নীলা ৰং আৰু নাই: বিশ্বকাপত গেৰুৱা জাৰ্চি পিন্ধিব ভাৰতীয় হকি দলে, এই পদক্ষেপক যুক্তিৰে সমৰ্থন হকি ইণ্ডিয়াৰ

Story by  atv | Posted by  [email protected] • 10 h ago
 বিশ্বকাপত গেৰুৱা জাৰ্চি পিন্ধিব ভাৰতীয় হকি দলে
বিশ্বকাপত গেৰুৱা জাৰ্চি পিন্ধিব ভাৰতীয় হকি দলে
 
নতুন দিল্লী
 
অহা মাহত নেডাৰলেণ্ড আৰু বেলজিয়ামত অনুষ্ঠিত হ’বলগীয়া এফ.আই.এইচ. বিশ্বকাপত ভাৰতীয় পুৰুষ আৰু মহিলা হকি দলক তেওঁলোকৰ পৰম্পৰাগত নীলা ৰঙৰ সলনি গেৰুৱা ৰঙৰ জাৰ্চিত দেখা যাব। এই পৰিৱৰ্তনক লৈ প্ৰাক্তন অধিনায়ক বিৰেন ৰাস্কিনহাই প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে হকি ইণ্ডিয়াই ইয়াক এক কাৰিকৰী প্ৰয়োজন বুলি যুক্তি দৰ্শাই সমৰ্থন কৰিছে।
 
নিজৰ ছ’চিয়েল মিডিয়া পেজত নতুন জাৰ্চি উন্মোচন কৰি হকি ইণ্ডিয়াই কয় যে, জাৰ্চিৰ ডিজাইন আৰু ৰঙে এক কাহিনী ক’ব আৰু ভাৰতৰ গৌৰৱ বহন কৰিব বিচাৰিছে। খেলুৱৈ আৰু চাপৰ্ট ষ্টাফৰ সৈতে আলোচনা কৰাৰ পিছতহে এই ৰং চূড়ান্ত কৰা হৈছে। হকি ইণ্ডিয়াই কয় যে গেৰুৱা ৰঙে সাহস, ত্যাগ আৰু বিজয়ক প্ৰতিফলিত কৰে।
 
ৰাস্কিনহাই এই পদক্ষেপৰ আঁৰৰ যুক্তি লৈ প্ৰশ্ন তোলাৰ পিছত হকি ইণ্ডিয়াই এক বিবৃতিত কয়— "মন কৰা গৈছিল যে নীলা ৰঙৰ ইউনিফৰ্ম নীলা ৰঙৰ কৃত্ৰিম খেলপথাৰখনৰ (ষ্টিফ/টাৰ্ফ) সৈতে মিলি যায়, যি আজিকালি আন্তঃৰাষ্ট্ৰীয় হকি খেলপথাৰৰ সাধাৰণ ৰং। এই দৃশ্যমান সমতাই খেলুৱৈসকলৰ বাবে খেলপথাৰত স্পষ্টতা আৰু দৃশ্যমানতাত প্ৰভাৱ পেলাইছিল।"
 
"প্ৰশিক্ষক আৰু খেলুৱৈসকলে হালধীয়া বা গেৰুৱাৰ দৰে বিকল্প ৰঙৰ পৰামৰ্শ দিছিল। গভীৰভাৱে বিবেচনা কৰাৰ পিছত গেৰুৱা ৰং চূড়ান্ত কৰা হয়।"
 
"কাৰিকৰী প্ৰয়োজন পূৰণ কৰাৰ উপৰিও, গেৰুৱা ৰঙৰ এক গভীৰ তাৎপৰ্যও আছে। কাৰণ ই আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ এটা ৰং, যিয়ে সাহস, ত্যাগ আৰু ৰাষ্ট্ৰীয় গৌৰৱক বুজায়," বিবৃতিত এইদৰে যোগ কৰা হয়।
 
জাৰ্চিটোত 'মণ্ডলা'ৰ পৰা অনুপ্ৰাণিত পেটাৰ্নো আছে যিয়ে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰে। হকি ইণ্ডিয়াই কয় যে, ইয়াৰ গাঢ় নেভী ব্লু ৰঙৰ ডিজাইনসমূহ অশোক চক্ৰৰ পৰা অনুপ্ৰাণিত, যিয়ে প্ৰগতি, শান্তি আৰু একাগ্ৰতাক বুজায়।
 
