দৰ্জীৰ কন্যাৰ পৰা মিছেছ ইণ্ডিয়ালৈঃ সপোনক বাস্তৱলৈ ৰূপান্তৰ কৰা ফাৰাহৰ অনুপ্ৰেৰণাদায়ক কাহিনী

Story by  atv | Posted by  Munni Begum • 15 h ago
‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ দখল কৰা ফাৰাহ
‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ দখল কৰা ফাৰাহ
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
"সপোন সদায় বিশাল হ’ব লাগে, কিয়নো কঠিন পৰিস্থিতিয়ে সপোনক কেতিয়াও বান্ধি ৰাখিব নোৱাৰে।" এয়া মাথোঁ এষাৰ বাক্যই নহয়, নিজৰ জীৱন সংগ্ৰামৰ মাজেৰে ইয়াক প্ৰমাণ কৰি দেখুৱাইছে এগৰাকী অদম্য নাৰী ফাৰাহে। তেলেংগানাৰ খাম্মাম জিলাৰ এখন সৰু গাঁৱৰ পৰা ওলাই গৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলি উঠা ফাৰাহৰ কাহিনী হৈছে একাগ্ৰতা, আত্মবিশ্বাস আৰু অদম্য সাহসৰ এক বিৰল নিদৰ্শন।
 
এগৰাকী সাধাৰণ পৰিয়ালত ডাঙৰ-দীঘল হোৱা ছোৱালী, যাৰ পিতৃ আছিল পেছাত এজন দৰ্জী আৰু মাতৃ আছিল এগৰাকী গৃহিণী, সেইগৰাকী ছোৱালীয়ে আজি ভাৰতক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব কৰিছে। তেওঁ ‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ দখল কৰাৰ লগতে এগৰাকী সমাজকৰ্মী, অধিবক্তা আৰু নাৰীৰ অধিকাৰ তথা শিক্ষাৰ হকে নিৰন্তৰ কাম কৰি অহা এগৰাকী আগশাৰীৰ যুঁজাৰু।
 
 
শেহতীয়াকৈ এটি বিশেষ পডকাষ্টত ফাৰাহে তেওঁৰ জীৱনৰ বহু নজনা দিশ শ্বেয়াৰ কৰিছে আৰু বৰ্ণনা কৰিছে কেনেকৈ এখন সৰু গাঁৱৰ পৰা আহি তেওঁ নিজৰ ডাঙৰ সপোনবোৰ পূৰণ কৰাৰ এই যাত্ৰা অতিক্ৰম কৰিলে।
 
খাম্মামৰ এখন সৰু গাঁৱৰ পৰা আৰম্ভ হোৱা যাত্ৰা
 
ফাৰাহ তেলেংগানাৰ খাম্মাম জিলাৰ এখন গাঁৱৰ বাসিন্দা। তেওঁ মুছলমান সম্প্ৰদায়ৰ পৰা আহিছে, য’ত তেওঁৰ শৈশৱৰ সময়ছোৱাত ছোৱালীৰ বাবে বহু সামাজিক বাধ্যবাধকতা আছিল। তেওঁ জনায় যে তেওঁলোক চাৰিগৰাকী ভনীয়েক। দেউতাক পেছাত এজন দৰ্জী আৰু মাক গৃহিণী আছিল। পৰিয়ালটোৰ আৰ্থিক অৱস্থা বৰ সচ্ছল নাছিল, কিন্তু তেওঁৰ পিতৃ-মাতৃৰ চিন্তাধাৰা যথেষ্ট আগবঢ়া আছিল।
 
ফাৰাহে কয়, "মোৰ দেউতাই সদায় কৈছিল যে শিক্ষা অতি গুৰুত্বপূৰ্ণ। কিয়নো এজনী ছোৱালীয়ে যেতিয়া শিক্ষা গ্ৰহণ কৰে, তেতিয়া তাইৰ ভৱিষ্যতো তাৰ ওপৰতেই নিৰ্ভৰ কৰে।" তেওঁ চৰকাৰী বিদ্যালয় আৰু চৰকাৰী মহাবিদ্যালয়ৰ পৰাই নিজৰ শিক্ষা সম্পূৰ্ণ কৰিছিল। ফাৰাহৰ মতে, সফলতা লাভ কৰিবলৈ কেৱল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াটোৱেই জৰুৰী নহয়।
 
