কোৰিয়া মাষ্টাৰ্ছত প্ৰথমবাৰৰ বাবে বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰৰ খিতাপ দখল অশ্বমিতা চলিহাৰ

Story by  atv | Posted by  Munni Begum • 18 h ago
অশ্বমিতা চলিহা
অশ্বমিতা চলিহা
 
নতুন দিল্লী 
 
ভাৰতীয় বেডমিণ্টন খেলুৱৈ অশ্মিতা চলিহাই ৯ আগষ্টত কেৰিয়া মাষ্টাৰ্ছৰ মহিলা একক শাখাৰ ফাইনেলত চীনৰ হান কিয়ানছিক ১৪-২১, ২১-১৪, ২১-১৪ ব্যৱধানত পৰাস্ত কৰি কেৰিয়াৰৰ সৰ্ববৃহৎ খিতাপ অৰ্জন কৰে।
 
২৬ বছৰীয়া অশ্মিতাই আৰম্ভণিতে কিছু ধীৰ গতিৰে খেল আৰম্ভ কৰিলেও পিছলৈ শক্তিশালী প্ৰত্যাৱৰ্তন কৰি প্ৰথমবাৰৰ বাবে বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰৰ খিতাপ দখল কৰে। এই জয়েৰে তেওঁ বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ছুপাৰ ৩০০ বা তাতকৈ উচ্চ পৰ্যায়ৰ খিতাপ জয় কৰা পঞ্চমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ হিচাপে পৰিগণিত হয়।
 
প্ৰথম গেমত অশ্মিতা আৰু হানৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা যায়। স্ক’ৰ ১১-১১ত সমান থকাৰ পিছত হানে ধাৰাবাহিকভাৱে কেইটামান পইণ্ট সংগ্ৰহ কৰি খেলখনত আধিপত্য বিস্তাৰ কৰে আৰু ২১-১৪ত গেম নিজৰ দখললৈ নিয়ে।
 
দ্বিতীয় গেমত অশ্মিতাই তৎক্ষণাৎ প্ৰত্যাৱৰ্তন কৰে। আক্ৰমণাত্মক শ্বটৰ সৈতে সুসংগঠিত প্ৰতিৰক্ষাৰ সমন্বয় ঘটাই তেওঁ বিৰতিৰ সময়ত ১১-৮ৰ অগ্ৰগতি লাভ কৰে। বিৰতিৰ পিছতো অশ্মিতাই ৰেলীবোৰ নিয়ন্ত্ৰণত ৰাখি ১৭-১০ৰ অগ্ৰগতি লাভ কৰে আৰু শক্তিশালী স্মেছৰ সহায়ত ২১-১৪ত গেমটো জিকি মেচখনত সমতা স্থাপন কৰে।
 
নিৰ্ণায়ক তৃতীয় গেমৰ আৰম্ভণিতো দুয়োগৰাকী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত থাকে। বিৰতিৰ সময়ত হানে ১১-৯ৰ সামান্য অগ্ৰগতি লাভ কৰিছিল। কিন্তু ইয়াৰ পিছত অশ্মিতাই আক্ৰমণৰ চাপ বৃদ্ধি কৰি সঠিকভাৱে শ্বট মাৰি হানৰ প্ৰতিৰক্ষাৰ ব্যৱধান বিচাৰি উলিয়াবলৈ সক্ষম হয়।
 
অশ্মিতাই ১২-১১ত অগ্ৰগতি লোৱাৰ পিছত আন এটা নিখুঁত শ্বটৰ জৰিয়তে ব্যৱধান ১৫-১১লৈ বৃদ্ধি কৰে। খেলৰ অন্তিম পৰ্যায়তো তেওঁ নিয়ন্ত্ৰণ অটুট ৰাখি ক্ৰছ-ক’ৰ্ট বিজয়ী শ্বটৰ সহায়ত ১৯-১৪ৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছত হানৰ ৰিটাৰ্ণ ক’ৰ্টৰ বাহিৰলৈ যোৱাত অশ্মিতাই মেচখনৰ অন্তিম পইণ্ট লাভ কৰে আৰু প্ৰথমটো বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰৰ খিতাপ নিশ্চিত কৰে। 
 
এই জয়ৰ জৰিয়তে অশ্মিতা চলিহাই বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ছুপাৰ ৩০০ বা তাতকৈ উচ্চ পৰ্যায়ৰ খিতাপ জয় কৰা ভাৰতীয় মহিলা খেলুৱৈৰ এক বিশেষ তালিকাত স্থান লাভ কৰে। এই তালিকাত ছাইনা নেহৱাল, পি ভি সিন্ধু, দেৱিকা সিহাগ আৰু তনভি শৰ্মাও আছে।