ভাৰতৰ বিকৃত মানচিত্ৰৰ বাবে কৰা প্ৰতিবাদৰ বাবে লাভলীনাক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
নতুন দিল্লী
গ্লাছগ’ত কমনৱেলথ গেমছৰ সময়ত এখন ৰেস্তোৰাঁত ভাৰতৰ বিকৃত মানচিত্ৰ প্ৰদৰ্শন কৰাৰ প্ৰতিবাদ কৰা অসমীয়া বক্সাৰ লাভলীনা বৰগোহাঁইক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কমনৱেলথ গেমছত পদক বিজয়ী খেলুৱৈসকলৰ সৈতে দেওবাৰে হোৱা এক অনানুষ্ঠানিক বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে লাভলীনাৰ এই পদক্ষেপৰ প্ৰশংসা কৰিছে।
বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ সৈতে হাঁহি-ধেমালি কৰাৰ লগতে কমনৱেলথ গেমছৰ পূৰ্বে আৰু গ্লাছগ’ত থকা সময়ছোৱাৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়েও তেওঁলোকৰ পৰা জানিব বিচাৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সোমবাৰে এই বাৰ্তালাপৰ ভিডিঅ’ প্ৰকাশ কৰিছে।
৭৫কেজি শাখাত ৰূপৰ পদক বিজয়ী লাভলীনাক উদ্দেশ্য কৰি প্ৰধানমন্ত্ৰীয়ে ৰসিকতাৰে সুধিছিল, "ৰেস্তোৰাঁখনত কি হৈছিল, ৰেস্তোৰাঁখনৰ লোকজনৰ সৈতে কাজিয়া কৰিছিলা নেকি?"
ইয়াৰ উত্তৰত অসমীয়া বক্সাৰগৰাকীয়ে হাঁহি কৈছিল, "ছাৰ, সেইটো এটা আনন্দৰ সময় আছিল। আমি আমাৰ বিজয় উদযাপন কৰি আছিলোঁ। কিন্তু তাত ভাৰতৰ বিকৃত মানচিত্ৰখন দেখি মোৰ ভাল লগা নাছিল। সেয়েহে মই তেওঁলোকক ভদ্ৰভাৱে কথাটো জনাইছিলোঁ আৰু তেওঁলোকে পৰৱৰ্তী সময়ত সেই পৰিৱৰ্তনটোও কৰিছে।"
লাভলীনাৰ এই পদক্ষেপৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বিজয় উদযাপন কৰিবলৈ যোৱা সময়তো ভাৰতৰ মানচিত্ৰৰ গুৰুত্বৰ প্ৰতি তেওঁ সজাগ আছিল এয়া এক চিন্তাশীল পদক্ষেপ।
প্ৰধানমন্ত্ৰীয়ে কয়, "গেমছ শেষ হোৱাৰ পাছত আৰু আপুনি বিজয় উদযাপন কৰি থকা সময়তো সেই মানচিত্ৰখনৰ গুৰুত্ব বুজি পোৱাটো সঁচাকৈয়ে তাৎপৰ্য্যপূৰ্ণ। মই আপোনাক সঁচা কথা ক’ব পাৰোঁ যে, সেই ভিডিঅ’টো সাধাৰণ নাছিল, আৰু মানুহে বহুদিনলৈ সেই মুহূৰ্তটো মনত ৰাখিব।"