শতানন্দ ভট্টাচাৰ্য
মানৱতা আৰু সততা যে আজিও জীয়াই আছে, সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে হাইলাকান্দিৰ এজন মুছলমান সম্প্ৰদায়ৰ অটোচালকে। নিজৰ অটোখনত যাত্ৰীয়ে পাহৰি এৰি থৈ যোৱা লক্ষাধিক টকাৰ এটা বেগ ওভতাই দি তেওঁ সমাজত সততাৰ এক বিৰল নিদৰ্শন দাঙি ধৰিলে। উল্লেখ্য যে, তেওঁ বিচাৰি উলিয়াই বেগটো ঘূৰাই দিয়া যাত্ৰীজন আছিল এজন হিন্দু ধৰ্মাৱলম্বী লোক।
ঘটনাটো পলমকৈ পোহৰলৈ আহিলেও, বৰ্তমান সামাজিক মাধ্যমত এই বিষয়টোক লৈ ব্যাপক চৰ্চা চলিছে আৰু সকলোৱে অটোচালকজনৰ এই মহানুভৱতাক ভূয়সী প্ৰশংসা কৰিছে। সাম্প্ৰতিক সময়ত যেতিয়া একাংশই ধৰ্মৰ নামত ৰাজনীতি কৰাত ব্যস্ত, তেনে এক সময়ত এজন মুছলমান অটোচালকে এজন হিন্দু যাত্ৰীৰ টকা ঘূৰাই দি সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন সৃষ্টি কৰিছে।
জানিব পৰা মতে, কিছুদিন পূৰ্বে হাইলাকান্দি জিলাৰ কৌছৰ আলম চৌধুৰী নামৰ অটোচালকজনে এজন যাত্ৰীক ভাড়াৰ বিনিময়ত হাইলাকান্দিৰ পৰা বদৰপুৰ ৰে’লৱে ষ্টেচনত নমাই দিছিল। সেইদিনাৰ বাবে সেয়াই আছিল তেওঁৰ শেষৰটো যাত্ৰা। পৰৱৰ্তী সময়ত ছৈয়দবন্দ গাঁৱৰ নিজা বাসগৃহলৈ উভতি অহাৰ পিছত কৌছৰে দেখিবলৈ পায় যে তেওঁৰ অটোখনৰ পিছফালৰ চিটত এটা বেগ পৰি আছে।
কৌতূহলবশত বেগটো খুলি চোৱাত তেওঁ দেখে যে তাৰ ভিতৰত দুটা মাটিকঁঠাল আৰু নগদ ১ লাখ ১৪ হাজাৰ টকা আছে। ইমানখিনি টকা দেখি তেওঁ হতভম্ব হৈ পৰে। লগে লগে তেওঁ যাত্ৰীজনক কেনেকৈ বিচাৰি উলিয়াব পাৰি, সেই চিন্তাত তৎপৰ হৈ পৰে। নিশাই তেওঁ পুনৰ বদৰপুৰ ৰে’লৱে ষ্টেচনলৈ ঢাপলি মেলে আৰু বহু সময় ধৰি বিচৰাৰ পিছতো যাত্ৰীজনৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে। উপায়ন্তৰ হৈ আশে-পাশে থকা CCTV ফুটেজ চাইয়ো তেওঁ কোনো শুংসূত্ৰ নাপালে। ইয়াৰ পিছত কৌছৰে সেই নিশাই বদৰপুৰ আৰক্ষী থানাত উপস্থিত হয়গৈ। তেওঁ আৰক্ষীক সকলো কথা বিৱৰি কয় আৰু সহায়ৰ বাবে অনুৰোধ জনায়।
ইফালে, টকাৰ বেগটো হেৰুৱাই যাত্ৰীজনো অত্যন্ত চিন্তিত হৈ পৰিছিল। তেওঁ নিজৰ ৰে’লযাত্ৰা বাতিল কৰি বদৰপুৰ এলেকাত অটোচালকজনক বিচাৰিবলৈ আৰম্ভ কৰে। উপায়ন্তৰ হৈ তেওঁ বদৰপুৰৰ অটো পাৰ্কিং এলেকাৰ দায়িত্বত থকা এজন ব্যক্তিৰ কাষ চাপে। যাত্ৰীজনে নিজৰ পৰিচয় ‘অসীম’ বুলি দিয়ে আৰু তেওঁ পশ্চিমবংগত ব্যৱসায় কৰে বুলি জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত বিভিন্ন লোকৰ জৰিয়তে এই খবৰটো কৌছৰৰ কাণত পৰেহি।
তাৰ পিছত বদৰপুৰৰ পৰা আন এজন লোকক লগত লৈ অসীম আহি কৌছৰৰ বাসগৃহত উপস্থিত হয়। উপযুক্ত প্ৰমাণ লাভ কৰাৰ পিছত কৌছৰে টকাৰ বেগটো অসীমৰ হাতত তুলি দিয়ে। হেৰোৱা ধন ঘূৰাই পাই আৱেগিক হৈ অসীমে কৌছৰক সাৱটি ধৰে। তেওঁ কৌছৰক বহু উপহাৰ দিব বিচাৰিছিল, যদিও কৌছৰে একোৱেই গ্ৰহণ কৰিবলৈ মান্তি হোৱা নাছিল। অৱশেষত অসীমে জোৰকৈ কৌছৰক ৩,০০০ টকা উপহাৰ হিচাপে প্ৰদান কৰে।
এই সমগ্ৰ ঘটনাৱলী সন্দৰ্ভত কৌছৰে কয় যে, যিকোনো মানুহৰ সততা হৈছে তেওঁৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। তেওঁ ইচ্ছা কৰা হ'লে সেই ধনখিনি ঘূৰাই নিদিবও পাৰিলেহেঁতেন, কিন্তু তেওঁৰ বিবেক দংশন হ'বলৈ ধৰিলে। তেওঁৰ মনলৈ আহিল যে, ইমানখিনি টকা হেৰুৱাই মানুহজনে নিশ্চয় বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। কৌছৰৰ এই মহান কাৰ্যই সঁচাকৈয়ে সকলোৰে অন্তৰ চুই গৈছে। সাম্প্ৰদায়িকতাৰ সংকীৰ্ণতাৰ উৰ্ধলৈ গৈ এজন মুছলমান অটোচালকে যিদৰে এজন হিন্দু যাত্ৰীৰ কষ্টোপাৰ্জিত ধন ঘূৰাই দিলে, সেয়া কেৱল সততাৰ নিদৰ্শনেই নহয়, বৰং ই হৈছে মানৱতাৰ এক চিৰযুগমীয়া জয়গান।