উত্তৰ প্ৰদেশত নিকাহৰ পূৰ্বে শপতনামা বাধ্যতামূলক

Story by  atv | Posted by  Munni Begum • 12 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
বাঘপট
 
পশ্চিম উত্তৰ প্ৰদেশৰ বাঘপট জিলাৰ মুছলমান ধৰ্মগুৰু আৰু পণ্ডিতসকলে নিকাহ (ইছলামিক বিবাহ) প্ৰক্ৰিয়াটোক স্বচ্ছ আৰু আইনীভাৱে সুৰক্ষিত কৰাৰ উদ্দেশ্যে এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে সিদ্ধান্ত লৈছে যে ইছলামিক ৰীতি-নীতিৰে বিবাহপাশত আবদ্ধ হ'ব বিচৰা দৰা আৰু কইনা দুয়োপক্ষই এখন আইনী শপতনামা দাখিল কৰাটো বাধ্যতামূলক হ'ব।
 
এই শপতনামাৰ অবিহনে কোনো ইমাম বা মৌলানাই নিকাহ সম্পন্ন নকৰিব। ইয়াৰ মূল উদ্দেশ্য হৈছে নিকাহ প্ৰক্ৰিয়াটোক অধিক স্বচ্ছ আৰু দায়বদ্ধ কৰি তোলা। ইয়াৰ জৰিয়তে ভৱিষ্যতে হ'ব পৰা যিকোনো বিবাদ বা গোচৰৰ পৰা কেৱল দৰা-কইনাক নহয়, বৰং নিকাহ সম্পন্ন কৰা ইমামসকলকো সুৰক্ষা প্ৰদান কৰিব বিচৰা হৈছে।
 
প্ৰতিনিধিত্বমুলক ফটো
 
প্ৰাপ্ত খবৰ অনুসৰি, খিদমত ছ'চাইটী আৰু জমিয়ত উলেমা-ই-হিন্দৰ এক প্ৰতিনিধি দলৰ যৌথ বৈঠকত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পণ্ডিতসকলে স্পষ্ট কৰি দিছে যে যদি সংশ্লিষ্ট পক্ষসমূহে আইনী শপতনামা দাখিল নকৰে, তেন্তে কোনো ইমাম বা মৌলানাই নিকাহ সম্পন্ন নকৰিব। উল্লেখ্য যে বাঘপট জিলাৰ মুঠ জনসংখ্যাৰ ২৭ শতাংশই হৈছে মুছলমান সম্প্ৰদায়ৰ লোক।
 
বৰৌত চহৰৰ জামিয়া মছজিদত অনুষ্ঠিত এই বৈঠকত বিগত কেইবছৰমানৰ কেইবাটাও আইনী গোচৰৰ বিষয়ে আলোচনা কৰা হয়। দেখা গৈছিল যে বহু ক্ষেত্ৰত নিকাহৰ পিছতহে পোহৰলৈ আহে যে কোনো এটা পক্ষই তেওঁলোকৰ পূৰ্বৰ তথ্য লুকুৱাই ৰাখিছিল। কিছুমান ক্ষেত্ৰত, স্বামী বা স্ত্ৰীৰ কোনো এজন ইতিমধ্যে বিবাহিত আছিল; আন কিছুমান ক্ষেত্ৰত আদালতত তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ চলি আছিল বা অন্যান্য গুৰুত্বপূৰ্ণ আইনী তথ্য গোপন কৰা হৈছিল।
 
ধৰ্মীয় পণ্ডিতসকলে জানিবলৈ দিয়ে যে বহু সময়ত সম্পূৰ্ণ তথ্য নথকা স্বত্বেও নিকাহ সম্পন্ন কৰাৰ বাবে ইমামসকলে আৰক্ষীৰ জেৰা, আদালতৰ কাৰ্যবাহী ব্যৱস্থা আৰু আইনী জাননীৰ সন্মুখীন হ'বলগীয়া হৈছিল।
 
এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই সিদ্ধান্ত লোৱা হয় যে, এতিয়াৰে পৰা কোনো ইমামৰ দ্বাৰা নিকাহ সম্পন্ন কৰাৰ পূৰ্বে দুয়োপক্ষই এজন অধিবক্তাৰ দ্বাৰা প্ৰস্তুত কৰা ষ্টাম্প পেপাৰৰ শপতনামাত স্বাক্ষৰ কৰাটো বাধ্যতামূলক হ'ব। এই শপতনামাত এই কথা ঘোষণা কৰিব লাগিব যে দুয়োপক্ষই তেওঁলোকৰ বৈবাহিক আৰু আইনী স্থিতিৰ সৈতে জড়িত সকলো তথ্য শুদ্ধকৈ প্ৰদান কৰিছে আৰু কোনো তথ্য লুকুৱাই ৰখা নাই।
 
প্ৰতিনিধিত্বমুলক ফটো
 
পণ্ডিতসকলৰ মতে, এই লিখিত ঘোষণাপত্ৰই বিবাহ প্ৰক্ৰিয়াটোক অধিক স্বচ্ছ আৰু দায়বদ্ধ কৰি তোলাৰ লগতে ভৱিষ্যতে নিকাহৰ পিছত হ'ব পৰা বিবাদ, প্ৰতাৰণা বা আইনী জটিলতাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব। খিদমত ছ'চাইটীৰ সভাপতি ড০ ইৰফান মালিকে কয় যে নিকাহৰ পূৰ্বে দুয়োপক্ষই ১১ দফীয়া এক আইনী ঘোষণাপত্ৰ দাখিল কৰিব লাগিব। তেওঁ কয় যে নিকাহ হৈছে এক পৱিত্ৰ ধৰ্মীয় চুক্তি, য'ত স্বচ্ছতা আৰু সত্যতাৰ গুৰুত্ব অপৰিসীম। যদি সকলো প্ৰয়োজনীয় তথ্য আগতেই লিখিত ৰূপত থাকে, তেন্তে ভৱিষ্যতৰ বিবাদ আৰু আইনী জটিলতাৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পাব। 
 
ড০ মালিকে লগতে কয় যে এই অভিযানটো বিশেষকৈ ইমামসকলৰ আইনী সুৰক্ষাৰ কথা মনত ৰাখি আৰম্ভ কৰা হৈছে। কাৰণ, বহু সময়ত সম্পূৰ্ণ তথ্য নথকাৰ বাবে ইমামসকলে নিকাহ সম্পন্ন কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে আৰক্ষীৰ ব্যৱস্থা বা আইনী সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেইবাবেই আইন আৰু শ্বৰীয়তৰ সৈতে সংগতি ৰাখি এই আনুষ্ঠানিক আইনী ঘোষণাপত্ৰ প্ৰস্তুত কৰা হৈছে।
 
বাঘপটৰ ধৰ্মগুৰুসকলৰ এই যুগান্তকাৰী পদক্ষেপে সমাজলৈ এক অতি ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। বিয়াৰ দৰে পৱিত্ৰ সম্পৰ্কত স্বচ্ছতা আৰু সত্যতাই যাতে সদায় অগ্ৰাধিকাৰ পায়, সেয়া সুনিশ্চিত কৰিবলৈ লোৱা এই ব্যৱস্থা সঁচাকৈয়ে সময়োপযোগী আৰু প্ৰশংসনীয়। ইয়াৰ ফলত কেৱল দৰা-কইনাৰ ভৱিষ্যতেই সুৰক্ষিত নহ'ব, বৰং পৱিত্ৰ ধৰ্মীয় আচাৰ-নীতি পালন কৰা ইমামসকলেও অনাকাংক্ষিত আইনী মেৰপেঁচৰ পৰা সকাহ পাব।