আশা খোছা / নতুন দিল্লী
সমাজৰ বাধা-বিঘিনি আৰু প্ৰত্যাহ্বানক নেওচি নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলাটো সহজ কথা নহয়। বিশেষকৈ সত্তৰৰ দশকত জন্মগ্ৰহণ কৰা এগৰাকী মুছলমান মহিলাৰ বাবে সাংবাদিকতাৰ দৰে পেছা বাছি লোৱাটো আছিল এক অসাধাৰণ আৰু ব্যতিক্ৰমী পদক্ষেপ। কিন্তু দৃঢ়তা, একাগ্ৰতা আৰু সাহসৰ বলতে ৰানা ছিদ্দিকি জামানে সেই অসাধ্য সাধন কৰিলে।
ভাৰতীয় সাংবাদিকতাৰ জগতত এটা সন্মানীয় নাম ৰানা ছিদ্দিকি জামান। চিনেমা আৰু পৰিৱেশ্য কলাৰ বিষয়ে তেওঁৰ তীক্ষ্ণ লেখাৰ বাবে যি পৰিচিত। 'দ্য হিন্দু' কাকতত প্ৰকাশিত তেওঁৰ স্তম্ভলেখাসমূহে বিশ্বাসযোগ্য আৰু ভাৰসাম্যপূৰ্ণ বিশ্লেষণৰ বাবে সুনাম অৰ্জন কৰিছিল আৰু আজিও পঢ়ুৱৈসকলে এ আৰ ৰহমানৰ দৰে কিংবদন্তি শিল্পীসকলৰ সৈতে কৰা তেওঁৰ মননশীল সাক্ষাৎকাৰসমূহ মনত পেলায়। কিন্তু ১৯৭০ৰ দশকত এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী মুছলমান মহিলাই সাংবাদিকতাক কিয় আঁকোৱালি লৈছিল- যিটো সেই সময়ত মহিলাৰ বাবে এক অস্বাভাৱিক কেৰিয়াৰ হিচাপে গণ্য কৰা হৈছিল?
শেহতীয়াকৈ দিল্লী এৰি বৰ্তমান স্বামীৰ সৈতে আসানসোলত বসবাস কৰা ৰানাই নিজৰ এই যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰি কয় যে তেওঁৰ এই যাত্ৰা স্থিতিস্থাপকতা, অনুসন্ধিৎসা আৰু নীৰৱ প্ৰতিবাদেৰে গঢ় লৈ উঠিছিল। সৰুৰে পৰাই তেওঁৰ লেখা-মেলাৰ প্ৰতি ধাউতি আছিল। তেওঁ কয়, "স্কুলীয়া দিনত মই কবিতা লিখিছিলোঁ আৰু সাংস্কৃতিক তথা সাহিত্যিক কাৰ্যকলাপত গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। তাতেই মোৰ ভিতৰৰ সাংবাদিকগৰাকীৰ জন্ম হৈছিল।"
অৱশ্যে, তেওঁৰ প্ৰাৰম্ভিক শিক্ষা সামাজিক চাপৰ দ্বাৰা প্ৰভাৱিত আছিল। সমাজৰ জ্যেষ্ঠসকলৰ পৰামৰ্শক্ৰমে তেওঁৰ পিতৃয়ে নিজৰ সন্তানসকলক খ্ৰীষ্টান মিছনেৰী স্কুলৰ পৰা আঁতৰাই আনিছিল। পৰিয়ালটো আলিগড়লৈ স্থানান্তৰিত হোৱাৰ পিছত, ৰানাক আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোৱা হয়, য'ত তেওঁ নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰলৈকে শিক্ষা সম্পূৰ্ণ কৰে। তেওঁ স্নাতকোত্তৰ পৰীক্ষাত দ্বিতীয় স্থান অধিকাৰ কৰিছিল।