তেওঁ কয়, "এনেকুৱা নহয় যে চৰকাৰী বিদ্যালয়ত পঢ়া-শুনা ভাল নহয়। তাতো অতি দক্ষ আৰু সুশিক্ষিত শিক্ষক থাকে।" আৰম্ভণিৰে পৰা তেওঁৰ শিক্ষা তেলেগু মাধ্যমত হৈছিল। পৰৱৰ্তী সময়ত ডিগ্ৰী পৰ্যায়ত ইংৰাজী ভাষা বুজি পোৱাত তেওঁ কিছু অসুবিধাৰ সন্মুখীন হৈছিল, কিন্তু তেওঁ হাৰ মনা নাছিল। তেওঁ কয়, "আমি অক্সফ’ৰ্ডৰ ডিক্সনেৰী ৰাখিছিলো আৰু তাৰ সহায়ত অনুবাদ কৰি পঢ়িছিলো। গুগল আছিল, গতিকে তেনেকৈয়ে পঢ়িছিলো।"
 
পিতৃৰ দূৰদৰ্শী চিন্তাই সলনি কৰিলে জীৱন
 
ফাৰাহৰ এই সাফল্যৰ আঁৰত আটাইতকৈ ডাঙৰ ভূমিকা আছিল তেওঁৰ পিতৃ-মাতৃৰ সমৰ্থন। এনে এখন সমাজ য’ত প্ৰায়ে ছোৱালীৰ শিক্ষাক সীমিত কৰি ৰখা হয়, তেনেস্থলত ফাৰাহৰ পিতৃ-মাতৃয়ে নিজৰ চাৰিওগৰাকী কন্যাক আগবাঢ়ি যোৱাৰ সুযোগ দিছিল। ফাৰাহে কয় যে তেওঁৰ পিতৃ আৰু মাতৃ দুয়োৰে চিন্তাধাৰা একেবাৰে সুকীয়া আছিল। "এনেকুৱা নাছিল যে চাৰিজনী ছোৱালী, গতিকে নপঢ়াওঁ। সকলোকে স্কুলত নামভৰ্তি কৰাই আগুৱাই নিছিল।" তেওঁৰ দেউতাকে বিচাৰিছিল যে ছোৱালীকেইজনী স্বাৱলম্বী হওক। স্কুললৈ যাবলৈ তেওঁলোকক বাছেৰে পঠিওৱা হৈছিল। প্ৰথম অৱস্থাত ফাৰাহ আৰু তেওঁৰ ভনীয়েকহঁতে ভাবিছিল যে তেওঁলোকক ইমান স্বাধীনতা কিয় দিয়া হৈছে, কিন্তু পিছত তেওঁলোকে বুজি পালে যে দেউতাকে তেওঁলোকক পৃথিৱীখন বুজিবলৈ আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ শিকাইছিল।
 
‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ দখল কৰা ফাৰাহ
 
ফাৰাহে কয়, "তেতিয়া বুজি পালোঁ যে আমি নিজৰ স্থিতি নিজেই দিব পাৰিব লাগিব।" তেওঁৰ পিতৃয়ে ইণ্টাৰমিডিয়েটলৈকে পঢ়িছিল আৰু মাতৃয়ে অষ্টম শ্ৰেণীলৈকে, কিন্তু দুয়োজনেই শিক্ষাৰ গুৰুত্ব ভালদৰে উপলব্ধি কৰিছিল। ফাৰাহৰ মতে, "দেউতাকৰ আৰ্থিক সমৰ্থন আৰু ভৱিষ্যতৰ চিন্তা থাকে, আনহাতে মাকৰ থাকে যত্ন আৰু লালন-পালন। এই দুয়োটাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ।"
 
১৯ বছৰ বয়সতে বিবাহ, কিন্তু থমকি নৰ’ল সপোন
 
ফাৰাহৰ জীৱনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্টটো আছিল তেওঁৰ বিয়াৰ পিছৰ সময়ছোৱা। তেওঁ জনায় যে ইণ্টাৰমিডিয়েট পাছ কৰাৰ পিছত মাত্ৰ ১৯ বছৰ বয়সতে তেওঁৰ বিবাহ সম্পন্ন হয়। বিয়াৰ পিছত তেওঁ বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁ কয়, "বহু এনে পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হৈছিল য’ত অসন্মানিত হৈছিলো আৰু মোৰ মূল্য কমি গৈছিল। এগৰাকী নাৰী হিচাপে মোক তুচ্ছজ্ঞান কৰা হৈছিল।"
 
কিন্তু সেই সময়ত তেওঁৰ পিতৃ তেওঁৰ কাষত থিয় দিছিল আৰু ফাৰাহক পঢ়া-শুনা অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰিছিল। ফাৰাহে বিয়াৰ পিছত নিজৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। সেই সময়ত তেওঁৰ এটি সৰু সন্তান আছিল। তেওঁ সুঁৱৰি কয়, "মোৰ ল’ৰাটো তেতিয়া ছয়মহীয়া আছিল। তাক গাখীৰ খুৱাব লাগিছিল, কলেজ গৈছিলো আৰু খৰধৰকৈ ১১-১১:৩০ বজাৰ ভিতৰত পঢ়া শেষ কৰি ঘূৰি আহি তাক আকৌ গাখীৰ খুৱাই পুনৰ কলেজত উপস্থিত হৈছিলো।" এনে কঠিন পৰিস্থিতিৰ মাজতো তেওঁ শিক্ষাক এৰি দিয়া নাছিল।
 
আৰ্থিক সংকটৰ মাজতো শিক্ষাদানৰ আৰম্ভণি
 
পঢ়ি থকাৰ সময়তে তেওঁৰ দেউতাকৰ স্বাস্থ্য বেয়া হ’বলৈ ধৰে। দেউতাকৰ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগৰ দৰে সমস্যা আছিল আৰু পৰিয়ালটোৰ ওপৰত আৰ্থিক হেঁচা বৃদ্ধি পাইছিল। এনে সময়ত ফাৰাহ আৰু তেওঁৰ ভনীয়েকে ল’ৰা-ছোৱালীক টিউচন কৰাবলৈ আৰম্ভ কৰে। তেওঁলোকে গাঁৱৰ ছাত্ৰ-ছাত্ৰীক পঢ়াইছিল আৰু লগতে নিজৰ পঢ়াও চলাই নিছিল। আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে ভাবিছিল যে যিকেইগৰাকী ছোৱালীয়ে নিজেই কলেজত পঢ়ি আছে, তেওঁলোকে কেনেকৈ ভালকৈ পঢ়াব পাৰিব! কিন্তু বছৰৰ অন্তত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে ভাল নম্বৰ পালে, তেতিয়া সকলোৱে আচৰিত হ’ল। ফাৰাহে কয়, "বছৰৰ শেষত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ৮৫% নম্বৰ পালে। তেতিয়া তেওঁলোকে ক’লে যে আপোনালোক দেখোন নিয়মিত নাহেই, তথাপি ইমান ভালকৈ কেনেকৈ পঢ়ালে?" লাহে লাহে ছাত্ৰ-ছাত্ৰীসকলৰ বিশ্বাস বাঢ়িল আৰু এই যাত্ৰা আগবাঢ়ি গ’ল।
 
আত্মবিশ্বাস আৰু নিজৰ ওপৰত ভৰসাই হ’ল শক্তি
 
ফাৰাহে বিশ্বাস কৰে যে প্ৰতিগৰাকী ছোৱালীৰ ভিতৰত আত্মবিশ্বাস আৰু সাহস থাকিব লাগে। তেওঁৰ মতে, "প্ৰতিগৰাকী ছোৱালীৰ মাজত সাহস আৰু আত্মবিশ্বাস থকা উচিত। নিজৰ ওপৰত বিশ্বাস থাকিলেহে মানুহ আগবাঢ়ি যাব পাৰে।" তেওঁ কয় যে কেৱল আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটোৱেই নাৰী সৱলীকৰণ নহয়, নিজৰ মাত মতা, সিদ্ধান্ত লোৱা আৰু নিজৰ সপোনবোৰ চিনি পোৱাটোও সমানেই জৰুৰী। ফাৰাহে কয়, "নাৰী সৱলীকৰণ কেৱল আৰ্থিক স্বাধীনতা নহয়। তেওঁৰ কণ্ঠ সজোৰে ওলাই অহা, তেওঁৰ নেতৃত্ব, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু নিজৰ সপোনৰ বাবে মাত মতাটোও জৰুৰী।"
 
