আৱাজ-দ্য ভইচ অসম ব্যুৰ'
পূৰ্বতকৈ কিছু উন্নত হৈছে অসমৰ বান পৰিস্থিতি৷ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু ডিব্ৰুগড় আদিকে ধৰি কেইবাখনো জিলা বানৰ কৱলত পৰি জনজীৱন সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ১৯৫০ চনৰ বৰভূঁইকপৰ পিছত অসমত এই বানপানী আটাইতকৈ ডাঙৰ দুৰ্যোগ বুলি অভিহিত কৰিছে বিভিন্নজনে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো চৰ্চাৰ বিষয় হৈ পৰিছে উজনি অসমৰ বানপানী। তাৰ মাজতে বিভিন্ন জনে সহায়ৰ হাত আগবঢ়াইছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰী ইউটিউবাৰ, বলিউডৰ অভিনেতা-অভিনেত্ৰীয়েও এই বানপানীক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে অসমৰ বানপীড়িত সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক খবৰ অনুসৰি, অভিনেতা ছলমান খানে অসমৰ বানপীড়িত অঞ্চলসমূহৰ সহায়ৰ বাবে এক বহুমুখী সাহায্য অভিযান হাতত লৈছে।
এই কাৰ্যসূচীৰ অধীনত তেওঁ নিজৰ বেচৰকাৰী সংস্থা 'বিয়িং হিউমেন' আৰু অসমৰ তেওঁৰ অনুৰাগী গোটৰ সৈতে যৌথভাৱে কাম আৰম্ভ কৰিব বুলি জানিব পৰা হৈছে। কেইবাটাও পৰ্যায়ত বানাক্ৰান্তক সহায়ৰ হাত আগবঢ়াব ছলমান খানে।
আৰম্ভণিতে বানত প্লাবিত এলেকাসমূহৰ লোকসকলৰ বাবে প্ৰস্তুত কৰা খাদ্য সম্ভাৰ আৰু প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হ’ব। দ্বিতীয় পৰ্যায়ত ভুক্তভোগী পৰিয়ালসমূহক জৰুৰী ৰেচন কিট প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তৃতীয় পৰ্যায়ত বানৰ ধ্বংসলীলাত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহৰ স্কুল আৰু চিকিৎসালয়সমূহ পুনৰ্নিৰ্মাণতো 'বিয়িং হিউমেন' সংস্থাই সাহায্য আগবঢ়াব।
জানিব পৰা মতে, স্থানীয় অনুৰাগীসকলৰ সহায়ত ক্ষিপ্ৰতাৰে আৰু সুচাৰুৰূপে বানপীড়িত লোকসকলৰ কাষত থিয় হ'বলৈ এই পদক্ষেপেৰে সাহায্য কাৰ্য সাজু কৰি তোলা হৈছে।
আনহাতে, ভয়াৱহ হৈ পৰা বান পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে। বানপানীৰ ফলত সৃষ্টি হোৱা তীব্ৰ দুৰ্যোগ আৰু প্ৰাণহানিৰ ঘটনাত দুখ প্ৰকাশ কৰি অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে অনুৰাগীসকলক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়।
নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ সন্দৰ্ভত লিখিছে যে ,‘‘বৰ্তমান দেশৰ বহু অংশত বানৰ বিভীষিকা চলি আছে, আৰু সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে অসম। ৰাজ্যখন এক অত্যন্ত কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। ৬০গৰাকীতকৈ অধিক লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। লাখ লাখ লোক গৃহহীন হৈ পৰিছে। অসংখ্য পৰিয়ালে হেৰুৱাইছে নিজৰ ঘৰ, মাটি, জীৱ-জন্তু।আনকি কিছুমানে নিজৰ অতি আপোনজনকো।
ইপিনে,অভিনেত্ৰীগৰাকীয়ে কেৱল সমবেদনা প্ৰকাশ কৰাই নহয় বানপীড়িতসকলৰ কাষত থিয় হ’বলৈ সৰ্বসাধাৰণ ৰাইজ আৰু নিজৰ লাখ লাখ অনুৰাগীক আহ্বান জনায়। বানপীড়িত অঞ্চলত দিন-ৰাতি একাকাৰ কৰি কাম কৰি থকা সাহায্য সংস্থা আৰু স্বেচ্ছাসেৱী সংগঠনসমূহৰ তথ্য সংলগ্ন কৰি তেওঁলোকক যথাসম্ভৱ আৰ্থিক বা সামগ্ৰিক সাহায্য আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনায়।
