কিংবদন্তি ‘লিটল মাষ্টাৰ’ সুনীল গাভাস্কাৰক কাষত পাই অভিভূত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিকুঞ্জ নাথ / গুৱাহাটী
খেলপথাৰত যাৰ নিপুণ কলাত্মক শৈলীয়ে সমগ্ৰ বিশ্বক মুগ্ধ কৰিছিল, যাৰ বেটৰ প্ৰতিটো শব্দই কঢ়িয়াই আনিছিল কোটি কোটি ভাৰতীয়ৰ বুকুৰ স্পন্দন- তেওঁ আন কোনো নহয়, তেওঁ হৈছে ভাৰতীয় ক্ৰিকেট জগতৰ অন্যতম শ্ৰেষ্ঠ কিংবদন্তি, 'লিটল মাষ্টাৰ' খ্যাত সুনীল মনোহৰ গাভাস্কাৰ। বিশ্ব ক্ৰিকেটত প্ৰথমবাৰৰ বাবে ১০ হাজাৰ ৰানৰ অভিলেখ গঢ়া এইগৰাকী মহান ক্ৰীড়াবিদৰ অসমত পদাৰ্পণে শেহতীয়াকৈ ৰাজ্যৰ ক্ৰীড়া অনুৰাগীসকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।
আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিছপুৰস্থিত লোকসেৱা ভৱনত এক সৌজন্যমূলক সাক্ষাৎ কৰে এইগৰাকী মহাতাৰকাই। এই বিশেষ সাক্ষাৎকাৰ কেৱল এক সাধাৰণ আছুতীয়া বৈঠক হৈয়ে নাথাকিল, ই পৰিণত হ'ল অসমৰ ক্ৰীড়া জগতৰ ভৱিষ্যতৰ এক নতুন ৰূপৰেখা অংকন কৰাৰ এক ফলপ্ৰসূ আলোচনাত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি সুনীল মনোহৰ গাভাস্কাৰৰ
লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বৈঠকত দুয়োগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাৰতীয় ক্ৰিকেটৰ সোণালী ঐতিহ্য আৰু বৰ্তমানৰ ক্ৰীড়া জগতৰ পৰিৱৰ্তিত ধাৰা সম্পৰ্কে গভীৰ মত বিনিময় কৰে। মুখ্যমন্ত্ৰী শৰ্মাই গাভাস্কাৰক কাষত পাই নষ্টালজিক হৈ পৰে। ছ’চিয়েল মিডিয়াত এই মুহূৰ্তটোৰ কথা গৌৰৱেৰে বৰ্ণনা কৰি তেওঁ কয় যে, তেওঁৰ প্ৰজন্মৰ অগণন ভাৰতীয়ৰ দৰেই তেৱোঁ গাভাস্কাৰৰ খেল চাই ডাঙৰ হোৱা এজন অনুৰাগী।
শৈশৱৰ সেই সোণালী দিনবোৰ, টেলিভিছনৰ পৰ্দাত গাভাস্কাৰৰ সেই বিখ্যাত বেটিং প্ৰদৰ্শন, যাক সমগ্ৰ বিশ্বই 'SUNNY knocks' বুলি অভিহিত কৰে, সেই অমল স্মৃতিবোৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰোমন্থন কৰে। তেওঁ আৱেগিক হৈ উল্লেখ কৰে, "শৈশৱৰ পৰাই মোৰ দৰে অগণন ভাৰতীয়ক অনুপ্ৰাণিত কৰি অহা ক্ৰিকেট জগতৰ এক কিংবদন্তিক নিজ কাৰ্যালয়ত সাক্ষাৎ লাভ কৰি মই অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত।"
ভাৰতীয় ক্ৰিকেট জগতৰ অন্যতম শ্ৰেষ্ঠ কিংবদন্তি, 'লিটল মাষ্টাৰ' খ্যাত সুনীল গাভাস্কাৰ
সাক্ষাৎকালত কেৱল অতীতৰ স্মৃতিচাৰণেই নহয়, অসমৰ ক্ৰীড়া জগতৰ ভৱিষ্যতক লৈয়ো এক বাস্তৱসন্মত আৰু গভীৰ আলোচনা অনুষ্ঠিত হয়। ৰাজ্যখনৰ চুকে-কোণে লুকাই থকা উদীয়মান ক্ৰিকেট প্ৰতিভাসকলক কেনেদৰে বিশ্বদৰবাৰলৈ উলিয়াই নিব পাৰি, সেই বিষয়ে গাভাস্কাৰে নিজৰ সুদীৰ্ঘ অভিজ্ঞতাৰ আধাৰত কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। ৰাজ্যৰ নৱাগত খেলুৱৈসকলক অধিক সুযোগ আৰু বিশ্বমানৰ পৰিসৰ প্ৰদানৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে, সেই বিষয়ত দুয়োগৰাকীৰ মাজত এক আন্তৰিক আৰু ফলপ্ৰসূ বাৰ্তালাপ হয়।
এই বৈঠকৰ অন্যতম আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ দিশটো আছিল গাভাস্কাৰে আগবঢ়োৱা এক বিশেষ প্ৰস্তাৱ। বিশ্বৰ অন্যতম জনপ্ৰিয় 'টকিঅ' মেৰাথন ২০২৫'ৰ আৰ্হিত অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত এখন বৃহৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেৰাথন প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে তেখেতে মুখ্যমন্ত্ৰীগৰাকীক প্ৰস্তাৱ দিয়ে। মুখ্যমন্ত্ৰী শৰ্মাই অতিশয় উলাহেৰে এই প্ৰস্তাৱক আদৰণি জনায়।
তেওঁ স্পষ্ট কৰি দিয়ে যে, এনে এক সন্মানীয় আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান অসমত আয়োজন কৰিবলৈ পালে ৰাজ্য চৰকাৰ সঁচাকৈয়ে গৌৰৱান্বিত হ'ব। অসমৰ ক্ৰীড়া জগতক বিশ্ব দৰবাৰত এক নতুন উচ্চতালৈ নিয়াৰ ক্ষেত্ৰত এই প্ৰস্তাৱটো চৰকাৰে অতি ইতিবাচকভাৱে বিবেচনা কৰি পৰীক্ষা কৰি চাব বুলি তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
পৰম্পৰা আৰু আতিথ্যৰ বাবে সমগ্ৰ বিশ্বতে অসমৰ এক সুকীয়া নাম আছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তো ইয়াৰ কোনো ব্যতিক্ৰম নহ'ল। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী শৰ্মাই কিংবদন্তি খেলুৱৈগৰাকীক অসমীয়াৰ স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা আৰু অন্যান্য উপহাৰেৰে পৰম্পৰাগত ৰীতি-নীতিৰে বিশেষ সন্মান প্ৰদান কৰে। সামগ্ৰিকভাৱে, সুনীল গাভাস্কাৰ আৰু মুখ্যমন্ত্ৰীৰ এই সতীৰ্থসুলভ আৰু গঠনমূলক সাক্ষাৎকাৰ কেৱল এক শিষ্টাচাৰমূলক ব্যৱস্থাতে আৱদ্ধ নাথাকি, অসমৰ ক্ৰীড়া খণ্ডৰ সৰ্বাংগীন বিকাশৰ বাবে এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।