অজ্ঞাত ড্ৰোনৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ

Story by  atv | Posted by  [email protected] • 1 h ago
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি
 
নতুন দিল্লী
 
যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ এক বিদেশ ভ্ৰমণৰ সময়ত এক ভয়ংকৰ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে তেওঁ কঢ়িয়াই নিয়া বিমানখন। মলডোভাৰ পৰা নৰৱেলৈ যাত্ৰা কৰাৰ সময়তে ৰাষ্ট্ৰপতিগৰাকীৰ বিমানখন এক অজ্ঞাত ড্ৰোনৰ সম্ভাব্য আক্ৰমণৰ সন্মুখীন হয়। অৱশ্যে, অতি সৌভাগ্যক্ৰমে এক বৃহৎ অঘটনৰ পৰা তেওঁ সুৰক্ষিতভাৱে সাৰি যাবলৈ সক্ষম হয়।
 
এই চাঞ্চল্যকৰ ঘটনাটোৰ কথা পোহৰলৈ আনে নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাৰ ষ্ট’ৰেই। বুধবাৰে নৰৱেৰ চৰকাৰী সম্প্ৰচাৰক প্ৰতিষ্ঠান 'এনআৰকে’ক প্ৰদান কৰা এক বিশেষ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিষয়টো ৰাজহুৱা কৰে। তেওঁ উল্লেখ কৰে যে এই ঘটনাই যুদ্ধ চলি থকাৰ সময়ছোৱাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে বিদেশ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত প্ৰতিমুহূৰ্ততে কিমান গুৰুতৰ নিৰাপত্তাজনিত ভাবুকি আৰু প্ৰাণৰ সংশয়ৰ সন্মুখীন হ'বলগীয়া হৈছে, তাক স্পষ্টকৈ প্ৰতিফলিত কৰিছে।
 
প্ৰাপ্ত তথ্য অনুসৰি, ৰাষ্ট্ৰপতি জেলেনস্কিৰ বিমানখনে মলডোভাৰ আকাশমাৰ্গত থকা অৱস্থাতেই এক অজ্ঞাত ড্ৰোনৰ পৰা আক্ৰমণৰ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছিল। ইয়াৰ ফলস্বৰূপে, নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ অছলো অভিমুখী বিমানখনৰ উৰণত যথেষ্ট পলম হয়। নৰৱেৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক সচিব ভানুজা ৰছিয়াহেও 'এনআৰকে’ৰ আগত এই কথা স্বীকাৰ কৰি জনায় যে ড্ৰোন আক্ৰমণৰ তীব্ৰ আশংকাৰ বাবেই বিমানখনৰ যাত্ৰা নিৰ্ধাৰিত সময়তকৈ বিলম্বিত কৰিবলগীয়া হৈছিল। অৱশ্যে, ড্ৰোনটোৰ সৈতে ৰাষ্ট্ৰপতিগৰাকীৰ বিমানখনৰ প্ৰকৃততে কোনো পোনপটীয়া সংঘৰ্ষ বা মুখামুখি হৈছিল নে নাই, সেই সন্দৰ্ভত ইউক্ৰেইনৰ চৰকাৰী কৰ্তৃপক্ষই বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি বা নিশ্চিতি প্ৰকাশ কৰা নাই।
 
সকলো শংকা আৰু নিৰাপত্তাজনিত প্ৰত্যাহ্বান নেওচি ৰাষ্ট্ৰপতি জেলেনস্কিয়ে অৱশেষত মঙলবাৰে সন্ধিয়া নিৰাপদে নৰৱেৰ ৰাজধানী অছলোত গৈ উপস্থিত হয়। উল্লেখযোগ্য যে, তেওঁ নৰৱেৰ প্ৰয়াত ৰজা হেৰাল্ড পঞ্চমৰ অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ এই বিশেষ ভ্ৰমণসূচী হাতত লৈছিল। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশ্বৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে। প্ৰণিধানযোগ্য যে, অছলোত উপস্থিত হোৱাৰ পূৰ্বেই জেলেনস্কিয়ে নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গাৰ ষ্ট’ৰেৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল।