পৰৱাজ: ৰাজস্থানৰ নাৰীৰ হাতত পৰিৱৰ্তনৰ নতুন ইতিহাস

Story by  atv | Posted by  Munni Begum • 1 h ago
পৰৱাজ: ৰাজস্থানৰ নাৰীৰ হাতত পৰিৱৰ্তনৰ নতুন ইতিহাস
পৰৱাজ: ৰাজস্থানৰ নাৰীৰ হাতত পৰিৱৰ্তনৰ নতুন ইতিহাস
 
অৱাজ-দ্য ভইচ ব্যুৰো
 
ৰাজস্থানৰ নাম কলেই মনলৈ আহে ঐতিহাসিক দুৰ্গ, ৰাজপ্ৰাসাদ আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য। কিন্তু এই ঐতিহ্যৰ সমান্তৰালভাৱে ৰাজ্যখনত নীৰৱে গঢ় লৈ উঠিছে এক সামাজিক বিপ্লৱ, যাৰ নেতৃত্বত আছে একো এগৰাকী সাহসী, শিক্ষিতা আৰু দৃঢ় সংকল্পবদ্ধ নাৰী। চিকিৎসা, আইন, বন্যপ্ৰাণী সংৰক্ষণ, ঐতিহ্য ৰক্ষা, সাংবাদিকতা, প্ৰশাসনিক সেৱা, সমাজ সংস্কাৰ, শিক্ষা আৰু উদ্যোগ আদি বিভিন্ন ক্ষেত্ৰত এই দহগৰাকী মহিলাই কেৱল সামাজিক ধাৰণাকেই প্ৰত্যাহ্বান জনোৱা নাই, বৰং অগণন মানুহৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন কঢ়িয়াই আনিছে। তেওঁলোকৰ জীৱন কাহিনীয়ে প্ৰতিফলিত কৰিছে যে, প্ৰকৃত উন্নয়ন কেৱল ব্যক্তিগত সফলতাত সীমাবদ্ধ হৈ নাথাকে; আনৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ দৃঢ় সংকল্পতেই ইয়াৰ প্ৰকৃত অৰ্থ নিহিত।
 
ডাঃ শাইস্তা আঞ্জুমৰ জীৱন হৈছে পৰিয়ালৰ সমৰ্থন আৰু শিক্ষাৰ শক্তিৰ এক অনন্য উদাহৰণ। বিড়ি বনোৱা এজন শ্ৰমিকৰ কন্যা শাইস্তাৰ পিতৃৰ সপোন আছিল জীয়েকক চিকিৎসক হিচাপে গঢ়ি তোলা।
 
ডাঃ শাইস্তা আঞ্জুম
 
আৰ্থিক সংকটৰ মাজতো সেই সপোন বাস্তৱায়িত কৰি তেওঁ এগৰাকী সুনামধন্য স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। স্বামীৰ উৎসাহ আৰু কণমানি কন্যাকৰ দায়িত্ব লোৱা এগৰাকী নিস্বাৰ্থ শাহুৱেকৰ সমৰ্থনে তেওঁক সফলতাৰ শিখৰত উপনীতহোৱাত সহায় কৰে।  
 
ছাৰ্জেনিক্স হেল্থকেয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ফিৰদৌছ খানে শৈশৱৰ সংগ্ৰামক মানুহৰ স্বাস্থ্যসেৱা সহজলভ্য কৰাৰ লক্ষ্যত ৰূপান্তৰিত কৰিছে।
 
ফিৰদৌছ খান
 
আজমেৰত পৰিয়ালক সহায় কৰিবলৈ হাতেৰে বনোৱা সামগ্ৰী বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি ৰোগীকেন্দ্ৰিক স্বাস্থ্যসেৱা এখন উৎকৃষ্ট মঞ্চ গঢ়ি তোলালৈকে তেওঁৰ যাত্ৰা সহমৰ্মিতা, উদ্ভাৱন আৰু মানৱসেৱাৰ এক উজ্জ্বল নিদৰ্শন।
 
