এছিয়ান গেমছ ২০২৬: ভাৰতীয় দলক নেতৃত্ব দিয়াৰ সন্মান দুই তাৰকা খেলুৱৈ মনু ভাকেৰ আৰু তাজিন্দৰৰ হাতত
আৱাজ - দ্য ভইচ অসম ব্যুৰ’
ক্ৰীড়া জগতৰ অন্যতম বৃহৎ মহোৎসৱ এছিয়ান গেমছৰ যুঁজৰ বাবে পুনৰ সাজু হৈছে ভাৰত। সমগ্ৰ দেশবাসীৰ দৃষ্টি এতিয়া জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত হ’বলগীয়া ২০২৬ বৰ্ষৰ এছিয়ান গেমছৰ ওপৰত। এই আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ উদ্বোধনী অনুষ্ঠানত গৌৰৱেৰে ত্ৰিৰংগা হাতত লৈ ভাৰতীয় দলটোক নেতৃত্ব দিয়াৰ বিৰল সন্মান লাভ কৰিছে দেশৰ দুই ক্ৰীড়া তাৰকা- অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকেৰ আৰু এছিয়ান গেমছৰ দুবাৰৰ স্বৰ্ণজয়ী শ্বটপুট খেলুৱৈ তাজিন্দৰপাল সিং তুৰে। শুকুৰবাৰে ভাৰতীয় অলিম্পিক সংস্থা (IOA)ই এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰে।
অহা ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানৰ আইচি-নাগোয়াত এই বহু প্ৰত্যাশিত এছিয়ান গেমছ অনুষ্ঠিত হ’ব। এই ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মনু ভাকেৰে ভাৰতীয় দলৰ মহিলা খেলুৱৈসকলক প্ৰতিনিধিত্ব কৰিব। উল্লেখ্য যে, শেহতীয়াকৈ পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰি ইতিহাস ৰচনা কৰা মনু ভাকেৰে ক্ৰীড়াক্ষেত্ৰত সমগ্ৰ বিশ্বতে ভাৰতৰ নাম উজলাই তুলিছে।
আনহাতে, মনু ভাকেৰক পতাকাবাহক হিচাপে সংগ দিবলগীয়া তাজিন্দৰপাল সিং তুৰ হৈছে এছিয়ান গেমছৰ জিলিকি থকা আন এক চিনাকি নাম। তেওঁ এছিয়ান গেমছত একেৰাহে দুবাৰকৈ শ্বটপুটত স্বৰ্ণ পদক জয় কৰি নিজৰ আধিপত্য প্ৰমাণ কৰিছে। দেশৰ ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা এই ধাৰাবাহিক সাফল্য আৰু অনবদ্য অৱদানৰ প্ৰতি স্বীকৃতি জনাই ভাৰতীয় অলিম্পিক সংস্থাই দুয়োগৰাকী খেলুৱৈক এই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰিছে।
এছিয়া মহাদেশৰ অন্যতম বৃহৎ এই ক্ৰীড়া প্ৰতিযোগিতাখনত ভাৰতৰ পৰা এক বিশাল আৰু শক্তিশালী খেলুৱৈৰ দলে বিভিন্ন ইভেণ্টত অংশগ্ৰহণ কৰি পদকৰ যুঁজত অৱতীৰ্ণ হ’ব। উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ সন্মুখত পতাকাবাহক হিচাপে মনু ভাকেৰ আৰু তাজিন্দৰপাল সিং তুৰৰ গৌৰৱোজ্জ্বল পদযাত্ৰাই সমগ্ৰ দলটোক নিশ্চয়কৈ এক নতুন শক্তি আৰু প্ৰেৰণা যোগাব বুলি ক্ৰীড়াপ্ৰেমীসকলে আশা প্ৰকাশ কৰিছে।