অসমৰ প্ৰথম মহিলা মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড়ক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা; ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ নৱ প্ৰজন্মক আহ্বান

Story by  atv | Posted by  Munni Begum • 1 h ago
পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় আৰু অভিযানৰ সফল নেতৃত্ব দিয়া ভণিতা তিমুংপীক ৰাজ্য চৰকাৰৰ বিশেষ সম্বৰ্ধনা
পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় আৰু অভিযানৰ সফল নেতৃত্ব দিয়া ভণিতা তিমুংপীক ৰাজ্য চৰকাৰৰ বিশেষ সম্বৰ্ধনা
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো
 
অদম্য সাহস, কঠোৰ সাধনা আৰু অটল মনোবলেৰে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰি অসমৰ ইতিহাসত নতুন অধ্যায় ৰচনা কৰা ৰূপামণি গড় আৰু এই ঐতিহাসিক অভিযানৰ সফল নেতৃত্ব দিয়া ভণিতা তিমুংপীক ৰাজ্য চৰকাৰে আজি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানতে দুয়োগৰাকী পৰ্বতাৰোহীৰ সাফল্যৰ স্বীকৃতি দিয়াৰ লগতে ৰাজ্যত পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়াক অধিক উৎসাহিত কৰাৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত ৰূপামণি গড়ক ১০ লাখ টকাৰ আৰু এভাৰেষ্ট অভিযানৰ সফল নেতৃত্ব দিয়া ভাৰত-তিব্বত সীমা আৰক্ষী বাহিনী (ITBP)ৰ সহকাৰী কমাণ্ডেণ্ট তথা অসমৰ কন্যা ভণিতা তিমুংপীক ২ লাখ টকাৰ প্ৰণোদনাৰ চেক প্ৰদান কৰে।
 
 
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ ন-গাঁও পথাৰ গাঁৱৰ সুপুত্ৰী ৰূপামণিয়ে নিজৰ অদম্য সাহস, শৃংখলা আৰু কঠোৰ পৰিশ্ৰমৰ বলত সমগ্ৰ অসমলৈ এক অনন্য গৌৰৱ কঢ়িয়াই আনিছে। অত্যন্ত দুর্গম আৰু হিমশীতল পৰিৱেশত দেশৰ সীমা সুৰক্ষাৰ দায়িত্ব পালন কৰা ভাৰত-তিব্বত সীমা আৰক্ষী বাহিনীত ২০২১ চনত যোগদান কৰা এইগৰাকী সাহসী কন্যাই যোৱা ২১ মে' তাৰিখে আই টি বি পি-ৰ মহিলা এভাৰেষ্ট অভিযানৰ সদস্য হিচাপে সফলতাৰে পৃথিৱীৰ সৰ্বোচ্চ শিখৰ জয় কৰি নাৰীশক্তি আৰু আত্মবিশ্বাসৰ এক অনন্য নিদর্শন দাঙি ধৰিছে।
 
কেন্দ্ৰীয় গৃহ মন্ত্রালয়ৰ 'নাৰীশক্তি বন্দন' কাৰ্যসূচীৰ অধীনত আই টি বি পি-ৰ এই বিশেষ মহিলা এভাৰেষ্ট অভিযানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ১১ গৰাকী মহিলাকে ধৰি মুঠ ১৪ জনীয়া অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰিছিল অসমৰে কন্যা তথা আই টি বি পি-ৰ সহকাৰী কমাণ্ডেণ্ট ভণিতা তিমুংপীয়ে। পৰ্বতাৰোহণৰ ক্ষেত্ৰত জীৱনৰ বহু দশক উৎসৰ্গা কৰা ভণিতা তিমুংপীয়ে ইতিমধ্যে ৩০টাতকৈও অধিক হিমালয়ৰ শৃংগ আৰোহণ কৰিছে আৰু তেওঁৰ অভিজ্ঞতাৰ ফলতেই যোৱা ২১ মে' তাৰিখৰ এই অভিযান সফল হৈছিল।
 
মুখ্যমন্ত্রীয়ে কয় যে, ভণিতা তিমুংপীৰ এই প্ৰচেষ্টাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়েও তেওঁক প্রশংসাপত্র প্রদান কৰিছে। ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ সদস্যা হিচাপে আফ্রিকা মহাদেশতো সেৱা আগবঢ়াইছে।
 
