নতুন দিল্লী
হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্ৰিকেট দলে ডুবাইত অনুষ্ঠিত টি-২০ মহিলা এছিয়া কাপ ২০২৬ৰ ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে। বৃহস্পতিবাৰে অনুষ্ঠিত এখন ৰোমাঞ্চকৰ ছেমিফাইনেলত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশক ৪০ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি টীম ইণ্ডিয়াই এই গৌৰৱ অৰ্জন কৰে। টছত জয়লাভ কৰি বাংলাদেশৰ দলে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈ ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল।
প্ৰথমে বেট ধৰি ভাৰতীয় দলে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেটৰ বিনিময়ত ১৪৯ ৰাণ সংগ্ৰহ কৰি বাংলাদেশৰ সন্মুখত জয়ৰ বাবে ১৫০ ৰানৰ এক প্ৰত্যাহ্বানজনক লক্ষ্য নিৰ্ধাৰণ কৰে। ভাৰতৰ হৈ অপেনিং বেটাৰ শ্বেফালী বাৰ্মাই আক্ৰমণাত্মক শৈলীৰে ৬৪ ৰানৰ এক অনবদ্য আৰু ধুমুহাময় ইনিংছ খেলে। টীম ইণ্ডিয়াৰ জয়ত মুখ্য ভূমিকা পালন কৰা শ্বেফালীক এই অনবদ্য প্ৰদৰ্শনৰ বাবে ‘প্লেয়াৰ অৱ দ্য মেচ’ খিতাপেৰে সন্মানিত কৰা হয়। ইয়াৰ প্ৰত্যুত্তৰত ১৫০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ গৈ বাংলাদেশ দলটোৱে তীব্ৰ চাপৰ সন্মুখীন হয় আৰু ২০ অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১০৯ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ভাৰতীয় বলাৰসকলৰ ভিতৰত স্পিনাৰ দীপ্তি শৰ্মাই সৰ্বাধিক ৩টা উইকেট দখল কৰাৰ লগতে নন্দনী শৰ্মাই দুটা আৰু শ্ৰীচৰাণী তথা প্ৰেমা ৰাৱটে এটাকৈ গুৰুত্বপূৰ্ণ উইকেট লাভ কৰে। মেচৰ অন্তত অধিনায়ক হৰমনপ্ৰীত কৌৰে দলৰ সামগ্ৰিক প্ৰদৰ্শনত গভীৰ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ বিশেষকৈ এনে কঠিন পিটচত গঢ়ি উঠা সৰু সৰু অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰিচা ঘোষে খেলা গুৰুত্বপূৰ্ণ শ্বট আৰু দীপ্তি শৰ্মাই কেইটামান মূল্যৱান উইকেট দখল কৰি মেচখনলৈ অনা পৰিৱৰ্তনক তেওঁ বিশেষভাৱে শলাগ লয়। হৰমনপ্ৰীতে লগতে উল্লেখ কৰে যে স্পিন-অনুকূল পিটচত বেটাৰসকলৰ বাবে ৰান সংগ্ৰহ কৰাটো যথেষ্ট কঠিন আছিল যদিও দুয়োটা দলৰ স্পিনাৰসকলে পিটচৰ সঠিক ব্যৱহাৰ কৰি সুন্দৰ বলিং প্ৰদৰ্শন কৰিলে।
উল্লেখযোগ্য যে, ২০০৪ চনত এছিয়া কাপ আৰম্ভ হোৱাৰ পৰা বিগত ২২ বছৰত ভাৰতীয় দলে প্ৰতিটো সংস্কৰণৰ ফাইনেলত প্ৰৱেশ কৰি এক বিৰল অভিলেখ গঢ়িছে। এইবাৰকৈ একেৰাহে ১০ম বাৰৰ বাবে ভাৰতে ফাইনেল খেলিব। আনহাতে, আজি দ্বিতীয়খন ছেমিফাইনেলত শ্ৰীলংকা আৰু পাকিস্তান মুখামুখি হ'ব, যিখন খেল ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। এই মেচৰ বিজয়ী দলটোৱে অহা দেওবাৰে ডুবাইতেই অনুষ্ঠিত হ'বলগীয়া চূড়ান্ত মেচখনত ভাৰতৰ সন্মুখীন হ'ব।