নতুন দিল্লী
দক্ষিণ ভাৰতৰ ৰাজ্য তেলেংগানা সদায়েই প্ৰতিভা আৰু সংকল্পৰ এক উদাহৰণ হৈ আহিছে। হায়দৰাবাদৰ নাম ল’লেই চকুৰ আগত ভাঁহি উঠে চাৰমিনাৰ, বিৰিয়ানী আৰু এই চহৰখনৰ পুৰণি বিশ্বজনীন আকৰ্ষণ তথা সংস্কৃতিৰ কথা। কিন্তু আজি এই ঐতিহাসিক চহৰখনৰ আলি-পদূলিত এক নীৰৱ বিপ্লৱ গঢ়ি উঠিছে। ইয়াৰ মুছলমান মহিলাসকলে পুৰণি ৰীতি-নীতি বা গতানুগতিক ধাৰণা ভাঙি সফলতাৰ নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। তেওঁলোকে কেৱল নিজৰ পৰিয়ালৰ দায়িত্ব মূৰ পাতি লোৱাই নহয়, সমগ্ৰ দেশৰ মহিলাসকলৰ বাবেও আদৰ্শ হৈ পৰিছে। ‘আৱাজ দ্য ভইচ’ৰ বিশেষ প্ৰতিবেদন ‘পৰৱাজ’ৰ এই সংখ্যাত আমি আপোনালোকক তেলেংগানাৰ দহগৰাকী সাহসী আৰু সফল মহিলাৰ সৈতে চিনাকি কৰাই দিম, যিসকলে নিষ্ঠা আৰু অধ্যৱসায়ৰ জৰিয়তে ইতিহাসৰ গতিপথ সলনি কৰি দিছে। তেওঁলোকৰ কাহিনীসমূহে হস্ততাঁত আৰু ঐতিহ্যৰ পৰা আৰম্ভ কৰি খাদ্যৰ সোৱাদ আৰু চিকিৎসা, তথা ডেনিমৰ পৰা শ্ৰেণীকোঠালৈকে সকলো দিশ সামৰি লৈছে।
হায়দৰাবাদ সদায়েই ন ৰূপত নিজক গঢ়ি তোলাৰ এক চহৰ ৰূপত পৰিগণিত হৈ আহিছে। ইয়াৰ বিশাল স্মৃতিসৌধ, ব্যস্ত বজাৰ আৰু বিখ্যাত খাদ্য সম্ভাৰৰ আঁৰত একাংশ মহিলাই অতি নীৰৱে পৰম্পৰাক নতুন ৰূপ দিছে, ঐতিহ্য ৰক্ষা কৰিছে আৰু উদ্দেশ্যধৰ্মী ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিছে। তেওঁলোকৰ জীৱন যাত্ৰা ভিন্ন হ’লেও সকলোৰে মাজত থকা এক উমৈহতীয়া গুণ হ’ল, কঠিন পৰিস্থিতিৰ সৈতে যুঁজিব পৰা ক্ষমতা। ইয়াৰ দ্বাৰাই তেওঁলোকে নেতৃত্বৰ এক নতুন সংজ্ঞা দিবলৈ সক্ষম হৈছে।
জীন্নত পনাহ
জীন্নত পনাহ
জীন্নত পনাহে ভাৰতীয় বস্ত্ৰশিল্পৰ প্ৰতি থকা নিজৰ হেঁপাহক দেশৰ হস্ততাঁত ঐতিহ্য ৰক্ষা কৰাৰ এক মিছনলৈ ৰূপান্তৰিত কৰিছে। বস্ত্ৰশিল্প পুনৰুদ্ধাৰকাৰী সুৰাইয়া হাছান আলীৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ কাৰিকৰসকলৰ সৈতে অতি ঘনিষ্ঠভাৱে কাম কৰি আধুনিক গ্ৰাহকৰ বাবে ‘ইকট’, ‘কলমকাৰী’, ‘পোচম্পল্লী’ আৰু ‘নাৰায়ণপেট’ কাপোৰৰ বোৱা-কটা কাৰ্যক নতুন ৰূপত সজাই তুলিছে। বহনক্ষম পদ্ধতি আৰু নৈতিক ব্যৱসায়ৰ জৰিয়তে তেওঁ নিশ্চিত কৰিছে যে এই প্ৰাচীন শিল্পসমূহ যাতে প্ৰাসংগিক হৈ থকাৰ লগতে ইয়াক জীয়াই ৰখা শিল্পীসকলৰ জীৱিকাও সুৰক্ষিত হয়।