ডাঙৰ-দীঘল হোৱাৰ সময়ত ৰানাই প্ৰায়ে পৰিয়ালত অৱহেলিত অনুভৱ কৰিছিল। তেওঁ কয়, "মোৰ বা আছিল পৰিয়ালৰ প্ৰথম সন্তান আৰু সকলোৰে মৰমৰ, আনহাতে মোৰ ভায়েকক ফতেহপুৰ ছিক্ৰিত মোৰ পিতৃ-মাতৃয়ে প্ৰাৰ্থনা কৰাৰ পিছত লাভ কৰা এক আশীৰ্বাদ হিচাপে গণ্য কৰা হৈছিল। মই অৱহেলিত অনুভৱ কৰিছিলোঁ আৰু সদায় মোৰ মা-দেউতাৰ সন্মতি আৰু মৰম জয় কৰিবলৈ চেষ্টা কৰিছিলোঁ।"
সেই তাড়নাতেই পিতৃ-মাতৃৰ ইচ্ছা অনুসৰি ডাক্তৰ হোৱাৰ আশাত তেওঁ স্কুলত বিজ্ঞান শাখা বাছি লৈছিল। কিন্তু পদাৰ্থ বিজ্ঞান তেওঁৰ বাবে এক সংগ্ৰাম হৈ পৰিছিল আৰু আনফালে লেখাৰ প্ৰতি তেওঁৰ অনুৰাগ অব্যাহত আছিল। এক নিৰ্ণায়ক মুহূৰ্তত, তেওঁ স্নাতকৰ বাবে কলা শাখালৈ সলনি কৰে আৰু পৰৱৰ্তী সময়ত ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। "বিজ্ঞান শাখা এৰি দিয়াটোৱেই আছিল মোৰ নিজস্বতাৰে ডাঙৰ হোৱাৰ প্ৰথমটো পদক্ষেপ," তেওঁ কয়।
শ্যাম বেনাগেলৰ সৈতে ৰানা
লেখা-মেলাৰ প্ৰতি থকা ভালপোৱাই অৱশেষত তেওঁক সাংবাদিকতাৰ ফালে টানি নিছিল যদিও সেই সময়ত মহিলাৰ বাবে ইয়াক এক উপযুক্ত কেৰিয়াৰ হিচাপে গণ্য কৰা হোৱা নাছিল। ১৯৯৫ চনত তেওঁ দিল্লীলৈ গুচি যায় আৰু এখন ইংৰাজী বাতৰিকাকতত চাকৰি লাভ কৰে, য'ত তেওঁ নিজৰ ৰিপৰ্টিঙৰ দক্ষতা বৃদ্ধি কৰে। তেওঁ কয়, "মোৰ সম্পাদকসকলে মোৰ কামৰ প্ৰশংসা কৰিছিল আৰু মই বহুত কথা শিকিবলৈ পাইছিলোঁ।"
তথাপি, তেওঁৰ নিউজৰুমৰ প্ৰাৰম্ভিক অভিজ্ঞতাসমূহ অসুবিধামুক্ত নাছিল। এটা কৰ্মক্ষেত্ৰত, ধৰ্মীয় আচাৰ-নীতি পালন কৰাটো এক প্ৰকাৰৰ বাধ্যবাধকতা হৈ পৰিছিল। "দুপৰীয়াৰ ভাগত কাৰ্যালয়টো সমূহীয়া নামাজ পঢ়াৰ স্থানলৈ পৰিণত হৈছিল। একমাত্ৰ মহিলা হোৱাৰ বাবে, মই আঁতৰত থকাটো আশা কৰা হৈছিল আৰু মোকো নিয়মীয়াকৈ নামাজ পঢ়িবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল," তেওঁ কয়। ৰানাই কৰ্মক্ষেত্ৰ আৰু ধৰ্মৰ এই মিশ্ৰণক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। "মই কৰ্মক্ষেত্ৰত ধৰ্মীয় বিশ্বাস প্ৰদৰ্শন কৰাত বিশ্বাস কৰা নাছিলোঁ। মই এই বিষয়টো লৈ মোৰ সম্পাদকৰ সৈতে তৰ্কও কৰিছিলোঁ।"
