পাকিস্তানত ভাৰতীয় ছাত্ৰ আন্দোলনৰ প্ৰতিধ্বনিঃ পাকিস্তানী যুৱচামে উদঙালে নিজ দেশৰ ফোঁপোলা স্বৰূপ

Story by  atv | Posted by  Munni Begum • 1 h ago
পাকিস্তানী যুৱচামে উদঙালে নিজ দেশৰ ফোঁপোলা স্বৰূপ
পাকিস্তানী যুৱচামে উদঙালে নিজ দেশৰ ফোঁপোলা স্বৰূপ
 
মালিক আছগৰ হাচমী
 
ভাৰতত NEET পৰীক্ষাৰ অনিয়মক লৈ ছাত্ৰ-ছাত্ৰী আৰু ককৰোচ জনতা পাৰ্টীৰ আন্দোলন এতিয়া হয়তো সমাপ্তিৰ দিশে অগ্ৰসৰ হৈছে, কিন্তু এই আন্দোলনৰ প্ৰতিধ্বনি সীমান্তৰ সিপাৰে থকা পাকিস্তানতো শুনিবলৈ পোৱা গৈছে। ভাৰতৰ শিক্ষাব্যৱস্থাৰ ওপৰত উত্থাপিত এই প্ৰশ্নই ভৱিষ্যতে কি প্ৰভাৱ পেলাব বা ককৰোচ জনতা পাৰ্টীয়ে ভাৰতীয় ৰাজনীতিত কি স্থান দখল কৰিব, সেয়া সময়েই নিৰ্ধাৰণ কৰিব। পিছে, এই আন্দোলনে অজানিতে হ’লেও চুবুৰীয়া দেশ পাকিস্তানৰ অৰ্থনৈতিক দুৰৱস্থা, শোচনীয় শিক্ষাব্যৱস্থা আৰু তাত চলি থকা সেনাৰ একনায়কত্ববাদৰ ফোপোলা স্বৰূপটো বিশ্বৰ আগত উদঙাই দিছে। পাকিস্তানৰ যুৱপ্ৰজন্ম আৰু অভিভাৱকসকলে ভাৰতৰ Gen Z প্ৰতিবাদকাৰীসকলৰ সৈতে নিজৰ দেশৰ পৰিস্থিতিৰ তুলনা কৰি মুকলিকৈ নিজৰ মত প্ৰকাশ কৰা দেখা গৈছে।
 
মূলসুঁতিৰ কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে চোৰাংচোৱা সংস্থাসমূহে প্ৰায় চাৰে চাৰিশ পাকিস্তানী ছ’চিয়েল মিডিয়া হেণ্ডেলক সন্দেহৰ আৱৰ্তত ৰাখিছে। কোৱা হৈছিল যে এই একাউণ্টবোৰে ভাৰতীয় যুৱক-যুৱতীসকলক উচটনি দিয়াৰ উদ্দেশ্যে বিভিন্ন সমল শ্বেয়াৰ কৰিছিল।
ইয়াৰ লগতে, কিছুমান নিউজ চেনেলত যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে বিদেশী পুঁজি আৰু বিনামূলীয়া খাদ্য লাভ কৰাৰ দাবীও সম্প্ৰচাৰ কৰা হৈছিল। এই প্ৰতিবেদনবোৰত ‘বিদেশী টুলকিট’ৰ কথাও উল্লেখ কৰা হৈছিল। অৱশ্যে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এনে যিকোনো চৰকাৰী তথ্য অস্বীকাৰ কৰিছে। তথাপি দেশৰ তদন্তকাৰী সংস্থাসমূহে সকলো দিশৰ দিশৰ তদন্ত কৰিব।
 
এই প্ৰেক্ষাপটত যেতিয়া এই প্ৰবন্ধৰ লেখকে পাকিস্তানী ছ’চিয়েল মিডিয়া হেণ্ডেলসমূহ বিশ্লেষণ কৰিছিল, তেতিয়া এক সম্পূৰ্ণ সুকীয়া ছবিহে পোহৰলৈ আহিছিল। পাকিস্তানী কণ্টেণ্ট ক্ৰিয়েটৰসকলে ভাৰতীয় আন্দোলনটোক উচটনি দিয়াৰ পৰিৱৰ্তে নিজৰ দেশৰ শোচনীয় পৰিস্থিতি আৰু জৰাজীৰ্ণ শিক্ষাব্যৱস্থাকহে কঠোৰ সমালোচনা কৰা দেখা যায়।
 
