ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী সামৰণি অনুষ্ঠান দিল্লীত ৰাষ্ট্ৰীয় পৰ্যায়ত উদযাপনৰ প্ৰস্তুতি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Story by  atv | Posted by  Munni Begum • 1 h ago
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
 
গুৱাহাটী
 
বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে অসমত ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মহান শিল্পীগৰাকীৰ জীৱন আৰু কৰ্মৰাজীক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লগতে তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
 
মুখ্যমন্ত্ৰী শৰ্মাই মংগলবাৰে সংবাদমাধ্যমৰ সন্মুখনত জনায় যে, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰায় ৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ড০ ভূপেন হাজৰিকাৰ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই সংগ্ৰহালয়ত শিল্পীগৰাকীৰ জীৱন, কৰ্ম আৰু অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদান সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব। 
মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, জন্মশতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ সমন্বয় ক্ষেত্ৰকো নতুন ৰূপত সজাই তোলাৰ পৰিকল্পনা কৰা হৈছে। অগমেণ্টেড ৰিয়েলিটি আৰু ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে সমন্বয় ক্ষেত্ৰক অধিক জীৱন্ত আৰু আকৰ্ষণীয় ৰূপ দিয়াৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে। 
 
ইয়াৰ উপৰি ড০ ভূপেন হাজৰিকা জন্মশতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিশ্ববৰেণ্য শিল্পীগৰাকীৰ অৱদানক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক উজলাই তোলাৰ লগতে জাতীয় নাট্যশালা প্ৰস্তুতিকে ধৰি কেইবাটাও দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰা হৈছে। অসমবাসীৰ আশীৰ্বাদ আৰু সহযোগিতাৰে এই কামসমূহ সফলভাৱে সম্পূৰ্ণ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে।  
 
কলকাতাত ড০ ভূপেন হাজৰিকাই বাস কৰা ফ্লেটটো সংৰক্ষণ কৰি স্মৃতি হিচাপে গঢ়ি তোলাৰ বাবেও অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিঠি প্ৰেৰণ কৰিছে। লগতে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগেও বিষয়টোত কাম কৰি আছে।
 
আনহাতে, ড০ ভূপেন হাজৰিকাৰ সাংস্কৃতিক অৱদানৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাৰ্ফৰ্মিং আৰ্টছ বিভাগটো সমন্বয় ক্ষেত্ৰৰ কাষত স্থাপনৰ বিষয়তো আলোচনা কৰা হৈছে। এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পৰামৰ্শ পৰিষদৰ সৈতে আলোচনা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
 
পাৰ্ফৰ্মিং আৰ্টছৰ শিক্ষাৰ ক্ষেত্ৰখন ড০ ভূপেন হাজৰিকাৰ আদৰ্শ আৰু প্ৰেৰণাৰে আগুৱাই নিয়াৰ লক্ষ্য লোৱা হৈছে। সমন্বয় ক্ষেত্ৰত এটা সৰু প্ৰেক্ষাগৃহ স্থাপনৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি পৰৱৰ্তী সময়ত এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
 
ড০ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ জৰিয়তে সুধাকণ্ঠৰ সৃষ্টিশীলতা, মানৱতাবাদ আৰু অসমৰ সংস্কৃতিৰ প্ৰতি তেওঁৰ অনন্য অৱদান নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লগতে তেওঁৰ স্মৃতিক স্থায়ী ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে।