বিষ্ণুৰাভাক কলাগুৰু উপাধি প্ৰদান কৰাৰ আৰৰ কাহিনী

Story by  atv | Posted by  Munni Begum • 1 Months ago
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো
 
  স্বপ্না দাস 
 
অসমৰ জাতীয় জীৱনৰ এগৰাকী কাণ্ডাৰী, প্ৰকৃত জাতীয়তাবাদী মনোভাৱাপন্ন কলাসাধক বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাণ ভৰি ভাল পাইছিল অসমক, অসমৰ জনগণক, অসমৰ কৃষ্টি সংস্কৃতিক। জাতিক ভালপোৱা মাটিৰ মানুহ আছিল বিষ্ণু প্ৰসাদ ৰাভা। আসমীয়া জাতি জীয়াই থাকে মানে একেধাৰে কবি, গল্পকাৰ, প্ৰবন্ধকাৰ, ঔপন্যাসিক, নৃত্যবিদ, চিত্ৰকৰ, নাট্যকাৰ, অভিনেতা, গীতিকাৰ, গায়ক, পৰিচালক, খেলুৱৈ, সংগীতজ্ঞ, সংগঠক, ৰাজনীতিবিদ, বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ চিন্তাধাৰা চিৰনতুন হৈ থাকিব। একপ্ৰকাৰ সকলো দিশত দক্ষ বিষ্ণুপ্ৰসাদ ৰাভা অসম তথা অসমীয়াৰ মাজত চিৰনমস্য হৈ ৰ'ল 'কলাগুৰু' অভিধাৰে। বিষ্ণু ৰাভা এগৰাকী সংগ্ৰামী, বিপ্লৱী, গণনায়ক হ'লেও পিছে 'কলাগুৰু' অভিধাৰে তেওঁৰ এক অনন্য পৰিচয় আছে। কিন্তু এই অভিধা বাৰু ৰভাদেৱক কোনে প্ৰদান কৰিছিল?
 
বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু হিচাপে প্ৰথম সৰ্বপল্লী ৰাধাকৃষ্ণণে অভিহিত কৰিছিল বুলি সৰ্বাধিক প্ৰচলিত। কাশী বিশ্বিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰদৰ্শন কৰা 'নটৰাজ নৃত্য'ত অভিভূত হৈ সেই সময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' সন্মান প্ৰদান কৰিছিল বুলি প্ৰচলিত আছে। আনকি শিক্ষানুষ্ঠানত প্ৰচলিত বিভিন্ন পাঠ্যপুথিতো এই কথাকে লিখা আছে। তাহানিৰে পৰা সৰ্বসাধাৰণৰ মাজত এইদৰেই প্ৰচলিত আৰু বিভিন্ন গ্ৰন্থ, লেখা আদিতো এইদৰেই লিখা হৈ অহাৰ উপৰি 'উইকিপেডিয়া'ত এই সম্পৰ্কত উল্লেখ উপলব্ধ এনেদৰে--- "১৯৪০ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণু ৰাভাই পৰিৱেশন কৰা শিৱৰ তাণ্ডৱ নৃত্য, ওজা-পালি আৰু কালীয় দমন নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মুগ্ধ হৈছিল আৰু বিষ্ণু ৰাভাক ভূয়সী প্ৰশংসা কৰি কলাগুৰু উপাধি প্ৰদান কৰিছিল।" 
 
বিষ্ণুপ্ৰসাদ ৰাভাই সাহিত্য চৰ্চা কৰি থকা এক মূহুৰ্ত
 
পিছে এয়া কিমান সত্য? বিভিন্নজনৰ মতে এই তথ্য সত্যৰ আধাৰত প্ৰতিষ্ঠিত নহয়। বিষ্ণুপ্ৰসাদ ৰাভাক 'কলাগুৰু' হিচাপে প্ৰথমতে 'দৈনিক অসম' কাকতেহে সন্মানিত কৰিছিল বুলি অনেকে ক'ব খোজে। দৈনিক বাতৰি কাকত 'দৈনিক অসম'ৰ সাংবাদিক বিবুধ কলিতাই কাকতখনত প্ৰকাশিত এটা বাতৰিত বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু হিচাপে প্ৰথম অভিহিত কৰিছিল হেনো। এই কথা উল্লেখ আছে 'বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ'ৰ ১৪০২ পৃষ্ঠাত। সেইমতে জনা যায় যে, ‘দৈনিক অসম’ নামৰ দৈনিক অসমীয়া কাকতখনৰ ১৯৬৯ চনৰ ২১ জুন তাৰিখে প্ৰকাশিত আৰু সাংবাদিক বিবুধ কলিতা পৰিৱেশিত ৰাভাৰ মৃত্যু সম্পৰ্কীয় বাতৰিত ‘কলাগুৰু’ অভিধাৰে ৰাভাক প্ৰথমবাৰলৈ অভিহিত কৰা হয়। 
 
একেখন কাকতৰ প্ৰাক্তন সম্পাদক অনিল বৰুৱায়ো এই কথাৰ সত্যতা স্বীকাৰ কৰিছে। তেওঁ সামাজিক মাধ্যমত এই সম্পৰ্কত নিজৰ নষ্টালজিয়া লিখাৰ উপৰি ২০২৩ চনৰ ৫ জুলাই সংখ্যাৰ 'দৈনিক অসম'তো লিখিছিল। অনিল বৰুৱাৰ লেখাটো মতেও কাকতখনতেই বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু হিচাপে সন্মানিত কৰাৰ সত্যতা উল্লেখ কৰাৰ উপৰি একেটা লেখাৰ পৰা জানিব পৰা যায় যে, ৰুদ্ৰ বৰুৱাক ‘লুইত কোঁৱৰ’ অভিধাও 'দৈনিক অসম' কাকততেই প্ৰথমবাৰৰ বাবে দিয়া হৈছিল। 

বিষ্ণুপ্ৰসাদ ৰাভাৰ বাসগৃহ
 
অনিল বৰুৱাই স্মৃতি সুঁৱৰি লিখিছিল--- "বিষ্ণুপ্ৰসাদ ৰাভাক ‘দৈনিক অসম’ৰ প্ৰথম পৃষ্ঠাত ‘কলাগুৰু’ অভিধা দি চিৰবিদায় দিছিল তেজপুৰৰ সাংবাদিক বিবুধ কলিতাই। তাৰ সাক্ষী আছিলোঁ সেইদিনাৰ সন্ধিয়াৰ খেপ পৰিচালনা কৰা মই। ‌আন এদিন সন্ধিয়াৰ খেপৰ দায়িত্বত থাকোঁতে ৰুদ্ৰ বৰুৱাক ‘লুইত কোঁৱৰ’ অভিধা দি চিৰবিদায় দিছিলোঁ মই, সাক্ষী আছিল প্ৰফুল্লপ্ৰাণ মহন্ত। বিবুধ কলিতাই তেওঁ আগৰে পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা ‘কলাগুৰু’ অভিধাটো মৃত্যুৰ বাতৰিটোত দিব খুজিলে, মই গ্ৰহণ কৰিলোঁ। ৰুদ্ৰ বৰুৱাৰ ক্ষেত্ৰত তেওঁৰ লুইতৰ দলং থকা গীতটো মনত পৰি ‘লুইত কোঁৱৰ’ কেনে হ’ব বুলি সুধিলত প্ৰফুল্লপ্ৰাণ মহন্তই বৰ ভাল হ’ব বুলি ক’লত, তাকে দিয়া হ’ল। উল্লেখযোগ্য যে সেই কালত অসমীয়া মানুহৰ ঘৰে ঘৰে ‘দৈনিক অসম’ আছিল; অসমীয়া মানুহৰ সকলো ধৰণৰ চিন্তা-চৰ্চাৰ নেতৃত্ব দিছিল কাকতখনে। কলাগুৰু, লুইত কোঁৱৰ আদি অভিধা অসমীয়াৰ ঘৰে ঘৰে সোমাই গ’ল। …বিশিষ্ট এগৰাকীক কিবা এটা অভিধা দিয়াটো এটা ঘটনাক্ৰমে হোৱা কথা। হয়তো ভাবি-চিন্তি, আলাপ-আলোচনা কৰি দিয়া হ’লে বিষ্ণুপ্ৰসাদ ৰাভাক অধিক উপযুক্ত অভিধা এটা আমি দিব পাৰিলোঁহেঁতেন— তেওঁৰ কমিউনিষ্ট অতীতটো আৰু বিপ্লৱী ভাৱমূৰ্তিটো সামৰি।" 
 
অনিল বৰুৱাই 'মই ভাবোঁ, ‘কলাগুৰু’ অভিধাটোৱে বিষ্ণুপ্ৰসাদ ৰাভাক সৰ্বসত্তা সামৰি প্ৰকাশ কৰা নাই' বুলিও লিখি থৈছে। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু হিচাপে প্ৰথম বিবুধ কলিতাৰ বাতৰিত 'দৈনিক অসম'ত সন্মানিত কৰাৰ প্ৰসংগত 'প্ৰান্তিক'তো হেমন্ত কুমাৰ বৰুৱাই  লিখিছিল। বৰুৱাই "১৯৫৭ চনত ‘গতি’ আৰু ১৯৬০ চনত ‘ৰামধেনু’ত প্ৰকাশিত দণ্ডিনাথ কলিতাৰ পুত্ৰ বিবুধ কলিতাই লিখা ‘মাটিৰ সন্তান বিষ্ণু ৰাভা’ প্ৰৱন্ধত এনেদৰে উল্লেখ আছে— "জীয়া গদাধৰ' উপাধি বেণুধৰ শৰ্মাই দিয়া আৰু কলাগুৰু উপাধি আমিয়েই দিছিলোঁ” বুলি ২০১৫ চনৰ ১৬-৩১ জানুৱাৰী সংখ্যাৰ 'প্ৰান্তিক'ত লিখিছে। 

