ইতিহাসৰ পাতত অভিষেক শৰ্মা: মাত্ৰ ৩০ বলত শতক অৰ্জন কৰি ভংগ কৰিলে ৰোহিত শৰ্মাৰ অভিলেখ

Story by  atv | Posted by  [email protected] • 1 h ago
অভিষেক শৰ্মা
অভিষেক শৰ্মা
 
নতুন দিল্লী
 
ভাৰতীয় ক্ৰিকেটৰ আকাশত এক নতুন তৰাৰ জিলিকনি! আফগানিস্তানৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ অন্তিমখন মেচত ভাৰতীয় অ’পেনাৰ অভিষেক শৰ্মাই মাত্ৰ ৩০টা বলত শতক অৰ্জন কৰি এক নতুন ইতিহাস ৰচনা কৰে। এই অনবদ্য ইনিংছটোৰ জৰিয়তে তেওঁ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ দ্ৰুততম শতকৰ অভিলেখ ভংগ কৰি আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা ভাৰতীয় বেটছমেনৰ গৌৰৱ অৰ্জন কৰে।
 
সমগ্ৰ শৃংখলাটোতেই অভিষেকৰ বেটৰ পৰা নিগৰিছিল ৰানৰ বৰষুণ। দেওবাৰে অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন মেচত তেওঁ মাত্ৰ ৩২টা বলত ৮২ ৰানৰ এক বিধ্বংসী ইনিংছ খেলিছিল, যাৰ ফলত ভাৰতে একপক্ষীয়ভাৱে জয়লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পৰৱৰ্তী দ্বিতীয়খন মেচতো তেওঁৰ বেটৰ পৰা মূল্যৱান ৩৯ ৰান আহিছিল। কিন্তু অন্তিমখন মেচত তেওঁ যি ৰূপ ধাৰণ কৰিলে, সেয়া সঁচাকৈয়ে আছিল অভূতপূৰ্ব।
 
মেচৰ প্ৰথম অভাৰৰ পৰাই নৱাগত তাৰকাগৰাকীয়ে নিজৰ আক্ৰমণাত্মক উদ্দেশ্য স্পষ্ট কৰি দিছিল। ফাৰুকিৰ বলত কভাৰৰ ওপৰেৰে এক দৃষ্টিনন্দন ড্ৰাইভ মাৰি তেওঁ ইনিংছৰ শুভাৰম্ভ কৰে। দ্বিতীয় অভাৰত আজমাতুল্লাহ ওমৰজাইকো তেওঁ কোনো ধৰণৰ ৰেহাই নিদিলে। ক্ৰীজৰ পৰা বাহিৰলৈ ওলাই আহি মিডিয়াম পেচাৰগৰাকীৰ বিৰুদ্ধে ইটোৰ পিছত সিটোকৈ বাউণ্ডেৰী কোবাই দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।
 
বাওঁহতীয়া বেটছমেনগৰাকীয়ে তৃতীয় অভাৰত এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰে। ফাৰুকিৰ সেই অভাৰটোৰ পৰাই তেওঁ অকলে ২৩ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আনকি আফগানিস্তানৰ তাৰকা লেগ স্পিনাৰ ৰছিদ খানকো তেওঁৰ প্ৰহাৰৰ পৰা হাত সাৰিবলৈ দিয়া নাছিল। এই শৃংখলাত প্ৰথমবাৰৰ বাবে পাৱাৰপ্লে’ত বলিং কৰিবলৈ অহা ৰছিদৰ বলত কভাৰৰ ওপৰেৰে একেৰাহে দুটা বাউণ্ডেৰী মৰাৰ পিছত, এটা বল লং অনৰ ওপৰেৰে পোনচাটেই গেলেৰীলৈ দলিয়াই দিয়ে। অৱশ্যে আফগান বলিং আক্ৰমণৰ নতুন মুখ আব্দুল্লা আহমদজাইৰ বিৰুদ্ধে অভিষেকক কিঞ্চিৎ সংযত হোৱা দেখা গৈছিল যদিও, পৰৱৰ্তী অভাৰত মুজিবৰ বিৰুদ্ধে তেওঁ পুনৰ নিজৰ চিনাকি বিধ্বংসী ছন্দলৈ ঘূৰি আহে।
 
উল্লেখ্য যে, ইয়াৰ পূৰ্বে এজন ভাৰতীয় বেটছমেনৰ দ্বাৰা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম শতক অৰ্জনৰ অভিলেখটো আছিল ৰোহিত শৰ্মাৰ নামত। ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৰোহিতে মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰিছিল। সেই বিশেষ দিনটোত ভাৰতে মাত্ৰ ৮.৩ অভাৰতে এটাও উইকেট নেহেৰুৱাকৈ ১৩২ ৰানৰ পাহাৰত উপনীত হৈছিল। আজি অভিষেকে সেই গৌৰৱোজ্জ্বল অভিলেখ নিজৰ নামলৈ আনিলে।
 
শতক সম্পূৰ্ণ কৰাৰ পিছত খেলপথাৰত এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় দৃশ্য দেখা গ’ল। মানচেষ্টাৰ চিটিৰ তাৰকা ফুটবলাৰ এৰ্লিং হালাণ্ডৰ শৈলীৰে খেলপথাৰৰ মাজতেই ধ্যান কৰি অভিষেকে এই ঐতিহাসিক শতক উদযাপন কৰে। অৱশ্যে ১০০ ৰানৰ সীমা অতিক্ৰম কৰাৰ পাছত তেওঁ বেছি সময় ক্ৰীজত টিকি থাকিব নোৱাৰিলে। ১০ম অভাৰৰ অন্তত ৰছিদ খানে তেওঁক পেভিলিয়নলৈ ওভতাই পঠিয়ায়।
 
আউট হোৱাৰ পূৰ্বে তেওঁ মাত্ৰ ৩৪টা বলত ১০৮ ৰানৰ এক অবিস্মৰণীয় আৰু বিস্ফোৰক ইনিংছ উপহাৰ দিয়ে, য’ত অন্তৰ্ভুক্ত আছিল ১১টা বিশাল ছিক্সাৰ আৰু ৫টা আকৰ্ষণীয় চাৰি। এই ইনিংছটোৰ জৰিয়তে তেওঁ আন এক বিৰল অভিলেখো গঢ়ে অভিষেক শৰ্মা টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ ইতিহাসত ৪০টাতকৈও কম বলত দুটা শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয়।