গুৱাহাটী
শোণিতপুৰ জিলাৰ বালিপৰাৰ সমীপৱৰ্তী মিট চাপ্লাইৰ নায়েৰা পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত পাঁচজন যুৱকৰ থিতাতে মৃত্যু হয়। মৃত যুৱককেইজনক হৰ গোবিন্দ হাজোৱাৰী, পাপু বৰা, নয়ন স্বৰ্গীয়াৰী, প্ৰাঞ্জল বণিয়া আৰু সঞ্জয় মেচ বুলি চিনাক্ত কৰা হৈছে৷
খবৰ অনুসৰি, শুকুৰবাৰৰ মাজনিশা এ আৰ-০৪ এ-২৬৯৬ পঞ্জীয়ন নম্বৰৰ এখন ট্ৰাক আৰু এ এছ-১২-এপি-৬৩০০ নম্বৰৰ এখন ইক’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়৷ সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ইক’ বাহনখনত থকা পাঁচোজন যুৱকৰ ঘটনাস্থলীতে মৃত্যু হয়।
নিহত যুৱককেইজনক ঘোঁৰামাৰী-বটাবাৰীৰ বাসিন্দা বুলি জানিব পৰা হৈছে। ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই ট্ৰাকখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ৰঙাপৰা আৰক্ষী থানাৰ বিষয়াই দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ আৰক্ষীয়ে সম্প্ৰতি মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷ আৰক্ষীয়ে লগতে পলাতক চালকজনৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।