নতুন দিল্লী
আফগানিস্তানৰ বিৰুদ্ধে বৃহস্পতিবাৰে ইয়াত অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন খেলত অভিষেক শৰ্মাই মাত্ৰ ৩০টা বলত শতক অৰ্জন কৰি ভাৰতীয় বেটাৰৰ ভিতৰত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ দ্ৰুততম শতকৰ অভিলেখ গঢ়ে। এয়া এই ফৰ্মেটত অভিষেকৰ তৃতীয় শতক।
ইয়াৰ জৰিয়তে তেওঁ ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰে। ৰোহিতে ২০১৭ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৩৫টা বলত শতক অৰ্জন কৰি ভাৰতীয় বেটাৰৰ ভিতৰত টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ দ্ৰুততম শতকৰ অভিলেখ গঢ়িছিল।
শতক সম্পূৰ্ণ কৰিবঅলৈ অভিষেকে ১০টা ছয় আৰু ৯টা চাৰি মাৰিছিল। তেতিয়া ভাৰতৰ দলীয় স্ক’ৰ আছিল ৮.৩ অভাৰত বিনা উইকেটত ১৩২ ৰান। টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লোৱা আফগানিস্তানৰ অধিনায়ক ইব্ৰাহিম জাদৰানক তেওঁলোকৰ বলাৰসকলে হতাশ কৰে।
অভিষেকৰ বেটিঙে তেওঁৰ দলক এক বৃহৎ স্ক’ৰৰ দিশে লৈ গৈছিল আৰু নিজৰ স্ক’ৰ দুগুণ কৰাৰ বাবেও তেওঁৰ হাতত যথেষ্ট সময় আছিল। কিন্তু দশম অভাৰত ৰছিদ খানে তেওঁক ৩৪টা বলত ১০৮ ৰানৰ স্ক’ৰত আউট কৰে।
ইয়াৰ পাছতো অভিষেক শৰ্মাই টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ইতিহাসত ৪০টাতকৈ কম বলত দুটা শতক অৰ্জন কৰা প্ৰথমজন বেটাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে ২০২৫ চনত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁ ৩৭টা বলত শতক অৰ্জন কৰিছিল। সৰ্বাধিক চুটি ফৰ্মেটত এয়া তেওঁৰ তৃতীয় শতক।
দিল্লীত অনুষ্ঠিত প্ৰথমখন টি-২০ খেলৰ পাছত বৰুণ চক্ৰৱৰ্তীয়ে কৈছিল, “আমাৰ বেটিং লাইন-আপৰ বিৰুদ্ধে আপুনালোকে স্পীন বল কৰিব নোৱাৰে।”
'ফ্ৰেণ্ডশ্বিপ কাপ’ নাম দিয়া শৃংখলাখন খেলপথাৰত মুঠেই বন্ধুত্বপূৰ্ণ নাছিল। ভাৰতীয় বেটাৰসকলে আফগানিস্তানৰ বলিং আক্ৰমণৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ সময়ত আফগান বলাৰসকলে স্পীন বা পেচ -- একো এটাৰে সফলতা লাভ কৰিব নোৱাৰিলে। বৃহস্পতিবাৰে অভিষেকে সতীৰ্থ বৰুণৰ কথাই আফগান বলাৰসকলৰ মনত পুনৰ প্ৰতিধ্বনিত কৰাই দিলে।
এই শতকৰ জৰিয়তে অভিষেক শৰ্মাই কেইবাটাও অভিলেখ নিজৰ নামত কৰে --
* টেষ্ট খেলা দেশৰ বিৰুদ্ধে কোনো বেটাৰৰ অৰ্জিত দ্ৰুততম শতকৰ অভিলেখ এতিয়া অভিষেকৰ দখলত।
* টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এজন ভাৰতীয় বেটাৰৰ দ্ৰুততম শতকৰ অভিলেখো তেওঁ গঢ়িলে।
* টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ ইতিহাসত ৩০টা বলতকৈ কম সময়ত দুটা শতক অৰ্জন কৰা একমাত্ৰ বেটাৰ অভিষেক শৰ্মা।
* টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ ইতিহাসত এয়া তৃতীয় দ্ৰুততম শতক। ইয়াৰ আগত আছে ২০২৪ চনত চাইপ্ৰাছৰ বিৰুদ্ধে ইষ্ট’নিয়াৰ ছাহিল চৌহানৰ ২৭ বলৰ শতক আৰু ২০২৫ চনত বুলগেৰিয়াৰ বিৰুদ্ধে তুৰ্কীৰ মুহাম্মদ ফাহাদৰ ২৯ বলৰ শতক।
* পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তিনিটা বা তাতকৈ অধিক শতক অৰ্জন কৰা চতুৰ্থজন ভাৰতীয় বেটাৰ হিচাপেও অভিষেক পৰিগণিত হয়।