মিছেছ ইণ্ডিয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ এক গৌৰৱময় যাত্ৰা
 
ফাৰাহে নিজৰ কষ্ট আৰু আত্মবিশ্বাসৰ বলত সৌন্দৰ্য প্ৰতিযোগিতাৰ জগতত ভৰি দিয়ে আৰু ‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ অৰ্জন কৰে। ইয়াৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো ভাৰতক প্ৰতিনিধিত্ব কৰে।
 
‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ দখল কৰা ফাৰাহ
 
তেওঁৰ সাফল্যসমূহৰ ভিতৰত আছেঃ
 
মিছেছ ইণ্ডিয়াৰ খিতাপ

আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ প্ৰতিনিধিত্ব

গ্ল’বেল ৱৰ্ল্ড চেঞ্জ মেকাৰ বঁটা

সন্মানীয় ডক্টৰেট উপাধি

নাৰী শক্তি আৰু স্ত্ৰী শক্তিৰ দৰে সন্মান

ফিট ইণ্ডিয়া এম্বেচেডৰৰ ভূমিকা
 
ফাৰাহে কয়, "ইণ্ডিয়াৰ পৰা এজনী ছোৱালীয়ে এগৰাকী বক্তা হিচাপে আন এখন দেশলৈ গৈ ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰা আৰু ৱৰ্ল্ড চেঞ্জ মেকাৰ বঁটা লৈ অহাটো সঁচাকৈয়ে এক অত্যন্ত গৌৰৱৰ অনুভৱ।" তেওঁৰ পিতৃ-মাতৃৰ বাবে এই মুহূৰ্তটো অত্যন্ত আৱেগিক আৰু গৌৰৱৰ আছিল।
 
ফাৰাহ ফিড ইণ্ডিয়া ফাউণ্ডেচনঃ সমাজৰ প্ৰতি দায়বদ্ধতা
 
ফাৰাহ কেৱল নিজৰ সাফল্যতে আৱদ্ধ নাথাকিল। তেওঁ সমাজ সেৱাক নিজৰ জীৱনৰ অংশ কৰি লৈছিল। তেওঁ ‘ফাৰাহ ফিড ইণ্ডিয়া ফাউণ্ডেচন’ৰ জৰিয়তে শিক্ষা, স্বাস্থ্য আৰু সজাগতাৰ ক্ষেত্ৰত কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ মূল লক্ষ্য হৈছে মহিলা, ছোৱালী আৰু গ্ৰামাঞ্চলৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা।
 
তেওঁৰ কাম-কাজৰ ভিতৰত আছেঃ
 
▪️চৰকাৰী বিদ্যালয়ত কিতাপ আৰু বেগ বিতৰণ কৰা
▪️দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ কিট প্ৰদান কৰা
▪️হাত ধোৱা আৰু স্বাস্থ্য-পৰিচ্ছন্নতা সম্পৰ্কে সজাগতা অভিযান
▪️মহিলাসকলক তেওঁলোকৰ অধিকাৰ আৰু স্বাস্থ্যৰ প্ৰতি সজাগ কৰা
 
ফাৰাহে জনায়, "আমি আজিলৈকে কোনো বৰঙণি লোৱা নাই। মাত্ৰ সদিচ্ছাৰ প্ৰয়োজন।" তেওঁ নিজৰ সামৰ্থ্য অনুসৰি ‘চদকা’ আৰু ‘ফিটৰা’ৰ দৰে সহায়ৰ জৰিয়তে প্ৰয়োজনত থকা লোকসকলৰ কাষ চাপিবলৈ চেষ্টা কৰে।
 
