ভাৰতত কেতিয়া আৰু ক'ত চাব পাৰিব ফিফা বিশ্বকাপ ২০২৬? জানক লাইভ ষ্ট্ৰীমিং আৰু সম্প্ৰচাৰৰ সবিশেষ
আৱাজ - দ্য ভইচ / নতুন দিল্লী
সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ফুটবল অনুৰাগীসকলৰ বাবেও অপেক্ষাৰ অন্ত পৰিল! পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অৰ্থাৎ 'ফিফা বিশ্বকাপ ২০২৬' আৰম্ভ হ’বলৈ গৈ আছে। ভাৰতীয় সময় অনুসৰি অহা ১২ জুনৰ পৰা এই মহাৰণৰ শুভাৰম্ভ ঘটিব। এইবাৰৰ বিশ্বকাপ কেইবাটাও দিশত ঐতিহাসিক। কিয়নো, ফুটবলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সৰ্বমুঠ ৪৮ খন দেশে সেই জিলিকি থকা ট্ৰফীটোৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
এই সমগ্ৰ প্ৰতিযোগিতাখন আমেৰিকা, কানাডা আৰু মেক্সিকোৰ যুটীয়া আতিথ্যত অনুষ্ঠিত হ’ব। খেলৰ এই পৰিৱৰ্তিত আৰু বৃহৎ স্বৰূপত অনুৰাগীসকলে সৰ্বমুঠ ১০৪ খন ৰোমাঞ্চকৰ মেচৰ সাক্ষী হ’ব। যদিও এই প্ৰতিযোগিতাত ভাৰতীয় দলে অংশগ্ৰহণ কৰা নাই, তথাপি ভাৰতত ফুটবল অনুৰাগীসকলৰ মাজত নিজৰ প্ৰিয় তাৰকা খেলুৱৈসকলক লাইভ চোৱাৰ এক ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে। ভাৰতীয় দৰ্শকৰ বাবে মেচৰ সম্প্ৰচাৰক লৈ যি উৎকণ্ঠা বা অনিশ্চয়তা আছিল, সেয়া এতিয়া সম্পূৰ্ণৰূপে দূৰ হৈছে।.
নতুন ফৰ্মেটঃ কেনেদৰে নিৰ্ধাৰণ কৰা হ'ব দলসমূহ
এইবাৰ ফিফাই বিশ্বকাপৰ ৰোমাঞ্চ বৃদ্ধি কৰাৰ উদ্দেশ্যে ইয়াৰ নিয়ম আৰু গ্ৰুপত ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। পূৰ্বতে এই প্ৰতিযোগিতাত কেৱল ৩২ টা দলে অংশগ্ৰহণ কৰিছিল যদিও এতিয়া এই সংখ্যা ৪৮ লৈ বৃদ্ধি কৰা হৈছে।
পূৰ্বৰ ৮ টা গ্ৰুপৰ পৰিৱৰ্তে এতিয়া দলসমূহক মুঠ ১২ টা বেলেগ বেলেগ গ্ৰুপত ভাগ কৰা হৈছে। প্ৰতিটো গ্ৰুপত ৪ খনকৈ দেশ অন্তৰ্ভুক্ত কৰা হৈছে। গ্ৰুপ পৰ্যায়ৰ খেলসমূহ সমাপ্ত হোৱাৰ পাছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষত থকা দুটা দলে পোনে পোনে পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিব। ইয়াৰ উপৰি, সকলো গ্ৰুপৰ পৰা তৃতীয় স্থানপ্ৰাপ্ত ৮ টা শ্ৰেষ্ঠ দলেও আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব। এনেদৰে মুঠ ৩২ খন দলে Knockout পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ পাছতে 'ৰাউণ্ড অৱ ৩২'ৰ মেচসমূহ আৰম্ভ হ'ব, যিয়ে এই প্ৰতিযোগিতাখনক আৰু অধিক আকৰ্ষণীয় কৰি তুলিব।
ভাৰতত টিভিত কোনটো চেনেলত লাইভ মেচ সম্প্ৰচাৰ হ'ব?
ভাৰতীয় দৰ্শকৰ মনত দীৰ্ঘদিন ধৰি এই প্ৰশ্নটো আছিল যে তেওঁলোকে টিভিত কেনেদৰে মেচসমূহ উপভোগ কৰিব পাৰিব। এতিয়া এই পথ সম্পূৰ্ণ পৰিষ্কাৰ হৈ পৰিছে। ভাৰতত ফিফা বিশ্বকাপ ২০২৬-ৰ খেলসমূহ নতুনকৈ আৰম্ভ কৰা Unite8 Sports নেটৱৰ্কত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।
ভাৰতীয় ফুটবল অনুৰাগীৰ সুবিধাৰ্থে ভিন ভিন ভাষাত ইয়াৰ চেনেলৰ ব্যৱস্থা কৰা হৈছেঃ
হিন্দী ধাৰাৱিবৰণীঃ যদি আপুনি হিন্দী ধাৰাৱিবৰণীৰে মেচ চাব বিচাৰে, তেন্তে Unite8 Sports 1 আৰু Unite8 Sports 1 HD চেনেল চাব পাৰিব।
ইংৰাজী ধাৰাৱিবৰণীঃ যিসকল দৰ্শকে ইংৰাজী ভাষাত খেলৰ আমেজ ল'ব বিচাৰে, তেওঁলোকৰ বাবে Unite8 Sports 2 আৰু Unite8 Sports 2 HD চেনেলত মেচসমূহ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব।
ম'বাইল আৰু লেপটপত ক'ত চাব লাইভ ষ্ট্ৰীমিং?
