অসমৰ বান পৰিস্থিতিক লৈ হতাশ আৰু ক্ষোভিত অভিনেতা আদিল হুছেইন; বানাক্ৰান্তক সহায়ৰ হাত মছজিদ-মাদ্ৰাছাৰ

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৰিফুল ইছলাম/গুৱাহাটী
 
বৰ্তমানৰ বান পৰিস্থিতিয়ে তচনচ কৰিছে উজনি অসমৰ বহু অঞ্চল। ঘৰ-দুৱাৰ, সম্পত্তি, খেতিপথাৰ, পশুধন সকলো হেৰুৱাই দিশহাৰা হৈছে হাজাৰ হাজাৰ লোক। চৰকাৰী তথ্য অনুসৰি ৬৮ জন লোকৰ মৃত্যু হৈছে। সেই বানপীড়িত অঞ্চলসমূহৰ জীয়া ছবিবোৰ দেখি আপোনাৰো চকু সেমেকিব। অসমৰ এনে ভয়াৱহ বান পৰিস্থিতি দেখি হতাশ হোৱাৰ লগতে ক্ষোভ উজাৰিছে অসম সন্তান অভিনেতা আদিল হুছেইনে।
 
অসমৰ এই প্ৰলয়ংকাৰী বানত অভিনেতাগৰাকীৰ অসমত থকা ঘৰ-দুৱাৰ বানৰ কৱলত পৰিছে। তেওঁৰ পৰিয়াল কেনেকৈ বানত প্ৰভাৱিত হৈছে, সেই কথা তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।
 
তেওঁ মনত পেলাব পৰা দিনৰে পৰা বৰ্ষাকালত অসমৰ অৱস্থা একেদৰেই আছে বুলি উল্লেখ কৰি অভিনেতাগৰাকীয়ে কয় যে কৰ্তৃপক্ষই এতিয়ালৈকে পৰিস্থিতি সঠিকভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে, “উজনি অসমৰ শিৱসাগৰত মোৰ বাৰ জীয়েক, মোৰ ভাগিনী আৰু তেওঁলোকৰ স্বামীৰ ঘৰ ভয়ংকৰ বানপানীত ডুব গৈছে। মই তেওঁলোকক সহায় কৰাৰ উপায় বিচাৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু পৰিস্থিতি অত্যন্ত ভয়াৱহ।”
 
আদিলে লগতে কয় যে তেওঁ কণ্ঠশিল্পী পাপনৰ সৈতে যোগাযোগত আছে, পাপনে অসমৰ বিপন্ন লোকসকলক সহায়ৰ হাত আগবঢ়াই আহিছে।
 
তেওঁ কয়, “মই শৈশৱৰ পৰাই প্ৰতিবছৰে এনে ভয়াৱহ বানপানী দেখি আহিছোঁ আৰু এইবছৰ ই তাতোকৈও বেছি ভয়ংকৰ। মই অত্যন্ত হতাশ, ক্ৰোধিত, দুখী আৰু মানসিকভাৱে ভাঙি পৰিছোঁ; কাৰণ বানপানী এক বাৰম্বাৰ হৈ থকা সমস্যা আৰু মই সৰুৰে পৰা দেখি আহিছো যে, কৰ্তৃপক্ষই এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।”
 
“অকল্পিতভাৱে নগৰ-চহৰ গঢ়ি উঠিছে, পিটনি বা জলভূমিবোৰ উদ্যোগ স্থাপনৰ বাবে পুতি পেলোৱা হৈছে আৰু গছ-গছনি কটা হৈছে। এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায়, যাতে বানপ্ৰভাৱিত অঞ্চলৰ ৰাইজৰ দুৰ্দশা কমাই তেওঁলোকৰ বুজ ল’ব পৰা যায়, তাৰ কোনো অনুসন্ধান হোৱা নাই,” বুলি ব্যক্ত কৰি আদিলে লগতে কয় যে অসমত এটা নিৰ্ভুল বান নিয়ন্ত্ৰণ পৰিকল্পনাৰ অত্যন্ত প্ৰয়োজন।
 
ইফালে, পাপনে ছ’চিয়েল মিডিয়াত এটা আৱেগিক ভিডিঅ’ শ্বেয়াৰ কৰি এই কঠিন সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনক সহায় কৰিবলৈ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে। কণ্ঠশিল্পীগৰাকীয়ে কয়, “মই সকলোৰে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এইমুহূৰ্তত অসমত কি হৈ আছে; এইবাৰ বানপানীৰ বাবে কি যাতনা আৰু ধ্বংসলীলা হৈছে।”
 
