ৰত্না জি চত্ৰানি
ভাৰতীয় হস্ততাঁত শিল্প কেৱল এক বয়ন প্ৰক্ৰিয়ায়ে নহয়, ই আমাৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ এক জীৱন্ত প্ৰতিফলন। এই ঐতিহ্যৰ সূতাৰে সময়ক এক নতুন মাত্ৰা প্ৰদান কৰিছে এগৰাকী ব্যতিক্ৰমী নাৰীয়ে- তেওঁ হৈছে জীনত পান্না।
পৰম্পৰাগত ভাৰতীয় হস্ততাঁত শিল্পৰ এগৰাকী পথপ্ৰদৰ্শক হিচাপে পৰিচিত জীনাতে পৰম্পৰাগত কাৰুকাৰ্যৰ সৈতে আধুনিক ডিজাইন আৰু ৰঙৰ এক সুন্দৰ সমন্বয় ঘটিবলৈ সক্ষম হৈছে। তেওঁৰ এই ব্যৱসায়িক যাত্ৰাৰ মূল ভেটিটোৱেই হৈছে বহনক্ষমতা আৰু নৈতিক মূল্যবোধ।
জীনত পান্না
ইক্কাত আৰু পোচামপল্লীৰ পৰা আৰম্ভ কৰি মংগলগিৰি আৰু কলমকাৰীলৈকে, তেওঁৰ হস্ততাঁতৰ সৃষ্টিসমূহে ভাৰতীয় কাৰিকৰসকলৰ নিপুণতাক বিশ্বৰ আগত তুলি ধৰিছে। এইসমূহ কেৱল কাপোৰ নহয়, বৰং ঐতিহ্যক কঢ়িয়াই নিয়া একো একোটা কালজয়ী সৃষ্টি।
ভাৰতীয় হস্ততাঁত হৈছে মানৱীয় কলা প্ৰকাশৰ আটাইতকৈ পুৰণি মাধ্যমসমূহৰ ভিতৰত অন্যতম। মছলিপট্টনমৰ কলমকাৰীৰ জটিল চানেকি বা ৰাজকীয়তাৰ প্ৰতীকস্বৰূপ মংগলগিৰি শাৰীৰ উজ্জ্বল ৰং, আনহাতে অপূৰ্ব বিপৰীতমুখী ৰঙৰ সমাহাৰ ঘটা নাৰায়ণপেটৰ শাৰী আৰু সাজ-পাৰে ঈশ্বৰত্ব আৰু ঐতিহ্যক প্ৰকাশ কৰে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে তেলেংগানাৰ কাৰিকৰ আৰু শিপিনীসকলেও প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এনে মূল্যৱান বয়ন কৌশলসমূহ জীয়াই ৰাখিছে, যিয়ে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। হায়দৰাবাদৰ মহিলা উদ্যোগী জীনত পান্নাই এই প্ৰয়াসক আৰু কেইবাখোজো আগুৱাই লৈ গৈছে। তেওঁ নিজৰ কাৰিকৰসকলৰ সৈতে মিলি চাদৰ, ষ্টোল, দোপাট্টা আৰু শাৰী আদিক নতুন ৰূপ দি হস্ততাঁত বয়ন শিল্পৰ পৰিসৰ বৃদ্ধিৰ এক নতুন পথ মুকলি কৰিছে।
ইক্কাত হৈছে ভাৰতৰ আটাইতকৈ পুৰণি আৰু স্থায়ী বস্ত্ৰ পৰম্পৰাসমূহৰ ভিতৰত অন্যতম। শতিকা পুৰণি কাৰুকাৰ্য, পৃষ্ঠপোষকতা আৰু কাৰিকৰী নিপুণতাৰ মাজেৰে প্ৰাকৃতিক ৰং আৰু কলম (kALAM)ৰ ব্যৱহাৰেৰে ইয়াৰ ইতিহাস গঢ় লৈ উঠিছে।
জীনত পান্না
হায়দৰাবাদত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা এই ৪২ বছৰীয়া উদ্যোগীগৰাকীয়ে শৈশৱৰ পৰাই ছুৰাইয়া হাছান আলীৰ সৈতে কাম কৰিছিল। ভাৰতীয় বস্ত্ৰ শিল্পৰ ইতিহাসত পুনৰুজ্জীৱনৰ অন্যতম বাটকটীয়া ছুৰাইয়া হাছান আলীয়ে সমগ্ৰ ভাৰততে হস্ততাঁত বস্ত্ৰক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। জীনত পান্নাৰ সমগ্ৰ শৈশৱ অতিবাহিত হৈছিল ছুৰাইয়াৰ বিপণী আৰু তেওঁৰ শিপিনীসকলৰ মাজত।
