তৰুণ নন্দী / কলকাতা
দেশৰ নিৰাপত্তাতকৈ ডাঙৰ আন একো হ'ব নোৱাৰে। নিজৰ আপুৰুগীয়া ভেটি বা সপোনৰ খেতিমাটি হেৰুৱাৰ দুখতকৈও দেশৰ সুৰক্ষিত ভৱিষ্যতৰ চিন্তাই এতিয়া একগোট কৰিছে সীমান্তৱাসী ৰাইজক। অনুপ্ৰৱেশ আৰু চোৰাং সৰবৰাহৰ দৰে জ্বলন্ত সমস্যাৰ চিৰস্থায়ী সমাধানৰ স্বাৰ্থত ৰাইজে এতিয়া চৰকাৰক নিজেই মাটি এৰি দিবলৈ আগবাঢ়ি আহিছে। লক্ষ্য মাথোঁ এটাই - এখন নিৰাপদ আৰু সুৰক্ষিত সীমান্ত। ৰাজ্যৰ নতুন চৰকাৰখনে শেহতীয়াকৈ গ্ৰহণ কৰা এক ঐতিহাসিক আৰু বলিষ্ঠ পদক্ষেপে সীমান্তৰ বাসিন্দাৰ মনত জগাই তুলিছে আশাৰ এক নতুন ৰেঙণি।
ভাৰত-বাংলাদেশ সীমান্তৰ কটকটীয়া নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এইবাৰ তৎপৰ হৈ পৰিছে ৰাজ্যৰ নতুন চৰকাৰ। নৱান্নত অনুষ্ঠিত নতুন মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকেই মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে ঘোষণা কৰিছিল যে অহা ৪৫ দিনৰ ভিতৰত সীমান্ত অঞ্চলত কাঁইটীয়া তাঁৰৰ বেৰা দিয়াৰ বাবে BSF-ৰ হাতত প্ৰয়োজনীয় ভূমি অৰ্পণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ পোৱাৰ পাছতেই মঙলবাৰে উত্তৰ ২৪ পৰগণা জিলাৰ বছিৰহাট মহকুমাৰ সীমান্ত পৰিদৰ্শন কৰিবলৈ ওলাই আহে আৰক্ষী অধীক্ষক অলকানন্দা ভাৱাল আৰু বিএছএফৰ বিষয়াসকল।
পৰিসংখ্যা অনুসৰি, বছিৰহাট আৰক্ষী জিলাৰ অন্তৰ্গত স্বৰূপনগৰৰ হাকিমপুৰৰ পৰা হিংগলগঞ্জৰ ৪ নম্বৰ ছামছেৰনগৰলৈকে মুঠ ৯৬ কিলোমিটাৰ সীমান্ত এলেকা আছে। এই বিস্তীৰ্ণ অঞ্চলটোৰ ভৌগোলিক অৱস্থা অত্যন্ত জটিল। ইয়াৰ ভিতৰত প্ৰায় ৫০ কিলোমিটাৰ জল সীমান্ত আৰু ৪৬ কিলোমিটাৰ স্থল সীমান্ত আছে। কাষতে বাংলাদেশ থকাৰ পাছতো এই ৪৬ কিলোমিটাৰ স্থল সীমান্তৰ ভিতৰত ২০ কিলোমিটাৰ এলেকা বৰ্তমানলৈকে অসুৰক্ষিত বা কাঁইটীয়া তাঁৰবিহীন অৱস্থাত আছে। বছিৰহাট মহকুমাৰ স্বৰূপনগৰৰ তাৰালি আৰু নিত্যানন্দকাঠিৰ দৰে অঞ্চলবোৰত কোনো বেৰা নথকাৰ বাবে অনুপ্ৰৱেশ আৰু চোৰাং সৰবৰাহ বৃদ্ধি পোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পোৱাৰ পাছতেই আৰক্ষী অধীক্ষক অলকানন্দা ভাৱাল আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থই বিষয়াসকলক লগত লৈ বছিৰহাটৰ এই ‘অসুৰক্ষিত’ স্থানসমূহ চিহ্নিত কৰে। ইয়াৰ লগতে সীমান্তৰ নিৰাপত্তাৰ বিষয়টোক লৈ বিএছএফৰ বিষয়াসকলৰ সৈতে এক সুদীৰ্ঘ বৈঠকত মিলিত হয়।
কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, ২২১৬.৭ কিলোমিটাৰ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিতৰত এতিয়াও প্ৰায় ৫৬৯ কিলোমিটাৰ অঞ্চল বেৰবিহীন অৱস্থাত আছে। ইয়াৰে ১১২.৭৮ কিলোমিটাৰ ঠাইত প্ৰাকৃতিক কাৰণ বা ভৌগোলিক সমস্যাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিয়াটো সম্ভৱ নহয়। কিন্তু বাকী থকা ৪৫৬.২২ কিলোমিটাৰ অঞ্চলত বেৰা দিয়াটো সম্ভৱ যদিও আজিও সেই কাম সম্পূৰ্ণ হোৱা নাই। ভৌগোলিক প্ৰতিবন্ধকতাৰ সমান্তৰালকৈ মাটি অধিগ্ৰহণৰ সমস্যাৰ বাবে দীৰ্ঘদিন ধৰি কাঁইটীয়া তাঁৰ লগোৱাৰ এই কাম স্তব্ধ হৈ আছিল। অৱশ্যে, বংগৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে সময়সীমা নিৰ্ধাৰণ কৰি দিয়াৰ ফলত এইবাৰ মাটি হস্তান্তৰৰ প্ৰক্ৰিয়া দ্ৰুতগতিত আগবাঢ়িব বুলি সচেতন মহলে ধাৰণা কৰিছে। প্ৰশাসনিক সূত্ৰৰ পৰা জানিব পৰা মতে, সীমান্তৰ যিবোৰ স্থানত কাঁইটীয়া তাঁৰ নাই, সেই স্থানসমূহ ক্ষিপ্ৰতাৰে চিহ্নিত কৰি নথিভুক্ত কৰাৰ কাম চলি আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি নিৰ্ধাৰিত ৪৫ দিনৰ ভিতৰতে সকলো আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ প্ৰয়াস কৰা হৈছে।
পশ্চিমবংগৰ জনগন
পানীৰতৰ বা সাতক্ষীৰা সীমান্তৰ দাঁতিকাষৰীয়া অঞ্চলত যিসকল ভাৰতীয় খেতিয়কৰ মাটি কাঁইটীয়া তাঁৰৰ সিপাৰে ৰৈ গৈছে, তেওঁলোকেও চৰকাৰৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে। বহুতেই নিজৰ দুফচলীয়া বা তিনিফচলীয়া মাটিৰ মোহ ত্যাগ কৰি কৈছে, "প্ৰথমতে দেশৰ সুৰক্ষা, তাৰ পাছতহে আমাৰ খেতি-বাতি।" সীমান্তবাসীৰ দাবী, প্ৰশাসনৰ তৰফৰ পৰা কাঁইটীয়া তাঁৰৰ বেৰা দিলে গৰু সৰবৰাহ বা অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ হ'ব আৰু তেওঁলোকে ৰাতি নিচিন্তে শুব পাৰিব। স্থানীয় ৰাইজৰ স্পষ্ট কথা- সুৰক্ষা আৰু শান্তিৰ স্বাৰ্থত চৰকাৰে অতি সোনকালে মাটি অধিগ্ৰহণ কৰি বেৰা নিৰ্মাণৰ কাম শেষ কৰক, তেতিয়াহে সকলো বেমেজালিৰ অন্ত পৰিব।
উল্লেখ্য যে, উত্তৰ বংগৰ ডুৱাৰ্ছৰ পৰা দক্ষিণ বংগৰ সুন্দৰবনলৈকে বিয়পি থকা এই সুদীৰ্ঘ সীমান্তৰ সুৰক্ষা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ এক অবিচ্ছেদ্য অংগ। মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ কাৰ্যকালৰ প্ৰথমটো ডাঙৰ সিদ্ধান্ত সঠিক সময়ত বাস্তৱায়িত হ'লেই সীমান্তবাসীৰ মনত চৰকাৰৰ প্ৰতি আস্থাৰ পৰিৱেশ সৃষ্টি হ'ব। আৰক্ষী প্ৰশাসন আৰু BSF-ৰ এনে তৎপৰতাত দীৰ্ঘদিন ধৰি ওলমি থকা 'বৰ্ডাৰ ফেন্সিঙ'ৰ সমস্যা অতি শীঘ্ৰে দূৰ হ'ব বুলিয়েই বিশেষজ্ঞ মহলে মত পোষণ কৰিছে।