‘সেই ভিডিঅ'টো সাধাৰণ নাছিল’: বিদেশৰ মাটিত ভাৰতৰ বিকৃত মানচিত্ৰৰ বিৰোধিতা কৰা অসম কন্যা লাভলীনাক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
নিকুঞ্জ নাথ
ক্ৰীড়াৰ পথাৰত কেৱল পদক জয় কৰাই শেষ কথা নহয়, দেশৰ সন্মান আৰু স্বাভিমান ৰক্ষা কৰাটোও এগৰাকী প্ৰকৃত খেলুৱৈৰ পৰিচয়। শেহতীয়াকৈ তেনে এক আদৰ্শই দাঙি ধৰিছে অসম কন্যা লাভলীনা বৰগোহাঁয়ে। বিদেশৰ মাটিত নিজৰ দেশৰ বিকৃত মানচিত্ৰ দেখি মৌন হৈ নাথাকি সাহসেৰে ইয়াৰ প্ৰতিবাদ কৰা লাভলীনা এতিয়া সমগ্ৰ দেশবাসীৰ বাবে গৌৰৱৰ প্ৰতীক হৈ পৰিছে। স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও লাভলীনাৰ এই দেশপ্ৰেমত মুগ্ধ হৈ তেওঁক বিশেষভাৱে প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লাভলীনাৰ এই পদক্ষেপক দীৰ্ঘদিন ধৰি মনত ৰাখিবলগীয়া এক বিৰল মুহূৰ্ত বুলি অভিহিত কৰিছে।
দেওবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এক বিশেষ আৰু আৱেগমধুৰ পৰিৱেশৰ সৃষ্টি হয়। গ্লাছগোত অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাত পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে মত-বিনিময় কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকত ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডবিয়া, ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী ৰক্ষা খাডছে আৰু ভাৰতীয় অলিম্পিক সন্থাৰ সভানেত্ৰী পি টি ঊষাও উপস্থিত থাকে। অতি ঘৰুৱা আৰু আন্তৰিকতাপূৰ্ণ এই অনুষ্ঠানত খেলুৱৈসকলে তেওঁলোকৰ ক্ৰীড়া যাত্ৰাৰ মধুৰ তথা সংগ্ৰামৰ অভিজ্ঞতাসমূহ মুকলিকৈ বৰ্ণনা কৰে। এই পদক বিজয়ীসকলৰ মাজৰ এগৰাকী অন্যতম আকৰ্ষণ আছিল গ্লাছগোত মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক জয় কৰা অসমৰ লাভলীনা বৰগোহাঁই।
প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত গ্লাছগোত পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই মত-বিনিময় অনুষ্ঠানটোৰ প্ৰায় দহ মিনিটতকৈ সামান্য অধিক সময়ৰ এটি ভিডিঅ' ৰাজহুৱা কৰে। এই ভিডিঅ'টোতেই প্ৰধানমন্ত্ৰীয়ে গ্লাছগোৰ এখন ৰেষ্টুৰেণ্টত ভাৰতৰ বিকৃত মানচিত্ৰ দেখাৰ পিছত লাভলীনাই গ্ৰহণ কৰা স্থিতিক লৈ চৰ্চা কৰে। অতি আন্তৰিকতাৰে মোদীয়ে লাভলীনাক হিন্দীত সোধে, "ক্যা হুৱা, ৱ' ৰেষ্টুৰেণ্ট ৱালে সে ঝগড়া কৰ ৰহী থি?"