আজিকালি টিভিৰ সমান্তৰালকৈ মানুহে যাতায়াতৰ সময়তো নিজৰ স্মাৰ্টফোন বা লেপটপত মেচ চাবলৈ বেছি পছন্দ কৰে। ভাৰতীয় ফুটবল অনুৰাগীসকলৰ বাবে এইবাৰ ডিজিটেল ষ্ট্ৰীমিঙৰ দায়িত্ব Zee5 এপে লাভ কৰিছে। আপুনি নিজৰ ম'বাইল, টেবলেট, লেপটপ বা স্মাৰ্ট টিভিত Zee5 এপৰ জৰিয়তে আটাইকেইখন ১০৪ মেচৰ লাইভ ষ্ট্ৰীমিং চাব পাৰিব। এতিয়া আপুনি কাৰ্যালয়তেই থাকক বা যাত্ৰাপথতেই থাকক, আপোনাৰ এটাও গ'ল মিছ নহ'ব।
বিশ্বকাপ ২০২৬-ৰ আটাইকেইটা ১২ টা গ্ৰুপত এভুমুকি
প্ৰতিযোগিতাখনৰ আটাইকেইটা ৪৮ টা দলক যি ১২ টা গ্ৰুপত ভাগ কৰা হৈছে, তাৰ সম্পূৰ্ণ তালিকা তলত উল্লেখ কৰা হ'লঃ
গ্ৰুপ এঃ মেক্সিকো, দক্ষিণ আফ্ৰিকা, দক্ষিণ কোৰিয়া, চেকিয়া
গ্ৰুপ বিঃ কানাডা, চুইজাৰলেণ্ড, কাটাৰ, বচনিয়া আৰু হাৰ্জেগোভিনা
গ্ৰুপ চিঃ ব্ৰাজিল, মৰক্কো, স্কটলেণ্ড, হাইটি
গ্ৰুপ ডিঃ আমেৰিকা যুক্তৰাষ্ট্ৰ, পাৰাগুৱে, অষ্ট্ৰেলিয়া, তুৰস্ক
গ্ৰুপ ইঃ জাৰ্মানী, ইকুৱেডৰ, আইভৰী কোষ্ট, কুৰাকাও
গ্ৰুপ এফঃ নেদাৰলেণ্ডছ, জাপান, চুইডেন, টিউনিছিয়া
গ্ৰুপ জিঃ বেলজিয়াম, ইজিপ্ত, ইৰাণ, নিউজিলেণ্ড
গ্ৰুপ এইচঃ স্পেইন, উৰুগুৱে, ছৌডি আৰৱ, কেপ ভাৰ্ডে
গ্ৰুপ আইঃ ফ্ৰান্স, ছেনেগাল, নৰৱে, ইৰাক
গ্ৰুপ জেঃ আৰ্জেণ্টিনা, অষ্ট্ৰিয়া, আলজেৰিয়া, জৰ্ডান
গ্ৰুপ কেঃ পৰ্তুগাল, কলম্বিয়া, ডি আৰ কংগো, উজবেকিস্তান
গ্ৰুপ এলঃ ইংলেণ্ড, ক্ৰোৱেছিয়া, ঘানা, পানামা
ফিফা বিশ্বকাপ ২০২৬ৰ সময়সূচী
এইবাৰ গ্ৰুপ 'চি'ত ব্ৰাজিল, গ্ৰুপ 'আই'ত ফ্ৰান্স আৰু গ্ৰুপ 'জে'ত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ দৰে প্ৰভাৱশালী দলসমূহক দেখাটো অতিশয় ৰোমাঞ্চকৰ হ'ব। আনহাতে, ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পৰ্তুগালক গ্ৰুপ 'কে'-ত ৰখা হৈছে আৰু হেৰী কেনৰ অধিনায়কত্বত খেলা ইংলেণ্ডৰ দলে গ্ৰুপ 'এল'-ত নিজৰ ভাগ্য পৰীক্ষা কৰিব।
ফুটবল অনুৰাগীৰ বাবে পৰামৰ্শঃ
মেচসমূহৰ সময়সূচী আমেৰিকান টাইম জ'নৰ অনুসৰি নিৰ্ধাৰণ কৰা হৈছে। সেয়েহে, ভাৰতত বেছিভাগ মেচেই মাজনিশা বা অতি পুৱতি নিশা সম্প্ৰচাৰিত হ'ব। গতিকে এতিয়াই নিজৰ প্ৰিয় মেচসমূহৰ সময়সূচী পৰীক্ষা কৰি ৰাখক, যাতে আপোনাৰ টোপনিৰো ব্যাঘাত নঘটে আৰু মেচৰ উত্তেজনাও অটুট থাকে। সাজু হওক সুন্দৰ ফুটবলৰ আমেজ ল'বলৈ, কিয়নো নতুন ফৰ্মেটৰ সৈতে এইবাৰৰ বিশ্বকাপ হ'বলৈ গৈ আছে সঁচাকৈয়ে অবিস্মৰণীয়!