গুৱাহাটী বিশ্ববিদ্যালয়ত ১১০ কোটি টকাৰ আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন উপ-ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণৰ

Story by  atv | Posted by  Munni Begum • 3 h ago
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ
 
গুৱাহাটী
 
উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰায় ১১০ কোটি টকা ব্যয়সাপেক্ষ এক আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
 
অসম ভ্ৰমণৰ দুদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনটোত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননী গোপাল মহন্ত আৰু জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
 
এই উন্নয়ন প্ৰকল্পৰ মুখ্য অংশসমূহৰ ভিতৰত আছে এটা শৈক্ষিক ভৱন, ছাত্ৰাৱাস, আধুনিক মেছ ভৱন, আন্তঃৰাষ্ট্ৰীয় ছাত্ৰাৱাস, কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ তথা ছেমিনাৰ হলৰ সংস্কাৰ, বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ আধুনিকীকৰণ আৰু ডি-গ্ৰেড কৰ্মচাৰীসকলৰ বাবে আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণ। 
 
অনুষ্ঠানটোত ৰাধাকৃষ্ণণে বিশ্ববিদ্যালয়খনৰদ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থো উন্মোচন কৰে। গ্ৰন্থ দুখন হৈছে ‘ড° ভূপেন হাজৰিকা: ১০০ বছৰ এটা বিচৰণকাৰী গীত' (Dr Bhupen Hazarika: 100 Years of a Wandering Song) আৰু ‘চন্দ্ৰকান্ত অভিধান’ৰ পঞ্চম সংস্কৰণ।