নতুন দিল্লী
অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চাইখোম মীৰাবাই চানুৱে ২০২৬ চনৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক জয় কৰিছে। মহিলাৰ ৪৮ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ১৯০ কিলোগ্ৰাম মুঠ ভাৰোত্তোলন কৰি তেওঁ কেৱল স্বৰ্ণ পদকেই জয় কৰা নহয়, কমনৱেলথ গেমছৰ নতুন অভিলেখো স্থাপন কৰে।
প্ৰতিযোগিতাৰ আৰম্ভণি অৱশ্যে মীৰাবাইৰ বাবে সহজ নাছিল। স্নেচ শাখাত ৮২ কিলোগ্ৰাম ভাৰোত্তোলনৰ প্ৰথম প্ৰচেষ্টাত তেওঁ ব্যৰ্থ হৈছিল। কিন্তু নিজৰ অভিজ্ঞতা আৰু আত্মবিশ্বাসৰ পৰিচয় দি দ্বিতীয় প্ৰচেষ্টাত সফলতাৰে ৮২ কিলোগ্ৰাম উত্তোলন কৰে। ইয়াৰ পিছত অন্তিম প্ৰচেষ্টাত ৮৫ কিলোগ্ৰাম ভাৰোত্তোলন কৰি নতুন কমনৱেলথ গেমছৰ অভিলেখ গঢ়ে আৰু স্নেচ শাখাত শীৰ্ষস্থান দখল কৰে।
ক্লিন এণ্ড জাৰ্ক শাখাতো একে ধাৰাবাহিকতা বজাই ৰাখি মীৰাবাইয়ে মুঠ ১৯০ কিলোগ্ৰাম ভাৰোত্তোলন কৰি স্বৰ্ণ পদক নিজৰ দখললৈ আনে। এই সফলতাৰ জৰিয়তে তেওঁ কমনৱেলথ গেমছত একেৰাহে দ্বিতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় কৰাৰ লগতে নিজৰ কেৰিয়াৰৰ চতুৰ্থটো কমনৱেলথ গেমছ পদক লাভ কৰে।
মীৰাবাই চানুৰ এই কৃতিত্বক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত লিখিছে, "ভাৰতীয় ভাৰোত্তোলনৰ আন এক গৌৰৱময় অধ্যায়। মীৰাবাই চানুৱে পুনৰ এবাৰ ৪৮ কিলোগ্ৰাম শাখাত অসাধাৰণ প্ৰদৰ্শন কৰি কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰিছে। একেৰাহে দুবাৰ কমনৱেলথ গেমছৰ স্বৰ্ণ আৰু মুঠ চাৰিটা কমনৱেলথ পদকৰ অধিকাৰিণী হিচাপে তেওঁ প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস। তেওঁলৈ আন্তৰিক অভিনন্দন আৰু আগন্তুক দিনৰ বাবে শুভকামনা।"
মীৰাবাই চানুৰ এই ঐতিহাসিক জয়ে কমনৱেলথ গেমছত ভাৰতৰ অভিযানক শক্তিশালী আৰম্ভণি দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত দেশৰ অন্যতম শ্ৰেষ্ঠ ভাৰোত্তোলক হিচাপে তেওঁৰ স্থান পুনৰ নিশ্চিত কৰিলে।