পাকিস্তানৰ আগশাৰীৰ নিউজ চেনেল Samaa TV ৰ জ্যেষ্ঠ বিশ্লেষক হাছান নিছাৰে শিক্ষাব্যৱস্থাৰ ক্ষেত্ৰত নিজৰ দেশৰ নীতি আৰু কট্টৰপন্থী চিন্তাধাৰাক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে যুগ যুগ ধৰি ফতোৱা জাৰি কৰি শিক্ষা আৰু আধুনিক চিন্তাধাৰাক কেতিয়াও মূৰ দাঙি উঠিবলৈ দিয়া নহ’ল। তুৰস্কত ছপাশাল স্থাপন কৰাৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজৰ পঢ়া-শুনালৈকে- ইতিহাসত সকলো আধুনিক পদক্ষেপৰ বিৰুদ্ধে ফতোৱা জাৰি কৰা হৈছিল, যাৰ ফলত সমগ্ৰ সমাজখন ক্ৰমান্বয়ে পিছপৰি ৰ’ল।
 
 
ইফতি খান নামৰ পাকিস্তানৰ এজন যুৱকে তেওঁৰ ইনষ্টাগ্ৰাম ভিডিঅ’ত ভাৰতীয় আৰক্ষী প্ৰশাসন আৰু ভাৰতৰ প্ৰতিবাদকাৰী যুৱক-যুৱতীসকলক মুকলিকৈ প্ৰশংসা কৰে। তেওঁ কয় যে পাকিস্তানৰ চাৰিজন সামৰিক জেনেৰেলে সেয়া দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ আত্মসন্মান আৰু আত্মবিশ্বাস সম্পূৰ্ণৰূপে কাঢ়ি নিছে।
 
পাকিস্তানত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ন্যায্য দাবী উত্থাপন কৰিবলৈও ভয় কৰে, কিয়নো তেওঁলোকৰ মনত আতংক থাকে যে ক’লা পোছাকধাৰী নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক যিকোনো মুহূৰ্ততে নোহোৱা কৰি দিব পাৰে। বেলুচিস্তানত এনে হাজাৰ হাজাৰ ঘটনা পঞ্জীয়ন হৈ আছে য’ত প্ৰতিবাদৰ মাত মাতিবলৈ গৈ নিৰুদ্দেশ হোৱা যুৱক-যুৱতীসকলৰ আজিও কোনো সন্ধান পোৱা নাই।
 
যোৱা ২০ জুলাইত যন্তৰ-মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে সংসদ ভৱনৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰিছিল, তেতিয়া আৰক্ষীয়ে বলপ্ৰয়োগ কৰিছিল আৰু বহু ছাত্ৰ-ছাত্ৰী আহত হৈছিল। কিন্তু ইয়াৰ পাছত জনসাধাৰণৰ মাজত সৃষ্টি হোৱা তীব্ৰ ক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে যথেষ্ট সংযম অৱলম্বন কৰে। পৰৱৰ্তী সময়ত ককৰোচ জনতা পাৰ্টী (CJP) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনা হয়, য’ত তৎকালীন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ লগতে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত কোনো ধৰণৰ গোচৰ ৰুজু নকৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়।
 
 
এই সমগ্ৰ ঘটনাক্ৰমৰ ওপৰত মন্তব্য কৰি পাকিস্তানী ইউজাৰ ইফতি খানে লিখিছে যে ভাৰতৰ আৰক্ষী আৰু তাৰ সন্তানস্বৰূপ ছাত্ৰ-ছাত্ৰী- দুয়োপক্ষই বুজি পায় যে এইখন তেওঁলোকৰ নিজৰ দেশ। প্ৰতিবাদৰ সময়ত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ হাতত ৰাষ্ট্ৰীয় পতাকা (ত্ৰিৰংগা) আছিল। আইন-শৃংখলা বজাই ৰাখিবলৈ আৰক্ষীয়ে বলপ্ৰয়োগ নিশ্চয়কৈ কৰিছিল, কিন্তু তেওঁলোকে ল'ৰা-ছোৱালীবোৰলৈ গুলী চলোৱা নাছিল, কাৰণ তেওঁলোক নিজৰ দেশৰে নাগৰিক। পাকিস্তানত এনেকুৱা পৰিৱেশ অসম্ভৱ। তাত সেনাই ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰতিবাদ কৰাৰ অধিকাৰকণো কাঢ়ি লৈছে আৰু ছাত্ৰ সন্থাৰ নিৰ্বাচন বছৰ বছৰ ধৰি বন্ধ হৈ আছে।
 
