জলাশয়ৰ ‘অভিশাপ’ এতিয়া লক্ষ্মীৰ ভঁৰাল! কৌশিক-ৰেহেনাৰ প্ৰচেষ্টাত মেটেকাৰ জৰিয়তে ভাগ্য সলনি হৈছে সংখ্যালঘু মহিলাৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
তৰুণ নন্দী / কলকাতা
 
যি মেটেকাক গ্ৰাম্য জীৱনত জলাশয়ৰ এক ‘অভিশাপ’ বা অলাগতিয়াল আৱৰ্জনা বুলি গণ্য কৰা হয়, সেই মেটেকাই এতিয়া কঢ়িয়াই আনিছে আশাৰ বতৰা। উত্তৰ ২৪ পৰগনাৰ হালিচহৰৰ ৫০ খনতকৈয়ো অধিক দুখীয়া সংখ্যালঘু পৰিয়ালৰ জীৱিকাৰ মূল আধাৰ এতিয়া এই মেটেকাই। নদী, পুখুৰী বা সৰু জলাশয়ত গজা মেটেকা শুকুৱাই তাতেই শৈল্পিক ৰূপ দি উপাৰ্জনৰ পথ বাছি লৈছে অঞ্চলটোৰ সংখ্যালঘু মহিলাসকলে। গাঁৱৰ অৰ্থনীতিক সলনি কৰি পেলোৱা এই অসাধ্য সাধনৰ নেপথ্যৰ কাৰিকৰ গৌৰৱ আনন্দ আৰু ‘স্বচ্ছতা প্ৰকাৰ’ৰ একনিষ্ঠ সদস্য কৌশিক মণ্ডল তথা ৰেহেনা খাতুনৰ প্ৰচেষ্টাতে হালিচহৰৰ এটা সৰু কোঠাত গঢ় লৈ উঠিছে এই অনন্য কৰ্মশালা।
 
ইয়ালৈ আহিলে দেখিবলৈ পোৱা যায় যে, জলাশয়ৰ পৰা তুলি অনা মেটেকা ৰ'দত শুকুৱাই তাৰ আঁহৰ পৰা তৈয়াৰ কৰা হৈছে ইটোৰ পিছত সিটোকৈ চকু চাট মৰা আকৰ্ষণীয় সামগ্ৰী। মেটেকাৰ পৰা যে ইমান ধৰণৰ আধুনিক বস্তু তৈয়াৰ হ'ব পাৰি, সেয়া নিজ চকুৰে নেদেখিলে বিশ্বাস কৰাই টান।
 
 
কি নাই সেই তালিকাত! আভিজাত্যৰে ভৰা মহিলাৰ বেগৰ পৰা আৰম্ভ কৰি শাৰী, ডায়েৰী, আটকধুনীয়া গহনা, ফাইল, কলম থোৱা পাত্ৰ, আনকি সুদৃশ্য ট্ৰে আৰু ফল-মূল থোৱা পাচিও ইয়াত উপলব্ধ। জলাশয়ৰ সাধাৰণ অপতৃণ বা আৱৰ্জনাৰ পৰা তৈয়াৰী এই সামগ্ৰীসমূহে এতিয়া প্লাষ্টিক বা কৃত্ৰিম উপাদানেৰে নিৰ্মিত আধুনিক ঘৰ সজোৱা সামগ্ৰীসমূহকো প্ৰতিযোগিতাত চেৰ পেলাইছে।
 
উল্লেখ্য যে, পিছপৰা সংখ্যালঘু পৰিয়ালৰ মহিলাসকলৰ অৰ্থনৈতিক মেৰুদণ্ড মজবুত কৰাৰ লক্ষ্যৰে তেওঁলোকৰ কাষত থিয় দিছে সমাজকৰ্মী ৰেহেনা খাতুন। অঞ্চলটোৰ প্ৰায় ৫০-ৰ পৰা ৬০ গৰাকী সংখ্যালঘু মহিলাক তেওঁ হাতে-কামে প্ৰশিক্ষণ দি পেছাদাৰী শিল্পী হিচাপে গঢ়ি তুলিছে।
 