নাৰীৰ সন্মুখত থকা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানসমূহ
 
এগৰাকী অধিবক্তা আৰু সমাজকৰ্মী হিচাপে ফাৰাহে মহিলাৰ বহু সমস্যাক ওচৰৰ পৰা দেখিছে। তেওঁৰ মতে আজিও মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়ঃ
 
▪️গাৰ্হস্থ্য হিংসা
▪️কৰ্মক্ষেত্ৰত নিৰ্যাতন
▪️ছোৱালীৰ সৈতে হোৱা দুৰ্ব্যৱহাৰ
▪️শিক্ষাৰ অভাৱ
▪️নিজৰ অধিকাৰ সম্পৰ্কে সজাগ নোহোৱা
 
তেওঁ কয়, "মানুহে নিজৰ অধিকাৰবোৰ নাজানে। যেতিয়া তেওঁলোকে নিজৰ অধিকাৰ সম্পৰ্কে জানিব, তেতিয়াহে তেওঁলোকে নিজৰ হৈ মাত মাতিব পাৰিব।"
 
‘মিছেছ ইণ্ডিয়া’ৰ খিতাপ দখল কৰা ফাৰাহ
 
অন্যায় হ’লে প্ৰথম আইনী পদক্ষেপ কি হোৱা উচিত?
 
অধিবক্তা ফাৰাহৰ মতে, যিকোনো অন্যায়ৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপটো হ’ব লাগে প্ৰমাণ সংগ্ৰহ কৰা। তেওঁ কয়ঃ "প্ৰথমতে প্ৰমাণ গোটাব লাগে, কিয়নো প্ৰথম প্ৰমাণেই হৈছে সকলো।" ইয়াৰ পিছত আৰক্ষী বা সংশ্লিষ্ট আইনী সংস্থাক খবৰ দিব লাগে।
 
ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা সন্দৰ্ভত বিশেষ অভিযান
 
ফাৰাহে গ্ৰামাঞ্চলত ঋতুস্ৰাৱ আৰু পৰিচ্ছন্নতাৰ বিষয়তো কাম কৰিছে। তেওঁৰ মতে আজিও বহু ঠাইত ঋতুস্ৰাৱক লৈ ভুল ধাৰণা প্ৰচলিত হৈ আছে। তেওঁ কয়, "বহু মানুহে ইয়াক পুৰণি দিনৰ অন্ধবিশ্বাসৰ দৰে লয়। এচুকত বহি থাকিব লাগে, একো চুব নালাগে- এনেবোৰ ধাৰণা।" এই ধাৰণাবোৰৰ বাবে বহু ছোৱালীৰ পঢ়া-শুনাতো প্ৰভাৱ পৰে।
 
ফাৰাহে কয়, "এয়া আমাৰ শৰীৰৰ এক সাধাৰণ প্ৰজনন ব্যৱস্থা। ইয়াৰ বিষয়ে সজাগতা অতি প্ৰয়োজনীয়।" তেওঁৰ অভিযানৰ উদ্দেশ্য হৈছে ছোৱালীসকলক স্বাস্থ্য আৰু হাইজিনৰ বিষয়ে সঠিক তথ্য প্ৰদান কৰা।
 
ফাৰাহৰ বাৰ্তাঃ নিজৰ ওপৰত বিশ্বাস ৰাখক
 
নিজৰ জীৱন-কাহিনীৰ জৰিয়তে ফাৰাহে কঠিন পৰিস্থিতিত থকা সকলো ছোৱালীক এক বাৰ্তা দিয়ে। তেওঁ কয়ঃ "নিজৰ ওপৰত বিশ্বাস ৰাখক। যেতিয়া আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখিব, তেতিয়াহে আপুনি নিজৰ সপোনবোৰ চিনি পাব।" তেওঁৰ মতে প্ৰতিজন মানুহৰ ভিতৰত একোটা প্ৰতিভা থাকে, যাক নিজেই উলিয়াই আনিব লাগে। তেওঁ কয়, "যেতিয়া আপোনাৰ ভোক লাগে তেতিয়া আপুনি নিজৰ হাতেৰেই খায়, ঠিক তেনেকৈ নিজৰ প্ৰতিভাকো আপুনি নিজেই বাহিৰলৈ উলিয়াব লাগিব।" ফাৰাহে বিশ্বাস কৰে যে এগৰাকী মহিলাই যেতিয়া নিজকে শক্তিশালী কৰে, তেতিয়া তেওঁ নিজৰ পৰিয়াল আৰু সমাজকো শক্তিশালী কৰে।
 
