কমলৱেলথত গেমছত অন্ত পৰিল যাত্ৰা; ৩৯ টা পদকেৰে চতুৰ্থ স্থান দখল ভাৰতৰ

Story by  atv | Posted by  [email protected] • 8 h ago
কমলৱেলথত গেমছত অন্ত পৰিল যাত্ৰা; ৩৯ টা পদকেৰে চতুৰ্থ স্থান দখল ভাৰতৰ
কমলৱেলথত গেমছত অন্ত পৰিল যাত্ৰা; ৩৯ টা পদকেৰে চতুৰ্থ স্থান দখল ভাৰতৰ
 
নতুন দিল্লী
 
গ্লাছগো কমনৱেলথ গেমছত ভাৰতৰ সকলো খেল সম্পূৰ্ণ হৈছে। ভাৰতে এইবাৰ ১৩ টা স্বৰ্ণ, ১৭ টা ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ৩৯ টা পদক অৰ্জন কৰিছে। অন্তিম দিনা ২ জুলাইত ভাৰতীয় খেলুৱৈসকলে কোনো পদক লাভ কৰিব নোৱাৰিলে। খেলৰ শেষৰ দিনটোত ভাৰতীয় এথলীটসকলে চাইক্লিং আৰু জুডোত অংশগ্ৰহণ কৰিছিল, কিন্তু তেওঁলোকে সফলতা লাভ কৰিব নোৱাৰিলে। ভাৰতে এই কমনৱেলথ গেমছৰ পদক তালিকাত চতুৰ্থ স্থান দখল কৰি নিজৰ অভিযান সমাপ্ত কৰে।
 
স্কটলেণ্ড ৩৯ টা পদকেৰে পঞ্চম স্থানত আছে। ভাৰত আৰু স্কটলেণ্ড দুয়োখনে ১৩ টা কৈ সোণৰ পদক জিকিছে, কিন্তু ভাৰতৰ হাতত ১৭ টা ৰূপৰ পদক থকাৰ বিপৰীতে স্কটলেণ্ডৰ হাতত মাত্ৰ ৯ টা হে আছে। অধিক ৰূপৰ পদক থকাৰ বাবেই ভাৰত চতুৰ্থ স্থানত আছে।
 
পদক তালিকাত অষ্ট্ৰেলিয়াই ৭০ টা সোণ, ৪৫ টা ৰূপ আৰু ৫৬ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৭১ টা পদক লাভ কৰি প্ৰথম স্থান দখল কৰে। আনহাতে ১১০ টা পদকেৰে ইংলেণ্ড (২৯ টা সোণ) দ্বিতীয় স্থানত আছে। কানাডাই ১৯ টা সোণকে ধৰি মুঠ ৬২ টা পদকেৰে এই পদক তালিকাৰ তৃতীয় স্থানত আছে।
 
পুৰুষৰ জেভেলিন থ্ৰ’ প্ৰতিযোগিতাত নীৰজ চোপ্ৰা আৰু যশবীৰে এই কমনৱেলথ গেমছত সুন্দৰ প্ৰদৰ্শন কৰি দুটা পদক নিজৰ নামত কৰে। নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ত ৰূপৰ পদক অৰ্জন কৰে।
 
আনহাতে যশবীৰ সিঙে ব্ৰঞ্জৰ পদক লাভ কৰে। বিশেষ কথাটো হ’ল এইবাৰ ভাৰতে মল্লযুদ্ধ, বেডমিণ্টন আৰু হকীৰ দৰে মুখ্য খেলসমূহৰ অবিহনেও অতি চমকপ্ৰদ প্ৰদৰ্শন কৰিছে। বক্সিঙত ভাৰতে ৰেকৰ্ডসংখ্যক ৭ টা সোণ, জুডোত প্ৰথমবাৰৰ বাবে ২ টা সোণ আৰু এথলেটিকছত কেইবাটাও ঐতিহাসিক সফলতাই ভাৰতৰ এই যাত্ৰাক চিৰস্মৰণীয় কৰি তুলিলে।
 
ভাৰতে বক্সিঙত আটাইতকৈ ডাঙৰ সফলতা লাভ কৰে, য’ত খেলুৱৈসকলে মুঠ ১০ টা পদক জিকিবলৈ সক্ষম হয়। ইফালে জুডোত অস্মিতা দে আৰু হৰ্ষ সিং ভাৰতৰ হৈ সোণৰ পদক জিকা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। যামিনী মৌৰ্যই ৰূপ আৰু উন্নতি শৰ্মাই ব্ৰঞ্জৰ পদক লাভ কৰে, যাৰ ফলত জুডোত ভাৰতে ৰেকৰ্ড ৪ টা পদক লাভ কৰে।
 
উল্লেখযোগ্য যে, এথলেটিকছত গুলৱীৰ সিঙে ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জিকি ইতিহাস ৰচনা কৰে। তেওঁ একক কমনৱেলথ গেমছত এথলেটিকছৰ ২ টা পদক জিকা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে তেওঁ ১০,০০০ মিটাৰ দৌৰতো ৰূপৰ পদক জিকিছিল। ইয়াৰ উপৰিও প্ৰবীণ চিত্ৰাভেলে ট্ৰিপল জাম্পত ৰূপ আৰু চেলভা প্ৰভুৱে ব্ৰঞ্জৰ পদক লাভ কৰে।