ভাৰতৰ শিল্প-ঐতিহ্য সংৰক্ষণত মাইমুনা নাৰ্গিছৰ অৱদান বিশেষভাৱে উল্লেখযোগ্য। দেশৰ অন্যতম শীৰ্ষ শিল্প-সংৰক্ষণ বিশেষজ্ঞ হিচাপে তেওঁ মূল্যৱান মোগল যুগৰ পাণ্ডুলিপি, শতিকা পুৰণি কোৰাণৰ পুনৰুদ্ধাৰ কৰিছিল।
 
মাইমুনা নাৰ্গিছ
 
তেওঁ মন্দিৰ, ৰাজপ্ৰাসাদ, প্ৰাচীৰচিত্ৰ আৰু সংগ্ৰহালয়ৰ বহু ঐতিহাসিক সম্পদ সংৰক্ষণ কৰি ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰি আহিছে। 
 
জয়পুৰ আদালতত মহিলা আইনজীৱী অতি কম থকা সময়তে অধিবক্তা নিগাৰ ছুলতানাই আইন পেছাত প্ৰৱেশ কৰিছিল। পিতৃৰ আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁ এগৰাকী সফল আইনজীৱী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।
 
অধিবক্তা নিগাৰ ছুলতানা
 
তেওঁ পহল এডুকেচন এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট ছ'চাইটিৰ জৰিয়তে শিক্ষা আৰু সমাজ উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। যাতে ন্যায় আদালতৰ কক্ষৰ বাহিৰলৈ শ্ৰেণীকোঠা আৰু সম্প্ৰদায়লৈকে বিস্তৃত হোৱাটো নিশ্চিত হয়।
 
তিনিটা দশকৰো অধিক সময় ধৰি নিশাত হুছেইনে পৰামৰ্শ, মধ্যস্থতা আৰু ন্যায়ৰ জৰিয়তে অসংখ্য পৰিয়ালৰ জীৱন পুনৰ গঢ়ি তুলিছে।
 
নিশাত হুছেইন
 
ৰাজস্থানৰ প্ৰথম মহিলা কাজীসকলৰ অন্যতম হিচাপে তেওঁ বাল্যবিবাহ আৰু তাৎক্ষণিক তিনি তালাকৰ দৰে কু-প্ৰথাৰ বিৰুদ্ধে নিৰন্তৰ কাম কৰি আহিছে আৰু নাৰীৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য নাম হৈ পৰিছে। এই কথা প্ৰমাণ কৰিছে যে আলোচনা, মৰ্যাদা আৰু ন্যায়ই পৰিয়াল আৰু সমাজ উভয়কে শক্তিশালী কৰিব পাৰে। 
 
প্ৰফেছৰ ফাতিমা ছুলতানা
 
ৰাজস্থানত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত প্ৰফেছৰ ফাতিমা ছুলতানাৰ অৱদান অনস্বীকাৰ্য। তেওঁৰ গৱেষণাই হাদোতি অঞ্চলৰ বাঘৰ কৰিড’ৰসমূহ পুনৰুজ্জীৱিত কৰাত সহায় কৰাৰ লগতে মুকুন্দ্ৰা পাহাৰ আৰু ৰামগড় বিষধাৰী টাইগাৰ ৰিজাৰ্ভ গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সংৰক্ষণক বৈজ্ঞানিক দায়িত্ব আৰু ৰাজহুৱা অভিযান দুয়োটা হিচাপে চাবলৈ অনুপ্ৰাণিত কৰে।   
 
