ছিংগাপুৰত ৰাজনৈতিক নেতাসকলৰ দৰমহা বৃদ্ধি; বিশ্বৰ সৰ্বাধিক দৰমহা পোৱা প্ৰধানমন্ত্ৰীৰ দৰমহা হব ১ মিলিয়ন ডলাৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং
ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং
 
নতুন দিল্লী  
 
ছিংগাপুৰে দেশখনৰ ৰাজনৈতিক নেতাসকলৰ দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মঙলবাৰে সংসদত এই কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে। এই বৃদ্ধিৰ ফলত ইতিমধ্যে বিশ্বৰ ভিতৰতে সৰ্বাধিক দৰমহা লাভ কৰা ছিংগাপুৰৰ মন্ত্ৰীসকলৰ দৰমহা ৬০ শতাংশতকৈও অধিক বৃদ্ধি পাব।
 
ছিংগাপুৰে দীৰ্ঘদিন ধৰি দেশখনৰ ৰাজনৈতিক নেতাসকলক উচ্চ দৰমহা প্ৰদান কৰি আহিছে। চৰকাৰৰ মতে, এনে দৰমহাই দক্ষ আৰু যোগ্য লোকক ৰাজনীতিলৈ আকৰ্ষিত কৰাৰ লগতে সু-শাসন নিশ্চিত কৰাত সহায় কৰে। অৱশ্যে এই বিষয়টো দেশখনত যথেষ্ট স্পৰ্শকাতৰ। কাৰণ মন্ত্ৰী আৰু শীৰ্ষ ৰাজনৈতিক নেতাসকলৰ উপাৰ্জন সাধাৰণ নাগৰিকৰ তুলনাত বহু বেছি।
 
প্ৰধানমন্ত্ৰী লৰেন্স ৱঙে জনোৱা অনুসৰি, নতুন ব্যৱস্থাৰ অধীনত তেওঁৰ বাৰ্ষিক বেঞ্চমাৰ্ক দৰমহা ২.২ মিলিয়ন ছিংগাপুৰ ডলাৰৰ পৰা ৩.৬ মিলিয়ন ছিংগাপুৰ ডলাৰলৈ বৃদ্ধি পাব।
 
একেদৰে উপ-প্ৰধানমন্ত্ৰীৰ বেঞ্চমাৰ্ক দৰমহা ১.৮৭ মিলিয়ন ছিংগাপুৰ ডলাৰৰ পৰা ৩.০৬ মিলিয়ন ছিংগাপুৰ ডলাৰলৈ বৃদ্ধি কৰা হ’ব। আনহাতে, মন্ত্ৰীসকলৰ দৰমহা তেওঁলোকৰ জ্যেষ্ঠতা আৰু দায়িত্বৰ গুৰুত্ব অনুসৰি ১.৮০ মিলিয়ন ডলাৰৰ পৰা ২.৮৮ মিলিয়ন ছিংগাপুৰ ডলাৰৰ ভিতৰত হ’ব।
 
ৱঙে লগতে কয় যে, তেওঁৰ কাৰ্যকালত দৰমহা বৃদ্ধিৰ ফলত লাভ কৰা অতিৰিক্ত সম্পূৰ্ণ ধন তেওঁ “উপযুক্ত জনকল্যাণমূলক কামত” দান কৰিব।
 
দৰমহা বৃদ্ধিৰ পূৰ্বেও ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ দৰমহা আমেৰিকা আৰু অন্যান্য G7 দেশৰ বহু শীৰ্ষ নেতাৰ দৰমহাতকৈ যথেষ্ট বেছি আছিল। ৱঙে কয়, “ৰাজনৈতিক নেতাসকলৰ দৰমহা এটা কঠিন আৰু আৱেগিক বিষয়।” 
 
দীৰ্ঘদিন ধৰি ছিংগাপুৰৰ সংসদত আধিপত্য বিস্তাৰ কৰি অহা পিপলছ একচন পাৰ্টীৰ নেতৃত্বত থকা ২১ জনীয়া মন্ত্ৰীসভাৰ মুৰব্বী ৱঙে কয় যে, সাধাৰণ নাগৰিকে উপাৰ্জন কৰা ধনৰ তুলনাত এই পৰিমাণ যথেষ্ট বেছি। সেয়েহে ছিংগাপুৰবাসীয়ে এই বিষয়টো গভীৰভাৱে পৰ্যবেক্ষণ কৰে আৰু বহু লোকৰ এই সন্দৰ্ভত দৃঢ় মতামত থকাটো তেওঁ বুজি পায়।
 
তেওঁ অৱশ্যে কয় যে, এই বিষয়টো কেৱল দৰমহাৰ পৰিমাণৰ সৈতে জড়িত নহয়; মূল প্ৰশ্নটো হ’ল আগন্তুক দশকসমূহত দেশখনক আগুৱাই নিবলৈ প্ৰয়োজনীয় মানসম্পন্ন ৰাজনৈতিক নেতৃত্ব ছিংগাপুৰে অব্যাহত ৰাখিব পাৰিবনে নাই। ৱঙে কয়, “আমাৰ মূল ধাৰণা হৈছে ভাল চৰকাৰৰ বাবে ভাল নেতৃত্ব অতি প্ৰয়োজনীয়।”
 
দক্ষিণ-পূব এছিয়াৰ এই দেশখনে বিগত ১৫ বছৰত মন্ত্ৰীসকলৰ দৰমহা পুনৰীক্ষণ কৰা নাছিল। ছিংগাপুৰক নিয়মীয়াকৈ বিশ্বৰ আটাইতকৈ কম দুৰ্নীতিগ্ৰস্ত দেশসমূহৰ ভিতৰত স্থান দিয়া হয়।
 
প্ৰধানমন্ত্ৰী ৱঙে কয় যে, দৰমহা বৃদ্ধিৰ পৰামৰ্শ এটা স্বাধীন কমিটীয়ে আগবঢ়াইছিল। অৱশ্যে বৰ্তমানৰ পদাধিকাৰীসকলৰ দৰমহা তৎক্ষণাৎ নতুন বেঞ্চমাৰ্ক অনুসৰি নিৰ্ধাৰণ কৰা নহ’ব।
 
তেওঁলোকৰ ব্যক্তিগত পৰিস্থিতি, কামৰ প্ৰদৰ্শন আদিৰ ওপৰত ভিত্তি কৰি অহা ১৫ অক্টোবৰৰ পৰা এককালীনভাৱে সৰ্বাধিক ৯ শতাংশ পৰ্যন্ত দৰমহা বৃদ্ধি কৰা হ’ব। ৱঙে স্পষ্ট কৰি দিয়ে যে, ইয়াৰ পিছত দৰমহাত যিকোনো পৰিৱৰ্তন ব্যক্তিগত কৰ্মদক্ষতা আৰু দায়িত্বৰ ওপৰত ভিত্তি কৰিহে কৰা হ’ব।