আৱাজ-দ্য ভইচ অসম ব্যুৰ'
কালৰূপ ধৰি অহা বাৰিষাৰ বানে এফালৰ পৰা তচনচ কৰিলে উজনি অসমৰ তিনিখনকৈ জিলাক৷ ঘৰৰ মূধচেৰে পানী বাগৰা দেখা গ’ল চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত। এনে এক দুৰ্যোগ কল্পনাতীত আছিল এইসকল লোকৰ বাবে৷ বহু ঠাইত পানী কমিল যদিও প্ৰত্যাহ্বান শেষ হোৱা নাই বানপীড়িতসকলৰ। পানীৰ লগত অহা পলসে ১-২ ফুট পুতি পেলাইছে বানপীড়িতসকলৰ ঘৰ-দুৱাৰ। ঘৰবোৰৰ সকলো সামগ্ৰী, পশুধন, খেতিপথাৰ সকলো হেৰুৱাইছে বানপীড়িতসকলে। বানপানীৰ পিছত এতিয়া আৰ্থিক সংকটৰ আশংকা কৰিছে বানপীড়িতসকলে।
উজনি অসমত বানপানীৰ ফলত হোৱা এনে দুৰৱস্থা দেখি বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে। প্ৰভাৱশালী ব্যৱসায়ী, বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা বান সাহায্য প্ৰদান কৰা হৈছে বানপীড়িতসকলক। শেহতীয়াকৈ আজমল ফাউণ্ডেচনৰ উদ্যোগত মৌলানা বদৰুদ্দিন আজমলে উজনি অসমৰ বানপীড়িতসকলৰ বাবে ২ কোটি টকাৰ বান সাহায্য প্ৰদান কৰে। উজনি অসমৰ লোকসকলকে ধৰি সমগ্ৰ সামাজিক মাধ্যমত মৌলানা বদৰুদ্দিন আজমলক এই মহান কাৰ্যৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।
তাৰ পিছতে উজনিৰ বানাক্ৰান্তলৈ আনফৰ ফাউণ্ডেচনে আগবঢ়ালে ১ কোটি টকাৰ সঁহাৰি। ডুবাইৰ পৰাই বানপীড়িতলৈ বৃহৎ সাহায্য ঘোষণা কৰে মোস্তাক আনফৰে। ৰাজ্যিক জমিয়ত সভাপতি মৌলানা মোস্তাক আনফৰৰ বিশেষ বান সাহায্য ঘোষণা কৰিছে।
সাহায্য ঘোষণা কৰি মোস্তাক আনফৰে কয় যে, উজনি অসমত যি পৰস্থিতি ৰ সৃষ্টি হৈছে তাক দেখি যথেষ্ট মৰ্মাহত হৈছো। আমাৰ এটা দলে ২০ লাখৰ পৰা ২৫ লাখ টকাৰ বস্তু লৈ দুই এদিনতে উজনি অসমত উপস্থিত হ’ব। কিন্তু বানৰ পিছত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়েহে চিন্তা কৰি প্ৰায় ১ কোটি টকাৰ সাহায্য আগবঢ়াম। স্বাস্থ্য ঠিকে থাকিলে অহা ১ মাহৰ বিতৰত ময়ো তালৈ যাম।
উল্লেখযোগ্য যে, আনফৰ ফাউণ্ডেচন আৰু ৰাজ্যিক জমিয়তৰ উদ্যোগত বিতৰণ হ’ব ১ কোটি টকা। ডুবাইৰ পৰাই জন্মভূমিৰ বানপীড়িতৰ দুৰ্দশা দেখি আৱেগিক মোস্তাক আনফৰ।প্ৰত্যক্ষভাৱে প্ৰভাৱিত অঞ্চলসমূহত বিতৰণ কৰা হ’ব খাদ্য, খোৱাপানী আৰু ঔষধ। সংকটৰ মুহূৰ্তত আনফৰ ফাউণ্ডেচনৰ সঁহাৰিক প্ৰশংসা কৰে স্থানীয় ৰাইজে।
ইফালে ইছলামিক পণ্ডিত মৌলানা নূৰুল আমিন কাছিমিয়ে জনকল্যান ডেভেলপমেণ্ট ছ'চাইটিৰ উদ্যোগত বানপীড়িত লোকসকলৰ বাবে কাপোৰ আৰু সাহায্য লৈ উপস্থিত হৈছে। শিৱসাগৰ, চন্টক আৰু অন্য অঞ্চলৰ মহিলা, শিশুসকলক তেওঁ নিজেই কাপোৰ বিলাইছে। চৰাইদেউ জিলাৰ চন্টকত বানাক্ৰান্ত সকলৰ মাজত কাপোৰ আৰু সাহায্য বিলাই তেওঁ সামাজিক মাধ্যমত লিখিছে, "মানুহবোৰ অৱস্থাশীল আছিল, কিন্তু এতিয়া তেওলোক অসহায়।"
বানাক্ৰান্তক সাহায্য দিব যোৱা মুহূৰ্তত মৌলানা নুৰুল আমিন কাছিমি
এই মহাপ্ৰলয়ৰ সময়ত শিৱসাগৰৰ এটা গুৰুদ্বাৰে বিশেষ দেখুৱাইছে মহানুভৱতা। তেওঁলোকে প্ৰমাণ কৰি দিছে যে মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম। শিৱসাগৰ জিলাৰ ২০০ টা বানপীড়িত পৰিয়ালক আশ্ৰয় দিছে 'শিৱসাগৰ গুৰুদ্বাৰ চাহেব' নামৰ গুৰুদ্বাৰটোত। তাৰোপৰি বানপীড়িতসকলৰ বাবে দৈনিক তিনিবাৰকৈ খাদ্যৰ যোগান ধৰা হৈছে।
উল্লেখযোগ্য যে, বানপানী হ্ৰাস পোৱাৰ পিছতো দুৰ্যোগ এৰা দিয়া নাই উজনিৰ তিনি জিলাৰ বহু অঞ্চলত। বানপানীৰ লগত অহা বোকা আৰু পলসে নষ্ট কৰিছে বানাক্ৰান্তসকলৰ ঘৰৰ সকলো সামগ্ৰী। ঘৰসমূহৰ ভিতৰত একাঠু পৰ্যন্ত বোকাই পুতি পেলাইছে। খোৱাপানীৰ নাটনি, দুৰ্গন্ধ আদিয়ে অতিষ্ঠ কৰিছে কানাক্ৰান্তসকলক। তাৰোপৰি, পশুধন, পথাৰৰ শস্য সকলো হেৰুৱাইছে বানপীড়িতসকলে। যাৰ ফলত দীৰ্ঘদিন ধৰি আৰ্থিক সংকট দেখা দিয়াৰো আশংকা কৰিছে সচেতন মহলে।