ফাতিমা হাছনাঃ ঐতিহ্য আৰু ইতিহাসৰ মাজত এগৰাকী অসাধাৰণ তৰুণীৰ যাত্ৰা

Story by  atv | Posted by  Munni Begum • 2 h ago
ফাতিমা হাছনা
ফাতিমা হাছনা
 
ৰত্না জি চত্ৰানী
 
নিজৰ পথ, নিজৰ নিয়ম- চহৰৰ বুকুত প্ৰতিটো খোজতে যেন একোটি অকথিত কাহিনীৰ সন্ধান। এয়া ফাতিমা হাছনাৰ কাহিনী; এগৰাকী তৰুণী, যিয়ে নিজৰ তীক্ষ্ণ মেধা আৰু ঐকান্তিক প্ৰচেষ্টাৰে সমাজৰ পুৰণি ধাৰণা সলনি কৰিছে আৰু ইতিহাসক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ফাতিমা হাছনা শাৰীৰিকভাৱে সুস্থ, সতৰ্ক আৰু এক অতি তীক্ষ্ণ মেধাৰ অধিকাৰী, যাৰ দক্ষতা দেখি বৰ্তমানৰ নৱপ্ৰজন্মও আচৰিত হৈ উঠিব পাৰে। তেওঁৰ কাৰ্যালয়ৰ কাষৰ কাঠৰ টেবুলখনত সজাই থোৱা আছে কৰ্মজীৱনত অৰ্জন কৰা বিভিন্ন বঁটা, স্বীকৃতি আৰু প্ৰমাণপত্ৰ।
 
চকুত এক গভীৰ প্ৰশান্তি লৈ তেওঁ কয়, "মই আপোনালোকক বহু কাহিনী শুনাব পাৰোঁ।" 'ডেক্কান আৰ্কাইভছ'ৰ এগৰাকী টুৰ লিডাৰ আৰু পৰৱৰ্তী সময়ত 'তাজ ফলকনামা পেলেচ'ৰ আৱাসিক ইতিহাসবিদ হিচাপে তেওঁ নিজৰ উচ্চ পদস্থ অতিথিসকলৰ বাবে ঐতিহ্যমণ্ডিত স্থানসমূহৰ ভ্ৰমণৰ আয়োজন কৰে আৰু তেওঁলোকক চহৰখনৰ ইতিহাসৰ সৈতে পৰিচয় কৰাই দিয়ে৷
 
পৰ্যটকৰ সৈতে ফাতিমা হাছনা
 
মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষত থাকোঁতে ১৯ বছৰীয়া ফাতিমা হাছনাৰ পিতৃয়ে বিচাৰিছিল যে তেওঁ বিজ্ঞান শাখা অধ্যয়ন কৰক। কিন্তু ফাতেমাৰ আগ্ৰহ আছিল এগৰাকী ইতিহাসবিদ হোৱাৰ। তেওঁৰ মাতৃয়ে তেওঁক ইতিহাসত ত্ৰিপল অনাৰ্ছ আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে উৎসাহিত কৰিছিল, যিটো ফাতিমাই অতি সফলতাৰে সম্পূৰ্ণ কৰিছিল। তেওঁৰ মানসিক শক্তিৰ মূল উৎস মাতৃগৰাকীৰ ফাতিমাৰ ২১ সংখ্যক জন্মদিনৰ ঠিক আগতেই মৃত্যু হয়। এটা মুছলমান পৰিয়ালৰ হোৱা সত্ত্বেও সমাজৰ কথালৈ কেৰেপ নকৰি পিতৃয়ে তেওঁক নিজৰ সপোনৰ পিছত দৌৰিবলৈ সাহস দিছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত ক'ভিড মহামাৰীৰ সময়ত তেওঁ পিতৃক হেৰুৱাবলগীয়া হয়।
 
তাৰ পিছতেই তেওঁৰ মাহীয়েকে দায়িত্ব লয় আৰু ফাতিমাক জীৱনত আগুৱাই যাব পৰাকৈ কিবা এটা কৰিবলৈ পৰামৰ্শ দিয়ে। 'ডেক্কান আৰ্কাইভছ'ৰ পৰা পোৱা এক আকৰ্ষণীয় প্ৰস্তাৱৰ পিছতে 'তাজ ফলকনামা পেলেচ'ৰ পৰাও তেওঁলৈ কামৰ প্ৰস্তাৱ আহে। অৱশ্যে কামৰ ধৰণ, মানুহৰ সমাগম আৰু দীঘলীয়া খোজকঢ়া পৰিক্ৰমাক লৈ ফাতিমাৰ মনত প্ৰথমতে যথেষ্ট সন্দেহ আছিল। মাহীয়েকেই একমাত্ৰ ব্যক্তি আছিল যিয়ে ফাতিমাৰ ইতিহাসৰ প্ৰতি থকা গভীৰ অনুৰাগ বুজি পাইছিল আৰু তেওঁক নিজৰ এক সুকীয়া পথ গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছিল। মাহীয়েকে কেৱল ফাতিমাকেই নিজৰ সপোন পূৰণ কৰিবলৈ পতিয়ন নিয়াই ক্ষান্ত নাছিল, বৰং পৰিয়ালৰ আন সদস্যসকলকো মান্তি কৰাইছিল। 
 