আলিনা ফাৰুক শ্বেখ নামৰ আন এগৰাকী পাকিস্তানী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে যে ভাৰতত প্ৰতিবাদৰ সময়ত যুৱক-যুৱতীসকলৰ মাজত এক বিশেষ ধৰণৰ অনুশাসন দেখিবলৈ পোৱা গৈছিল। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভৱিষ্যত আৰু নিজৰ নীতি-আদৰ্শৰ বাবে যুঁজ দিছিল। তেওঁলোকে কোনো ৰাজনৈতিক দলৰ পতাকা হাতত তুলি লোৱা নাছিল। ইয়াৰ বিপৰীতে, পাকিস্তানৰ যুৱপ্ৰজন্ম বিভিন্ন ৰাজনৈতিক গোটত বিভক্ত। তেওঁলোকে নিজৰ নেতাসকলৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবেহে পতাকা দাঙি ধৰে, কিন্তু নিজৰ শিক্ষা আৰু নিয়োগৰ অধিকাৰৰ বাবে কেতিয়াও মাত মাতিবলৈ সাহস নকৰে।
 
ভাৰতীয় সংবাদ মাধ্যমত এই আন্দোলনক পাকিস্তানৰ পৰা পুঁজি যোগান ধৰা আৰু ফুড ডেলিভাৰী এপৰ জৰিয়তে বিদেশৰ পৰা খাদ্যৰ স্পনছৰ হোৱা বুলি যি দাবী কৰা হৈছিল, তাক খোদ পাকিস্তানী যুৱক-যুৱতীসকলেই ইতিকিং কৰা দেখা গ’ল। 'আলিফ ছে ইছাদ' নামৰ এটা পাকিস্তানী হেণ্ডেলে নিজৰ দেশৰ শোচনীয় অৰ্থনীতিৰ প্ৰতি কটাক্ষ কৰি লিখে যে পাকিস্তান নিজেই এতিয়া সৰ্বস্বান্ত হৈ পৰিছে। দেশখনত দাৰিদ্ৰ্যই এনে এক পৰ্যায় পাইছেগৈ যে কেৱল কেইটামান টকাৰ বাবে মানুহে আপোন মানুহকো প্ৰতাৰণা কৰি আছে। 'মৰিয়ামাৰানা' নামৰ আন এগৰাকী পাকিস্তানী যুৱতীয়েও নিজৰ দেশৰ ভয়ংকৰ আৰ্থিক সংকটৰ কথা উল্লেখ কৰি পুঁজি যোগানৰ এই দাবীবোৰক একেবাৰে হাস্যকৰ বুলি অভিহিত কৰে।
 
 
আন এজন পাকিস্তানী যুৱকে নিজৰ দেশৰ পাঠ্যক্ৰমক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় যে পাকিস্তানত কেৱল ১৯৪৭ চনৰ পৰৱৰ্তী সময়ৰ একপক্ষীয় ইতিহাসহে পঢ়োৱা হয়, আনহাতে অখণ্ড ভাৰতৰ যুটীয়া ইতিহাসক সুপৰিকল্পিতভাৱে লুকুৱাই ৰখা হয়। ভাৰতীয় যুৱক-যুৱতীসকলৰ এই আন্দোলন দেখি তেওঁৰ মনত শ্বহীদ ভগত সিঙৰ বিষয়ে জনাৰ তীব্ৰ আগ্ৰহ জন্মিল। কিন্তু যেতিয়া তেওঁ পাকিস্তানত ভগত সিঙৰ ওপৰত লিখা কিতাপ বিচাৰিবলৈ গ’ল, তেতিয়া তেওঁ এখন কিতাপো বিচাৰি নাপালে।
 
গণতন্ত্ৰৰ আটাইতকৈ ধুনীয়া দিশটোৱেই হ’ল ইয়াৰ সহনশীলতা আৰু পাৰস্পৰিক শ্ৰদ্ধা। সেই পাকিস্তানী যুৱকজনে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক এইবাবেও প্ৰশংসা কৰে যে সমগ্ৰ আন্দোলনৰ সময়ছোৱাত তেওঁলোকে বুকুত সগৰ্বে ৰাষ্ট্ৰীয় পতাকা ৰাখিছিল। তেওঁ উল্লেখ কৰে যে ভাৰতীয় অৰ্ধসামৰিক বাহিনীয়েও ছাত্ৰ-ছাত্ৰীসকলৰ দেশপ্ৰেমক সন্মান জনাইছিল। যেতিয়াই ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় সংগীত গাবলৈ আৰম্ভ কৰিছিল, নিৰাপত্তাৰক্ষীসকলেও শান্ত হৈ তেওঁলোকৰ সন্মুখত থিয় দিছিল। পাৰস্পৰিক শ্ৰদ্ধা আৰু এই গণতান্ত্ৰিক অধিকাৰেই ভাৰতবৰ্ষক ইয়াৰ চুবুৰীয়া দেশবোৰতকৈ পৃথক আৰু শক্তিশালী কৰি তুলিছে।