ৰাজমিস্ত্ৰীৰ সহযোগীৰ পৰা ব্ৰাজিলৰ বিশ্বকাপৰ সপোন: ইগৰ থিয়াগোৰ অবিশ্বাস্য কাহিনী

Story by  atv | Posted by  [email protected] • 2 d ago
ইগৰ থিয়াগো
ইগৰ থিয়াগো
 
শান্তিপ্ৰিয় ৰায়চৌধুৰী
 
ফুটবল কেৱল এক খেল নহয়, কেতিয়াবা ই জীৱন সংগ্ৰামৰ এক কাহিনী। ভোকৰ বিৰুদ্ধে যুঁজ, দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম আৰু অসম্ভৱক সম্ভৱ কৰি তোলাৰ এক চমৎকাৰ। ২০২৬ চনৰ ফুটবল বিশ্বকাপৰ ব্ৰাজিল দলত স্থান লাভ কৰা ইগৰ থিয়াগোৰ জীৱন কাহিনী যেন এইবোৰৰে জীৱন্ত প্ৰতিচ্ছবি। আজি তেওঁ ব্ৰাজিলৰ হালধীয়া-সেউজীয়া জাৰ্চি পিন্ধি বিশ্বকাপত জিলিকি উঠিছে।
 
কিন্তু মাত্ৰ কেইবছৰমান আগতে তেওঁৰ পৰিচয় আছিল সম্পূৰ্ণ বেলেগ।  ৰাজমিস্ত্ৰীৰ সহযোগী, শাক-পাচলি বিক্ৰেতা, বিজ্ঞাপনৰ লিফলেট বিলোৱা কিশোৰ অথবা ৰাস্তাৰ কাষত গাড়ী ধোৱা এগৰাকী শ্ৰমজীৱী যুৱক।
 
ইগৰ থিয়াগো
 
ইফালে ভোক আৰু আনফালে সপোন
 
ব্ৰাজিলৰ ৰাজধানী ব্ৰাচিলিয়াৰ উপকণ্ঠ অঞ্চলৰ গামা চহৰৰ এটা দৰিদ্ৰ পৰিয়ালত জন্ম হৈছিল ইগৰ থিয়াগোৰ। মাত্ৰ ১৩ বছৰ বয়সতে পিতৃক হেৰুওৱাৰ পিছত পৰিয়ালটোৰ দায়িত্ব তেওঁৰ কান্ধত পৰে। মাতৃ মাৰিয়া দিভা আৰু ভাতৃ মাইকনৰ মুখত আহাৰ তুলি দিয়াই হৈ পৰিছিল তেওঁৰ প্ৰধান লক্ষ্য। কিন্তু দৰিদ্ৰতায়ো তেওঁৰ সপোন কাঢ়ি নিব নোৱাৰিলে। দিনত কাম আৰু ৰাতিলৈ ফুটবল, এইয়াই আছিল তেওঁৰ জীৱন। কেতিয়াবা নিৰ্মাণ কাৰ্যৰ শ্ৰমিকৰ (ৰাজমিস্ত্ৰীৰ) সহযোগী হিচাপে, কেতিয়াবা বজাৰত শাক-পাচলি বিক্ৰী কৰি, আকৌ কেতিয়াবা গাড়ী ধোৱাৰ কাম কৰি হ'লেও তেওঁ ফুটবলৰ অনুশীলন বন্ধ কৰা নাছিল। ব্ৰাজিলিয়ান ফুটবল কনফেডাৰেচন (CBF)-ক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, "সৰুকালৰ এই কঠিন কামবোৰেই মোক এজন মানুহ হিচাপে গঢ়ি তুলিছে। জীৱনৰ সাধাৰণ বস্তুবোৰৰ মূল্য বুজিবলৈ শিকাইছে।"
 
প্ৰথম আঘাত, তাৰ পিছত নতুন পথ
 
এথলেটিকো পাৰানায়েন্সেৰ ট্ৰায়েলত (বাছনি প্ৰক্ৰিয়াত) বাদ পৰিছিল ইগৰ। বহুতৰে সপোন তাতেই ভাঙি চুৰমাৰ হৈ যায়। কিন্তু তেওঁৰ জীৱনলৈ আশীৰ্বাদ স্বৰূপ হৈ আহিল ব্ৰাজিলৰ প্ৰাক্তন ফুটবলাৰ টিকো। টিকোৰ পৰামৰ্শ মতে তেওঁ ‘ভেৰে এফচি’ নামৰ এটা সৰু ক্লাবত যোগ দিয়ে। অনুৰ্ধ-১৭ প্ৰতিযোগিতাত সৰ্বাধিক গ’লদাতা হৈ তেওঁ ঐতিহ্যবাহী ক্লাব ‘ক্ৰুজেইৰো’ৰ দৃষ্টি আকৰ্ষণ কৰে। কিন্তু ডাঙৰ ক্লাবৰ চাপ, সমালোচনা আৰু প্ৰত্যাশাৰ বোজাই তেওঁক মানসিকভাৱে ব্যতিব্যস্ত কৰি তুলিছিল।
 
ইগৰৰ ভাষাত, "মানুহৰ সমালোচনা আৰু প্ৰশংসাক কেনেকৈ চম্ভালিব লাগে, ক্ৰুজেইৰোৱে মোক তাকেই শিকাইছিল।" 
 