আনহাতে, অসমৰ বানপানীয়ে কেৱল মানুহৰে নহয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ বন্যপ্ৰাণীসমূহৰ প্ৰতিও কঢ়িয়াই আনিছে তীব্ৰ সংকট। জীৱ-জন্তুৰ সুৰক্ষা আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে সদায় জড়িত হৈ থকা আলিয়াই প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ এনে অপূৰণীয় ক্ষতিৰ বিষয়টোতো উদ্বেগ প্ৰকাশ কৰে।
ইফালে, জনপ্ৰিয় ইউটিউবাৰ কেৰি মিনাতিয়ে অসমৰ বানপীড়িতসকলক সহায় কৰিবলৈ মঙ্গলবাৰে সন্ধিয়া ইউটিউবত লাইভ আহি পইচা সংগ্ৰহ কৰিছিল। লাইভ স্ত্ৰীমিংত তেওঁ ১১ লাখ টকা সংগ্ৰহ কৰে আৰু ২ লাখ টকা নিজৰ হাতৰ পৰা সংযোগ কৰি মুঠ ১৩ লাখ টকা অসমৰ বানপীড়িতৰ বাবে NDRF ৰ হাতত অৰ্পণ কৰে।
উল্লেখযোগ্য যে, কেৰি মিনাতিয়ে ২০২২ চনত অসমত হোৱা বানপানীৰ সময়তো সাহায্য দি সহায় কৰিছিল। তাৰোপৰি দেশৰ বিভিন্ন ৰাজ্যত হোৱা দুৰ্যোগৰ সময়ত কেৰি মিনাতিয়ে সহায় কৰি আহিছে।
আনহাতে, অসমৰ দুৰ্যোগৰ ভয়াৱহতা স্পষ্ট কৰি বলিউড অভিনেত্ৰী ভূমি পেডনেকাৰে ইনষ্টাগ্ৰামৰ এটা ভিডিঅ’ত কয় যে লাখ লাখ লোক গৃহহীন হৈ পৰিছে, কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে আৰু সমগ্ৰ গাঁও উটি গৈছে। ভিডিঅ’টোত তেওঁ কয়: “নমস্কাৰ, দেশত যি ঘটি আছে, সেই বিষয়ে আমি সকলোৱে জানো। আৰু মই সেই উৎসাহক ছেলুট জনাওঁ। কিন্তু দেশৰ এনে এটা অংশ আছে য’ত আমাৰ বহুত প্ৰয়োজন, সেয়া হৈছে অসম। অসমত বহুত ভয়ংকৰ বানপানী হৈছে। পৰিস্থিতি ইমানেই বেয়া যে ৭.৫ লাখ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। ৪০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাই আছে।”
তেওঁ লগতে কয় “গোটেই গাঁওবোৰ উটি গৈছে, জীৱ-জন্তুবোৰ উটি গৈছে। তেওঁলোকৰ হাতত যি আছিল, সকলো শেষ হৈ গৈছে। এই বিষয়ে বেছি মানুহে কথা পতা নাই, কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস আছে। যোৱা বছৰৰ দৰে পঞ্জাৱ, জম্মু, বিহাৰ, মহাৰাষ্ট্ৰ সমগ্ৰ দেশ থিয় হৈছিল আৰু আমি সম্প্ৰীতি আৰু জনসেৱাৰ নিদৰ্শন দেখুৱাইছিলো। আপোনালোকে বহু সামগ্ৰী পঠিয়াইছিল, দান কৰিছিল, সেই সময় আকৌ আহি পৰিছে। আৰু এইবাৰ অসমক আমাৰ প্ৰয়োজন।”
ভূমিয়ে সকলোকে খাদ্য, কাপোৰ, অনাময় পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু উদ্ধাৰ কাৰ্যৰ দৰে যোগানৰ বাবে অনুদান দি সহায় কৰিবলৈ অনুৰোধ জনায়।
“যদি আপুনি দৃশ্যবোৰ চায়, আপোনাৰ হৃদয় ভাঙি যাব। ই সঁচাকৈয়ে অতি হৃদয়বিদাৰক আৰু অসমক সঁচাকৈয়ে আমাৰ সমৰ্থনৰ প্ৰয়োজন। মই সকলোকে যিমান পাৰি দান কৰিবলৈ অনুৰোধ জনাইছো। আৰু এই বাৰ্তা অলপ বিয়পাই দিয়ক, যাতে আমাৰ সহায় অসমৰ মানুহৰ ওচৰ পায়গৈ। জয় হিন্দ”।
অভিনেত্ৰীগৰাকীয়ে ভিডিঅ’টোৰ কেপচনত লিখিছে: “অসম বুৰ গৈছে, আপোনালোকে প্ৰতিবাৰেই থিয় দিছে, এইবাৰো তেওঁলোকৰ বাবে থিয় হওক।”