ৰূপামণি গড়ৰ এই অসাধাৰণ সাফল্যক চিৰস্মৰণীয় কৰি ৰাখিবলৈ ৰাজ্য চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে, লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ বিশেষ উদ্যোগত পৰ্বতাৰোহী ৰূপামণিৰ বাসগৃহৰ পৰা লীলাবাৰী হাইস্কুললৈ যোৱা প্ৰায় এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নতুনকৈ নিৰ্মাণ কৰি ‘ৰূপামণি গড় পথ’ নামেৰে নামকৰণ কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে।
 
এভাৰেষ্ট আৰোহণৰ ইতিহাস আৰু মানৱীয় সাহসিকতাৰ বিষয়েও বিস্তৃতভাবে আলোকপাত কৰি মুখ্যমন্ত্রী শৰ্মাই ১৯৫৩ চনৰ ২৯ মে'ত এডমাণ্ড হিলাৰী আৰু টেনজিং নর্গেই প্রথমবাৰৰ বাবে এভাৰেষ্ট জয় কৰাৰ কথা স্মৰণ কৰে। তেওঁ কয় যে, "মানুহৰ বিফলতাই মানুহৰ সফলতাৰ স্তম্ভ।" 
 
দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰাৰ এক দৃশ্য 
 
১৯২১ চনত প্ৰথমবাৰ আৰু তাৰ পিছত দ্বিতীয়বাৰ বিফল হোৱাৰ পিছতো ১৯২৪ চনত তৃতীয়বাৰৰ বাবে এভাৰেষ্ট জয় কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা ব্ৰিটিছ পৰ্বতাৰোহণকাৰী জৰ্জ মেলৰীৰ অদম্য সাহসৰ কথা মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাৰে সোঁৱৰে। মৃত্যুৰ ৭৫ বছৰৰ পিছত বৰফৰ মাজত মেলৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মেলৰীৰ স্মৃতিত আয়োজিত সভাত তেওঁৰ সতীর্থই এভাৰেষ্ট শৃংগক উদ্দেশ্যি কোৱা এষাৰ বাক্য উদ্ধৃত কৰে, "তুমি আমাক তিনিবাৰ পৰাস্ত কৰিলা। কিন্তু এদিন আমি তোমাক পৰাস্ত কৰিমেই। কাৰণ তুমি এতিয়া যিমান ওখ, তাতকৈ বেছি ওখ কেতিয়াও হ'ব নোৱাৰা, কিন্তু আমি মানুহ, আমি সদায় ওখ হৈ গৈয়েই থাকিম।"
 
অসমৰ পৰ্বতাৰোহণৰ এক সুদীর্ঘ ইতিহাসৰ স্মৃতিচাৰণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ১৯৬৮ চনত ৰোহিণী কুমাৰ ভূঞা আৰু অতনু প্ৰসাদ বৰুৱাই 'অসম পর্বতাৰোহণ সংস্থা' জন্ম দি এই যাত্ৰাৰ পাতনি মেলিছিল। ১৯৭০ চনৰ ২৮ ছেপ্টেম্বৰত ৰোহিণী কুমাৰ ভূঞাই খগেন্দ্ৰনাথ বৰাৰ সৈতে ৬,৩৫২ মিটাৰ উচ্চতাৰ বেথাৰতলি ছাউথ শৃংগত সফলতাৰে আৰোহণ কৰি হিমালয়ত প্ৰথম অসমীয়া পতাকা উৰুৱাইছিল। তাৰ মাত্র পাঁচ দিন পিছত, ৩ অক্টোবৰত অজিত শৰ্মা আৰু ভগৎ সিঙে মৃগথুনী শৃংগ আৰোহণ কৰিছিল। ১৯৭৪ চনত 'দ্য এডভেন্সাৰ্ছ' নামেৰে অসমৰ দ্বিতীয়টো পৰ্বতাৰোহণকাৰী সংস্থাৰ জন্ম দিয়া ৰোহিণী কুমাৰ ভূঞাই ১৯৭৯ চনৰ ৫ অক্টোবৰত কেদাৰনাথ ড'ম শৃংগৰ পৰা উভতি অহাৰ পথত তুষাৰ ধুমুহাত মৃত্যুবৰণ কৰে। ইয়াৰ পিছত নেছিম আখতাৰৰ নেতৃত্বত 'এডভেন্সাৰ্ছ ফ'ৰাম অৱ ইউথ' আৰু ১৯৮৫ চনত 'এক্সপ্ল'ৰাৰ্ছ' নামৰ সংস্থাৰ জন্ম হয়। 
 
