কফীয়ে ফেটী লিভাৰ নিৰাময় নকৰে; হ্ৰাস কৰে ফাইব্ৰ’ছিছৰ আশংকা

Story by  atv | Posted by  [email protected] • 5 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৱাজ - দ্য ভইচ ব্যুৰ’ / গুৱাহাটী
 
ধুনীয়া পুৱা এটাৰ আৰম্ভণি একাপ গৰম কফীৰে কৰিবলৈ কোনেনো বেয়া পায়! কফীৰ সুগন্ধিয়ে বহুতৰে দিনটোৰ ভাগৰ দূৰ কৰাৰ লগতে মনলৈ এক সতেজতা কঢ়িয়াই আনে। কিন্তু, আমাৰ সমাজত প্ৰায়েই এটা ধাৰণা প্ৰচলিত আছে যে অতিৰিক্ত কফী খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। পিছে, এই ধাৰণা সলনি কৰিব পৰা এটা অতি ভাল খবৰ চিকিৎসাবিজ্ঞানে কঢ়িয়াই আনিছে। সঠিক পৰিমাণত আৰু সঠিক নিয়মত কফী খালে ই শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ যকৃত বা লিভাৰৰ বাবে এক সঞ্জীৱনী সুধা হিচাপে কাম কৰিব পাৰে। অৱশ্যে, বিশেষজ্ঞ চিকিৎসকৰ মতে কফীয়ে 'ফেটী লিভাৰ'ৰ (Fatty Liver) সমস্যা সম্পূৰ্ণৰূপে নিৰাময় কৰিব নোৱাৰে, কিন্তু লিভাৰ ফাইব্ৰ’ছিছৰ (Liver Fibrosis) দৰে গুৰুতৰ সমস্যা হ্ৰাস কৰাত ই এক চমৎকাৰী ভূমিকা পালন কৰে।
 
যকৃত বা লিভাৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত কফীৰ বিশেষ গুণাগুণ থকা বুলি বিজ্ঞানে ইতিমধ্যে প্ৰমাণ কৰিছে। কিন্তু কেৱল গৱেষণাৰ তথ্যতেই আৱদ্ধ নাথাকি যেতিয়া আমি বিশেষজ্ঞ চিকিৎসকৰ মতামতৰ সৈতে ইয়াক মিলাই চাওঁ, তেতিয়া ইয়াৰ প্ৰকৃত ছবিখন আমাৰ সন্মুখত অধিক স্পষ্ট হৈ পৰে। এই ক্ষেত্ৰত দেশৰ দুগৰাকী আগশাৰীৰ চিকিৎসক ক্ৰমে ডাঃ চিৰিয়াক এবি ফিলিপছ (যাক ছ’চিয়েল মিডিয়াত @theliverdoc বুলি জনা যায়) আৰু নতুন দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ পীয়ুষ ৰঞ্জনৰ পৰামৰ্শই আমাক কফীৰ প্ৰকৃত উপকাৰিতা বুজাত যথেষ্ট সহায় কৰে।

যকৃতৰ ৰোগৰ বিপদাশংকা হ্ৰাস কৰে কফীয়ে
 
'লিভাৰ ডক' হিচাপে পৰিচিত ডাঃ ফিলিপছৰ মতে, লিভাৰৰ স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত শক্তিশালী বৈজ্ঞানিক প্ৰমাণ থকা পৃথিৱীৰ কেইবিধমান নিৰ্দিষ্ট পানীয়ৰ ভিতৰত কফী হৈছে অন্যতম। নিয়মীয়াকৈ কফী খালে লিভাৰ ফাইব্ৰ’ছিছ (যকৃতৰ কোষবোৰত দাগ পৰা বা কঠিন হৈ যোৱা অৱস্থা) হোৱাৰ বিপদাশংকা প্ৰায় ৩৫% লৈকে হ্ৰাস পায়।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইয়াৰ মূল কাৰণ হৈছে কফীত থকা দুবিধ বিশেষ উপাদান- 'ক্ল’ৰ’জেনিক এচিড' (Chlorogenic acids) আৰু 'কেফেইন' (Caffeine)। ক্ল’ৰ’জেনিক এচিডে লিভাৰত জমা হোৱা অতিৰিক্ত চৰ্বি আৰু অক্সিডেটিভ চাপ (Oxidative stress) কমোৱাত সহায় কৰে। আনহাতে, কেফেইনে লিভাৰত দাগ পৰা বা স্কাৰিং (Scarring) হোৱা প্ৰক্ৰিয়াটোক লেহেমীয়া কৰি তোলে।
 
