তৰুণ নন্দী / কলকাতা
বঙালী চহা জীৱন আৰু নাৰীৰ ঐতিহ্য বুলিলে সাধাৰণতে বাৰ হাত দীঘল শাৰীখনৰ কথাই মনলৈ আহে। কিন্তু কেৱল এই শাৰীৰ আঁচলতেই আৱদ্ধ নাথাকি, ইয়াক সংগী কৰিয়েই ভৰিত ফুটবল লৈ সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে এগৰাকী অদম্য যুৱতীয়ে।
উত্তৰ ২৪ পৰগনাৰ গুমা অঞ্চলৰ এক দৰিদ্ৰ পৰিয়ালৰ সন্তান বিপাশা বৈষ্ণৱে যেন অসম্ভৱকেই সম্ভৱ কৰি তুলিছে। কাটাৰ বিশ্বকাপৰ প্ৰচাৰমূলক ভিডিঅ’ৰ পৰা আৰম্ভ কৰি ভাৰতীয় ফুটবল মহলৰ চৰ্চাৰ কেন্দ্ৰবিন্দুত এতিয়া কেৱল এটাই নাম- বিপাশা বৈষ্ণৱ।
বিপাশাৰ এই সফলতাৰ যাত্ৰাপথ কিন্তু সমূলি মসৃণ নাছিল। মাত্ৰ পাঁচ বছৰ বয়সত আন দহজনী ছোৱালীৰ দৰে লগৰীয়াৰ সৈতে পুতলা খেলাত তেওঁৰ কোনো আগ্ৰহ নাছিল। সেই বয়সতে বিপাশাৰ চকু নিবদ্ধ আছিল চুবুৰীৰ ল’ৰাবোৰৰ ফুটবল মেচৰ প্ৰতি। ফুটবল খেলাৰ দুৰন্ত ইচ্ছাৰ কথা ঘৰত জনোৱা হৈছিল যদিও, ছোৱালী হোৱাৰ বাবে তেওঁক খেলপথাৰলৈ যোৱাৰ অনুমতি দিয়া হোৱা নাছিল।
মনৰ ভিতৰত থকা অদম্য ইচ্ছাক সঁচাকৈয়ে সজাত বন্দী কৰি ৰাখিব পাৰিনে? নিজ কন্যাৰ চকুৰ ভাষা পঢ়ি এই কথা গভীৰভাৱে উপলব্ধি কৰিছিল দিনহাজিৰা কৰা পিতৃয়ে। অভাৱ-অনাটনৰ মাজত ডাঙৰ হোৱা ছোৱালীজনীৰ ইচ্ছা পূৰণৰ বাবে তেওঁ তাইৰ হাতত তুলি দিছিল এটা ফুটবল। আৰু সেই এটা বলকে সাবটি ধৰি আৰম্ভ হৈছিল সাধাৰণ ঘৰৰ ছোৱালীজনীৰ অসাধাৰণ সপোনৰ যাত্ৰা।
আজি বিশ্বজুৰি ফুটবল জাগলিং (ফুটবলটো মাটিত পৰিবলৈ নিদিয়াকৈ শূন্যতে নচুৱাই থকা কৌশল)ৰ ক্ষেত্ৰত বিপাশা এক পৰিচিত নাম। কিন্তু ফুটবল জাগলিঙৰ বাবে প্ৰয়োজন হোৱা আধুনিক আন্তঃগাঁথনি আৰু সঁজুলি একোৱেই নাছিল এইগৰাকী যুৱতীৰ হাতত।
দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা বাবে আধুনিক জিম বা ট্ৰেকিং গিয়াৰ কিনাৰ সামৰ্থ্য তেওঁৰ নাছিল। কিন্তু তাৰ বাবে তেওঁৰ অনুশীলন স্তব্ধ হৈ থকা নাছিল। ঘৰৰ গাৰু, পেলনীয়া গাড়ীৰ টায়াৰ, ভঙা কাঠৰ চকী- এইবোৰ সাধাৰণ বস্তুৰেই বিপাশাই গঢ়ি তুলিছিল নিজৰ কঠোৰ সাধনাৰ অনুশীলন ক্ষেত্ৰ।
মূৰ, ভৰি আৰু শৰীৰৰ অদ্ভুত ভাৰসাম্যৰে তেওঁ বলটোক নচুৱাই ফুৰে। যি দৃশ্য দেখি দেশৰ নামজ্বলা ফুটবল খেলুৱৈসকলো মন্ত্ৰমুগ্ধ হৈ পৰে। প্ৰশিক্ষক সুব্ৰত ৰায়ৰ তত্ত্বাৱধানত বহু বছৰৰ নিৰন্তৰ পৰিশ্ৰমেৰে বিপাশাই আজি নিজকে এক অন্য উচ্চতালৈ লৈ গৈছে। প্ৰিয় ছাত্ৰীৰ সফলতা দেখি প্ৰশিক্ষকগৰাকীয়ে গৌৰৱেৰে দাবী কৰে যে বিপাশাই যি কৰিব পাৰে, সেয়া সমগ্ৰ ভাৰতবৰ্ষত আন কোনেও নোৱাৰে।
কন্যাশ্ৰী কাপৰ ফাইনেলৰ পৰা আৰম্ভ কৰি কলকাতাৰ ডাঙৰ ডাঙৰ টুৰ্নামেণ্টৰ উদ্বোধনী অনুষ্ঠানলৈকে- সকলোতে আজি বিপাশাৰ ভৰিৰ যাদু চাবলৈ ফুটবলপ্ৰেমীসকল উদগ্ৰীৱ হৈ থাকে।
বিপাশা বৈষ্ণৱ
জানিব পৰা মতে, বিপাশাৰ প্ৰতিভাত মুগ্ধ হৈ স্বয়ং ভাৰতীয় কিংবদন্তি ফুটবল খেলুৱৈ সুনীল ছেত্ৰীয়ে তেওঁক নিমন্ত্ৰণ জনাইছে। আনকি কাটাৰ বিশ্বকাপৰ বিশ্বস্তৰীয় প্ৰচাৰমূলক ভিডিঅ’তো শাৰী পিন্ধি বলৰ সৈতে ভৰিৰ যাদু দেখুওৱা বিপাশাক দেখা গৈছিল।
বিপাশাই গভীৰভাৱে বিশ্বাস কৰে যে সপোন বাস্তৱায়িত কৰিবলৈ দামী সঁজুলিৰ প্ৰয়োজন নাই, মাথোঁ প্ৰয়োজন লক্ষ্যপ্ৰাপ্তিৰ এক অদম্য বাসনা আৰু একাগ্ৰতা। পৰিস্থিতি যিয়েই নহওক কিয়, নিজৰ শিপাক সন্মানেৰে খাঁমুচি ধৰি বিপাশা বৈষ্ণৱ আজি প্ৰতিজন বঙালীৰ গৌৰৱৰ প্ৰতীক হৈ পৰিছে।
তেওঁ সমগ্ৰ বিশ্বৰ আগত এক জ্বলন্ত উদাহৰণ দাঙি ধৰি প্ৰমাণ কৰি দেখুৱালে যে- "ভৰিৰ তলৰ মাটি কঠিন নহ'লেও, কেৱল মনৰ অদম্য শক্তিৰ সহায়তেই আকাশত উৰা মাৰিব পাৰি!"