আমেৰিকা-ইৰানৰ যুদ্ধবিৰতি: বিধ্বংসী যুদ্ধৰ সম্পূৰ্ণ টাইমলাইন আৰু পৰ্দাৰ আঁৰৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মালিক আছগৰ হাচমী
 
মধ্যপ্ৰাচ্যত কেইবামাহ ধৰি চলি থকা তীব্ৰ সংঘাত, সামৰিক আক্ৰমণ, ক্ষেপণাস্ত্ৰ বৰ্ষণ আৰু বিশ্ব অৰ্থনীতিক কঁপাই তোলা তেল সংকটৰ অন্তত অৱশেষত আশাৰ বতৰা আহিছে। আমেৰিকা, ইজৰাইল আৰু ইৰাণক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই ভয়াবহ যুদ্ধই সমগ্ৰ বিশ্বক এক অনিশ্চয়তাৰ দিশলৈ ঠেলি দিছিল। কিন্তু দীঘলীয়া ৰক্তপাত আৰু ধ্বংসযজ্ঞৰ পিছত কূটনৈতিক প্ৰচেষ্টাই ফল প্ৰসূ হোৱাৰ লক্ষণ দেখা গৈছে। যুদ্ধবিৰতি আৰু শান্তি চুক্তিৰ দিশে আগবাঢ়ি থকা এই নাটকীয় ঘটনাপ্ৰবাহে কেৱল মধ্যপ্ৰাচ্যতেই নহয়, সমগ্ৰ বিশ্বতে স্বস্তিৰ নিশ্বাস কঢ়িয়াই আনিছে। কেনেকৈ এই সংঘাত আৰম্ভ হৈছিল, কোনবোৰ ঘটনাই যুদ্ধক অধিক জটিল কৰি তুলিছিল আৰু শেষত কেনেদৰে কূটনীতিয়ে অস্ত্ৰৰ গৰ্জন স্তব্ধ কৰিবলৈ সক্ষম হ’ল— সেই সমগ্ৰ কাহিনী জানো আহক।
 
২০২৬ চনৰ আৰম্ভণিতে আৰম্ভ হোৱা আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা তীব্ৰ যুদ্ধৰ এতিয়া অন্ত পৰিছে। বিদেশী সংবাদ মাধ্যম আৰু বিশ্ব কূটনৈতিক সূত্ৰই জনোৱা মতে, দুয়োখন দেশে স্থায়ী নিষ্পত্তিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। ইৰাণে এই চুক্তিক এক বৃহৎ কৌশলগত বিজয় বুলি অভিহিত কৰিছে। আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় জলপথ সুৰক্ষিত কৰা বুলি উল্লেখ কৰিছে।
২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ কথা। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় আলোচনা হঠাতে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। ইয়াৰ কিছু সময়ৰ পিছতে ২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ বিৰুদ্ধে যৌথ সামৰিক অভিযান আৰম্ভ কৰে। এই গোপন অভিযানটোৰ ক'ডনাম আছিল "অপাৰেচন এপিক ফিউৰি" আৰু "ৰ'ৰিং লায়ন"।
 
ইজৰাইল আৰু আমেৰিকাৰ বায়ুসেনাই ইৰাণৰ ক্ষেপণাস্ত্ৰ ঘাটি আৰু সামৰিক ঘাটিক লক্ষ্য কৰি লৈছিল। ইফালে তেহৰানত এক নিখুঁত আক্ৰমণত ইৰানৰ আটাইতকৈ শক্তিশালী  সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনী নিহত হয়। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ ৫০ জনতকৈ অধিক শীৰ্ষ নেতা আৰু সামৰিক অধিনায়কৰ সৈতে তেওঁক হত্যা কৰা হয়। এই ঘটনাই সমগ্ৰ মধ্যপ্ৰাচ্য কপাঁই তুলিছিল।    
 
সৰ্বোচ্চ নেতাৰ মৃত্যুৰ পিছত ইৰানে মৌনতা অৱলম্বন  নকৰি, ইয়াৰ মিত্ৰ দেশসমূহৰ সৈতে ইজৰাইল আৰু উপসাগৰীয় দেশসমূহৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। এই প্ৰতিশোধমূলক আক্ৰমণে ছৌদি আৰব, কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহৰ যথেষ্ট ক্ষতিসাধন কৰে।   
 
২ মাৰ্চত ইৰান সমৰ্থক হিজবুল্লাই লেবাননৰ সীমান্তৰ পৰা ইজৰাইলৰ ওপৰত হাজাৰ হাজাৰ ৰকেট নিক্ষেপ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে দক্ষিণ লেবাননত প্ৰত্যক্ষ আক্ৰমণ চলাই তীব্ৰ স্থল যুদ্ধৰ সূচনা কৰে। এই যুদ্ধৰ আটাইতকৈ মৰ্মান্তিক  ঘটনাটো ঘটিছিল, যেতিয়া মিছাইল আক্ৰমণত ১৫০ জনতকৈ অধিক নিৰীহ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হৈছিল। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছিল।  
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই সংঘাত স্থল-বায়ুৰ পৰা সাগৰলৈ বিয়পি পৰিছিল। ২০২৬ চনৰ ৪ মাৰ্চত ভাৰত মহাসাগৰত টহল দি থকা আমেৰিকাৰ এখন ছাবমেৰিনে ইৰানৰ এখন বৃহৎ যুদ্ধ জাহাজ আক্ৰমণ কৰি ডুবাই পেলায়। এই ঘটনাত কেইবা হাজাৰ ইৰানী নাৱিক নিহত হয়। 
 