যোৱা কেইবা দশক ধৰি চলা গৱেষণা আৰু মেটা-বিশ্লেষণে বাৰে বাৰে প্ৰমাণ কৰিছে যে নিয়মীয়াকৈ কফী খোৱা লোকসকলৰ লিভাৰৰ গুৰুতৰ ৰোগ হোৱাৰ আশংকা বহুগুণে কম থাকে।
 
দৈনিক কিমান পৰিমাণৰ কফী খোৱাটো উচিত?
 
গৱেষণাৰ ওপৰত ভিত্তি কৰি বিশেষজ্ঞসকলে কফী খোৱাৰ এক নিৰ্দিষ্ট পৰিমাণ নিৰ্ধাৰণ কৰি দিছে:
সৰ্বনিম্ন পৰিমাণঃ দিনটোত কমেও ২ ৰ পৰা ৩ কাপ।
সৰ্বোত্তম পৰিমাণঃ দৈনিক ৩ কাপতকৈ অধিক (য'ত প্ৰায় ৩০০ মিলিগ্ৰাম কেফেইন থাকে)।
 
প্ৰতিজন ব্যক্তিৰ শৰীৰৰ গঠন আৰু সহ্য কৰিব পৰা ক্ষমতা বেলেগ বেলেগ। গতিকে, আপোনাৰ শৰীৰৰ লগত খাপ খোৱালৈকে কফীৰ পৰিমাণ বৃদ্ধি কৰিলে ইয়াৰ পৰা পোৱা স্বাস্থ্যজনিত উপকাৰিতাও বৃদ্ধি পায়।
 
সৰ্বাধিক উপকাৰৰ বাবে ব্লেক কফী (Black Coffee)
 
কফীৰ পৰা সম্পূৰ্ণ লাভালাভ আদায় কৰিবলৈ হ'লে ইয়াক খোৱাৰ সঠিক নিয়ম জনাটো অতি প্ৰয়োজন। বিজ্ঞান আৰু বিশেষজ্ঞ দুয়োপক্ষই এই কথাত একমত প্ৰকাশ কৰিছে যে কফী সদায় 'ব্লেক কফী' হিচাপে খাব লাগে। কাৰণ ব্লেক কফীত থকা এণ্টিঅক্সিডেণ্টৰ উপকাৰিতাসমূহ অক্ষুণ্ণ হৈ থাকে। কফীৰ সৈতে চেনি, বিভিন্ন ধৰণৰ চিৰাপ, গাখীৰ বা ক্ৰীমাৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ বিশেষজ্ঞ চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে। কফীত অতিৰিক্তভাৱে গাখীৰ বা চেনি যোগ দিলে ইয়াৰ কেলৰিৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত কফীৰ প্ৰকৃত কাৰ্যকাৰিতা একেবাৰেই হ্ৰাস পায়।
 
কফীয়ে ফেটী লিভাৰ নিৰাময় নকৰে, কিন্তু ফাইব্ৰ’ছিছ হ্ৰাস কৰে
 
নতুন দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ পীয়ুষ ৰঞ্জনে এই বিষয়ে এক স্পষ্ট ধাৰণা দি কয়, “কফীয়ে ফেটী লিভাৰ বা মেটাবলিক ডিছফাংচন-এচ’চিয়েটেড ষ্টিয়াটোটিক লিভাৰ ডিজিজ (MASLD) প্ৰতিৰোধ কৰিব নোৱাৰে। ইয়াৰ মূল কাম হৈছে কেৱল ফাইব্ৰ’ছিছ হ্ৰাস কৰাত সহায় কৰা।”
 
সাধাৰণতে ফেটী লিভাৰ হোৱাৰ মূল কাৰণসমূহ হৈছে- মেদবহুলতা বা শৰীৰৰ অতিৰিক্ত ওজন। ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ। মেটাবলিক চিনড্ৰম (বিপাকীয় ক্ৰিয়াৰ লগত জড়িত সমস্যা)।
 
ডাঃ ৰঞ্জনে লগতে সকীয়াই দিয়ে যে, “যদি এজন ব্যক্তি অত্যাধিক শকত বা মেদবহুল হয় আৰু তেওঁ নিজৰ ওজন কমোৱাৰ কোনো চেষ্টা নকৰে, তেন্তে কেৱল কফী খালেই তেওঁৰ লিভাৰৰ কোনো ধৰণৰ উন্নতি নহ'ব।”
 
প্ৰতিনিধিত্বমূলক ছবি
 
দৈনিক ৪-৬ কাপ ব্লেক কফীয়ে কেনেদৰে সহায় কৰে?
 
ডাঃ ৰঞ্জনৰ পৰামৰ্শ অনুসৰি দৈনিক ৪ ৰ পৰা ৬ কাপ ব্লেক কফী খালে ই লিভাৰ ফাইব্ৰ’ছিছ হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰিব পাৰে। কিন্তু এই প্ৰক্ৰিয়াটো তেতিয়াহে ফলপ্ৰসূ হ'ব, যেতিয়া আপুনি কফী খোৱাৰ লগতে নিজৰ ওজন হ্ৰাস কৰিব আৰু এক স্বাস্থ্যকৰ জীৱনশৈলী আঁকোৱালি ল'ব। তেওঁ পুনৰবাৰ সোঁৱৰাই দিয়ে যে কফীত গাখীৰ আৰু চেনি যোগ দিলে শৰীৰৰ ওজন বৃদ্ধি পাব পাৰে, যিয়ে কফীৰ সকলো উপকাৰিতা নাইকিয়া কৰি পেলায়।
 
কফী আৰু যকৃতৰ কৰ্কট ৰোগ (Liver Cancer): প্ৰকৃত সত্যটো কি?
 
এটা কথা স্পষ্টভাৱে জনাটো দৰকাৰ যে কফীয়ে কেতিয়াও যকৃতৰ কেন্সাৰ নিৰাময় বা চিকিৎসা কৰিব নোৱাৰে। অৱশ্যে, যিহেতু কফীয়ে লিভাৰ ফাইব্ৰ’ছিছৰ অগ্ৰগতিক লেহেমীয়া কৰে, সেয়েহে ই পৰোক্ষভাৱে পৰৱৰ্তী সময়ত লিভাৰ কেন্সাৰ হোৱাৰ বিপদাশংকা কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে।
 
@theliverdoc (চিকিৎসক, বিজ্ঞানী, লেখক)-ৰ গৱেষণালব্ধ তথ্যৰ পৰা আৰম্ভ কৰি ডাঃ পীয়ুষ ৰঞ্জনৰ দৰে জ্যেষ্ঠ চিকিৎসকৰ অভিজ্ঞতালৈকে, সকলোৰে বাৰ্তা একেটাই- কফীয়ে আমাৰ যকৃতৰ স্বাস্থ্যক নিশ্চিতভাৱে সমৰ্থন কৰে, কিন্তু ই কোনো যাদুকৰী ঔষধ নহয়। প্ৰকৃত সুফল পাবলৈ হ'লে সদায় চেনি আৰু গাখীৰ নোহোৱাকৈ 'ব্লেক কফী' খাওক, ইয়াক নিয়মীয়াকৈ গ্ৰহণ কৰক আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, ইয়াৰ সমান্তৰালভাৱে এক সুস্থ আৰু সক্ৰিয় জীৱনশৈলী বজাই ৰাখক।