কৌশিকবাবু আৰু ৰেহেনা খাতুনে হাঁহিমুখে তেওঁলোকৰ উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰি কয়, "আমি বিচাৰোঁ গাঁৱৰ মহিলাসকলে যাতে ওপৰত নিৰ্ভৰশীল নহৈ নিজৰ যোগ্যতাৰে সংসাৰ চলাব পাৰে। মেটেকা সংগ্ৰহ কৰাত তেনে কোনো ডাঙৰ সমস্যা নাই। সংগ্ৰহ কৰাৰ পিছত কেৱল পৰিশ্ৰম আৰু সৃজনীশীলতাৰ প্ৰয়োজন, যাৰ জৰিয়তে অসাধাৰণ সামগ্ৰী তৈয়াৰ কৰিব পাৰি। আৰু আমি তেওঁলোকক সেই পথটোৱেই দেখুৱাইছোঁ।" হালিচহৰৰ সৰু কোঠাটোত এতিয়া ঠাইৰ যথেষ্ট অভাৱ, সেয়ে মহিলাসকলে ভাগ ভাগ হৈ কাম কৰিবলগীয়া হয়। কিন্তু ইয়াৰ বাবে তেওঁলোকৰ উৎসাহ একেবাৰেই ম্লান হোৱা নাই।
 
প্ৰতিনিধিত্বমূলক ছবি
 
উল্লেখ্য যে এই কৰ্মশালাত কাম কৰিবলৈ অহা মহিলাসকলে কেৱল অৰ্থনৈতিক স্বচ্ছলতা লাভ কৰাই নহয়, তেওঁলোকে বিচাৰি পাইছে এক নতুন পৰিচয়। তেওঁলোকৰ বাবে এই কৰ্মশালাখন এটা বৃহৎ পৰিয়ালৰ দৰেই। দিনটো সতীৰ্থসকলৰ সৈতে হাঁহি-ধেমালি আৰু আড্ডা মৰাৰ মাজতেই চলি থাকে নিপুণ হাতৰ এই কাম।
 
প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী মহিলাই আনন্দৰে জনায়, "আগতে অভাৱ আমাৰ নিত্যসংগী আছিল। এতিয়া নিজৰ হাতেৰে কাম কৰি উপাৰ্জন কৰিছোঁ। আমাৰ নিজৰ হাতেৰে তৈয়াৰ কৰা সামগ্ৰীসমূহে যেতিয়া মেলা বা প্ৰদৰ্শনীত বিশেষ সমাদৰ লাভ কৰে, তেতিয়া বুকুখন গৌৰৱেৰে ভৰি পৰে।"
 
কথা প্ৰসংগত জানিব পৰা গৈছে যে, কৌশিক মণ্ডলৰ উদ্যোগত এই হস্তশিল্পসমূহ ৰাজ্যৰ বিভিন্ন নামী-দামী প্ৰদৰ্শনী আৰু মেলালৈ প্ৰেৰণ কৰা হৈছে। পৰিৱেশ অনুকূল হোৱাৰ বাবে মেটেকা শিল্পৰ প্ৰতি গ্ৰাহকৰ আগ্ৰহ দিনে দিনে বৃদ্ধি পাইছে। বিক্ৰীৰ পৰা অহা লাভাংশ পোনপটীয়াকৈ গৈ মহিলাসকলৰ হাতত পৰিছেগৈ।
 
কৰ্মশালাত কামত ব্যস্ত মহিলাসকলৰ এক দৃশ্য
 
অৱশ্যে কৌশিকবাবুৰ সপোন ইয়াতকৈয়ো ডাঙৰ। তেওঁ বিচাৰে ভৱিষ্যতে এই কৰ্মশালাখন অধিক ডাঙৰ পৰিসৰত গঢ় লৈ উঠক। লগতে মেটেকাৰ পৰা নিৰ্মিত এই শিল্পৰ হাত ধৰি অঞ্চলটোৰ আন বহু মহিলাই স্বাৱলম্বিতাৰ পথ বিচাৰি পাওক।
 
পৰিৱেশ সংৰক্ষণৰ সমান্তৰালভাৱে মেটেকা নামৰ এই অপতৃণক সম্পদলৈ ৰূপান্তৰিত কৰি হালিচহৰৰ এই ‘মেটেকা মডেল’-এ আজি সমগ্ৰ বংগতে এক আলোড়নৰ সৃষ্টি কৰিছে। গাঁৱৰ দুখীয়া মহিলাসকলে ঘৰুৱা কাম-কাজৰ লগতে আজিকালি নিৰ্মাণ কৰিছে ঘৰ সজোৱা বিশ্বমানৰ আকৰ্ষণীয় সামগ্ৰী। প্ৰকৃত অৰ্থত, মহিলা সৱলীকৰণ আৰু স্বাৱলম্বিতাৰ এয়াই হৈছে এক সুন্দৰ তথা জীৱন্ত নিদৰ্শন!