শিক্ষাবিদ ৰুবী খান
 
এগৰাকী নিপুণ সমাজ কৰ্মী, দৌৰবিদ, লেখিকা আৰু শিক্ষাবিদ ৰুবী খানে দুৰ্যোগকালীন সাহায্য শিবিৰ, মহিলা সৱলীকৰণ, যুৱ প্ৰজন্মৰ দিশনিৰ্দেশনা, পৰিৱেশ সজাগতা আৰু ৪,০০০ কিলোমিটাৰৰ 'ভাৰত যাত্ৰা' পদযাত্ৰা সম্পন্ন কৰাৰ দৰে বহু উল্লেখযোগ্য কামৰ জৰিয়তে জনসেৱাৰ এক উজ্জ্বল উদাহৰণ স্থাপন কৰিছে। ৰুবী খানে প্ৰমাণ কৰিছে যে, নেতৃত্বক উপাধিৰ দ্বাৰা নহয়, জীৱনৰ দ্বাৰা জুখিব পাৰি।
 
শ্বাবানা ডাগৰ
 
পাঁচশ বছৰৰ পুৰণি ধ্ৰুপদ সংগীত পৰম্পৰাক জীয়াই ৰখাৰ ক্ষেত্ৰত শ্বাবানা ডাগৰৰ অৱদান অতুলনীয়। জয়পুৰস্থিত ডাগৰ আৰ্কাইভৰ জৰিয়তে তেওঁ বিৰল পাণ্ডুলিপি, প্ৰাচীন বাদ্যযন্ত্ৰ আৰু শতিকা পুৰণি সংগীত ঐতিহ্য সংৰক্ষণ কৰি ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এই অমূল্য ধাৰাটোক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰি ৰাখিছে। 
 
জীনাত কাইফ
 
শৈশৱৰ সামাজিক বাধা, পেছাগত বৈষম্য আৰু ব্যক্তিগত প্ৰতিকূলতাক অতিক্ৰম কৰি জীনাত কাইফে ৰাজস্থানৰ অন্যতম অগ্ৰণী মুছলমান মহিলা সাংবাদিক আৰু উৰ্দু সাহিত্যিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। নিৰ্ভীক সাংবাদিকতা আৰু সাহিত্যচৰ্চাৰ জৰিয়তে তেওঁ স্বাধীন চিন্তা আৰু সত্যনিষ্ঠাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে।
 
ফাৰহা হুছেইন
 
এই অনুপ্ৰেৰণাদায়ক তালিকাৰ শেষত আছে ফাৰহা হুছেইন। ফৌজদাৰী আইনজীৱীৰ পৰা ভাৰতীয় ৰাজহ সেৱা (IRS)ৰ বিষয়া হোৱা ফাৰহাৰ যাত্ৰাই শিক্ষা, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ শক্তিক নতুনকৈ প্ৰতিষ্ঠা কৰিছে। ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষাত তেওঁ সৰ্বভাৰতীয় ২৬৭ সংখ্যক স্থান লাভ কৰি মেধা, সততা আৰু জন নেতৃত্বৰ জৰিয়তে দেশসেৱাৰ সপোন দেখা অগণন যুৱতীৰ বাবে এক আদৰ্শ হৈ পৰিছে। 
 
এই দহগৰাকী নাৰীয়ে আধুনিক ৰাজস্থানৰ চিকিৎসক, উদ্যোগী, পৰিৱেশবিদ, আইনজীৱী, সমাজসংস্কাৰক, শিক্ষাবিদ, শিল্প-ঐতিহ্য সংৰক্ষক, সাংবাদিক আৰু প্ৰশাসনিক বিষয়া হিচাপে বহুমুখী পৰিচয় বহন কৰি আহিছে। তেওঁলোকৰ জীৱনগাঁথাই প্ৰমাণ কৰিছে যে, সমাজৰ প্ৰকৃত পৰিৱৰ্তন পৰিস্থিতিয়ে লৈ নাহে, সাহস, অধ্যৱসায় আৰু আনৰ বাবে নতুন পথ সৃষ্টি কৰাৰ মানসিকতাইহে আনে। নাৰীক সপোন দেখাৰ স্বাধীনতা আৰু সুযোগ দিলে তেওঁলোকেই এখন অধিক ন্যায়সংগত, অন্তৰ্ভুক্তিমূলক আৰু মানৱিক সমাজ গঢ়ি তোলাৰ প্ৰকৃত স্থপতি হৈ উঠিব পাৰে।