ইউৰোপৰ মাটিত সংগ্ৰামৰ পৰা সাফল্যলৈ
 
ক্ৰুজেইৰোৰ আৰ্থিক সংকটৰ বাবে তেওঁক তুলনামূলকভাৱে কম মূল্যত বুলগেৰিয়াৰ ক্লাব ‘লুদোগোৰেতচ’লৈ বিক্ৰী কৰি দিয়া হৈছিল। তাৰ পৰা বেলজিয়ামৰ ক্লাব ‘ব্ৰুজ’ আৰু তাৰ পিছত ইংলেণ্ডৰ প্ৰিমিয়াৰ লীগ। ২০২৪ চনত প্ৰায় ২১ কোটি ৰিয়াল ট্ৰান্সফাৰ ফীৰ বিনিময়ত তেওঁ ‘ব্ৰেণ্টফৰ্ড’ ক্লাবত যোগ দিয়ে। ইংলেণ্ডত ভৰি দিয়াৰ পিছতেই সকলো সলনি হৈ গ’ল।
 
প্ৰিমিয়াৰ লীগত দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰি তেওঁ ইটোৰ পিছত সিটো গ’ল কৰিবলৈ ধৰিলে। ইউৰোপীয় ফুটবল বিশ্লেষকসকলৰ মতে, তেওঁৰ শাৰীৰিক শক্তি, ডি-বক্সৰ ভিতৰত সঠিক স্থান লোৱাৰ ক্ষমতা আৰু যুঁজাৰু মানসিকতাই তেওঁক আধুনিক ষ্ট্ৰাইকাৰসকলৰ ভিতৰত বিশেষভাৱে অনন্য কৰি তুলিছে।
 
ইগৰ থিয়াগো
 
আস্থাৰ প্ৰতিদান
 
ব্ৰেণ্টফৰ্ডৰ হৈ ধাৰাবাহিক প্ৰদৰ্শন ব্ৰাজিলৰ প্ৰশিক্ষক কাৰ্লো আনচেলট্টিৰ দৃষ্টিৰ পৰা সাৰি নগ’ল। বিশ্বকাপৰ পূৰ্বে তেওঁক ব্ৰাজিলৰ মূল দললৈ আমন্ত্ৰণ জনোৱা হয়। ইতিমধ্যে তেওঁ ৰাষ্ট্ৰীয় দলৰ হৈ নিজৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় গ’ল সংগ্ৰহ কৰিছে। যিগৰাকী যুৱকে এদিন ভোকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, আজি সেই ইগৰ থিয়াগোই ব্ৰাজিলৰ সম্ভাব্য ষষ্ঠটো বিশ্বকাপ জয়ৰ অভিযানৰ অন্যতম প্ৰধান ভৰসা।
 
ফুটবলৰ বাহিৰেও এক অনুপ্ৰেৰণা
 
ইগৰ থিয়াগোৰ কাহিনী কেৱল গ’ল কৰাৰ কাহিনী নহয়। এয়া সামাজিক বৈষম্য নেওচি ওপৰলৈ উঠি অহাৰ এক কাহিনী। ই প্ৰমাণ কৰে যে প্ৰতিভাৰ সৈতে যদি অধ্যৱসায়, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰম যোগ হয়, তেন্তে ভাগ্যৰ লিখনো সলনি কৰিব পাৰি।

বিশ্বকাপৰ জিলিকি থকা পোহৰৰ মাজত যেতিয়া তেওঁক ব্ৰাজিলৰ জাৰ্চিত দেখা যাব, তেতিয়া হয়তো বিশ্বৰ কোটি কোটি মানুহে এজন দক্ষ ষ্ট্ৰাইকাৰক দেখিব। কিন্তু তেওঁৰ মাকৰ চকুত তেওঁ আজিও সেই ল’ৰাটোৱেই, যিয়ে এদিন ঘৰ চলাবলৈ মূৰত ইটা কঢ়িয়াইছিল।
 
সপোন দেখাৰ নাম ইগৰ থিয়াগো
 
ফুটবলৰ ইতিহাসত বহু তাৰকাৰ আগমন ঘটিছে আৰু গৈছে। কিন্তু কিছুমান কাহিনী এনেকুৱা থাকে, যিবোৰে পৰিসংখ্যাৰ পৰিধি পাৰ হৈ মানুহৰ হৃদয়ত স্থান লয়। ৰাজমিস্ত্ৰীৰ সহযোগীৰ পৰা ব্ৰাজিলৰ বিশ্বকাপ দললৈ, ইগৰ থিয়াগোৰ জীৱন যাত্ৰা সেই বিৰল কাহিনীসমূহৰ ভিতৰত এটা। বিশ্বকাপত তেওঁ কিমান গ’ল কৰিব, সেয়া হয়তো সময়েহে ক’ব। কিন্তু জীৱনৰ খেলখনত তেওঁ ইতিমধ্যে বিজয়ী হৈছে। কাৰণ, ফটা বুট জোতা পিন্ধি যিজন কিশোৰে এদিন ভোকৰ বিৰুদ্ধে যুঁজিছিল, আজি সেই ইগৰ থিয়াগো কোটি কোটি মানুহৰ সপোন আৰু অনুপ্ৰেৰণাৰ আন এক নাম।