এছিয়ান গেমছ ২০২৬: শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণ জয়

Story by  atv | Posted by  Nikunja Nath • 1 h ago
এছিয়ান গেমছ ২০২৬: শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণ জয়
এছিয়ান গেমছ ২০২৬: শ্ৰীলংকাক পৰাস্ত কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণ জয়
 
আৱাজ - দ্য ভইচ ব্যুৰ’ অসম
 
ক্ৰীড়ানুৰাগীৰ বাবে ভাল খবৰ! ২০২৬ বৰ্ষৰ এছিয়ান গেমছত অৱশেষত ভাৰতে নিজৰ প্ৰথমটো সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে নিশ্বিনৰ ক'ৰ'গি স্প'ৰ্টছ পাৰ্কত অনুষ্ঠিত ফাইনেল মেচখনত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্ৰিকেট দলে শ্ৰীলংকাক শোচনীয়ভাৱে পৰাস্ত কৰি এছিয়ান গেমছৰ চেম্পিয়নৰ খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়।
 
টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ ভাৰতে নিৰ্ধাৰিত অভাৰত ৩ উইকেটৰ বিনিময়ত ২১৬ ৰানৰ এক বিশাল স্ক'ৰ থিয় কৰায়। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকা মাত্ৰ ৬৯ ৰানতে অল-আউট হয় আৰু ভাৰতে ১৪৭ ৰানৰ এক বৃহৎ ব্যৱধানত জয়লাভ কৰে। এই সুন্দৰ জয়েৰে ভাৰতৰ মুঠ পদকৰ সংখ্যা ৭টালৈ বৃদ্ধি পায় (১টা সোণ, ৪টা ৰূপ আৰু ২টা ব্ৰঞ্জ), যাৰ ফলত মঙলবাৰৰ দিনটোৰ অন্তত পদক তালিকাত ভাৰত অষ্টম স্থানলৈ উন্নীত হয়।
 
উল্লেখ্য যে, এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এয়া দ্বিতীয়টো সোণৰ পদক। ইয়াৰ পূৰ্বে ২০২৩ চনৰ হাংঝৌ এছিয়ান গেমছতো ভাৰতে স্বৰ্ণ জয় কৰিছিল। ২০১০ আৰু ২০১৪ চনৰ এছিয়ান গেমছত ভাৰতে ক্ৰিকেটত অংশগ্ৰহণ কৰা নাছিল আৰু সেই দুয়োবাৰ পাকিস্তানে সোণৰ পদক জিনিছিল।
ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখনৰ আৰম্ভণিতে ভাৰতে শ্বুটিঙত ৫টা পদক আৰু মিক্সড মাৰ্শ্বিয়েল আৰ্টছত এটা ঐতিহাসিক ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ক্ৰিকেটৰ লগতে অন্যান্য ক্ৰীড়াতো ভাৰতৰ প্ৰদৰ্শন যথেষ্ট আশাব্যঞ্জক।
 
পুৰুষৰ বেডমিণ্টনত জাপানক ৩-০ত পৰাস্ত কৰি আৰু ৱুচুত ৰ'ছিবিনা দেৱীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ বাবে কমেও আৰু দুটা পদক নিশ্চিত কৰিছে। আনহাতে, পুৰুষৰ হকীত ভাৰতে ইণ্ডোনেছিয়াৰ পিছত শ্ৰীলংকাক ১৬-১ গ'লৰ বিশাল ব্যৱধানত পৰাস্ত কৰি নিজৰ স্থিতি অতি শক্তিশালী কৰি তুলিছে।
 
মহিলা দলৰ এই সোণালী সাফল্যৰ পিছত এতিয়া সকলোৰে চকু পুৰুষ ক্ৰিকেট দলৰ ওপৰত। আগন্তুক ২৮ ছেপ্টেম্বৰত শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোৱে পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ক্ৰীড়াংগনত ভাৰতীয় খেলুৱৈসকলৰ এই দুৰ্দান্ত প্ৰদৰ্শনে অনাগত দিনবোৰত দেশলৈ আৰু অধিক সোণালী সাফল্য কঢ়িয়াই আনিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে।