জাকিয়া সোমনৰ জন্মস্থান গুজৰাট। তেওঁ এক উচ্চ শিক্ষিত আৰু প্ৰগতিশীল পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ এখন মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু মাতৃ এগৰাকী হাইস্কুলৰ শিক্ষয়িত্ৰী আছিল। উল্লেখ্য যে, তেওঁৰ আইতাক সেই সময়ত তেওঁলোকৰ তালুকাৰ ভিতৰতে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী মহিলা আছিল আৰু তেৱোঁ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল।
এনে এক পৰিৱেশত ডাঙৰ-দীঘল হোৱা জাকিয়াই একৈশ বছৰ বয়সত প্ৰেমবিবাহত আৱদ্ধ হয়। তেওঁৰ স্বামীও উচ্চ শিক্ষিত আছিল। কিন্তু, বিয়াৰ পিছতে তেওঁ উপলব্ধি কৰিবলৈ বাধ্য হ'ল যে শিক্ষিত হোৱা মানেই সংস্কৃতিৱান বা সভ্য হোৱা নুবুজায়। এফালে তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়ত ইংৰাজীৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল, আনফালে আকৌ ঘৰৰ চাৰিবেৰৰ মাজত তেওঁ শাৰীৰিক, মানসিক আৰু আৰ্থিক নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছিল।
যিহেতু এইটো এটা প্ৰেমবিবাহ আছিল, সেয়েহে সম্পৰ্কটো জীয়াই ৰখাৰ সমগ্ৰ দায়িত্ব কেৱল তেওঁৰ কান্ধতেই ন্যস্ত থকা বুলি তেওঁ তীব্ৰ মানসিক হেঁচা অনুভৱ কৰিছিল। এই হেঁচাৰ মাজতেই তেওঁ সুদীৰ্ঘ ষোল্ল বছৰ ধৰি নিৰ্যাতন সহ্য কৰি গৈছিল। তেওঁৰ ১৪ বছৰীয়া পুত্ৰয়ো এই যন্ত্ৰণাদায়ক পৰিস্থিতিৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।
জাকিয়া সোমন
জাকিয়াৰ জীৱনৰ প্ৰকৃত পৰিৱৰ্তন ঘটিছিল ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ সময়ত। তেতিয়ালৈকে তেওঁ কোনো সামাজিক আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হোৱা নাছিল। সংঘৰ্ষত সৰ্বস্বান্ত হোৱা লোকসকলক সহায় কৰিবলৈ তেওঁ আহমেদাবাদৰ এক আশ্ৰয় শিবিৰলৈ যাবলৈ আৰম্ভ কৰে। তাৰ পৰিস্থিতিয়ে তেওঁৰ অন্তৰাত্মা কঁপাই তুলিছিল। ঘৰ-দুৱাৰ জ্বলি ছাই হৈছিল, পৰিয়ালবোৰ থানবান হৈছিল আৰু ভৱিষ্যতৰ কোনো নিশ্চয়তা নাছিল। তথাপি এনে এক ভয়াৱহ পৰিৱেশতো মুছলমান মহিলাসকলে যি অদম্য সাহসেৰে পুনৰ থিয় দিছিল, সেই দৃশ্যই জাকিয়াক নিজৰ অন্তৰ্দৃষ্টি জগাই তুলিবলৈ বাধ্য কৰিছিল।
তাতেই জাকিয়াই উপলব্ধি কৰিছিল যে মুছলমানসকল, বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকসকল কিমান নিৰুপায় আৰু দুৰ্বল। আশ্ৰয় শিবিৰৰ সাধাৰণ মহিলাসকলক, যিসকলৰ সৰহভাগেই মাত্ৰ সপ্তম বা অষ্টম শ্ৰেণীলৈকেহে পঢ়িছিল- তেওঁলোকৰ ধ্বংসপ্ৰাপ্ত জীৱনটো সাহসেৰে পুনৰ নিৰ্মাণ কৰিবলৈ ওলোৱা দেখি জাকিয়াৰ অনুভৱ হ'ল যে তেওঁৰ নিজৰ জীৱনৰ নিৰ্যাতনবোৰ তাতোকৈ বেছি আছিল। তেওঁ ভাবিবলৈ ধৰিলে, "মোৰ শিক্ষা আছে, মোৰ আৰ্থিক স্বাধীনতা আছে, তেনেহ'লে মই কিয় এই অন্যায় সহ্য কৰি আছো?" শিবিৰৰ সেই মহিলাসকলে অজ্ঞাতসাৰেই জাকিয়াক অসীম প্ৰেৰণা আৰু সাহস প্ৰদান কৰিলে। তাৰ কিছু সময় পিছতেই, ২০০৩ চনত তেওঁ সেই নিৰ্যাতনপূৰ্ণ আৰু হিংস্ৰ সম্পৰ্কৰ পৰা ওলাই অহাৰ সাহসী সিদ্ধান্ত গ্ৰহণ কৰে।
নিজৰ জীৱনৰ অভিজ্ঞতাৰ জুইত পুৰি খাটি সোণ হোৱা জাকিয়াই তেওঁৰ বাকী জীৱন মুছলমান মহিলাৰ অধিকাৰৰ হকে উছৰ্গা কৰাৰ সিদ্ধান্ত লয়। পৰৱৰ্তী সময়ত মুম্বাই তেওঁৰ কৰ্মক্ষেত্ৰৰ মূল কেন্দ্ৰ হৈ পৰে। ২০০৭ চনৰ জানুৱাৰী মাহত নুৰজাহান ছাফিয়া নিয়াজৰ সৈতে লগ লাগি তেওঁ 'ভাৰতীয় মুছলিম মহিলা আন্দোলন' (BMMA) প্ৰতিষ্ঠা কৰে। এনেদৰেই নাৰীবাদৰ 'ব্যক্তিগত কথাটোৱেই ৰাজনৈতিক' নীতি তেওঁৰ জীৱনত আখৰে আখৰে বাস্তৱায়িত হয়।
জাকিয়াই দৃঢ়ভাৱে বিশ্বাস কৰে যে, "মুছলমান মহিলাসকলক ন্যায় লাগে আৰু সেয়া পাবলৈ তেওঁলোকে নিজৰ ধৰ্ম ত্যাগ কৰাৰ কোনো প্ৰয়োজন নাই।" তেওঁ কোৰান আৰু সংবিধান- এই দুয়োটাৰে ভিত্তিত মহিলাৰ অধিকাৰৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান সমগ্ৰ দেশৰ পোন্ধৰখনতকৈয়ো অধিক ৰাজ্যলৈ BMMA সম্প্ৰসাৰিত হৈছে। তদুপৰি, এক লাখতকৈও অধিক মুছলমান মহিলা এই আন্দোলনৰ সৈতে জড়িত হৈছে। জাকিয়াই স্মৰণ কৰে, "অন্যায় কি, দৰিদ্ৰতা কি আৰু বৈষম্যৰ বিৰুদ্ধে কেনেকৈ থিয় দিব লাগে- সেয়া মই বিশ্ববিদ্যালয়ত শিকা নাছিলো; চল্লিশ বছৰ বয়সত এই মহিলাসকলৰ সৈতে কাম কৰিহে মই সেয়া শিকিবলৈ পাইছো।"
BMMA-ৰ ইতিহাসৰ আটাইতকৈ সোণালী পৃষ্ঠাটো হ'ল 'তাৎক্ষণিক তিন তালাক'ৰ বিৰুদ্ধে চলোৱা সংগ্ৰাম। তেওঁলোকে প্ৰমাণ কৰি দেখুৱালে যে তিন তালাক প্ৰথা কেৱল কোৰান-বিৰোধীয়েই নহয়, ই মানৱ অধিকাৰৰ চৰম উলংঘনো।
জাকিয়া সোমন
এই সংগ্ৰামৰ জৰিয়তে তেওঁলোকে সমগ্ৰ বিশ্বক সাহসেৰে ঘোষণা কৰিলে যে মুছলমান মহিলাসকলো এই দেশৰ সমান অধিকাৰপ্ৰাপ্ত নাগৰিক। BMMA-ৰ স্থিতি আছিল স্পষ্টঃ "আমি ন্যায় বিচাৰো আৰু আমি সেয়া কোৰান আৰু সংবিধান দুয়োটাৰ পোহৰতে বিচাৰো।" তেওঁলোকে ৫০,০০০ মহিলাৰ স্বাক্ষৰ সংগ্ৰহ কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। ২০১৭ চনত উচ্চতম ন্যায়ালয়ে 'তাৎক্ষণিক তিন তালাক'ক অবৈধ ঘোষণা কৰে। সেই ঐতিহাসিক ৰায়দানৰ আজি প্ৰায় দহ বছৰ হ'বলৈ হ'ল। নিজৰ ক্ষেত্ৰভিত্তিক অভিজ্ঞতাৰ আধাৰত জাকিয়াই কয় যে বৰ্তমান ভাৰতত মৌখিক তিন তালাক প্ৰথা প্ৰায় নিঃশেষ হৈ গৈছে।
আজি জাকিয়া সোমন তেওঁৰ ব্যক্তিগত জীৱনক লৈয়ো অতিকৈ সুখী। তেওঁ এজন উচ্চপদস্থ কৰ্পোৰেট বিষয়া মিষ্টাৰ সোমনৰ সৈতে পুনৰ বিবাহপাশত আৱদ্ধ হয়। তেওঁৰ কামত স্বামী, পুত্ৰ, বোৱাৰী আৰু সতীয়া কন্যাক ধৰি সমগ্ৰ পৰিয়ালৰ নিৰৱচ্ছিন্ন সমৰ্থন আছে।
জাকিয়া সোমনৰ সমাজ সেৱাৰ অভিজ্ঞতা যিমান বহল, কোৰান আৰু ধৰ্মৰ ওপৰত তেওঁৰ অধ্যয়নো সিমানেই গভীৰ। তেওঁ যুক্তি দৰ্শায় যে যদিহে ইছলামৰ ব্যাখ্যা কেৱল পুৰুষতান্ত্ৰিক মানসিকতা আৰু পুৰুষ-প্ৰধান আৰ্থ-সামাজিক পটভূমিৰ পুৰুষৰ দ্বাৰাই কৰা হয়, তেন্তে গ্ৰহণযোগ্য অৰ্থবোৰ স্বাভাৱিকতেই পুৰুষৰ সপক্ষে যাব। কিন্তু, তেওঁ বিশ্বাস কৰে যে যেতিয়া আমি লিংগ সমতাৰ প্ৰতি সংবেদনশীল হৈ কোৰানৰ ব্যাখ্যাবোৰ পঢ়োঁ, তেতিয়া এই কথা দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰে যে আল্লাই পুৰুষ আৰু মহিলা উভয়কে সমান হিচাপে সৃষ্টি কৰিছে।
তেওঁ প্ৰসংগক্ৰমে বুজাই কয়ঃ "ন্যায় আৰু সমতাই হৈছে ইছলামৰ মূল আধাৰ, কিন্তু শতিকাৰ পিছত শতিকা ধৰি পুৰুষে নিজৰ সুবিধা অনুসৰি ধৰ্মৰ ব্যাখ্যা আগবঢ়াই আহিছে। আল্লাই আদম আৰু হাৱাক একে সময়তে, সমান অধিকাৰেৰে সৃষ্টি কৰিছিল।" কোৰানত মানৱ সৃষ্টিৰ বুজাবলৈ ব্যৱহাৰ কৰা 'জৌজ' (Zauj - যাৰ অৰ্থ হ'ল যোৰা) শব্দটোৰ কথা উল্লেখ কৰি তেওঁ দৃঢ়তাৰে কয় যে ই সম্পূৰ্ণ সমতাক বুজায়; তেওঁলোকক একেলগে, এহাল যোৰা হিচাপে সৃষ্টি কৰা হৈছিল।
জাকিয়া সোমন
মহিলাৰ ওপৰত হোৱা অন্যায় আৰু অত্যাচাৰৰ গোচৰবোৰৰ ওপৰত কাম কৰাৰ উপৰি, তেওঁ আন বহু গুৰুত্বপূৰ্ণ বিষয় হাতত লৈছে। তেওঁৰ সংগঠনে 'হাজী আলী দৰগাহ'ত মহিলাৰ প্ৰৱেশাধিকাৰ সুনিশ্চিত কৰিবলৈ এক বৃহৎ যুঁজ দিছিল আৰু তেওঁ মহিলাসকলক 'কাজী' হ'বলৈ প্ৰশিক্ষণ দিয়াৰ কামো সক্ৰিয়ভাৱে কৰি আছে। তেওঁ 'মুছলিম পাৰিবাৰিক আইন'ৰ সংস্কাৰৰ বাবেও সজোৰে মাত মাতি আহিছে। তেওঁ আৰু তেওঁৰ সংগঠনে দুটা ফ্ৰণ্টত একেলগে যুদ্ধ কৰি আছে- এফালে আইনী যুঁজ আৰু আনফালে সামাজিক সজাগতা সৃষ্টিৰ প্ৰয়াস।
তেওঁ বিশ্বাস কৰে যে এজন ব্যক্তিৰ পৰিচয় কেৱল তেওঁৰ ধৰ্মৰ মাজতেই সীমাবদ্ধ নহয়। "মই এগৰাকী মুছলমান, কিন্তু তাৰ লগতে মই এগৰাকী মাতৃ, এগৰাকী নাৰী; হয়তো মই এগৰাকী চিত্ৰকৰ বা যোগাভ্যাসকাৰীও।" এই উদাৰ আৰু বিশাল দৃষ্টিভংগী তেওঁৰ কৰ্মৰাজিত স্পষ্টভাৱে প্ৰতিফলিত হয়।
বৰ্তমান সময়ত বৃদ্ধি পোৱা ঘৃণাৰ ৰাজনীতি আৰু বৈচিত্ৰ্যৰ ওপৰত উঠা প্ৰশ্নক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে। সামৰণিত তেওঁ দিয়া বাৰ্তাই সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহক দকৈ ভাবিবলৈ বাধ্য কৰে। তেওঁ কয়, "আমাৰ দেশৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি। আমাৰ এই মিশ্ৰিত সংস্কৃতিৰ বাবেই দেশখন আজিও সুদৃঢ় হৈ আছে। বৈচিত্ৰ্যই হ'ল ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি। আজিৰ ৰাজনীতিয়ে এই বৈচিত্ৰ্যক ধ্বংস কৰিবলৈ প্ৰয়াস কৰিছে আৰু এইটো এটা অতিশয় দুৰ্ভাগ্যজনক আৰু মূৰ্খামিৰ কাম।"
জাকিয়া সোমনৰ এই অদম্য যাত্ৰা আৰু মতাদৰ্শ কেৱল মুছলমান মহিলাৰ বাবেই নহয়, সমগ্ৰ মানৱ সমাজৰ বাবেই সাহস, সমতা আৰু ন্যায়ৰ এক অমলিন নিদৰ্শন হৈ ৰ'ব।