নেপাল-তিব্বত সীমান্তত নিৰুদ্দেশ ভাৰতীয়ৰ পৰিয়ালক ডি এন এ নমুনা দিবলৈ আহ্বান চীনত থকা ভাৰতীয় দূতাবাসৰ

Story by  atv | Posted by  Munni Begum • 45 m ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
চীনত থকা ভাৰতীয় দূতাবাসে ২৬ আগষ্টত তিব্বত-নেপাল সীমান্তত আকস্মিক বানত নিৰুদ্দেশ হোৱা ভাৰতীয়ৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ ডি এন এৰ নমুনা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে৷
 
দূতাবাসৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতীয় নাগৰিকৰ ডি এন এ নমুনা লোৱা সন্দৰ্ভত চীন কৰ্তৃপক্ষৰ পৰা নিশ্চিত হোৱাৰ পিছত বেইজিঙত থকা ভাৰতীয় দূতাবাসে নিৰুদ্দেশ হোৱা ভাৰতীয় নাগৰিকৰ পৰিয়ালক চিনাক্তকৰণ প্ৰক্ৰিয়াত সহায় কৰিবলৈ ডি এন এৰ নমুনা দাখিল কৰিবলৈ এই অনুৰোধ জনাইছে৷ 
নমুনা প্ৰদান কৰিবলৈ ইচ্ছুক পৰিয়ালসমূহক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ক’ডিছ ফৰ্মেটত ডি এন এ তথ্য দাখিল কৰিবলৈ কোৱা হৈছে৷ দূতাবাসে এই নমুনা সংশ্লিষ্ট চীনা কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব আৰু নমুনা নিশ্চিত হ’লে দূতাবাসৰ জৰিয়তে পৰিয়ালসমূহক অৱগত কৰা হ’ব৷
 
ভাৰতীয় মিছনে কয় যে নিৰুদ্দেশ হোৱা ব্যক্তিৰ পিতৃ-মাতৃ বা তেওঁৰ পত্নী আৰু সন্তানৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰিব পৰা যাব। সম্ভৱ হ’লে একাধিক সন্তানৰ নমুনা যোগান ধৰিব লাগে। যদি নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ কোনো জীৱিত পিতৃ-মাতৃ বা সন্তান নাই তেন্তে সকলো ভাই-ভনীৰ নমুনাও গ্ৰহণযোগ্য হ’ব৷ নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ সবিশেষৰ সৈতে মাতৃ বা পিতৃৰ আত্মীয়ৰ পৰাও নমুনা সংগ্ৰহ কৰিব পাৰিব।
 
দূতাবাসে কয় যে, সকলো নমুনাৰ বাবে ডি এন এ এছ টি আৰ ডাটাৰ প্ৰয়োজন হ'ব, আনহাতে পুৰুষৰ বাবেও ৱাই-এছ টি আৰ ডাটাৰ প্ৰয়োজন হ'ব। নমুনাত নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ ৰাষ্ট্ৰীয়তা, নাম আৰু পাছপ'ৰ্ট নম্বৰ, পৰিয়ালৰ সদস্যৰ নাম আৰু পাছপ'ৰ্ট নম্বৰ আৰু নমুনা চিনাক্তকৰণ নম্বৰকে ধৰি সবিশেষ তথ্য সঠিকভাৱে লেবেল লগোৱা হ’ব লাগিব। 
 
পৰিয়ালসমূহে অধিক নিৰ্দেশনাৰ বাবে দূতাবাসৰ টেলিফোন নম্বৰ +৮৬ ১৮৫১৪২৮৪৯০৫ত যোগাযোগ কৰিব পাৰিব। 
 
২৬ আগষ্টৰ পুৱা নেপাল-তিব্বত সীমান্তৰ সমীপত সংঘটিত হিমস্খলনৰ ফলত বৈ অহা পানীৰ ধলে উত্তৰ আৰু মধ্য নেপালৰ বসতিস্থলসমূহ বিধ্বংসী ৰূপ ধাৰণ কৰে৷ এই ঘটনাত বৰ্তমান পৰ্যন্ত ১৩৫৫ জনৰ মৃত্যু হোৱাৰ বিপৰীতে ৫৮৯ জন বিদেশী নাগৰিককে ধৰি ৪,৯৯৬ জন লোকৰ সন্ধানহীন হৈ আছে৷ আনহাতে ১৩,৩৯৬ জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে। 
 
চীনৰ বিষয়াসকলে দেওবাৰে দেশখনত ৪৩ জনৰ মৃত্যু হোৱাৰ লগতে ৫১৯জন লোক সন্ধানহীন হৈ থকাৰ কথা জানিবলৈ দিয়ে৷ নিৰুদ্দেশ হোৱা লোকসকলৰ ভিতৰত ২৬১জন বিদেশী আৰু ইয়াৰে ৪৯ জন ভাৰতৰ৷ মৃত আৰু নিৰুদ্দেশ হোৱা বিদেশী নাগৰিকসকলৰ অধিকাংশই ইমিগ্ৰেচন বিল্ডিঙৰ দুয়োকাষে আছিল বুলি বিষয়াসকলে জনায়।