ছিংগাপুৰ
ভাৰতীয় ৰেচিং জগতৰ উদীয়মান প্ৰতিভা আতিকা মীৰে নিজৰ দ্ৰুতগতিত আগবাঢ়ি যোৱা কেৰিয়াৰত আন এক গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। তেওঁ ইটালীৰ অভিজ্ঞ ৰেচিং বিশেষজ্ঞ ডিনো কিয়েছাৰ মালিকানাধীন দল কাৰ্ট ৰিপাব্লিক (KR) ত যোগদান কৰিছে। ডিনো কিয়েছাই লুইছ হেমিল্টনকে ধৰি ফৰ্মুলা-১ৰ কেইবাগৰাকীও বিশ্ব চেম্পিয়নৰ কেৰিয়াৰ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
১১ বছৰীয়া আতিকা মীৰে ইউৰোপৰ বিভিন্ন কাৰ্টিং প্ৰতিযোগিতাত নিজৰ দক্ষতা আৰু প্ৰদৰ্শনেৰে ডিনো কিয়েছাক আকৰ্ষিত কৰাৰ পিছত ছিজনৰ মাজভাগত কাৰ্ট ৰিপাব্লিক দলত যোগদান কৰিছে।
কাৰ্ট ৰিপাব্লিক আৰু ডিনো কিয়েছাৰ সৈতে কাম কৰা ফৰ্মুলা-১ৰ চালকসকলৰ দীঘলীয়া তালিকাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন লেণ্ডো নৰিছ, জৰ্জ ৰাছেল, অস্কাৰ পিয়াষ্ট্ৰি, বৰ্তমান চেম্পিয়নশ্বিপৰ শীৰ্ষস্থানত থকা কিমি এণ্টনেলি আৰু আৰভিড লিণ্ডব্লাডকে ধৰি আন বহুতো চালকৰ নাম আছে।
ইয়াৰ উপৰি, সাতবাৰৰ বিশ্ব চেম্পিয়ন লুইছ হেমিল্টন আৰু ২০১৬ চনৰ বিশ্ব খিতাপ বিজয়ী নিকো ৰোজবাৰ্গৰ কেৰিয়াৰ গঢ় দিয়াতো কিয়েছাই বিশেষ ভূমিকা পালন কৰিছিল।
কাৰ্ট ৰিপাব্লিক দলত যোগদান কৰাৰ ফলত আতিকা মীৰে আগন্তুক দুটা বছৰত অ' কে জে শাখাত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ এক সুন্দৰ সুযোগ লাভ কৰিব। ১২ৰ পৰা ১৪ বছৰ বয়সৰ চালকসকলৰ বাবে নিৰ্ধাৰিত এই শাখাত তেওঁ বিশ্বৰ কিছুমান শ্ৰেষ্ঠ চালকৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
আতিকা মীৰে কয়, “কাৰ্ট ৰিপাব্লিক দলত যোগদান কৰি মোৰ কেৰিয়াৰৰ নতুন অধ্যায় আৰম্ভ কৰিবলৈ পাই মই অত্যন্ত আনন্দিত। এয়া মোৰ বাবে সপোন পূৰণ হোৱাৰ দৰে। দলটোৰ সৈতে কাম কৰিবলৈ, যিমান পাৰি সিমান শিকিবলৈ আৰু এগৰাকী অধিক দক্ষ চালক হিচাপে নিজকে গঢ়ি তুলিবলৈ মই আগ্ৰহেৰে বাট চাই আছোঁ। মোক নিৰন্তৰ সমৰ্থন আগবঢ়াই অহা প্ৰতিগৰাকী ব্যক্তিৰ ওচৰত মই কৃতজ্ঞ। নতুন যাত্ৰা আৰম্ভ কৰিবলৈ মই আৰু অপেক্ষা কৰিব পৰা নাই।”
ডিনো কিয়েছাই কয় যে, আতিকা মীৰৰ স্বাভাৱিক গতি আৰু দক্ষতাই তেওঁক আকৰ্ষিত কৰিছে। তেওঁৰ মতে, আতিকা ভৱিষ্যতে ভাৰতৰ বাবে বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হ’ব পাৰে।
কিয়েছাই কয়, “যোৱা দুটা বছৰ ধৰি মই আতিকাৰ প্ৰদৰ্শনৰ ওপৰত নজৰ ৰাখি আহিছোঁ। মিনি আৰু বিগ কাৰ্ট দুয়োটা শাখাতে তেওঁ নিজৰ গতি আৰু দক্ষতা প্ৰদৰ্শন কৰিছে। বৰ্তমান তেওঁ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ মহিলা চালক। তেওঁৰ সন্মুখত এক উজ্জ্বল কেৰিয়াৰ আছে। তেওঁ আৰু অধিক উন্নতি কৰিব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো অত্যন্ত জৰুৰী। মনত ৰাখিব লাগিব যে, তেওঁৰ বয়স মাত্ৰ ১১ বছৰ। এই বয়সত সাৱধানতাৰে আগবঢ়াটো স্বাভাৱিক, কিন্তু তেওঁ সঁচাকৈয়ে এগৰাকী ব্যতিক্ৰমী প্ৰতিভা।”
শ্ৰীনগৰৰ পৰা অহা আতিকা মীৰৰ লক্ষ্য হৈছে ১৯৯২ চনৰ পিছত ফৰ্মুলা-১ত স্থান লাভ কৰা প্ৰথমগৰাকী মহিলা চালক হোৱা। চলিত ছিজনৰ আৰম্ভণিতে ইটালীত অনুষ্ঠিত চেম্পিয়নছ অৱ দ্য ফিউচাৰ একাডেমী (COTFA) ছিৰিজৰ তৃতীয় ৰাউণ্ডত মাৰ্চিডিজৰ ফৰ্মুলা-১ জুনিয়ৰ চালক নিকোলো পেৰিকোক পিছ পেলাই প’ল পজিচন দখল কৰি আতিকা মীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।
ইয়াৰ পূৰ্বে, মে’ মাহত গ্ৰীচত অনুষ্ঠিত ক’টফা (COTFA)ৰ দ্বিতীয় ৰাউণ্ডত সকলো প্ৰতিযোগিতাতে শীৰ্ষস্থান দখল কৰি আতিকা মীৰে এক ঐতিহাসিক সাফল্য অৰ্জন কৰিছিল।
কাৰ্ট ৰিপাব্লিক বিশ্বৰ আগশাৰীৰ ৰেচিং কাৰ্ট নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম। ইয়াৰ ফেক্টৰী ৰেচিং দলে এতিয়ালৈকে ২৫টাতকৈও অধিক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় এফআইএ কাৰ্টিং খিতাপ জয় কৰিছে। ইয়াৰ ভিতৰত ১৫টা এফআইএ ইউৰোপীয় কাৰ্টিং চেম্পিয়নশ্বিপ আৰু ১২টা বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অন্তৰ্ভুক্ত।
কাৰ্ট ৰিপাব্লিক দলৰ চালকসকলৰ সফলতাৰ মূল আধাৰ হৈছে উন্নত কাৰিকৰী প্ৰস্তুতি, পেছাদাৰী ৰেচ ইঞ্জিনিয়াৰিঙৰ ব্যৱস্থা আৰু চালকসকলৰ দক্ষতা বিকাশৰ ওপৰত বিশেষ গুৰুত্ব। ইটালীত অনুষ্ঠিত হ’বলগীয়া এফআইএ বিশ্বকাপত অংশগ্ৰহণৰ জৰিয়তে আতিকা মীৰে কাৰ্ট ৰিপাব্লিক দলৰ সৈতে নিজৰ নতুন যাত্ৰা আৰম্ভ কৰিব।