ইফালে ইৰানৰ ভিতৰত ক্ষমতা সংগ্ৰাম তীব্ৰতৰ হৈ পৰে। ৮ মাৰ্চত নিহত সৰ্বোচ্চ নেতাৰ পুত্ৰ মোজতাবা খামেনেইক ইৰানৰ নতুন সৰ্বোচ্চ নেতা হিচাপে ঘোষণা কৰা হয়। কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে মোজতাবা খামেনেই অধিক আক্ৰমণাত্মক যুদ্ধ ঘোষণা কৰে। এই পৰিপ্ৰেক্ষিতত ৩ এপ্ৰিলত ইৰানৰ এয়াৰ ডিফেন্স চিষ্টেমে পশ্চিম ইৰানৰ ওপৰেৰে উৰি থকা আমেৰিকাৰ এফ-১৫ যুঁজাৰু বিমান এখন ধ্বংস কৰে।  
 
ইৰানে বিশ্বৰ অৰ্থনৈতিক ক্ষতি কৰিবলৈ হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে অৱৰোধ কৰি ৰাখিছিল। এইটোৱেই হৈছে বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সাগৰীয় পথ যাৰ মাজেৰে উপসাগৰীয় দেশসমূহৰ পৰা অহা সকলো খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আন দেশলৈ বৈ যায়। এই অৱৰোধ সংঘটিত হোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে পেট্ৰ’ল-ডিজেলৰ দাম আকাশলংঘী হ’ল।
 
এই পদক্ষেপত ক্ষুব্ধ হৈ আমেৰিকাই ২০২৬ চনৰ ১৩ এপ্ৰিলত ইৰানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। আমেৰিকাৰ নৌসেনাই ইৰানৰ সকলো বন্দৰ অৱৰোধ কৰে। এই অৱৰোধে ইৰানৰ বাকী থকা বাণিজ্যত ব্যাঘাত জন্মাইছিল আৰু ইয়াৰ অৰ্থনীতি সম্পূৰ্ণৰূপে পতনৰ  দিশলৈ লৈ গৈছিল।   
 
যেতিয়া স্পষ্ট হৈ পৰিল যে, দুয়োখন দেশেই সামৰিক শক্তিৰ জৰিয়তে সম্পূৰ্ণ জয় লাভ কৰিব নোৱাৰে, তেতিয়াই আৰম্ভ হ’ল বেকচেনেল কূটনীতি। এই সমগ্ৰ বিবাদ নিষ্পত্তিত পাকিস্তান আৰু কাটাৰে মুখ্য ভূমিকা পালন কৰিছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু কাটাৰৰ দূতে তেহৰান আৰু ৱাশ্বিংটনৰ মাজত মাৰাথন বৈঠক অনুষ্ঠিত কৰে, যিখন চৈধ্য ঘণ্টাৰো অধিক সময় ধৰি চলিছিল। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
পাকিস্তানী বিষয়াসকলে দুয়োপক্ষক পতিয়ন নিয়াইছিল যে, যুদ্ধ দীঘলীয়া কৰিলে লোকচানহে হ’ব। অৱশেষত ২০২৬ চনৰ ১৪ জুনত আমেৰিকা আৰু ইৰানে এক যৌথ বিবৃতি প্ৰকাশ কৰি সকলো ফ্ৰণ্টতে সামৰিক অভিযান শীঘ্ৰে বন্ধ কৰিবলৈ সন্মত হয়। আমেৰিকাই নৌসেনাৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব, আৰু বিনিময়ত ইৰানে আন্তঃৰাষ্ট্ৰীয় জাহাজ চলোৱাৰ বাবে হৰমুজ প্ৰণালী স্থায়ীভাৱে মুকলি কৰিব।
 
যদিও যুদ্ধবিৰতি ঘোষণা কৰা হৈছে, তথাপিও স্থলভাগত উত্তেজনা অব্যাহত আছে। আনকি এই চুক্তিৰ দিনটোতো ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটৰ উপকণ্ঠ অঞ্চলত হিজবুল্লাহৰ লক্ষ্যত বোমা বিস্ফোৰণ অব্যাহত ৰাখিছিল। এই চুক্তিত ইজৰাইল অসন্তুষ্ট আৰু ইয়াৰ দ্বাৰা ইৰানক আৰোগ্য লাভৰ সুযোগ দিয়া হ’ব বুলি বিশ্বাস কৰে। 
 
বিদেশী কূটনীতিবিদসকলৰ মতে, ২০২৬ চনৰ ১৯ ​​জুনত চুইজাৰলেণ্ডত দুয়োখন দেশৰ প্ৰতিনিধিয়ে আনুষ্ঠানিকভাৱে শান্তি চুক্তিত স্বাক্ষৰ কৰিব। ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী আৰু সমৃদ্ধ ইউৰেনিয়াম ধ্বংসৰ দৰে জটিল বিষয়সমূহৰ ওপৰত অহা ষাঠি দিনলৈকে কাৰিকৰী আলোচনা অব্যাহত থাকিব। এই চুক্তিয়ে মধ্যপ্ৰাচ্যত দীৰ্ঘদিনীয়া ৰক্তপাত চিৰদিনৰ বাবে অন্ত পেলাব বুলি বিশ্বই আশা কৰিছে।