অসমৰ বানাক্ৰান্তলৈ ইজৰাইলৰ সহমৰ্মিতা

Story by  atv | Posted by  [email protected] • 57 m ago
অসমৰ বানাক্ৰান্তলৈ ইজৰাইলৰ সহমৰ্মিতা
অসমৰ বানাক্ৰান্তলৈ ইজৰাইলৰ সহমৰ্মিতা
 
নতুন দিল্লী
 
বানে ধোৱা উজনিৰ তিনি জিলাত এতিয়া বোকা আৰু পলসৰ মাজত নিজৰ আপোন ঘৰখন, বানত হেৰাই যোৱা আপোনজনক বিচাৰি হাহাকাৰ কৰিছে বন্যাৰ্তই। বানৰ ফলত দিশহাৰা হৈ পৰা অসমৰ বন্যাৰ্তৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে নতুন দিল্লীস্থিত ইজৰাইলৰ দূতাবাসে। এই দুখৰ সময়ছোৱাত ইজৰাইল ভাৰত তথা অসমৰ সৈতে আছে বুলি দূতাবাসে প্ৰকাশ কৰে।
 
‘‘অসমৰ ভয়াৱহ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলো পৰিয়াল আৰু জনগোষ্ঠীৰ প্ৰতি আমাৰ সমবেদনা। এই জটিল সময়ত ইজৰাইলে অসম আৰু ভাৰতৰ জনসাধাৰণৰ সৈতে সংহতিৰে থিয় দিছে, আৰু প্ৰভাৱিত সকলোৰে নিৰাপত্তাৰ কামনা কৰিছে৷’’ পোষ্টটোত ইজৰাইলৰ দূতাবাসে উল্লেখ কৰে ৷
এই পোষ্টৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে ইজৰাইলক ধন্যবাদ জ্ঞাপন কৰে ৷ এটা পোষ্টত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লিখিছে- ‘‘এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত ইজৰাইলৰ সমৰ্থন আৰু সংহতিৰ বাবে কৃতজ্ঞতা । বানপীড়িত সকলো অঞ্চলতে ২৪ ঘণ্টাই সাহায্য আৰু উদ্ধাৰ প্ৰচেষ্টা অব্যাহত থকাৰ সময়তে ইজৰাইলে সমৰ্থন জনোৱাৰ বাবে অসম চৰকাৰ আৰু জনসাধাৰণে শলাগ লৈছে ।’’
 
উল্লেখযোগ্য যে বানত ক্ষতিগ্ৰস্ত লোকক সাহায্যৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ দুৰ্গতসকলৰ পৰিয়াললৈ ক্ষতিপূৰণ প্ৰদানৰ লগতে সাহায্য যোগান প্ৰক্ৰিয়াও অব্যাহত আছে ৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক্স হেণ্ডেলত আন এটা পোষ্টত জানিবলৈ দিয়ে যে, ক্ষতিগ্ৰস্ত অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে পুনৰ বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হ’ব ৷
‘‘কোনো শিশুৰ শিক্ষাত ব্যাঘাত নপৰাটো নিশ্চিত কৰি অসম চৰকাৰে বিনামূলীয়াকৈ প্ৰতিস্থাপন পাঠ্যপুথি বিতৰণ কৰিব ৷ যিসকল ছাত্ৰ-ছাত্ৰীৰ কিতাপ হেৰাই গৈছে বা নষ্ট হৈছে তেওঁলোকক পাঠ্যপুথি যোগান ধৰা হ’ব।’’ -মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে পোষ্টটোত কয়।