যিসকল মানুহে এদিন তেওঁক এই অদ্ভুত পেছাটো বাছি লোৱাৰ কাৰণ সুধিছিল, আজি তেওঁলোকেই সোধে- তেওঁ এই সফলতা কেনেকৈ অৰ্জন কৰিলে? ফাতিমা হাছনাৰ দৰে মেধাৱী ভাৰতীয় নাৰীৰ বাবে সমাজত গ্ৰহণযোগ্য পেছাসমূহ আছিল- চিকিৎসক, শিক্ষক বা তেওঁৰ পিতৃয়ে বিচৰাৰ দৰে এগৰাকী বিজ্ঞানী হোৱা। আন কথাত ক'বলৈ গ'লে, এগৰাকী টুৰ লিডাৰ হোৱাটো গ্ৰহণযোগ্য নাছিল- যিটো পদ সুদীৰ্ঘকাল ধৰি কেৱল পুৰুষৰ বাবেই সংৰক্ষিত আছিল বুলি ধৰা হৈছিল। কিন্তু মাত্ৰ এটা 'ডেমো টুৰ' বা প্ৰদৰ্শনীমূলক ভ্ৰমণতেই তেওঁৰ অন্তৰাত্মা জাগ্ৰত হৈ উঠিল। এই যাত্ৰাই তেওঁক একমাত্ৰ মহিলা টুৰ লিডাৰ আৰু ঐতিহ্যমণ্ডিত স্থানৰ পথপ্ৰদৰ্শক হিচাপে প্ৰতিষ্ঠা কৰিলে। ফাতেমাই নিজৰ প্ৰিয় চহৰখনৰ বিষয়ে পৰ্যটকসকলক অৱগত কৰোৱাৰ এই নতুন নিচা আৱিষ্কাৰ কৰিছিল।
 
ফাতিমা হাছনা
 
বৰ্তমান ২০২৬ চনত, ফাতিমা হাছনাই আপোনাক 'তাজ ফলকনামা পেলেচ হোটেল'ত অতি ভদ্ৰতাৰে বহিবলৈ অনুৰোধ কৰিব। ৰাজপ্ৰসাদৰ কোঠাসমূহৰ কাষতে থকা বিশাল '১০১ ডাইনিং হল'ৰ সেই বিখ্যাত ৰোজউড টেবুলখনৰ কাষত তেওঁ অতিথিসকলক ঐতিহ্যমণ্ডিত ভ্ৰমণ আৰম্ভ কৰাৰ আগতে কিছু সুস্বাদু জলপান আগবঢ়ায়। এই টেবুলখনৰ বিশেষত্ব এয়াই যে ইয়াৰ ইমূৰৰ পৰা সিমূৰলৈ সহজে কথা-বতৰা পাতিব পাৰি। কেইবছৰমান আগতে এই জীৱন সলনি কৰা কামটো আৰম্ভ কৰাৰ পিছৰে পৰা, ফাতিমাই একেলগে ২০-৩০ জন মানুহক লৈ দিনটোত ৩-ৰ পৰা ১২ ঘণ্টালৈকে ভ্ৰমণ পৰিচালনা কৰাত পাকৈত হৈ পৰিছে। তেওঁৰ অদম্য কৰ্মপ্ৰেৰণা, জন্মগত প্ৰতিভা, অনায়াস আকৰ্ষণ আৰু নিৰন্তৰ প্ৰচেষ্টাই তেওঁক অতিথিসকলৰ পৰা প্ৰশংসা বুটলি দিছে। ফাতিমাই এতিয়া তেওঁৰ দৰে আন বহু মহিলাকো টুৰ গাইড হ’বলৈ অনুপ্ৰাণিত কৰিছে।
 