যদিও সম্পাদকে ধৰ্মীয় পৰিচয়ৰ সৈতে জড়িত সাংবাদিক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিছিল, ৰানাই অহৰহ সংঘাতত লিপ্ত হোৱাতকৈ নিজৰ কামৰ ওপৰত গুৰুত্ব দিয়াটোৱেই শ্ৰেয় বুলি ভাবিছিল।

পাকিস্তানী অভিনেত্ৰীৰ সৈতে ৰানা ছিদ্দিকি জামান
তেওঁ বিভিন্ন সংবাদ মাধ্যমত কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছিল, যাৰ ভিতৰত জৈন টিভিৰ ৱেব পোৰ্টেলো আছিল। তাত তেওঁ দিব্যাংগ, অসামৰিক বিমান পৰিবহণৰ চাপ আৰু দৃষ্টিহীন লোকৰ জীৱনৰ দৰে সামাজিকভাৱে প্ৰাসংগিক বিষয়ত প্ৰতিবেদন প্ৰস্তুত কৰিছিল। অৱশ্যে, তেওঁ দেখিছিল যে বেছিভাগ কামেই বিজ্ঞাপনমূলক আছিল, যাৰ ফলত তেওঁ পেছাদাৰীভাৱে সন্তুষ্টি লাভ কৰা নাছিল।
তেওঁৰ জীৱনলৈ এক পৰিৱৰ্তন আহে যেতিয়া তেওঁ দিল্লীত সম্পাদক টি ৰামচন্দ্ৰনৰ অধীনত 'দ্য ট্ৰিবিউন' কাকতত যোগদান কৰে আৰু পৰৱৰ্তী সময়ত 'দ্য হিন্দু'লৈ যায়, য'ত তেওঁ অৱশেষত নিজৰ উপযুক্ত স্থান বিচাৰি পায়। তেওঁ থিয়েটাৰ, সংগীত, দৃশ্য আৰু পৰিৱেশ্য কলা, চিনেমা, আৰু সংস্কৃতিৰ দৰে বিষয়সমূহ কভাৰ কৰিবলৈ আৰম্ভ কৰে, যিসমূহ বিষয় তেওঁৰ কেৰিয়াৰৰ পৰিচয় হৈ পৰিছিল।
সেই বছৰবোৰত দিল্লীত অকলশৰে থকাটোৱে তেওঁৰ জীৱনলৈ নিজা প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল। "এগৰাকী মুছলমান মহিলা হিচাপে এইটো বিশেষভাৱে কঠিন আছিল। এনেকুৱা সময়ো আহিছিল যেতিয়া অচিনাকি মানুহে মোৰ ঘৰত জোৰকৈ সোমাবলৈ চেষ্টা কৰিছিল কেৱল মাত্ৰ মই অকলশৰে থকাৰ বাবে," তেওঁ কয়। দেউতাকক চিন্তিত নকৰিবলৈ, তেওঁ এই কথাবোৰ দেউতাকৰ সৈতে শ্বেয়াৰ নকৰাৰ সিদ্ধান্ত লৈছিল। অৱশেষত, তেওঁ জামিয়া মিলিয়া ইছলামিয়াৰ কৰ্মজীৱী মহিলাৰ হোষ্টেললৈ গুচি যায়।
এটা অনুষ্ঠানত ৰানা ছিদ্দিকি জামান
'দ্য হিন্দু'ত কাম কৰাৰ সময়ত ৰানা নিজৰ ক্ষেত্ৰখনৰ অন্যতম পৰিচিত কণ্ঠস্বৰ হিচাপে আত্মপ্ৰকাশ কৰে। চলচ্চিত্ৰ, শিল্পকলা আৰু সামাজিক বিষয়ত কথা পাতিবলৈ তেওঁক সকলো টেলিভিছন চেনেল- এন ডি টি ভি, দূৰদৰ্শন, চাহাৰা, আজটক, টাইমছ নাও, ৰাজ্যসভা টিভিত আমন্ত্ৰণ জনোৱা হৈছিল।
যদিও সৰুতে তেওঁ ভাই-ভনী আৰু সমাজৰ দ্বাৰা অৱহেলিত হোৱা আৰু দেউতাকৰ প্ৰত্যাশাসমূহ পূৰণ কৰিব নোৱৰা বুলি অনুভৱ কৰিছিল, পৰৱৰ্তী সময়ত সেই পৰিৱেশ কেনেকৈ সলনি হৈছিল সেই বিষয়ে মনত পেলাই তেওঁ কয়ঃ "যেতিয়া মই নিয়মীয়াকৈ টেলিভিছনত ভুমুকি মাৰিবলৈ ধৰিলোঁ আৰু প্ৰবন্ধবোৰে মোক বিপুল খ্যাতি দিলে, তেতিয়া মোৰ দেউতাৰ চকুত পানী বিৰিঙি উঠিছিল। তেওঁ কৈছিল যে মোৰ ছোৱালীয়ে মোৰ নাম উজলাইছে। এতিয়া মানুহে মোক তাইৰ দেউতাক হিচাপেহে চিনি পায়!"
মনকৰিবলগীয়া কথাটো হ'ল, তেওঁ কয় যে তেওঁৰ পেছাদাৰী জীৱনত ধৰ্ম কেতিয়াও হেঙাৰ হৈ থিয় দিয়া নাছিল। "সহকৰ্মীসকলে কেতিয়াবা ধেমালি কৰি কৈছিল, 'আমি ভাবিছিলোঁ তুমি বৰ্খা বা হিজাব পিন্ধিবা।' মই হাঁহি হাঁহি উত্তৰ দিছিলোঁ, 'মই দ্য হিন্দুৰ ভিতৰৰ মুছলমান।'"
বিয়াৰ সময়ত কইনাৰ ৰূপত ৰানা
তেওঁৰ কথাত সূক্ষ্ম সামাজিক বৈষম্যৰ প্ৰতিচ্ছবিও ফুটি উঠে। গাজিয়াবাদত ডাঙৰ-দীঘল হোৱাৰ সময়ত, তেওঁলোকৰ পৰিয়ালে মুছলমান পৰিচয়ৰ বাবে ভাৰাঘৰ বিচাৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। "সুৰক্ষাৰ বাবে আমি আনকি আমাৰ ধৰ্মও লুকুৱাবলগীয়া হৈছিল," এই কথা স্মৰণ কৰি তেওঁ উল্লেখ কৰে যে এনে পক্ষপাতিত্ব ৰাজনৈতিকতকৈ বেছি সামাজিকহে আছিল।
আশা কৰাতকৈ বেছি দিন অবিবাহিত হৈ থকাৰ বাবে ৰানাই সমাজৰ সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছিল। "মানুহে অহৰহ বিয়াৰ বিষয়ে অযাচিত পৰামৰ্শ দিছিল, যেন বিয়া নোহোৱা মানে মোৰ জীৱন ধ্বংস হোৱা," তেওঁ কয়। ইয়াৰ পৰিৱৰ্তে, তেওঁ স্বাধীনতা আৰু দায়িত্ববোধ বাছি লৈছিল, মাকৰ মৃত্যুৰ পিছত দেউতাক আৰু ভায়েকক দিল্লীলৈ লৈ আহিছিল আৰু ২৫ বছৰ কাম কৰাৰ পিছত নয়ডাত নিজৰ ঘৰ কিনিছিল। "মোৰ দেউতাৰ যত্ন লোৱাটো অধিক গুৰুত্বপূৰ্ণ আছিল। বিয়াৰ কথা মোৰ মনত নাছিল।"- তেওঁ কয়।