হকি ইণ্ডিয়াই কয় যে বুকুত থকা গ্ৰাফিক্সটো সুদৰ্শন চক্ৰৰ এক আধুনিক ৰূপ, যিয়ে "শক্তি, ঐক্য আৰু গতিশীলতা"ক সূচায়।
 
ইয়াৰ উপৰিও কান্ধ আৰু কাষৰ ফালটোত ত্ৰিৰংগা ৰঙৰ পটি (প্ৰান্ত) আছে, যিয়ে "ৰাষ্ট্ৰীয় প্ৰসংগ আৰু গৌৰৱক শক্তিশালী কৰে।"
 
"ভাষা আৰু সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপন" কৰিবলৈ জাৰ্চিৰ সন্মুখত 'INDIA' শব্দটো এক শৈল্পিক 'দেৱনাগৰী' লিপি বা শৈলীত লিখা হৈছে।
 
গেৰুৱা ৰঙৰ উপৰিও, দুয়োটা ভাৰতীয় দলৰ কিটত একে নতুন ডিজাইনৰে বগা ৰঙৰ জাৰ্চিও থাকিব।
 
ৰাস্কিনহাই কয় যে উন্মোচন কৰা ইউনিফৰ্মটো দেখিবলৈ লজ্জাজনক হৈছে। "মই ক’বই লাগিব যে হকী ইণ্ডিয়াই বহুতো ভাল কাম কৰিছে... কিন্তু এইটো সঁচাকৈয়ে লাজৰ কথা। ভাৰতীয় দলৰ ঐতিহ্য আৰু পৰিচয় সদায় নীলা ৰঙেই হৈ আহিছে। মই বহু বছৰ ধৰি গৌৰৱেৰে নীলা জাৰ্চি পিন্ধিছিলোঁ। অনুৰাগীসকলেও আমাৰ ভাৰতীয় দলটোক নীলা ৰঙত দেখাটো বিচাৰে। সুমথিৰা/গেৰুৱা ৰং কৰাৰ যুক্তিটো কি?," অলিম্পিক গোল্ড কুৱেষ্ট নামৰ ক্ৰীড়া প্ৰতিষ্ঠানৰ চি.ই.অ’ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাস্কিনহাই এক্সত এনেদৰে লিখে।
 
"মোৰ সৰু আৰু নম্ৰ বক্তব্যটো কেৱল গৌৰৱ, পৰিচয় আৰু ঐতিহ্যক লৈহে।"
 
হকি ইণ্ডিয়াই নিজৰ সিদ্ধান্ত সমৰ্থন কৰি কয় যে, ৰাষ্ট্ৰীয় দলৰ জাৰ্চিৰ ৰং সলনি হোৱাটো ভাৰতীয় হকীত কোনো নতুন কথা নহয় আৰু অতীতেও এনে হৈছিল।
 
"মন কৰিবলগীয়া যে জাৰ্চিৰ ৰং পৰিৱৰ্তন ভাৰতীয় হকীত প্ৰথম নহয়। সময়ৰ প্ৰয়োজন আৰু অন্যান্য প্ৰয়োজনীয়তা অনুসৰি ৰাষ্ট্ৰীয় দলৰ খেলৰ কিটৰ ৰং সলনি কৰা হৈছে,"— বিবৃতিত এইদৰে কোৱা হয়।
 
"উদাহৰণস্বৰূপে, ২০১৪ চনৰ এফ.আই.এইচ. হকি বিশ্বকাপৰ সময়ত দলৰ জাৰ্চিৰ ৰং হালধীয়া কৰা হৈছিল আৰু ২০১৮ চনৰ এফ.আই.এইচ. হকি বিশ্বকাপত সম্পূৰ্ণ বেলেগ ডিজাইনৰ সৈতে আকাশী নীলা ৰঙলৈ সলনি কৰা হৈছিল," তেওঁলোকে কয়।
 
"বৰ্তমান গেৰুৱা ৰঙলৈ কৰা এই পৰিৱৰ্তনটো কোচ আৰু খেলুৱৈসকলৰ পৰা পোৱা কাৰিকৰী মতামত আৰু আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ অংশ হিচাপে এই ৰঙৰ সৈতে জৰিত সাংকেতিক মূল্যবোধ দুয়োটা দিশলৈ লক্ষ্য ৰাখি কাৰ্যকৰী কৰা হৈছে," হকি ইণ্ডিয়াই এইদৰে যোগ দিয়ে।