বানাক্ৰান্তলৈ যোৱা সাহায্য দুষ্ট চক্ৰৰ হাতত নপৰিবলৈ বদৰুদ্দিন আজমলৰ বিশেষ পদক্ষেপ

Story by  Ariful Islam | Posted by  Munni Begum • 17 h ago
বানাক্ৰান্তলৈ সাহায্য বদৰুদ্দিন আজমলৰ
বানাক্ৰান্তলৈ সাহায্য বদৰুদ্দিন আজমলৰ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
ৰাজ্যত বান পৰিস্থিতিৰ কিছু উন্নত হৈছে যদিও বানৰ সংহাৰ অব্যাহত আছে। বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত মৃত লোকৰ সংখ্যা বৃদ্ধি পাইয়ে আছে। সমান্তৰালভাবে বানপীড়িতসকললৈ সমগ্ৰ দেশৰ পৰাই বান সাহায্য আহি আছে। উজনি অসমৰ বহু মছজিদ আৰু মাদ্ৰাছাই বানাক্ৰান্তক আশ্ৰয় দিয়াৰ লগতে, বিভিন্ন প্ৰকাৰে সহায় কৰিবলৈ দিনে নিশাই কাম কৰি আছে। শিৱসাগৰ দিনী মাদ্ৰাছাৰ ছাত্ৰসকলে বানাক্ৰান্তক সহায় কৰিবলৈ যথেষ্ট কষ্ট কৰা দেখা গৈছে। 
 
আজমল ফাউণ্ডেচনৰ স্বত্বাধিকাৰী মৌলানা বদৰুদ্দিন আজমলে উজনি অসমৰ বানপীড়িতসকলক সহায় সাহায্য হিচাপে ইতিমধ্যে ২.৫ কোটি টকা ব্যয় কৰিছে। তাৰোপৰি ১০ লাখ পানী বটল প্ৰস্তুত কৰি বানাক্ৰান্তলৈ পঠিয়াই দিছে। শিৱসাগৰ দিনী মাদ্ৰাছাত সেই পানী বটলসমূহ ৰখা হৈছে। মাদ্ৰাছাখনৰ ছাত্ৰসকলে গাড়ীৰ পৰা পানীসমূহ নমাই ভালদৰে থৈছে আৰু নিয়মীয়া ভাবে তেওঁলোকে সেই পানী বটলসমূহ বিতৰণ কৰি আছে।
 
বানাক্ৰান্তলৈ সাহায্য বদৰুদ্দিন আজমলৰ
 
আজমল ফাউণ্ডেচনৰ পৰা প্ৰস্তুত কৰা পানী বটলসমূহত এক বিশেষ ষ্টিকাৰ লগোৱা হৈছে। যত লিখা আছে 'Only for Relief, Not For Sale'। কোনো দুষ্ট চক্ৰই যাতে এই পানীৰ বটলসমূহ বিক্ৰী কৰিব নোৱাৰে, সেইবাবে এনেদৰে ষ্টিকাৰ লগাই দিয়া হৈছে। দৰাচলতে, বানপীড়িত ৰাইজৰ বাবে সাহায্য সামগ্ৰী হিচাপে অহা খোৱাপানীৰ বটল দোকানত ৰাখি বিক্ৰী কৰাৰ এক অনৈতিক ঘটনা পোহৰলৈ আহিছিল শিৱসাগৰ চহৰত। বৃহস্পতিবাৰে এই ঘটনাৰ বিষয়ে অৱগত হৈ ‘বীৰ লাচিত সেনা’ৰ দল এটাই শিৱসাগৰৰ ‘ছুপ্ৰিম ছুইটচ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন তৎমুহূৰ্ততে বন্ধ কৰি দিছিল।
 
উজনিৰ বান পৰিস্থিতি অত্যন্ত বেদনাদায়ক বুলি সদৰী কৰি আজমলে কয়, "মহা দুৰ্যোগৰ এই সময়ত জাতি-ধৰ্মৰ কথা নাই। সকলোৱে আৰ্তজনক সহায় কৰা উচিত। সকলোৱে নিজৰ সামৰ্থ অনুসৰি সহায়ৰ হাত আগবঢ়াওক। আজি স্ফূৰ্তি কৰাৰ সময় নহয়। উজনিৰ বানত মানুহৰ পৰিস্থিতি দেখি চকু পানী ওলাই আহে।"
 
চকু পানী মচি আজমলে কয়, "বান প্ৰভাৱিত এলেক‍ত খোৱা পানী নাই, মহিলাৰ বাবে টয়লেটৰ ব্যৱস্থা নাই। কালি মই এক লাখ খোৱা পানীৰ বটল দিছো। লগতে মহিলাসকলৰ বাবে ৰেডিমেড ১০ হাজাৰ টয়লেটৰ ব্যৱস্থা কৰিব দিছো। বিপদৰ এই সময়ত এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব নালাগে। বহু মানুহে মোক যাবলৈ মানা কৰিছিল; কিন্তু তথাপি মই গৈছো, মানুহে মোক গামোচা পিন্ধাই আদৰণি জনাইছে। আগতে মোক বহু মানুহে চিনি নাপাইছিল। যোৱা তিনি দিনত মোক বহু মানুহে চিনি পাইছে। এতিয়ালৈ আঢ়ৈ কোটি টকা খৰচ কৰিছো আৰু বহু টকা আহি আছে।"
 