প্ৰধানমন্ত্ৰীৰ এই প্ৰশ্নত লাভলীনাই প্ৰথমে হাঁহি পেলায় আৰু পৰৱৰ্তী সময়ত ঘটনাটোৰ সবিশেষ বৰ্ণনা কৰে। তেওঁ কয়, “সেইদিনা আছিল গেমছৰ একেবাৰে শেষৰ দিন আৰু আমাৰ প্ৰদৰ্শন যথেষ্ট ভাল আছিল। সেয়া আমাৰ বাবে এক অত্যন্ত আনন্দৰ ক্ষণ আছিল, ছাৰ। আমি সকলোৱে একেলগ হৈ উদযাপন কৰি আছিলো। কিন্তু হঠাৎ সেই ৰেষ্টুৰেণ্টখনত ভাৰতৰ বিকৃত মানচিত্ৰখন দেখা পাই মোৰ একেবাৰে ভাল লগা নাছিল। মই ততাতৈয়াকৈ তেওঁলোকক ভদ্ৰতাৰে এই বিষয়ে অৱগত কৰো আৰু আমাৰ আপত্তিৰ পিছত তেওঁলোকে মানচিত্ৰখন সলনি কৰি দিয়ে।”
পদক জয়ৰ আনন্দোল্লাস আৰু উদযাপনৰ মাজতো দেশৰ মানচিত্ৰৰ দৰে এক স্পৰ্শকাতৰ তথা গুৰুত্বপূৰ্ণ বিষয়ৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে প্ৰধানমন্ত্ৰীয়ে টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সাৰগৰাকীক মুকলিকৈ প্ৰশংসা কৰে। মোদীয়ে গৌৰৱেৰে কয়, “যিটো সময়ত আপোনালোকে উদযাপন কৰি আছিল, গেমছৰ সামৰণি পৰিছিল, তেনে এক উল্লাসৰ সময়তো আপুনি সেই মানচিত্ৰখনৰ গুৰুত্ব উপলব্ধি কৰিব পাৰিলে। মই আপোনাক সঁচাকৈয়ে ক’ব পাৰো, আপোনাৰ সেই প্ৰতিবাদৰ ভিডিঅ’টো কোনো সাধাৰণ ভিডিঅ' নাছিল। দেশবাসীয়ে ইয়াক বহু দিনলৈ মনত ৰাখিব।”
উল্লেখ্য যে, গ্লাছগোত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাৰতে ১৩টা সোণৰ পদকসহ মুঠ ৩৯টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত কেৱল বক্সিঙৰ পৰাই ভাৰতে সৰ্বাধিক ৭টা সোণৰ পদক অৰ্জন কৰে।
এই মত-বিনিময় অনুষ্ঠানটো কেৱল হাঁহি-ধেমালিতে সীমাবদ্ধ নাছিল, ইয়াৰ মাজতে উন্মোচিত হৈছিল মহিলাৰ ৪৮ কিলোগ্ৰাম শাখাত সোণৰ পদক জয় কৰা ভাৰোত্তোলক মীৰাবাঈ চানুৰ জীৱনৰ এক অত্যন্ত আৱেগিক দিশ। গেমছত ১৯০ কিলোগ্ৰাম ওজন দাঙি অভিলেখ গঢ়া মীৰাবাঈৰ এই বিজয়ৰ আঁৰত লুকাই আছিল দীৰ্ঘদিনীয়া যন্ত্ৰণা। পেৰিছ অলিম্পিকত মাত্ৰ এক কিলোগ্ৰাম ওজনৰ ব্যৱধানত পদকৰ পৰা বঞ্চিত হোৱাৰ পিছত পাৰ কৰা চাৰিটা কঠিন বছৰৰ অন্ততহে তেওঁ এই সোণালী সফলতা অৰ্জন কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে অতি মৰমেৰে মীৰাবাঈক প'ডিয়ামত পদক গ্ৰহণৰ সময়ত নিগৰি অহা চকুলোৰ বিষয়ে সোধে আৰু কথা-বতৰাৰ মাজতে তেওঁক নিজহাতে এটা লাডুও খুৱাই দিয়ে। মোদীয়ে কয়, "ইমান চকুলো নিগৰি আছিল আপোনাৰ।"