অৱশেষত তেওঁ এজন পি আৰ আৰু ইভেণ্ট পৰামৰ্শদাতা ইউছুফ উজ জামানৰ ৰূপত জীৱনসংগী বিচাৰি পায়। কিন্তু, ২০১৬ চনত 'দ্য হিন্দু'ত হোৱা ছাটাইৰ সময়ত তেওঁ চাকৰি হেৰুৱায় আৰু তাৰ পিছত ক’ভিড-১৯ মহামাৰীৰ অৰ্থনৈতিক চাপৰ বাবে জীৱনে এক কঠিন মোৰ লয়। "এইটো এক কঠোৰ সোঁৱৰণী আছিল যে সাংবাদিকতাই সামাজিক নিৰাপত্তা অতি কমকৈহে প্ৰদান কৰে," তেওঁ কয়।

শিশুৰ সৈতে ৰানা
পৰৱৰ্তী সময়ত বৃদ্ধ পিতৃ-মাতৃৰ যতন ল’বৰ বাবে দুয়ো স্বামী-স্ত্ৰী আসানসোললৈ গুচি যায়। বৰ্তমান ৰানাই চিলড্ৰেনছ বুক ট্ৰাষ্টত পূব ভাৰতৰ যোগাযোগ আৰু ব্ৰেণ্ডিঙৰ মুখ্য ৰণনীতিবিদ হিচাপে কাম কৰে। তেওঁৰ কামৰ ভিতৰত আছে শিশুৰ বাবে সমল সৃষ্টি, কৰ্মশালা, আৰু সাধু কোৱাৰ কাৰ্যসূচী। "যিহেতু আমাৰ নিজৰ সন্তান নাই, সেয়ে শিশুসকলৰ লগত কাম কৰাটো এক গভীৰ সন্তুষ্টিদায়ক অভিজ্ঞতা," তেওঁ কয়। তেওঁ লগতে কয় যে সংস্থাটো বৰ্তমান ৰিব্ৰেণ্ডিং হৈছে আৰু তেওঁৰ অভিজ্ঞতা তাত মূল্যৱান প্ৰমাণিত হৈছে।
"চিবিটিত (CBT) মোৰ কাম হৈছে শ্ৰেষ্ঠ সমলসমূহ আনিব পৰা আৰু ব্ৰেণ্ডিং কাৰ্যকলাপসমূহ চলোৱা। মই ইয়াতো পৰম্পৰা ভাঙিছোঁ। মই এনেকুৱা কিছুমান কাম কৰিছোঁ যিবোৰ ইয়াৰ ৭০ বছৰীয়া ইতিহাসত হোৱা নাছিল," তেওঁ আৱাজ - দ্য ভইচক জনায়।
অতীতলৈ উভতি চাই ৰানাই বিশ্বাস কৰে যে ৰাজনীতি, চিবিআই, দিল্লী আৰক্ষী, বিমান পৰিবহণ, স্বাস্থ্য, আৰু দিব্যাংগৰ দৰে গুৰুত্বপূৰ্ণ বিটবোৰত অভিজ্ঞতা থকাৰ পিছতো, তেওঁক প্ৰায়ে "ছফ্ট" বিটতে সীমাবদ্ধ কৰি ৰখা হৈছিল। তথাপি, তেওঁ নিজাববীয়াকৈ গঢ়ি তোলা নিজৰ এই স্থানক আদৰি লয়। ডিজিটেল মিডিয়াৰ আগমনৰ লগে লগে, ফ্ৰীলান্স এচাইনমেণ্টসমূহ গ্ৰহণ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ চিবিটিৰ সৈতে এক নতুন কেৰিয়াৰ আৰম্ভ কৰিবলৈ পাই তেওঁ নিজকে ধন্য বুলি অনুভৱ কৰে।