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ৰূপালী পৰ্দাত অভিনয় কৰাৰ এক দৃশ্য
 
ইয়াৰ বিপৰীতে সৰ্বপল্লী ৰাধাকৃষ্ণণে ৰাভাক কলাগুৰু হিচাপে প্ৰথম অভিহিত কৰা বুলি বিভিন্ন পাঠ্যপুথি আৰু বিভিন্ন লেখাত উল্লেখ থকাৰ উপৰি চলতি যদিও লক্ষণীয়ভাৱে ড° দিলীপ কুমাৰ দত্তৰ কলাগুৰু বিষয়ক গৱেষণা গ্ৰন্থ 'বিষ্ণুপ্ৰসাদৰ প্ৰসাদ'ত স্পষ্ট উল্লেখ দেখা নাযায়। ড° দত্তৰ গৱেষণা গ্ৰন্থখনত কাশী প্ৰসংগত 'সেই সময়ৰ কাশী বিশ্ববিদ্যালয় নাট্য সমিতিৰ সভাপতি সতীশ কালেলকাৰ আৰু ৰমণী শৰ্মাৰ প্ৰচেষ্টাত সেই বছৰৰ ২৩ ডিচেম্বৰৰ দিনাখন কাশী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাই কৃষ্ণলীলাৰে আৰম্ভ কৰি তিনিটা নৃত্য প্ৰদৰ্শন কৰে' বুলি উল্লেখ কৰি লিখা হৈছে এনেদৰে--- "অনুষ্ঠানৰ সামৰণি মাৰি উপাচাৰ্য ৰাধাকৃষ্ণণে বিশেষ শলাগ লয়। তাৰ পাছত গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওচৰত বহু ছাত্ৰ-ছাত্ৰীয়ে নাচ শিকিবলৈ লয় আৰু আটায়ে তেওঁক কলাগুৰু বুলিবলৈ ধৰে।" 
 
ইয়াত ৰাধাকৃষ্ণণৰদ্বাৰা ৰাভাক কলাগুৰু বোলাৰ স্পষ্ট উল্লেখ নোপোৱাৰ উপৰি তিলক দাসৰ বহুল পঠিত গ্ৰন্থ ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি’তো এই সম্পৰ্কত কোনো উল্লেখ উপলব্ধ নহয়। তদুপৰি 'বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ'ত সন্নিৱিষ্ট ‘কলাগুৰু প্ৰসংগ: বিষ্ণু ৰাভাৰ এখন আপুৰুগীয়া চিঠি’ মতে বিষ্ণু ৰাভাই বেনাৰসৰ পৰা তৰুণ হাজৰিকালৈ লিখা এখন পত্ৰত তেওঁক ৰাধাকৃষ্ণণে কলাগুৰু হিচাপে অভিহিত কৰাৰ কোনো উল্লেখ নাই। আনকি মোহনলাল মুখাৰ্জীয়ে লিখা গ্ৰন্থ 'সহকৰ্মীৰ দৰ্পণত বিষ্ণুপ্ৰসাদ ৰাভা'ত স্পষ্টকৈ উল্লেখ আছে--- "বিষ্ণু ৰাভাৰ জীৱন-কালত কেতিয়াও এই কথা শুনা নাছিলোঁ, বিশেষকৈ ড° ৰাধাকৃষ্ণণৰ জীৱদ্দশাতেও ৰাভাক ‘কলাগুৰু’ সন্মানেৰে ভূষিত কৰাৰ কথা কেতিয়াও জনা নাছিলোঁ।"

জয়ন্ত হজৰিকাৰ সৈতে বিষ্ণুপ্ৰসাদ ৰাভা
 
এতেকে, বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু হিচাপে প্ৰথম সৰ্বপল্লী ৰাধাকৃষ্ণণে অভিহিত কৰা বুলি ন দি ক'ব পৰা নাযায়। সেয়েহে এই সম্পৰ্কত অধিক অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন নুই কৰিব নোৱাৰি। 
 
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক। আজি  ৰাভা দিৱস উপলক্ষে এই লেখাটি প্ৰকাশ কৰা হৈছে)