তেওঁ লগতে কয়, “ইয়াত যথেষ্ট বৰষুণ হয় আৰু বানপানী হয়, কিন্তু এইবাৰৰ পৰিস্থিতি আপোনালোকে ধাৰণা কৰিব নোৱাৰিব। গাঁওবোৰ পানীত বুৰ গৈছে, মানুহ এতিয়াও গৃহহীন হৈ আছে, শ শ মানুহ নিৰুদ্দেশ হৈছে, মানুহে প্ৰাণ হেৰুৱাইছে... বহুতো জীৱ-জন্তুৰ মৃত্যু হৈছে। পৰিস্থিতি বহুত বেয়া, গতিকে অনুগ্ৰহ কৰি এই বাতৰিটো সকলোতে বিয়পাই দিয়ক। মই ভাৰত তথা বিশ্বৰ সকলো লোককে অসমৰ ফালে চাবলৈ অনুৰোধ জনাইছোঁ। ই মানৱতাৰ কথা। আমি সকলোৱে একত্ৰিত হ’ব লাগিব। আমি সকলোৱে ইয়াত আমাৰ সাধ্যানুসৰি চেষ্টা কৰিছোঁ। যদি আপুনি সহায় কৰিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি আগবাঢ়ি আহক।”
 
বান সাহায্য প্ৰদান কৰা দৃশ্য
 
ইফালে, অসমৰ এনে দুৰ্যোগৰ সময়ত বিভিন্ন দল-সংগঠন, ব্যৱসায়ী, গুৰুদ্বাৰা, মছজিদ, মাদ্ৰাছাই বানাক্ৰান্তৰ কাষত থিয় দিছে। সাধাৰণতে মছজিদত মহিলাই প্ৰৱেশ কৰা দেখা নাযায়। কিন্তু এই বান পৰিস্থিতিৰ মাজত শিৱসাগৰৰ চন্তক বৰ মছজিদে আশ্ৰয় দিছে বানাক্ৰান্ত মহিলাসকলক।
 
তাৰোপৰি, নাজিৰাৰ আমোলাপট্টি পুৰণা মছজিদ কমিটিৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে।মছজিদ কমিটিয়ে বিগত এসপ্তাহৰ পৰা দিনে ৰাতিয়ে বানাক্ৰান্ত ৰাইজৰ বাবে খাদ্য প্ৰস্তুত কৰি খুৱাই আছে। চুবুৰীয়া কেইবাখনো বানপীড়িত গাৱঁৰ হিন্দু লোকসকলকো তেওঁলোকে দৈনিক দুবেলা ভাত খুৱাই আছে। মছজিদ চৌহদত কেইবাজনো ৰান্ধনী নিযুক্তিৰে আৰম্ভ কৰা এই কাৰ্যসূচী বানপীড়িত হিন্দু লোক সকলৰ সুবিধাৰ্থে মছজিদ চৌহদৰ পৰিবৰ্তে ওচৰৰ বেলেগ এখন ঘৰলৈ স্থানান্তৰিত কৰা হয়।
 
জামাতৰ প্ৰতিগৰাকী ব্যক্তিৰ লগতে স্থানীয় যুৱক সকলৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ, মুক্ত হস্তে আগবঢ়োৱা দান বৰঙণিৰ বাবেই এনে এক মহান পদক্ষেপ সফলতাৰে চলাই যাব পাৰিছে মছজিদ কমিটিয়ে। আহাৰ গ্ৰহণ কৰা বানপীড়িত লোকসকলক নতুন কাপোৰ, ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম আদিও বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মছজিদ কমিটিয়ে। এনে মহান কৰ্মৰ জৰিয়তে নাজিৰা মছজিদ কমিটিৰ আৰু জামাতৰ লোকসকলে কেৱল বিপদগ্ৰস্থ লোকসকলক জীয়াই থকাৰ সু-ব্যৱস্থা কৰাই নহয়, ধৰ্মীয় ভেদভাৱ দুৰ কৰি অসমত হিন্দু-মুছলমানৰ মাজত ঐক্য-সম্প্ৰীতি আৰু সদ্ভাৱ বৰ্তাই ৰখাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
 
আনহাতে, নলবাৰী জিলাৰ লোহাৰকাঠাৰ দাৰুল হাদিছ পূব বৰক্ষেত্ৰী অলিয়া মাদ্ৰাছাই মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে। উজনি অসমৰ বানপীড়িত ৰাইজৰ বাবে বান সাহায্য সংগ্ৰহ কৰিছে। প্ৰথমে মাদ্ৰাছাৰে ছাত্ৰ আৰু শিক্ষকসকলৰ পৰা বৰঙণি সংগ্ৰহ কৰিছে। তাৰপিছত মাদ্ৰাছাৰ ছাত্ৰসকলে স্থানীয় ৰাইজৰ পৰাও বৰঙণি সংগ্ৰহ কৰে। আৰু এই মহাপ্ৰলয়ৰ পৰা অসমবাসীক ৰক্ষা কৰাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে।
 
তথ্য অনুসৰি, এইবছৰ অসমৰ বানপানীত ৬৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৰাজ্যখনৰ পাঁচখন জিলাত ৫.২৪ লাখৰো অধিক লোক প্ৰভাৱিত হৈছে। চৰাইদেউ, গোলাঘাট, যোৰহাট, নগাঁও আৰু শিৱসাগৰ হৈছে এই ভয়াবহ বানৰ কবলত পৰা জিলাসমূহ। বিভিন্ন জিলাত মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষতিসাধন হৈছে। অৱশ্যে যোৱা কেইদিনমানৰ পৰা পৰিস্থিতিৰ কিছু উন্নতি ঘটিছে।