আছৰা আনজুম
আছৰা আনজুম
হায়দৰাবাদৰ খাদ্য জগতত, ‘দকনী ছুইট ট্ৰীটছ’ৰ গৰাকী আছৰা আনজুমে মানুহে পাহৰা এক ৰাজকীয় ঐতিহ্যক পুনৰ জীয়াই তুলিছে। ১৯৯৪ চনৰে পৰা তেওঁ নিজাম যুগৰ জটিল তথা সুস্বাদু মিঠাই যেনে— ‘বাদাম কী জালী’, ‘গিল-এ-ফিৰদৌচ’ আৰু ‘জৌজী হালৱা’ আদি সংৰক্ষণ কৰি আহিছে। যিবোৰৰ ৰেচিপি এসময়ত কেৱল ৰাজপ্ৰসাদৰ পাকঘৰতে আৱদ্ধ আছিল। আজি তেওঁ নিজৰ জীয়ৰী নেইনা খুন্দমেৰীৰ সৈতে মিলি খাদ্যৰ এই ঐতিহ্যসমূহক নতুন প্ৰজন্মৰ বাবে এক আদৰৰ অনুভৱলৈ সলনি কৰি গৈছে।
ফাতিমা হুছনা
ফাতিমা হুছনা
ইতিহাসৰ ক্ষেত্ৰখনত ফাতিমা হুছনাই এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। পুৰুষৰ আধিপত্য থকা এটা পেচাত পুৰণি গতানুগতিক ধাৰণা ভাঙি তেওঁ হায়দৰাবাদৰ অতি কম সংখ্যক মহিলা ঐতিহ্য ভ্ৰমণ পৰিচালিকাৰ ভিতৰত এগৰাকী অন্যতম হিচাপে আত্মপ্ৰকাশ কৰিছে। ‘ডেক্কান আৰ্কাইভছ’ আৰু ‘তাজ ফলকনুমা পেলেচ’ৰ সৈতে কাম কৰাৰ জৰিয়তে তেওঁ নিজামসকলৰ কাহিনী, স্থাপত্যৰ বিস্ময় আৰু খাদ্য পৰম্পৰাক জীৱন্ত কৰি তুলিছে। তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে ইতিহাস সংৰক্ষণ কৰাটো কেৱল পাণ্ডিত্যৰে নহয়, বৰঞ্চ কাহিনী কোৱাৰ কলাৰ সৈতেও সিমানেই জড়িত।
মালিহা বেইগ
মালিহা বেইগ
মালিহা বেইগৰ বাবে জীৱনৰ নতুন পৰিৱৰ্তন আহিছিল শিক্ষাৰ ক্ষেত্ৰত এক সফল কেৰিয়াৰ গঢ়াৰ পিছত। বাঞ্জাৰা হিলচৰ এটা ‘ক্লাউড কিচেন’ৰ পৰা কাম কৰি তেওঁ মোগলাই পৰম্পৰাৰে সমৃদ্ধ পূৰ্বপুৰুষৰ হায়দৰাবাদী ৰেচিপিবোৰ পুনৰ সজীৱ কৰি এক নিষ্ঠাবান গ্ৰাহক গোষ্ঠী গঢ়ি তুলিছে। তেওঁৰ খৰিৰ জুইত ৰন্ধা বিৰিয়ানী, হালিম আৰু কাবাবে আচল সোৱাদ আৰু পুৰণি স্মৃতিৰ উদযাপন কৰে। যাৰ দ্বাৰা তেওঁ গ্ৰাহকসকলক সোঁৱৰাই দিয়ে যে কিছু উত্তম আহাৰ ডাঙৰ ৰেষ্টুৰেণ্টৰ পৰা নহয়, বৰঞ্চ মৰম আৰু স্মৃতিৰে ভৰা ঘৰুৱা পাকঘৰৰ পৰাহে আহে।
মোনা আহমেদ
মোনা আহমেদ আৰু আৰ্ছিয়া আহমেদ আয়ুব