তেলেগুত দিয়া আৱেগিক বাৰ্তা
 
পডকাষ্টৰ শেষৰ ফালে ফাৰাহে নিজৰ মাতৃভাষা তেলেগুত মহিলা আৰু যুৱপ্ৰজন্মৰ বাবে এক বাৰ্তা প্ৰদান কৰে। তেওঁ কয় যে জীৱনত আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু নিজৰ ওপৰত বিশ্বাস থকাটো অতি প্ৰয়োজনীয়। তেওঁৰ বাৰ্তা আছিল যে প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনত কিবা এটা অৰ্জন কৰিব লাগে যাতে মানুহে তেওঁক তেওঁৰ নাম আৰু কামৰ জৰিয়তে চিনি পায়।
 
ফাৰাহৰ কাহিনী কেৱল এটা সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ জয় কৰাৰ কাহিনী নহয়। এয়া এনে এজনী ছোৱালীৰ কাহিনী যিয়ে গাঁৱৰ পৰিৱেশ, আৰ্থিক অনাটন, সামাজিক প্ৰত্যাহ্বান আৰু ব্যক্তিগত সংগ্ৰামৰ মাজতো নিজৰ সপোনবোৰ জীয়াই ৰাখিছিল। এজন দৰ্জীৰ কন্যাৰ পৰা ‘মিছেছ ইণ্ডিয়া’লৈ এই যাত্ৰাই প্ৰমাণ কৰে যে যদি শিক্ষা, পৰিয়ালৰ সমৰ্থন আৰু নিজৰ ওপৰত বিশ্বাস থাকে, তেন্তে কোনো পৰিস্থিতিয়েই বাট ভেটি ধৰিব নোৱাৰে। ফাৰাহ আজিও একেই চিন্তাধাৰাৰে আগবাঢ়ি গৈ আছেঃ "নিজকে শক্তিশালী কৰক, নিজৰ কণ্ঠ চিনি পাওক আৰু নিজৰ সপোনৰ বাবে কঠোৰ পৰিশ্ৰম কৰক।"
 
ফাৰাহে স্পষ্টকৈ কয়, "দৰিদ্ৰতা, বিবাহ বা নিৰক্ষৰতা কেতিয়াও কোনো মহিলাৰ প্ৰগতি আৰু সৱলীকৰণত বাধা হ’ব নালাগে। শিক্ষা হৈছে এক অতি শক্তিশালী অস্ত্ৰ, যিয়ে এগৰাকী মহিলাক নিজৰ পৰিয়ালক আগুৱাই নিবলৈ, নিজৰ সম্প্ৰদায়ক শক্তিশালী কৰিবলৈ আৰু এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে এখন উন্নত দেশ গঢ়াত অৱদান আগবঢ়াবলৈ সক্ষম কৰি তোলে।
 
শক্তিশালী হৈ থাকক আৰু কেতিয়াও কোনো কঠিন পৰিস্থিতি বা বিফলতাক আপোনাৰ জীৱনৰ যাত্ৰা নিৰ্ধাৰণ কৰিবলৈ নিদিব। নিজৰ ওপৰত বিশ্বাস ৰাখক, নিজৰ সামৰ্থ্যক চিনি পাওক আৰু অনুশাসন, দৃঢ় সংকল্প তথা এক নিস্কলুষ হৃদয়েৰে কঠোৰ পৰিশ্ৰম কৰক। নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলক, সমাজৰ ওপৰত এক ইতিবাচক প্ৰভাৱ পেলাওক আৰু নিজৰ সপোন পূৰণ নোহোৱালৈকে কেতিয়াও থমকি নৰ’ব। প্ৰতিগৰাকী সৱলীকৃত নাৰীৰ মাজতেই পৃথিৱী সলনি কৰাৰ শক্তি নিহিত হৈ থাকে।"