ঘৰলৈ উভতি যোৱাত কেতিয়াবা পলম হোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হ'লেও ফাতিমা নিজৰ পেছাৰ প্ৰতি অটল আৰু সমৰ্পিত। "মোৰ প্ৰকৃত অনুপ্ৰেৰণা হৈছে মই লগ পোৱা মানুহবোৰ, যিটো সংখ্যা এতিয়ালৈকে কেইবাহাজাৰো হ'বগৈ!" ফাতিমাই কয়। মানুহে তেওঁৰ কামৰ যিমান প্ৰশংসা কৰে, সিমানেই তেওঁৰ আত্মবিশ্বাস বাঢ়ি গৈছে, আৰু এতিয়া তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰে যে তেওঁ এই কাম সুচাৰুৰূপে কৰিব পাৰে। ফাতিমাই বিভিন্ন ধৰণৰ ভ্ৰমণৰ নেতৃত্ব দিয়ে, যাৰ ভিতৰত আছে- তাজ ফলকনামা, কুতুব শ্বাহী স্মৃতিসৌধ, বাদশ্বাহী আছুৰ খানাৰ পৰা শালিবান্দালৈ ঐতিহ্য ভ্ৰমণ, বা নামপল্লীৰ পৰা চাৰমিনাৰলৈকে ফুড ট্ৰেইলছ। এই ফুড ট্ৰেইলছত তেওঁ পৰ্যটকসকলক নিহাৰী, পায়া, লুখমি আৰু বিখ্যাত হায়দৰাবাদী চাহৰ দৰে থলুৱা খাদ্যৰ বিষয়ে বুজাই দিয়ে আৰু ইয়াৰ ঐতিহ্যৰ সৈতে পৰিচয় কৰায়। এই বসন্ত কালত হয়তো তেওঁ মুছী নদীৰ দক্ষিণ পাৰত অৱস্থিত বিখ্যাত 'সালাৰ জং মিউজিয়াম'তো ভ্ৰমণৰ আয়োজন কৰিব। মানুহৰ সৈতে সহজে কথা পাতিব পৰা গুণৰ বাবেই তেওঁ আৰ্বান এডভেঞ্চাৰৰ এই ধাৰাটোক আগুৱাই নিবলৈ সক্ষম হৈছে।
 
"এগৰাকী টুৰ লিডাৰ হোৱাটোৱেই হৈছে এক নিৰন্তৰ শিক্ষাৰ প্ৰক্ৰিয়া। বিভিন্ন দেশ, ৰাজ্য, সংস্কৃতি আৰু ধৰ্মৰ মানুহক লগ পোৱা আৰু আমাৰ দেশৰ প্ৰতি তেওঁলোকৰ ধাৰণা বুজি পোৱাটোৱেই এক বৃহৎ অভিজ্ঞতা," তেওঁ কয়। ফাতিমা এনে এগৰাকী ব্যক্তি যিয়ে নিখুঁততাত বিশ্বাস কৰে আৰু কাকো তেওঁৰ কামক লৈ আঙুলি টোৱাবলৈ সুবিধা নিদিয়ে। নিজৰ কামৰ প্ৰতি অত্যন্ত গতিশীল, আৱেগিক আৰু শৃংখলাবদ্ধ ফাতিমাই তেওঁৰ কাহিনীসমূহৰ মাজত বিভিন্ন আকৰ্ষণীয় পুৰণি কথা সাঙুৰি লয়। চকুত এক উজ্বলতা লৈ তেওঁ নিজৰ ককা-আইতাৰ কথা সুঁৱৰে, যিসকলে নিজামৰ সামৰিক বাহিনীত কাম কৰিছিল। তেওঁৰ পিতৃ-মাতৃও আছিল শৈশৱৰ বন্ধু আৰু পিছলৈ সেই বন্ধুত্ব প্ৰেম আৰু বিবাহলৈ ৰূপান্তৰিত হৈছিল।
 
পৰ্যটকৰ সৈতে ফাতিমা হাছনা
 
পৰ্যটকসকলক তেওঁ কিছুমান আকৰ্ষণীয় তথ্য বৰ্ণনা কৰে, যেনে- নিজামে কেনেকৈ ১৮৪ কেৰেটৰ 'জেকব ডাইমণ্ড'টো পেপাৰ ৱেইট হিচাপে ব্যৱহাৰ কৰিছিল বা মেহবুব পাছাহৰ পৃথিৱীৰ অন্যতম বৃহৎ 'ৱাক-ইন-ৱাৰ্ড্ৰোব'ৰ কথা। তেওঁ ওছমানিয়া স্থাপত্যৰ গাম্ভীৰ্যৰ পৰা লাড বজাৰৰ মনোমোহা দৃশ্যলৈকে, অথবা 'নিমৰাহ'ৰ বিখ্যাত বান মাস্কাৰ পৰা 'মতৱালে'ৰ মালাই লাচ্ছী আৰু বিখ্যাত হায়দৰাবাদী 'পাত্থৰ কা গোস্ত'লৈ অতি সহজেই কথাৰ সোঁত বোৱাই নিব পাৰে।
 
ফাতিমা হাছনাৰ বৰ্তমান হায়দৰাবাদ এৰি যোৱাৰ কোনো পৰিকল্পনা নাই। তেওঁ জানে, এদিন হয়তো তেওঁ গোটেই পৃথিৱীখন অন্বেষণ কৰিব। কিন্তু সাম্প্ৰতিক সময়ত তেওঁ এই কথাতেই পৰম সন্তুষ্টি লাভ কৰিছে যে- তেওঁ পৃথিৱীখন চাবলৈ যোৱাৰ সলনি, সমগ্ৰ পৃথিৱীখনেই যেন তেওঁক বিচাৰি তেওঁৰ কাষলৈ গুচি আহিছে। এয়াই ফাতিমাৰ অনন্য যাত্ৰা, য'ত ইতিহাসৰ প্ৰতিটো পৃষ্ঠাই প্ৰতিদিনে এক নতুন ৰূপত প্ৰাণ পাই উঠে।