মিঠাই বা ডেজাৰ্টৰ ব্যৱসায়ৰ জৰিয়তে উদ্যোগী হোৱাৰ আন এক কাহিনী লিখিছে মোনা আহমেদ আৰু তেওঁৰ ভগ্নী আৰ্ছিয়া আহমেদ আয়ুবে। পৰিয়াল আৰু বন্ধু-বান্ধৱৰ বাবে কেক-মিঠাই প্ৰস্তুত কৰাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই পিছলৈ ‘ডেজাৰ্ট ফেক্টৰী’ৰ ৰূপ লয়, যি বৰ্তমান হায়দৰাবাদৰ আটাইতকৈ জনপ্ৰিয় বিলাসী মিঠাই ব্ৰেণ্ডসমূহৰ ভিতৰত অন্যতম। তেওঁলোকৰ সৃষ্টিসমূহত উদ্ভাৱন আৰু মাৰ্জিত মিশ্ৰণ দেখা যায়, আৰু তেওঁলোকৰ এই যাত্ৰাই ভগ্নীদ্বয়ৰ একতা, সৃজনীশীলতা আৰু গুণগত মানদণ্ডৰ প্ৰতি থকা অদম্য প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে।
নাহিদ মুকীতুল্লা
নাহিদ মুকীতুল্লা
ফেশ্বনৰ জগতখনত নাহিদ মুকীতুল্লাই এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। নিজৰ ভাতৃসকলৰ সৈতে মিলি ‘আৰবানো’ নামৰ ব্ৰেণ্ডটো প্ৰতিষ্ঠা কৰি তেওঁ ডেনিম কাপোৰক এটা সাধাৰণ পোছাকৰ পৰা এক আকাংক্ষিত লাইফষ্টাইল ষ্টেটমেণ্টলৈ ৰূপান্তৰিত কৰিলে। ব্যৱসায়িক বুদ্ধি আৰু স্বামী সমীৰ মাছাৰাথৰ সহযোগত নাহিদে ভাৰতৰ অন্যতম আগশাৰীৰ অনলাইন ফেশ্বন ব্ৰেণ্ড গঢ়ি তুলিলে, যাৰ দ্বাৰা প্ৰমাণ হ’ল যে উচ্চাকাংক্ষাৰ সৈতে শৈলী বা ষ্টাইলৰো বিকাশ ঘটিব লাগে।

ৰুবিনা মজিদ
ৰুবিনা মজিদ
শিক্ষাৰ ক্ষেত্ৰখনত ৰুবিনা মজিদ এক অন্যতম জনপ্ৰিয় নাম। এম.বি.এ. ডিগ্ৰীধাৰী ৰুবিনাই শিক্ষকতাৰ মাজতে নিজৰ জীৱনৰ লক্ষ্য বিচাৰি পাইছিল আৰু তেওঁ হুছেইনী আলমত ‘আৱাৰ স্কুল ১২থ এভিনিউ’ প্ৰতিষ্ঠা কৰিবলৈ হায়দৰাবাদলৈ ঘূৰি আহে। তেওঁৰ শ্ৰেণীকোঠাসমূহে প্ৰায়ে পৰম্পৰাগত শিক্ষাব্যৱস্থাই আওকাণ কৰা শিশুসকলক আদৰি লয়। যেনে সাধাৰণ ছাত্ৰ-ছাত্ৰী, পঢ়িবলৈ অসুবিধা পোৱা শিশু আৰু বিশেষভাৱে সক্ষম শিশুসকল। সৰ্বাংগীণ শিক্ষা আৰু শিক্ষক প্ৰশিক্ষণৰ জৰিয়তে ৰুবিনাই দেখুৱাই দিছে যে প্ৰকৃত সফলতা কেৱল পৰীক্ষাত স্থান লাভ কৰাতে নহয়, বৰঞ্চ মৰমিয়াল আৰু দয়ালু মানুহ গঢ়ি তোলাৰ মাজতহে নিহিত হৈ থাকে।
ছাহেৰ আলী
ছাহেৰ আলী
মানসিক সুস্থতাৰ বাবেও এক সৃজনীশীল কণ্ঠস্বৰ হৈ পৰিছে ছাহেৰ আলী। ‘টোটামছ ষ্টুডিঅ’ৰ জৰিয়তে এই মনোবিজ্ঞানীগৰাকীয়ে মনোবিজ্ঞানৰ সৈতে আৰ্ট থেৰাপী বা কলা-চিকিৎসাৰ সংমিশ্ৰণ ঘটাইছে; য’ত ৰং, মাটি আৰু বিভিন্ন চিত্ৰকলা ব্যৱহাৰ কৰি মানুহক শোক, মানসিক চাপ আৰু আঘাটৰ পৰা মুক্ত হোৱাত সহায় কৰা হয়। তেওঁৰ এই বহুমুখী দৃষ্টিকোণে মানসিক আৰোগ্যৰ বাবে এক সুৰক্ষিত স্থান প্ৰদান কৰে আৰু মানুহক সৃজনীশীলতা তথা আত্ম-প্ৰকাশৰ জৰিয়তে নিজৰ মানসিক সুস্থতাৰ ওপৰত পুনৰ নিয়ন্ত্ৰণ লাভ কৰিবলৈ উৎসাহিত কৰে।