বানাক্ৰান্তলৈ সাহায্য বদৰুদ্দিন আজমলৰ
 
বানত ক্ষতিগ্ৰস্ত হোৱা নামঘৰ নিৰ্মাণৰ বাবে ২৫ লাখৰ পৰা ৫০ লাখ টকা খৰচ কৰিব বুলিও কয় আজমলে। "এক-ডেৰ লাখ যিমান টকা লাগে একো একোটা ক্ষতিগ্ৰস্ত নামঘৰত দিম। ইতিমধ্যে টকা দিয়াৰ কাম আৰম্ভ কৰিছো। সেইদৰে ঘৰৰ মেৰামতিৰ বাবে পাঁচৰ পৰা বিছ হাজাৰ টকা দিম। ঘৰ মেৰামতিৰ বাবে এতিয়ালৈ ৫০ খন আবেদন আহিছে। ক্ষতি অনুসৰি ঘৰৰ বাবে টকা দিয়া হ'ব", তেওঁ কয়।
 
আজমলে লগতে কয়, "শিক্ষাৰ্থীৰ বিভিন্ন শিকন সামগ্ৰীৰ বাবে আমি ২৫ লাখ টকা দিম । শিৱসাগৰৰ এগৰাকী লোকে ২০ বিঘা মাটি আজমল ফাউণ্ডেশ্যনক দিব বিচাৰিছে । তাত আজমল ছুপাৰ ৪০ আৰু আজমল আইএএছ একাডেমিৰ শাখা বনোৱাৰ বাবে মাটিখিনি দিব বিচাৰিছে । আমি মানুহৰ পৰা বহুত মৰম পাইছো । মানুহৰ দুখ-বেদনা দেখি মই কান্দিছো । মানুহ গছত উঠি থাকিবলগীয়া হৈছে । মানুহে বাট-পথত জীৱ-জন্তুৰ লগত একেলগে থাকিবলগীয়া হৈছে । ধুবুৰী, বৰপেটাত বান দেখিছো; কিন্তু শিৱসাগৰ, যোৰহ‍াটৰ এনে পৰিৱেশ দেখা নাই । ইয়াত হিন্দু-মুছলমানৰ কথা নাই । ইয়াত মানৱতাৰ কথা আছে । ৯০ শতাংশ হিন্দু লোক আছে আৰু সকলোকে সহায় কৰাৰ বাবে আগবাঢ়ি আহিছো । শ শ মহিলা ওলাই আহিছে আৰু আমাক গামোচা পিন্ধাই মৰম দিছে । মই বাৰে বাৰে কান্দিছো । মানৱতাৰ বাবে মোক সকলোৱে আদৰণি জনায় ।"
 
উল্লেখযোগ্য যে, নাজিৰা আমোলাপট্টি পুৰণা মছজিদ কমিটিৰ এক প্ৰশংসনীয় পদক্ষেপৰ সকলোৱে শলাগ লৈছে। মছজিদ কমিটিয়ে বানপানী আৰম্ভ হোৱাৰে পৰা দিনে ৰাতিয়ে এক লঙ্গৰখানা চলাই আছে বানাক্ৰান্ত ৰাইজৰ বাবে। ওচৰ পাজৰৰ কেইবাখনো বানপীড়িত গাৱঁৰ হিন্দু লোকসকলকো তেওঁলোকে দৈনিক দুবেলা ভাত খুৱাই আহিছে। 
 
বানাক্ৰান্তলৈ সাহায্য বদৰুদ্দিন আজমলৰ
 
মছজিদ চৌহদত কেইবাজনো ৰান্ধনী নিযুক্তিৰে আৰম্ভ কৰা এই কাৰ্যসূচী বানপীড়িত হিন্দু লোক সকলৰ সুবিধাৰ্থে মছজিদ চৌহদৰ পৰিবৰ্তে ওচৰৰ বেলেগ এখন ঘৰলৈ স্থানান্তৰিত কৰা হয়। জামাতৰ প্ৰতিগৰাকী ব্যক্তিৰ লগতে স্থানীয় যুৱক সকলৰ অক্লান্ত পৰিশ্ৰম, ত্যাগ, মুক্ত হস্তে আগবঢ়োৱা দান বৰঙণিৰ বাবেই এনে এক মহান পদক্ষেপ সফলতাৰে চলাই যাব পাৰিছে মছজিদ কমিটিয়ে।
 
ইয়াত আহাৰ গ্ৰহণ কৰা বানপীড়িত লোকসকলক নতুন কাপোৰ কানি, ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম আদিও বিনামূলীয়াকৈ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে মছজিদ কমিটিয়ে। এনে মহান কৰ্মৰ জৰিয়তে নাজিৰা মছজিদ কমিটিৰ আৰু জামাতৰ লোকসকলে কেৱল বিপদগ্ৰস্থ লোকসকলক জীয়াই থকাৰ সু-ব্যৱস্থা কৰাই নহয়, ধৰ্মীয় ভেদভাৱ দুৰ কৰি অসমত হিন্দু - মুছলমানৰ মাজত ঐক্য - সম্প্ৰীতি আৰু সদ্ভাৱ বৰ্তাই ৰখাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।