ইয়াৰ উত্তৰত আৱেগিক হৈ মীৰাবাঈয়ে কয়, “সেই মুহূৰ্তত মই বহুত সুখী আছিলো আৰু সমান্তৰালভাৱে অতিশয় আৱেগিকো হৈ পৰিছিলো। মই কান্দিছিলো, কাৰণ পেৰিছ অলিম্পিকত মাত্ৰ এক কিলোগ্ৰামৰ বাবে মোৰ হাতৰ পৰা পদক পিছলি গৈছিল। যোৱা চাৰিটা বছৰ মোৰ জীৱনলৈ বহু ঘাত-প্ৰতিঘাত আহিছে। মই শাৰীৰিক আঘাতৰ লগতে পৰিয়ালৰ কিছুমান গভীৰ সমস্যাৰ সৈতেও যুঁজিবলগীয়া হৈছিল। বহুত কথা আছিল যিয়ে মোক মানসিকভাৱে জুৰুলা কৰিছিল। কিন্তু যেতিয়া মই প'ডিয়ামত থিয় হৈছিলো আৰু আমাৰ জাতীয় পতাকাখন গৌৰৱেৰে ওপৰলৈ উঠি গৈছিল, ৰাষ্ট্ৰীয় সংগীত বাজি উঠিছিল... তেতিয়া মই নিজৰ আৱেগক কোনোমতেই ধৰি ৰাখিব নোৱাৰিলো।”
আৱেগিক পৰিৱেশৰ মাজতে অনুষ্ঠানটোত কিছু ধেমেলীয়া মুহূৰ্তৰো সৃষ্টি হয়। +৯০ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰা বক্সাৰ নৰেন্দ্ৰ বেৰৱালে ২০১৫ চনৰ ৱৰ্ল্ড মিলিটাৰী গেমছৰ এক অতি আমোদজনক অভিজ্ঞতা বৰ্ণনা কৰে।
এগৰাকী পাকিস্তানী বক্সাৰক পৰাস্ত কৰাৰ পিছৰ ঘটনা সুঁৱৰি নৰেন্দ্ৰই কয়, “মই ২০১৫ চনৰ ৱৰ্ল্ড মিলিটাৰী গেমছত এগৰাকী পাকিস্তানী বক্সাৰৰ সৈতে যুঁজিছিলো আৰু মই তেওঁক পৰাস্ত কৰিছিলো। মেচখনৰ অন্তত যেতিয়া আমি দুয়ো আমাৰ সৰু-সুৰা আঘাতবোৰৰ চিকিৎসাৰ বাবে মেডিকেল ৰুমত একেলগে বহি আছিলো, তেতিয়া তেওঁ মোক হতাশাৰে কৈছিল, ‘ভাইজান, আপোনাৰ নামো নৰেন্দ্ৰ, আপোনাৰ প্ৰশিক্ষকৰ নামো নৰেন্দ্ৰ, আনকি আপোনাৰ প্ৰধানমন্ত্ৰীৰ নামো নৰেন্দ্ৰ... সঁচা ক'বলৈ গ'লে মোৰ এই নৰেন্দ্ৰ নামটোৰ প্ৰতিয়েই বিতৃষ্ণা উপজি গৈছে।’” নৰেন্দ্ৰৰ মুখত পাকিস্তানী বক্সাৰজনৰ এই কথা শুনি উপস্থিত সকলোৰে লগতে প্ৰধানমন্ত্ৰী মোদীয়েও হাঁহি ৰখাব নোৱাৰিলে।
খেলুৱৈসকলৰ জীৱন কেৱল কঠোৰ অনুশীলন, প্ৰতিযোগিতা আৰু পদকৰ মাজতেই আৱদ্ধ নাথাকে। এই সফলতাৰ আঁৰত লুকাই থাকে অলেখ ত্যাগ, বুকুত লৈ ফুৰা নীৰৱ সংগ্ৰাম আৰু দেশৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেমৰ এক অপূৰ্ব সংমিশ্ৰণ। লাভলীনা বৰগোহাঁইৰ সাহসিকতা আৰু সজাগতা, মীৰাবাই চানুৰ চকুলোৰে নিগৰা আৱেগিক যাত্ৰা আৰু নৰেন্দ্ৰ বেৰৱালৰ আমোদজনক কাহিনীয়ে ক্ৰীড়াজগতৰ এই মানৱীয় আৰু বাস্তৱ দিশটোকো অতি সুন্দৰকৈ ফুটাই তুলিছে। দেশৰ মুৰব্বী হিচাপে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই সৌহাৰ্দ্যপূৰ্ণ মত-বিনিময়ে খেলুৱৈসকলৰ মনত এক নতুন শক্তিৰ সঞ্চাৰ কৰিছে। এই অনুপ্ৰেৰণাই নিশ্চিতভাৱে তেওঁলোকক আগন্তুক দিনবোৰত দেশৰ বাবে অধিক গৌৰৱ কঢ়িয়াই আনিবলৈ উদ্বুদ্ধ কৰিব আৰু নৱপ্ৰজন্মৰ বাবে এক শক্তিশালী আদৰ্শ হৈ ৰ'ব।