আজিকালি জীনতৰ সকলো ডিজাইনৰ মূল উৎস হৈছে সেই আশ্চৰ্যজনক বয়নশৈলী, জটিল চানেকি আৰু মসৃণ গাঁথনি- যিবোৰ তেওঁ গ্ৰীষ্মৰ বন্ধত নিজৰ গুৰুৰ পৰা শিকিছিল। এই অভিজ্ঞতাই তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু ঐতিহ্যৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক অনন্য ডিজাইন শৈলীৰ জন্ম দিছিল। শৈশৱতেই কাৰুশিল্পৰ সৌন্দৰ্য আৰু চহকী সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ ফলত তেওঁৰ মনত এক গভীৰ অনুৰাগৰ সৃষ্টি হৈছিল, যিয়ে ছুৰাইয়াৰ যাত্ৰাক সংজ্ঞায়িত কৰিছিল।
হস্ততাঁতৰ কিংবদন্তি ছুৰাইয়াৰ দেহাৱসানৰ পিছতো জীনতে সেই একেই আৱেগ আৰু নিষ্ঠাৰে তেওঁৰ যাত্ৰা অব্যাহত ৰাখিছে। বৰ্তমান তেওঁ নিজৰ কাৰিকৰ আৰু শিপিনীসকলৰ সৈতে কাম কৰি dhurries, শাৰী, ষ্টোল, আৰু আৱৰণ আদি নিৰ্মাণ কৰিছে, য'ত প্ৰতিটো সংগ্ৰহেই এক অনন্য কাহিনী কয় আৰু ভাৰতৰ বৈচিত্ৰ্যময় পৰম্পৰা তথা চহকী সাংস্কৃতিক ঐতিহ্যৰ পৰা অনুপ্ৰেৰণা লাভ কৰে।
জীনত পান্না
'বহনক্ষমতা' শব্দটো বজাৰৰ এক আকৰ্ষণীয় শ্ল’গান হৈ পৰাৰ বহু আগতেই, ই কেৱল জীৱন নিৰ্বাহৰ এক স্বাভাৱিক প্ৰক্ৰিয়া আছিল। বিশুদ্ধ কপাহী আৰু পাটৰ হস্ততাঁতৰ কাপোৰবোৰ অতি যত্নৰে বোৱা হৈছিল, যাৰ কৌশল প্ৰায়ে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হস্তান্তৰিত হৈছিল। তেওঁলোকে উপ্পাদা শাৰী, নাৰায়ণপেট আৰু মংগলগিৰি কপাহী কাপোৰ, আৱেষ্টনীযুক্ত ইক্কাত আৰু পাটৰ মিশ্ৰিত বস্ত্ৰ নিৰ্মাণ কৰিছিল যিয়ে পোহৰত এক অনন্য আভা বিলাইছিল। এই প্ৰাকৃতিক সূতাবোৰ শৰীৰৰ বাবে আৰামদায়ক আৰু শীতল আছিল আৰু মানুহৰ ৱাৰ্ডৰবোৰ মূল আধাৰ আছিল।
সেই সময়ত ফেশ্বনৰ পৰিৱৰ্তন ধীৰ গতিত হৈছিল, কাৰণ তাৰ প্ৰয়োজনীয়তাও তেনেকুৱাই আছিল। বৰ্তমান যেতিয়া বস্ত্ৰ উদ্যোগটোৱে আকৌ এবাৰ সচেতনতাৰে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ দিশলৈ উভতি আহিছে, ডিজাইনাৰ আৰু উদ্যোগীসকলৰ এক নতুন প্ৰজন্মই এই বস্ত্ৰসমূহক পুনৰ আৱিষ্কাৰ কৰিছে। এসময়ত কেৱল পৰিচিত গাঁথনি আৰু ৰূপৰ মাজতে আৱদ্ধ থকা হস্ততাঁতৰ কাপোৰবোৰক এতিয়া এনে এক নতুন ৰূপ দিয়া হৈছে যিবোৰ আধুনিক হোৱাৰ লগতে চিৰযুগমীয়াও।
পৰিৱেশ সচেতনতা আৰু আধুনিক ফেশ্বনৰ মাজত নিজৰ এক সুন্দৰ স্থিতি গঢ়ি তুলিছে জীনত পান্নাই। তেওঁ এনে এখন নিৰাপদ আৰু সৃষ্টিশীল পৃথিৱী গঢ়ি তুলিছে য'ত তেওঁৰ কাৰিকৰ আৰু গ্ৰাহক দুয়োয়ে একেই মূল্যবোধৰ সৈতে সংযুক্ত হৈছে। ভাৰতীয় আদৰ্শৰ প্ৰতিনিধিত্ব কৰি আৰু দেশৰ হস্তশিল্পৰ গৌৰৱময় ঐতিহ্যক ভৱিষ্যতৰ দিশে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত জীনতৰ এই যাত্ৰা সঁচাকৈয়ে অনবদ্য আৰু অনুপ্ৰেৰণাদায়ক।