদি। এয়া এক অভূতপূৰ্ব পৰিঘটনা। এনে শৈলী আৰু নাম আগতে কেতিয়াও নাছিল। এয়া দক্ষিণ এছিয়াৰ ইছলামক ‘আৰবীকৰণ’ কৰাৰ আৰু দক্ষিণ এছিয়াৰ সৈতে থকা ধৰ্মীয়-সাংস্কৃতিক সম্পৰ্ক ছিন্ন কৰাৰ দিশত আন এক নিদৰ্শন।”
 
আজি এনে বৰ কম ভাৰতীয় মুছলমান আছে যাক নামৰ দ্বাৰা ধৰ্মীয় পৰিচয় উলিয়াব নোৱাৰি আৰু হিন্দুসকলৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। এইটো কেৱল দক্ষিণ এছিয়াতেই দেখা পোৱা এক ব্যতিক্ৰমী দিশ। আচলতে আমাৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল (জৱাহৰ মানে মুকুতা বা অলংকাৰ; লাল মানে ৰঙা, বহুমূলীয়া শিল), যাৰ জন্ম ১৮৮৯ চনত হৈছিল, তেওঁৰ নামটো আছিল পাৰ্চী মূলৰ এক অসংস্কৃত নাম। কিন্তু আজি নৱপ্ৰজন্মৰ মাজত হিন্দুসকলৰ মাজত 'ৰাম বক্স' বা মুছলমানসকলৰ মাজত 'লল্লন খান' নামৰ লোক খুব কমেইহে পোৱা যায়। অৱশ্যে, জাতিগত উপাধিসমূহ আজিও এক বৃহৎ জনসংখ্যাৰ মাজত বৰ্তি আছে।