মুখ্যমন্ত্রীয়ে লগতে উল্লেখ কৰে যে, ২০১২ চনত প্রণয় বৰদলৈয়ে এভাৰেষ্টৰ ৩ নম্বৰ শিবিৰৰ পৰা উভতি আহিবলগীয়া হোৱাৰ পিছত ২০১৩ চনৰ ১৯ মে'ত তৰুণ শইকীয়াই প্রথম অসমীয়া হিচাপে এভাৰেষ্ট জয় কৰে আৰু একে বছৰৰে ২৫ মে'ত মণীষ কুমাৰ ডেকায়ে এই সফলতা অর্জন কৰে। ২০১৫ চনত ৰাজ্য চৰকাৰৰ অনুপ্ৰেৰণাত নন্দ দুলাল দাস, হেনৰী ডেভিড তেৰণ, খৰছিং তেৰাঙে এভাৰেষ্ট আৰোহণ কৰাৰ পাছত সেই বছৰতে নৱ কুমাৰ ফুকনেও এভাৰেষ্ট আৰোহণ কৰে বুলি তেওঁ অৱগত কৰে। 
 
মুখ্যমন্ত্ৰীয়ে কয় যে, ইমানবোৰ সফল অভিযানৰ পিছতো কোনো অসমীয়া মহিলাই এভাৰেষ্ট জয় কৰিব পৰা নাছিল, যাৰ বাবে ৰূপামণি গড়ৰ এই সাফল্য ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব। 
 
মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ নৱপ্ৰজন্মক পৰ্বতাৰোহণৰ দৰে দুঃসাহসিক অভিযানত অংশগ্রহণ কৰিবলৈ বিশেষভাৱে আহ্বান জনাই কয় যে অসমৰ পৰ্বতাৰোহীয়ে কাঞ্চনজংঘা অভিযানৰ বাবেও প্রচেষ্টা চলাইছে যদিও হিমালয়ৰ বুকুত এতিয়াও বহুতো শৃংগ আৰোহণ কৰিবলৈ বাকী আছে। 
 
ৰূপামণি গড়ে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট জয় কৰাৰ পিছৰ মূহুৰ্ত
 
তেওঁ কয় যে দেশ-বিদেশৰ পৰ্বতাৰোহীৰ দৰে অসমীয়া যুৱক-যুৱতীসকলেও এই শৃংগসমূহ জয় কৰাৰ প্ৰয়াস কৰিব লাগিব আৰু উঠি অহা প্রজন্মই ক্রীড়া তথা পর্বতাৰোহণক এক সুন্দৰ কেৰিয়াৰ হিচাপে গ্রহণ কৰিব লাগিব, য'ত চৰকাৰেও সকলোধৰণৰ উৎসাহ যোগাব। এই প্রসংগত মুখ্যমন্ত্রীয়ে শেহতীয়াকৈ আৰম্ভ হোৱা কমনৱেলথ গেমছৰ 'মার্চ পাষ্ট'ত অসম কন্যা লাভলীনা বৰগোহাঁইয়ে হাতত পতাকা লৈ ভাৰতীয় দলক সন্মুখৰ পৰা নেতৃত্ব দি সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰাৰ কথাও গৌৰৱেৰে উল্লেখ কৰে।
 
অনুষ্ঠানতে মুখ্যমন্ত্রী শৰ্মাই ভৱিষ্যতে পর্বতাৰোহণৰ ক্ষেত্ৰত ৰাজ্যৰ যুৱপ্ৰজন্মক উৎসাহিত আৰু প্রশিক্ষিত কৰাৰ স্বাৰ্থত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়ায়। তেওঁ সদৰী কৰে যে, চৰকাৰে আই টি বি পি কর্তৃপক্ষৰ সৈতে আলোচনা কৰিব আৰু যদি তেওঁলোক সন্মতি জনাই, তেন্তে ৰূপামণি গড়ক অসম আৰক্ষীত উপ-পৰিদৰ্শক হিচাপে নিযুক্তি প্রদান কৰা হ'ব, যাতে তেওঁৰ জৰিয়তে অসমৰ আৰু দহগৰাকী যুৱক-যুৱতী পৰ্বতাৰোহণৰ বাবে অনুপ্রাণিত হ'ব পাৰে।
 
অনুষ্ঠানত ৰাজ্য চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, ৰঙাপাৰা সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব কৃষ্ণকমল তাঁতী, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব কে জে হিলালীৰ লগতে পৰ্বতাৰোহণৰ লগত জড়িত বহুসংখ্যক যুৱক-যুৱতী আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।