জীনাত বেগম
জীনাত বেগম
জীনাত বেগমৰ কাহিনীয়ে চৰম ধৈৰ্য্য আৰু সংগ্ৰামৰ প্ৰকৃত ৰূপ দাঙি ধৰে। এজনী সাধাৰণ গৃহিণীৰ পৰা ব্যৱসায়ী হোৱা জীনাতে তেতিয়াই ব্যৱসায় জগতত ভৰি দিছিল, যেতিয়া ব্যক্তিগত আৰু আৰ্থিক অনাতনে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত বিপন্ন কৰি তুলিছিল। আজি তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘মালাবাৰ পৰঠা ৯৯’ এ বহু মানুহৰ জীৱিকাত সহায় কৰাৰ লগতে দৈনিক হাজাৰ হাজাৰ লোকক খাদ্য যোগান ধৰে। তথাপিও তেওঁৰ আটাইতকৈ ডাঙৰ আশা অতি মানৱীয়। সেয়া হৈছে পুত্ৰ-কন্যাই এৰি থৈ যোৱা বৃদ্ধ পিতৃ-মাতৃৰ বাবে এটা বৃদ্ধাশ্ৰম প্ৰতিষ্ঠা কৰা।
আমল আয়ুব
শেষত, আমল আয়ুবে ‘ব্ৰাইডলবাগ ডট ক’ৰ জৰিয়তে বিভিন্ন উৎসৱ-অনুষ্ঠানক এক অনন্য অনুভৱলৈ ৰূপান্তৰিত কৰিছে। ইভেণ্ট ডিজাইন বা অনুষ্ঠান সজোৱাৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোহোৱাকৈয়ে, কেৱল নিজৰ অন্তৰ্নিহিত বুদ্ধি, গৱেষণা আৰু নিখুঁত কাৰ্যক্ষমতাৰ জৰিয়তে তেওঁ হায়দৰাবাদৰ অন্যতম জনপ্ৰিয় বিলাসী বিবাহ পৰিচালনা প্ৰতিষ্ঠান গঢ়ি তুলিছে। ঘৰুৱা অনুষ্ঠানৰ পৰা আৰম্ভ কৰি বিশাল আয়োজনলৈকে, আমলে এনে কিছুমান মুহূৰ্তৰ সৃষ্টি কৰে যিবোৰ উৎসৱ শেষ হোৱাৰ পিছতো মানুহৰ মনত ৰৈ যায়।
একেলগে ক’বলৈ গ’লে, এই মহিলাসকল আধুনিক হায়দৰাবাদৰ প্ৰতিচ্ছবি। তেওঁলোকে হেৰাই যাব ধৰা পৰম্পৰাক ৰক্ষা কৰিছে, নতুন সুযোগৰ সৃষ্টি কৰিছে, সমাজক আগুৱাই লৈ গৈছে আৰু সফলতাৰ কাহিনী নতুনকৈ লিখিছে। তেওঁলোকৰ কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে ব্যৱসায় বা উদ্যোগ সদায় কেৱল লাভ আৰু আকাৰৰ জোখেৰে জুখিব নোৱাৰি। কেতিয়াবা ই এটা পুৰণি ৰেচিপি সংৰক্ষণ কৰা, হেৰাই যাব ধৰা শিল্পৰ মৰ্যাদা ঘূৰাই দিয়া, সংগ্ৰাম কৰি থকা শিশুটিক শিক্ষা দিয়া, বিচলিত হোৱা মনটোক সুস্থ কৰা আৰু ঐতিহ্য ৰক্ষা কৰাৰ প্ৰয়াস কৰিছে।
এই মহিলাসকলক সন্মান জনোৱাৰ অৰ্থ হৈছে এনে এখন চহৰক উদযাপন কৰা, যিয়ে নিজৰ অতীতক সন্মান জনাই নিজৰ ভৱিষ্যতকো গঢ়ি তুলিছে।